অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পতংগবিদ্যা : অতীত, বৰ্তমান আৰু ভৱিষ্যৎ

চীনৰ এখন শস্যপথাৰ। খেতিয়কে খেতি চপাই আছে। তেনেতে খবৰ বিয়পি পৰিল যে,- শানিত অস্ত্ৰৰ আঘাতত এজন কৃষকৰ মৃত্যু হৈছে। হত্যাকাণ্ডৰ অনুসন্ধানত নিয়োজিত তদন্তকাৰী বিষয়া ঘটনাস্থলীত উপস্থিত হ’ল। দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলৰ সকলোবোৰ খেতিয়কক নিজৰ নিজৰ কাঁচি লৈ বিষয়াজনৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিলে। ফৰকাল বতৰটোত এজাক ভেনামাখি ক’ৰবাৰ পৰা উৰি আহি এখন কাঁচিৰ ওপৰত পৰিলহি। প্ৰকৃততে মাখিজাক তেজৰ গোন্ধৰ দ্বাৰা আকৰ্ষিত হৈছিল। অৱশেষত সেই কাঁচিখনৰ গৰাকীয়ে নিজৰ অপকৰ্মৰ কথা স্বীকাৰ কৰিলে।


চং ছি যাক ছুং জু নামেৰেও জনা যায়,- এই আইনী বিষয়াজনে ১২৪৭ চনত এখন গ্ৰন্থত কেতবোৰ হত্যাৰ গোপন ৰহস্য লিপিবব্ধ কৰে; লগতে তেওঁ কিদৰে মৃতদেহ কবৰ দিয়াৰ আগত আৰু পিছত পৰীক্ষা কৰা উচিত সেই দিশ সমূহো কিতাপখনত উল্লেখ কৰে। ওপৰৰ কাহিনীটো তাৰ মাজৰে এটা। যিকোনো অনুসন্ধানকাৰীৰ বাবে হাতপুথি বা গাইডৰ দৰে গ্ৰন্থখন অপৰাধ পৰীক্ষণত উপযুক্ত। এই গ্ৰন্থখনেই আইনী গোচৰ অনুসন্ধানৰ বাবে ফৰেনছিক বিজ্ঞানত পতংগৰ ব্যৱহাৰৰ প্ৰথমখন লিপিবব্ধ পুথি। মূল চীনা ভাষাত প্ৰণীত গ্ৰন্থখনি ইংৰাজী, জাৰ্মানী, ফৰাছী, জাপানীৰ লগতে আন ভাষালৈও অনুদিত হৈছে। ইংৰাজীত “ৱাছিং এৱে অফ ৰং” আৰু “কালেক্টেড কেচেছ অফ ইনজাষ্টিচ ৰেক্টিফাইড” দুই নামেৰে অনূদিত কিতাপখন উপলব্ধ। সৰ্বমুঠ ৫টা খণ্ডৰ আৰু ৫৩টা অধ্যায়ৰ গ্ৰন্থখনিৰ প্ৰথম খণ্ডত চং সাম্ৰাজ্য কালত হত্যাৰ ক্ষেত্ৰত আদালতে প্ৰদান কৰা চূড়ান্ত ৰায় সমূহক ঠাই দিছে, দ্বিতীয় খণ্ডত মৃত্যু পশ্ব্যাৎ পৰীক্ষণৰ টোকা আৰু পদ্ধতি সমূহক লিপিবদ্ধ কৰিছে আৰু পাছৰ খণ্ডবোৰত অনুসন্ধানৰ আন দিশসমূহ সামৰিছে। হত্যাকাৰীক চিনাক্তকৰণ কৰিবলৈও সক্ষম এনে পতংগৰ বিষয়ে অধ্যয়নক এটা সময়ত অৱজ্ঞাৰ চকুৰে চোৱা হৈছিল।

পতংগবিদ্যাৰ চমু ইতিহাস

 

পূৰ্বতে প্ৰাণীজগতৰ মেৰুদণ্ডীৰ বাদে অন্যান্য শাখাই বিজ্ঞানসন্মতভাৱে অধ্যয়নৰ ক্ষেত্ৰত তেনে কোনো বিশেষ প্ৰাধান্য লাভ কৰা নাছিল। পতংগবিদ্যাৰ অধীনত পতংগৰ দৰে ক্ষুদ্ৰকায় জীৱক বিজ্ঞানসন্মতভাৱে অধ্যয়নৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নহৈছিল। কিন্তু উপকাৰী পতংগৰ বিষয়ে ৰামায়ণ আৰু মহাভাৰতৰ দৰে সুপ্ৰাচীন ভাৰতীয় মহাকাব্যত উল্লেখ থকা পৰিলক্ষিত হয়। পতংগ, ভ্ৰমৰ, পিপলিকা, মাক্ষিকা আদি সংস্কৃত শব্দবোৰ বিভিন্ন পৌৰাণিক গ্ৰন্থত সন্নিবিষ্ট হৈছিল। অথৰ্ববেদৰ মতে, উক্ত সময়ত পতংগৰ অপকাৰীতাই বিশেষ প্ৰাধান্য পোৱা নাছিলেই বৰঞ্চ পতংগ সংগ্ৰহ আৰু অধ্যয়ন কৰাটো জীৱহত্যাৰ দৰে পাপ বুলিহে গণ্য কৰা হৈছিল। প্ৰাচীন কালৰে পৰা মানুহে মৌবাহৰ পৰা মৌ-ৰস আৰু মম আহৰণ কৰিব পাৰিছিল; ঠিক সেইদৰে, লা-পতংগৰ পৰা লা সংগ্ৰহ আৰু পলুৰ পৰা পলুসুতা বা ৰেছম সংশ্লেষণৰ কৌশলো জ্ঞাত আছিল। লাখ মানে এশ হাজাৰ বুলি চানক্যসুত্ৰ তথা অৰ্থশাস্ত্ৰত উল্লেখ আছে। লা-পতংগৰ পৰা লা আহৰণৰ বাবে প্ৰয়োজন হোৱা অলেখ পতংগক বুজাবলৈ লাখ শব্দটো ব্যৱহৃত হয়। ইফালে মহাভাৰতৰ আদিপৰ্বত লাৰে নিৰ্মিত জতুগৃহৰ কথা উল্লেখ আছে। কৌৰৱৰ চিৰবৈৰী পাণ্ডৱক জতুগৃহত অতিথিৰ দৰে শুশ্ৰুষা কৰাৰ চলেৰে দহন কৰি বধ কৰিবৰ নিমিত্তে, ধৃতৰাষ্ট্ৰই পুৰুচন নামৰ এজন অভিযন্তাক নিযুক্তি দিছিল। সৌভাগ্যক্ৰমে, কৌৰৱৰ কু-অভিসন্ধিৰ বিষয়ে আগতীয়াকৈ অবগত হৈ ধৰ্মাত্মা বিদুৰে পাণ্ডৱক ৰক্ষা কৰে।
ভাৰতত অষ্টদশ শতিকাৰ পৰা, পতংগৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন আৰম্ভ হয়। ১৭৮৫ চনত প্ৰকাশিত কাৰ্ল লিনিয়াছৰ “চিষ্টেমা নেচুৰি” (Systema Naturae) নামৰ গ্ৰন্থৰ দশম সংস্কৰণত মাত্ৰ দহটা ভাৰতীয় পতংগৰ বিষয়ে উল্লেখ আছিল। খ্ৰীষ্টিয়ান মিছনেৰী আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া সকলে বিভিন্ন পোক-পতংগ সংগ্ৰহ কৰি ইউৰোপৰ বৰ্গীকৰণবিদৰ দ্বাৰা চিনাক্তকৰণৰ বাবে প্ৰেৰণ কৰিছিল। সেয়েহে ডেনমাৰ্কৰ পতংগবিদ জে. চি. ফেব্ৰিচিয়াচে Entomologia Systematica (১৭৯২-৯৮) নামৰ গ্ৰন্থত ১০০০টা ভাৰতীয় পতংগ প্ৰজাতিক ১৩ টা বৰ্গত ভাগ কৰিছিল। আনফালে দক্ষিণ-ভাৰতত লিনিয়াচৰ শিষ্য জে. জি. কয়েনিগ নামৰ চিকিৎসা বিষয়াজনে ভাৰতীয় পতংগৰ বিষয়ে বিজ্ঞানসন্মতভাৱে তথ্যভিত্তিক অধ্যয়ণ আৰম্ভ কৰে আৰু তেওঁ সংগ্ৰহ কৰা পতংগ সমূহক লিনিয়াচে নিজেই নামাকৰণ কৰে। কপাহৰ অপকাৰী পোক, “ৰেড কটন বাগ”ৰ বৈজ্ঞানিক নাম Dysdercus koenigi ৰাখি ফেব্ৰিচিয়াচে বন্ধু কয়েনিগৰ নাম চিৰযুগমীয়া কৰি ৰাখে।

 

কৃষি পতংগবিদ্যা

 

কৃষি পতংগবিদ্যাৰ ক্ষেত্ৰত, ১৯০১ চনত লিয়নেল ডি. নাইচভিলে প্ৰথমজন চৰকাৰী পতংগবিদ ৰূপে নিযুক্তি পাইছিল। তেওঁৰ পাছত ১৯০৩ চনত অধ্যাপক মেক্সৱেল লেফ্ৰই চাহাব উক্তস্থানত অধিষ্ঠিত হৈছিল। ১৯০৫ চনত বিহাৰৰ পুছাত স্থাপিত Agricultural Research Institute ত লেফ্ৰই চাহাবে Imperial Entomologist ৰূপে কাৰ্যনিৰ্বাহ কৰে। ১৯১৯ চনত Imperial Agricultural Research Institute নামকৰণ কৰা প্ৰতিষ্ঠানটোক দেশ স্বাধীন হোৱাৰ পাছত Indian Agricultural Research Institute নাম দিয়া হয়। পাছত এই প্ৰতিষ্ঠানটো ১৯৩৬ চনৰ ২৯ জুলাইত নতুন দিল্লীলৈ স্থানান্তৰ কৰা হয়। লেফ্ৰই চাহাবে ভাৰতৰ বিভিন্ন ঠাইৰ পতংগবিদসকলক একত্ৰিত কৰি পতংগবিদ্যাৰ বিষয়ে আলোচনাচক্ৰ পাতিছিল। এনেদৰে অনুষ্ঠিত কৰা প্ৰথমখন আলোচনাৰ বাদে বাকী আলোচনাসমূহ একত্ৰ কৰি Catalogue of Indian Insect নামৰ গ্ৰন্থ প্ৰকাশ কৰে। ১৯০৬ চনত Indian Insect Pest আৰু ১৯০৯ চনত Indian Insect Life নামৰ দুখন মহামূল্যবান গ্ৰন্থ লেফ্ৰই চাহাবে প্ৰকাশ কৰে। যদিও পতংগবিদ্যাৰ যথাযথ অধ্যয়ন বৃটিছ ঔপনিবেশিক কালৰে পৰা আৰম্ভ হৈছিল, পৰৱৰ্তী সময়ত বিভিন্নজন ভাৰতীয় পতংগবিদে এই ক্ষেত্ৰখনলৈ বিশেষ অৰিহনা আগবঢ়াই। এইসকলৰ ভিতৰত ড০ এছ. প্ৰধানক আধুনিক প্ৰায়োগিক পতংগবিদ্যাৰ পিতৃ আখ্যা দিয়া হয়। তেখেতে বায়’মিটাৰ প্ৰস্তুত কৰি উলিয়াইছিল, যাৰ দ্বাৰা কোনো পতংগৰ নিৰ্দিষ্ট সময়ত বেলেগ বেলেগ উষ্ণতাত কিমান বংশ সৃষ্টি হয় তাক আগতীয়াকৈ গণনা কৰিব পাৰি। অসমত পতংগবিদ্যাৰ ক্ষেত্ৰত মহম্মদ চৰিফুল্লা চাহাবে সৰ্বপ্ৰথমে আনুষ্ঠানিক শিক্ষা প্ৰদান আৰম্ভ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাট চৌহদত তেখেতে পতংগবিদ্যাক অন্য শাখাৰ পৰা পৃথক কৰি স্থাপন কৰে। তেওঁৰেই উত্তৰসূৰীৰূপে কেইবাজনো পতংগবিদে অসমৰ পতংগবিদ্যাক সঠিক ৰূপত অংকুৰ মেলাত সাৰ-পানী যোগাই। “পতংগৰ ৰহস্য” আৰু “Water Hyacinth Weevil: An Appropriate Bio-control Agent”,- এই দুখন অসমৰ পতংগবিদ্যাৰ ক্ষেত্ৰত উল্লেখযোগ্য গ্ৰন্থ।

পতংগৰ চমু পৰিচয়

 

 

বিশ্বৰ প্ৰাচীন জীৱবোৰৰ ভিতৰত পতংগ অন্যতম। বিভিন্ন দেশত উদ্ধাৰ হোৱা ফছিল অধ্যয়ন কৰি পতংগবিদসকলে জনাইছে যে,- প্ৰায় ৩৫০-৫০০ নিযুত বছৰৰ পূৰ্বেই পৃথিৱীত পতংগৰ সৃষ্টি হৈছিল। সময়ে সময়ে পৃথিৱীলৈ অন্যান্য বহু জীৱ আহিল আৰু বহু জীৱ বিলুপ্তও হ’ল। ইয়াৰ ভিতৰতে, মাত্ৰ ২ লাখ বছৰৰ আগতহে আৱিৰ্ভাব ঘটা, আধুনিক মানুহে মগজুৰ পাৰদৰ্শিতাৰে জীৱশ্ৰেষ্ঠৰূপে পৰিগণিত হৈ পৰিল, কিন্তু জৈৱবৈচিত্ৰ্যৰে ঠাহ খাই থকা ভূ-ভাগত, ক্ষুদ্ৰকায় মস্তিষ্কবিশিষ্ট পতংগবোৰ আজিও আধুনিক মানুহৰ বাবে গুৰুত্বপূৰ্ণ। এফালে যদি,- ম’হ, মাখি, পৰুৱা মানুহৰ কাৰণে ঘোৰ শত্ৰু; আনফালে,- মৌ-মাখি, লা পোক, এৰি-মুগা পোক অতি উপকাৰী। এফালে যদি,- মেলেৰীয়া মহে কামুৰি মৃত্যু ঘটাব পাৰে; আনফালে,- ‘জুৱেল বিটল’ নামৰ এক গুৱৰুৱা জাতীয় পতংগক মানুহে অলংকাৰ ৰূপে পৰিধান কৰে। মহাকাশত খোজ পেলোৱা মানুহে আজিকোপতি প্ৰাকৃতিক ভাৱে উপলব্ধ মৌ, লা বা ৰেছমৰ সমকক্ষ পদাৰ্থ কৃত্ৰিমভাৱে উৎপাদন কৰিবলৈ অসমৰ্থ।

বহু সংখ্যক শিক্ষিত মানুহে ভৱাৰ দৰে মকৰা, কেৰেলুৱা, বৃশ্চিক আদিবোৰ কিন্তু পতংগ নহয়। প্ৰাণীজগতৰ শ্ৰেণীবিভাজনত বহুকোষী অমেৰুদণ্ডী ভাগৰ অন্তৰ্গত যিকেইটা পৰ্ব আছে, সেইসমূহৰ ভিতৰত সন্ধিপদী অন্যতম। পোক পতংগবোৰো সন্ধিপদী প্ৰাণী। সন্ধিপদী পৰ্বৰ প্ৰাণীসমূহৰ প্ৰধান বৈশিষ্ট্য হ’ল,- সন্ধিযুক্ত দেহ, সন্ধিযুক্ত ঠেং আৰু বহিঃকংকালৰ অৱস্থিতি। সন্ধিপদী পৰ্বক কেইবাটাও উপপৰ্বত ভাগ কৰা হয়,- ট্ৰাইল’বিটা, চেলিচেৰাটা, ক্ৰাষ্টেচি, অনিক’ফ’ৰা, মাইৰিয়াপডা আৰু পতংগ। পেলিঅ’জয়িক কালৰ ট্ৰাইল’বিটা এক বিলোপ্তপ্ৰায় উপপৰ্ব। সামুদ্ৰিক মকৰা আৰু অন্যান্য মকৰা, বৃশ্চিক, চাহী-চিকৰা আদি চেলিচেৰাটা উপপৰ্বৰ অন্তৰ্গত। আনফালে, ক্ৰাষ্টেচি উপপৰ্বত কেকোঁৰা, মিছামাছ আদি অন্তৰ্ভুক্ত। অনিক’ফ’ৰা উপপৰ্বটো বলয়ীপ্ৰাণী আৰু সন্ধিপদী উভয়ৰে গুণবিশিষ্ট এক উপপৰ্ব। কেৰেলুৱা আৰু সাপৰ মাহীৰ দৰে দেহৰ প্ৰতিটো খণ্ডত উপাংগযুক্ত প্ৰাণী সমূহক মাইৰিয়াপডা বুলি জনা যায়। এই সন্ধিপদী শ্ৰেণীৰ প্ৰাণীৰ দেহটো অসংখ্য সৰু সৰু সদৃশ খণ্ডত বিভক্ত আৰু প্ৰতিটো খণ্ডত এটা বা একাধিক উপাংগ থাকে। আনহাতে, পতংগ হ’ল,- শ্বাসনলবিশিষ্ট সন্ধিপদী প্ৰাণী যাৰ দেহটো মুৰ, বক্ষ আৰু উদৰ এই ত্ৰিভাগে বিভক্ত। শীৰত এযোৰা স্পৰ্শসূত্ৰ থাকে। ইঁহতৰ মুখমণ্ডলত এযোৰাকৈ অধোহনু আৰু উত্তৰহনু থাকে। উত্তৰহনু মধ্যভাগত মিলিত হৈ ওঠৰ সৃষ্টি কৰে। বক্ষ অংশত তিনিযোৰা ঠেং আৰু এযোৰা বা দুযোৰা পাখি থাকে। উদৰত কোনো চলন-ফুৰণৰ উপাংগ নাথাকে যদিও স্ত্ৰী-পতংগৰ ডিম্বপ্ৰসৱাংগ বা অভিপজিটৰডাল অন্তিম প্ৰান্তত পৰিলক্ষিত হয়।

পতংগৰ প্ৰভুত্বৰ প্ৰকৃত কাৰণ

 

বিশ্বত পতংগৰ প্ৰভুত্বৰ প্ৰকৃত কাৰণ বিশ্লেষণ কৰিলে দেখা যায়,- বহিঃকংকালৰ উপস্থিতিয়ে পতংগক বাহ্যিক আঘাট আৰু ৰ’দৰ তাপত শুকাই যোৱাৰ পৰা ৰক্ষা কৰে। সৰহভাগ পতংগই ক্ষুদ্ৰকায় হোৱাৰ বাবে নামমাত্ৰ খাদ্যৰ আৱশ্যক হয় আৰু প্ৰতিকুল পৰিবেশ তথা শত্ৰুৰ পৰা সহজে হাত সাৰিব পাৰে। দেহটো ত্ৰিভাগত বিভক্ত হোৱাৰ ফলত প্ৰত্যেকটো অংশ বিশেষ বিশেষ কামৰ বাবে কৌশলী হৈ পৰে। পাখিবোৰৰ সক্ৰিয়তাৰ বাবে জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ উপৰি আৱশ্যক অনুযায়ী বেলেগ বেলেগ অঞ্চললৈ সহজ উৰণ সম্ভৱ। শ্বাসনলীৰ স্পাইৰেকলৰ জড়িয়তে পতংগদেহৰ প্ৰতিটো কোষলৈ প্ৰত্যক্ষভাৱে অক্সিজেন যোগান ধৰাৰ ফলত, দৈহিক পানীৰ অপচয় নহয়। পতংগৰ কায়ান্তৰণৰ প্ৰতিটো অৱস্থাৰ কাৰ্যপ্ৰণালী ভিন্নভিন্ন হয়, অৰ্থাৎ পলু, লেটা বা প্ৰাপ্তবয়স্কবোৰ দেখিবলৈও বেলেগ আৰু খাদ্যাভাসো বেলেগ। ইফালে বেলেগ-বেলেগ পোক-পতংগৰ খাদ্যাভাস ভিন্ন-ভিন্ন হয়, ইয়াৰে কিছুমান উদ্ভিদখাদক, কিছুমান প্ৰাণীৰক্ত পেয়ক আকৌ কিছুমান পতংগখাদক। পতংগই যিকোনো পৰিস্থিতিতেই অতি সহজেই মিলি যাব পাৰে আৰু বংশবিস্তাৰ কৰিবলৈ সক্ষম। বহিঃকংকাল আৰু প্ৰজননৰ সক্ৰিয়তাৰ বাবে অলেখ প্ৰজাতিৰ পতংগ দেখিবলৈ পোৱা যায়। পানী সংৰক্ষণৰ বাবে জুলীয়া প্ৰেচাবৰ পৰিবৰ্তে গোটা ইউৰিক এচিড ৰেছন দ্ৰব্যৰ ৰূপত বাহিৰলৈ প্ৰক্ষেপ কৰে। প্ৰতিকুল পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ পতংগই নিজৰ দৈহিক কাম-কাজ বন্ধ কৰি নিষ্ক্ৰয় হৈ পৰে। পলিপেডিলাম নামৰ এবিধ মাখিজাতীয় পতংগ ৪৩০ ছেলছিয়াছ উষ্ণতাত এঘন্টাৰ বাবে ৰাখিলেই মৃত্যু মুখত পৰে অথচ দৈহিক পানীৰ পৰিমান ৮% হ’লে ১০২০ ছেলছিয়াছ উষ্ণতাত ১ মিনিট ৰখাৰ পাছতো পুনৰ জীৱিত হোৱা দেখা যায় আৰু নিৰ্জলীকৃত এই পোক সাধাৰণ উষ্ণতাত ১০ বছৰৰ পাছতো সক্ৰিয় হোৱা দেখা যায়। ইয়াক ক্ৰিপ্ট’বায়ছিছ (Cryptobiosis) বোলা হয়। শত্ৰুৰ আক্ৰমনৰ পৰা হাত সাৰিবলৈ পতংগই ভিন্নৰূপত দৈহিক বৰণ আৰু গঠন পৰিবৰ্তন কৰি লয়। ইয়াৰোপৰি, নানা ৰাসায়নিক দ্ৰব্যৰে পতংগই পৰস্পৰৰ মাজত বাৰ্তা বিনিময় কৰিব পাৰে। এক কথাত, পতংগই বিভিন্ন পৰিস্থিতিতেই নিজকে খাপ খুৱাই ল’বলৈ সক্ষম।

প্ৰায়োগিক পতংগবিদ্যা

যদিও যোৱাটো শতিকাৰ ৪০ৰ দশকলৈকে অপকাৰী কীট-পতংগৰ বিষয়ে বিশদভাৱে অধ্যয়ন আৰম্ভ হয়, তথাপি কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসূ ব্যৱস্থাৰ অভাৱে দেখা দিছিল। বিশেষকৈ ১৯২৬-৩২ চনৰ ভিতৰত কাকতি ফৰিঙৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ নিমিত্তে সংগবদ্ধকৈ অধ্যয়নৰ কাৰণে ১৯৩৯ চনত Locust Warning Organisation প্ৰতিষ্ঠা কৰা হয়। সেই সময়তে DDT আৰু অন্যান্য ৰাসায়নিক কীটনাশকৰ আৱিষ্কাৰে পতংগবিদ সকলক কিছু সকাহ দিয়ে। কৃষি পতংগবিদ্যাৰ লগতে অৰণ্য পতংগবিদ্যা, পশু পতংগবিদ্যা আৰু মানৱ স্বাস্থ্যৰ লগত জড়িত চিকিৎসা পতংগবিদ্যাৰো ক্ষিপ্ৰতাৰে অধ্যয়ন আৰম্ভ হয়। ১৯০০ চনত বৃটিচ ভাৰতৰ প্ৰথমজন অৰণ্য পতংগবিদ ৰূপে ই. পি. ষ্টেবিঙ চাহাবে নিযুক্তি লাভ কৰাৰ লগতে ১৯১২ চনত Imperial Pathological Entomologistৰূপে প্ৰথমজন পশু পতংগবিদক নিয়োগ কৰা হৈছিল। আনহাতে, ১৮৯৭ চনত মাদ্ৰাজৰ বেগাম্পেট (বৰ্তমান চেকেন্দ্ৰাবাদ) অঞ্চলত কৰ্মৰত চিকিৎসা বিষয়া ৰ’ণাল্ড ৰ’জে এন’ফিলিছ ম’হৰ উদৰচ্ছেদ কৰি মেলেৰীয়া পৰজীৱীক আৱিষ্কাৰ কৰি চিকিৎসা বিজ্ঞানলৈ অনন্য অৱদান আগবঢ়াইছিল।
ষাঠিৰ দশকৰ মাজভাগত ভাৰতীয় সেউজবিপ্লৱৰ প্ৰাৰম্ভিক সময়চোৱাত কৃষিক্ষেত্ৰত যথেষ্ট মাত্ৰাত কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ আৰম্ভ হয়। অতদিনে ভাৰতত প্ৰৱৰ্তিত জৈৱিক কৃষিৰ সলনি শস্য উৎপাদন বৃদ্ধি কৰি দুৰ্ভিক্ষৰ পৰা ভাৰতীয় জনগনক সকাহ দিবলৈ বাধ্যত পৰি কৃষক সকল অজৈৱিক কৃষি ব্যৱস্থালৈ ধাৱমান হ’ল। ইয়াৰ তাৎক্ষণিক ফলস্বৰূপে কৃষিৰ উৎপাদন যাদুকৰী ভাৱে বৃদ্ধি পালে আৰু দৰিদ্ৰ সকলেও দুবেলা দুমুঠি খাব পৰা হ’ল। কিন্তু লাহে লাহে কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ পাৰ্শ্বক্ৰিয়াৰ সম্পৰ্কে মানৱ সমাজ অবগত হ’বলৈ ধৰিলে। পতংগ নিয়ন্ত্ৰণৰ বাবে সুসংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা প্ৰয়োগ হ’ল। ভাৰত চৰকাৰে ১৯৮৫ চনত সুসংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনাক চৰকাৰী আঁচনিৰ আওতালৈ আনে। সময়ৰ লগে লগে বহু কৃত্ৰিম ৰাসায়নিক দ্ৰব্য আৱিষ্কাৰ হ’ল, কৃষিক্ষেত্ৰত প্ৰয়োগ হ’ল আৰু পৰৱৰ্তী সময়ত ব্যৱহাৰৰ বাবে নিষিদ্ধও হ’ল। ইয়াৰোপৰি, কিছুমান পতংগই কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ বিৰুদ্ধে প্ৰতিৰোধক্ষমতা গঢ়ি তুলিলে। মানুহেও নিজস্ব বুদ্ধিমত্তাৰে অপকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে নিত্য নতুন কৌশল ব্যৱহাৰ কৰিবলৈ ধৰিলে। কৃষকৰ থলুৱা কৌশলেৰে অপকাৰী পতংগ নিয়ন্ত্ৰণ কৰাৰ সমান্তৰালকৈ পৰীক্ষাগাৰত টেন্সজেনিক পতংগ সৃষ্টি কৰি প্ৰকৃতিৰ বন্য পতংগৰ লগত মিলন হ’বলৈ মেলি দিও পতংগৰ নতুন বংশবোৰ নিয়ন্ত্ৰণৰ নতুন ধাৰণা এটা গঢ় লৈ উঠিল। এনে এইধৰণে পতংগবিদ্যা বিষয়ৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পালে।

ট্ৰেন্সজেনিক পতংগ

পৰীক্ষাগাৰত ট্ৰেন্সজেনিক পতংগ সৃষ্টি কৰি প্ৰকৃতিৰ বন্য পতংগৰ লগত মিলন হ’বলৈ মেলি দি পতংগৰ নতুন বংশবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি। এই পদ্ধতি দুই ধৰণৰ,- (১) মাৰক জিনৰ দ্বাৰা পতংগৰ নতুন বংশধ্বংস, এই পদ্ধতিটো, বন্ধ্যাকৰণ পদ্ধতিৰে পতংগ নিয়ন্ত্ৰণৰ এক নব্য কৌশল। ইয়াত বিকিৰণৰ দ্বাৰা বন্ধ্যাকৰণৰ পৰিবৰ্তে জেনেটিক ইঞ্জিনিয়াৰিংৰ জৰিয়তে মাৰক জিনযুক্ত মতা পতংগ উৎপাদন কৰি প্ৰাকৃতিক পৰিবেশত মুকলি কৰি দিয়া হয়। এই পিতৃৰ পৰা নতুনকৈ জন্মা পতংগলৈ বিয়পি যোৱা মাৰকজিনে সদ্যজাত পতংগক প্ৰতিকুল পৰিবেশলৈ সংবেদনশীল কৰি মৃত্যু ঘটাব পাৰে। সংযুক্তৰাজ্যৰ “অক্সিটেক লিমিটেড” নামৰ এক কোম্পানীয়ে ডেংগুৰোগ নিৰ্মূলৰ বাবে ট্ৰেন্সজেনিক পতংগ প্ৰস্তুত কৰি উলিয়াই। এইক্ষেত্ৰত পৰীক্ষাগাৰত উৎপাদন কৰা মাৰকজিনযুক্ত মতা পতংগক প্ৰাকৃতিক পৰিবেশত স্ত্ৰী পতংগৰ লগত মিলন হ’বলৈ এৰি দিয়াৰ ফলত নিষেচিত হোৱা নতুন অপত্য পতংগবোৰৰ দেহলৈ এই জিন পৰিবাহিত হয়; প্ৰতিকুল পৰিবেশত এই মাৰকজিন বোৰৰ সক্ৰিয়তাৰ বাবে পতংগবোৰ প্ৰতিকুল পৰিবেশৰ প্ৰতি সংবেদনশীল হৈ মৃত্যু ঘটে। আৰু (২) প্ৰয়োজনীয় জিনযুক্ত পতংগৰ সংখ্যাগত বৰ্ধন। মানৱস্বাস্থ্যৰ বাবে ক্ষতিকাৰক বিজাণু বাহক পতংগক, তেনে বিজাণুৰ প্ৰতিৰোধক জিন সংযোজন ঘটাই ট্ৰেন্সজেনিক পতংগ সৃষ্টি কৰি প্ৰাকৃতিক পৰিবেশত মিলন হ’বলৈ দিয়া হয়। এই ব্যৱস্থাৰ ফলত লাহে লাহে ৰোগৰ বাহক পতংগবোৰৰ সংখ্যা হ্ৰাস হ’বলৈ ধৰে।

পতংগৰ জগতখন বিশাল আৰু বৈচিত্ৰ্যময়। প্ৰাণীজ প্ৰটিনৰ বিকল্পৰূপে মানব-খাদ্যৰ ৰূপত কিছুমান পতংগ ব্যৱহৃত হোৱাৰ বিপৰীতে কিছুসংখ্যক পতংগই হত্যাকাণ্ডৰে জড়িত অপৰাধীক চিনাক্তকৰণৰ দ্বাৰা আইনী প্ৰক্ৰিয়াক সহায় কৰিছে। সুমিষ্ট মৌ, ৰেচম আৰু বহুল প্ৰয়োজনীয় লা যোগান ধৰি পৰোক্ষভাৱে মানৱ সমাজক উপকাৰ কৰাৰ লগতে অঞ্চল বিশেষে পতংগই পৰিবেশ প্ৰদূষণৰ মাপকাঠিৰ ৰূপতো পৰিলক্ষিত হৈছে। অপকাৰী পতংগই শস্যনষ্ট কৰাৰ বিপৰীতে পৰাগ সংযোগৰ দ্বাৰা কিছুমান পতংগই শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰে। পতংগই পৰস্পৰৰ মাজত মত বিনিময় কৰিবলৈও সক্ষম, ইয়াৰে কেইটামান উদাহৰণ হ’ল,- “ট্ৰেইল ফেৰমন” নামৰ ৰসায়নেৰে পৰুৱাই লানি নিচিগা দীঘলীয়া শাৰী তৈয়াৰ কৰিব পাৰে। কিছুমান মাইকী পতংগই দেহৰ পৰা উদ্গত ৰসায়নেৰে মতা পতংগক মিলনৰ বাবে প্ৰৰোচিত কৰে। সন্ধানকাৰী মৌমাখিয়ে নৃত্যৰে সংগ্ৰহকাৰী মৌমাখিক পুষ্পনিৰ্যাসৰ উৎস তথা দিশৰ সম্পৰ্কে বাৰ্তা বিনিময় কৰিব পাৰে। ইফালে জোনাকী পৰুৱাই নিজৰ দেহৰ মাজতে ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰি পোহৰ উৎপন্ন কৰে। পতংগৰ ৰহস্যময় পৃথিৱীখনৰ বিষয়ে বহু কথা জানিবলৈ এতিয়াও বাকী।

লখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি

 

শেহতীয়া উন্নীতকৰণ: : 7/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate