অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাওধানৰ উফ্ৰাৰোগ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা

অসমৰ কৃষক ৰাইজৰ বাবে বাওধান খেতি নতুন নহয় ৷ অতীজৰে পৰা দ’ বানাক্ৰান্ত অঞ্চলত পৰম্পৰাগত ভাবে বাওধানৰ খেতি কৰি অহা হৈছে ৷ জুন মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈকে প্ৰত্যেক বছৰে অসমত বানপানী হয় ৷ সচৰাচৰ বৰষুণ বেছি পৰিমাণে হোৱা বাবে বানপানী নহলেও দ’ পথাৰ সমূহত যথেষ্ট পৰিমাণে পানী জমা হৈ থাকে ৷ বানপানীয়ে অসমত বছৰি গড়ে ২০ লাখ হেক্টৰ মাটিৰ ধানখেতি নষ্ট কৰে ৷ এনে বানাক্ৰান্ত অঞ্চলসমূহত পানী জমা হৈ থকা হেতু মে’ মাহৰ পৰা ছেপ্তেম্বৰ মাহৰ ভিতৰত শালিধানৰ খেতি কৰাটো অসুবিধা ৷ সেইবাবে এনে অঞ্চলসমূহত বাওধানৰ খেতিয়েই কৃষকৰ একমাত্ৰ বিকল্প ধানৰ খেতি ৷ বিভিন্ন প্ৰতিকূল পৰিবেশত প্ৰায় ৮-৯ মাহ কাল পথাৰত বানপানী, পোক-পতংগ, এন্দুৰ নিগনিৰ মাজত বাচি থকা থলুৱা বাওধানৰ জাত সমূহৰ উৎপাদন যথেষ্ট কম ৷ কিন্তু বাওধানৰ প্ৰধান শত্ৰু বুলিলে উফ্ৰা ৰোগৰ নামেই প্ৰথমে লোৱা হয় ৷

উফ্ৰাৰোগৰ বিস্তৃতি :

১৯০৮ চনত বাংলাদেশৰ কিছুমান অঞ্চলত বাওধানৰ পথাৰত পোন প্ৰথমে উফ্ৰাৰোগ হোৱাৰ কথা জানিব পৰা যায় ৷ ধান গছৰ “ওপৰ” অংশ এই বেমাৰৰ দ্বাৰা প্ৰথমে আক্ৰান্ত হয় বাবে বাংলাভাষী সকলৰ মুখ বাগৰি এইৰোগ ‘উফ্ৰা’ নামেৰে জনা যায় বুলি অনুমান কৰা হৈছে ৷ বাংলাদেশ, ভাৰতবৰ্ষৰ উপৰিও মালয়ছিয়া, ফিলিপাইন, ইজিপ্ত, থাইলেণ্ড, ম্যানমাৰ, ভিয়েটনাম আদি দেশৰ পৰাও বাওধানত উফ্ৰাৰোগ হোৱাৰ কথা জনা হৈছে ৷ ভাৰতৰ অসম আৰু পশ্চিমবঙ্গৰ বাওধানৰ উফ্ৰাৰোগ মহামাৰী ৰূপত আক্ৰান্ত হোৱাটো পৰিলক্ষিত হৈছে ৷ উফ্ৰাৰোগৰ বাবে ধানৰ উৎপাদন হ্ৰাসৰ মাত্ৰা নিৰ্ভৰ কৰে খেতি কৰা অঞ্চলৰ পৰিবেশ, ধানৰ জাত, আক্ৰান্ত হোৱাৰ সময়ত ধানগছৰ বৃদ্ধি অৱস্থা ইত্যাদিৰ ওপৰত ৷ ২০-৯০ শতাংশ পৰ্য্যন্ত উৎপাদন হ্ৰাস কৰিব পৰা উফ্ৰাৰোগৰ প্ৰবলতা প্ৰত্যেক বছৰে একে নাথাকে ৷ লক্ষিমপুৰ আৰু ধেমাজি জিলাৰ ১০০ শতাংশ বাওধানৰ খেতি উফ্ৰা ৰোগৰ বাবেই নষ্ট হোৱাটো ইতিমধ্যে নথিভুক্ত হৈছে ৷

উফ্ৰাৰোগৰ লক্ষণ :

উফ্ৰাৰোগত আক্ৰান্ত ধান গছত ৰোগৰ লক্ষণ প্ৰথমে দৃষ্টিগোচৰ হয় পুলিভগা (পোখা মেলা) আৰু গেৰ ধৰাৰ সময়ত ৷ পাতৰ গুৰিত মুগা অথবা গাঢ় মুগা বৰণৰ দাগ পৰে ৷ পিচলৈ কুমলীয়া পাতবোৰ পাক খাই মেটুৰা মেটুৰি হৈ শুকাই যায় ৷

ধানৰ গেৰ ধৰা সময়ত দুই ধৰণৰ লক্ষণ পৰিলক্ষিত হয় ৷ উখহা উফ্ৰা (Swollen ufra) বুলি কোৱা হয় যেতিয়া ধানৰ থোক ওলাই আহিব নোৱাৰে ৷ আনহাতে পুৰঠ উফ্ৰা (Ripe ufra)ৰ লক্ষণহ’ল যেতিয়া ধানৰ থোক আধা বা সম্পূৰ্ণ ওলাই আহে কিন্তু গুটিৰ পৰিবৰ্ত্তে পটানহে হয় ৷ থোক ওলোৱাৰ ধৰণৰ ওপৰত ভিত্তি কৰি উফ্ৰাৰোগৰ লক্ষণবোৰক আকৌ তিনিভাগত ভাগ কৰা হৈছে৷

উফ্ৰা ১ : থোক ওলাব নোৱাৰি উকহি থোকৰ মাজত সম্পূৰ্ণ বন্ধ হৈ থাকে ৷

উফ্ৰা ২ : থোক মাত্ৰ আংশিক ভাবে ওলাব পাৰে ৷ কিন্তু পাকখাই আৰু পটনুৱা হয় ৷

উফ্ৰা ৩ : থোক সম্পূৰ্ণভাৱে ওলাই যদিও অধিক সংখ্যক পটান আৰু বগা বৰণৰ হয় ৷

উফ্ৰাৰোগৰ সৈতে ব্লাষ্ট, “বেক্টেৰীয়েল লিফব্লাইট” আদি বেমাৰেও ধান গছত একেলগে আক্ৰমণ কৰা দেখা যায় ৷

উফ্ৰাৰোগ কেনেকৈ হয় :

উফ্ৰাৰোগ এবিধ শস্য কৃমিৰ দ্বাৰা হয় ৷ ধানৰ নৰা অংশত থকা “দাইটাইলেনকাচ্ এংগাচটটাছ (Ditylenchus angustus) নামৰ কৃমি এবিধে কৰা আক্ৰমণৰ ফল স্বৰূপে বাওধানৰ ওপৰত উল্লেখ কৰা উফ্ৰা বেমাৰ বিধৰ উৎপত্তি হয় ৷ এইবিধ কৃমিয়ে বানপানীৰ জৰিয়তে বংশবিস্তাৰ কৰি নিতৌ ন পথাৰ আক্ৰান্ত কৰে ৷ এই বেমাৰ প্ৰথমে বাওধানতেই আৱদ্ধ আছিল যদিও বৰ্ত্তমানে দ-চানেকীয়া মাটি আৰু জলসিঞ্চন যোগোৱা মাটিৰ ধান খেতিলৈও প্ৰসাৰিত হোৱা কথা জানিব পৰা গৈছে ৷
নৰাৰ ভিতৰত থকা এই বিধ কৃমিয়ে ধানৰ বনৰীয়া প্ৰজাতি বোৰকো আক্ৰমণ কৰা দেখা যায় ৷ ধানৰ পাত, ঠাৰি, থোকত বিভিন্ন অংশৰ কোষবোৰৰ পৰা মুখমণ্ডলত থকা শুংৰ সহায়ত আহাৰ শোষণ কৰে ৷ ইহঁতে কোষৰ ভিতৰত থাকি শুহি খায় ৷ শিপাত ইহঁত কাৰ্য্যক্ষম নহয় ৷ গছৰ ভিতৰত থকা জলীয় বাষ্পৰ পাতল আৱৰণীৰ মাজেদি চলাচল কৰে ৷

উফ্ৰাৰোগ কেনেকৈ নিয়ন্ত্ৰণ কৰিব :

কৃষকৰ সামূহিক প্ৰচেষ্ঠাৰে উফ্ৰাৰোগ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ ৷ গাইগুটীয়াভাৱে এইৰোগ নিয়ন্ত্ৰণ কৰাটো সহজ এইবাবেই নহয়, কাৰণ অনিয়ন্ত্ৰিত বাওতলিত কোনো এখন আক্ৰান্ত  পথাৰৰ নৰাত থকা কৃমি বানপানীৰ লগত সমগ্ৰ পথাৰতে বিয়পি পৰিব পাৰে ৷

১)ধান কাটি শেষ হোৱাৰ লগে লগে নৰাবোৰ জুই লগাই পুৰি পেলাব লাগে ৷ বাকী ৰৈ যোৱা নৰাবোৰ ভালদৰে হাল বাই মাটিৰ লগত মিহলাই দিব লাগে যাতে নৰাবোৰ সোনকালে পঁচি উফ্ৰা কৃমি সেমেকা মাটিৰ পৰিবেশত বেচি দিন সক্ৰিয় হৈ থাকিব নোৱাৰে৷ দুই তিনি বছৰৰ ব্যৱধানত উফ্ৰা কৃমিয়ে আক্ৰমণ নকৰা মৰাপাটৰ দৰে শস্যৰ খেতি কৰি এই ৰোগ বহুপৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷

২)ৰোৱা ধানতকৈ সিঁচা বাওধানত উফ্ৰাৰোগৰ আক্ৰমণ বেছি হয় ৷ বীজ যথাসম্ভৱ পলমকৈ বহাগৰ শেষত অথবা জেঠৰ প্ৰথম পষেকত সিঁচিব লাগে ৷ মাৰ্চ-এপ্ৰিলৰ পৰিবৰ্ত্তে মে’ মাহৰ প্ৰথম সপ্তাহত সিঁচিলে উফ্ৰাৰোগৰ প্ৰাৰ্দূভাৱ যথেষ্ট কম হয় ৷

৩)আগতীয়া বাওধানৰ জাত পদ্মপানী সিঁচিলে উফ্ৰাৰ আক্ৰমণৰ পৰা হাত সাৰিব পৰা যায়৷ সচৰাচৰ জাতৰ দৰে ডিচেম্বৰৰ পৰিবৰ্ত্তে অক্টোবৰ মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত পুৰঠ হোৱা এই ধানে হেক্টৰে প্ৰতি তিনি টন পৰ্য্যন্ত উৎপাদন দিয়ে ৷ সাধাৰণতে নবেম্বৰ মাহত উফ্ৰাৰোগৰ আক্ৰমণ অধিক হোৱা পৰিলক্ষিত হয় ৷

৪)উফ্ৰাৰোগ প্ৰতিৰোধক্ষম জাত “বাসুদেৱ” মধ্যমীয়া প্ৰাবল্যৰ বানপানী (১ মিটাৰ পৰ্য্যন্ত) উঠা অঞ্চলত কৰিব পৰা যায় ৷

৫)ৰাসায়নিক নিয়ন্ত্ৰণ ব্যৱস্থা হিচাপে বীজ সিঁচাৰ সময়ত কাৰ্বফুৰাণৰ দানা (Carbofuran 3 G) বিঘাই প্ৰতি ৪ কিলোগ্ৰাম পৰিমাণত মাটিত প্ৰয়োগ কৰিব লাগে ৷

৬)কাৰ্বছালফান (Carbosulfan 25ST @ 3% (w/w) ৰ গুৰি (১ কেজি বীজত ৩০ গ্ৰাম) বীজৰ সৈতে মিহলি কৰি সিঁচিব পাৰিলে উফ্ৰা ৰোগ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায়৷ পুণৰ বীজ সিঁচাৰ ৪০ দিনৰ পিচত কাৰ্বছালফানৰ জুলীয়া মিশ্ৰণ (১ লিটাৰ পানীৰ ২ মিলি লিটাৰ) স্প্ৰে কৰিব পাৰিলে উফ্ৰাৰোগৰ উপদ্ৰৱ কম হোৱাটো ইতিমধ্যে প্ৰমাণিত হৈছে ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 11/14/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate