অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিলাহী খেতিৰ কীট-পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থাপনা :

বিলাহী খেতিৰ কীট-পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থাপনা :

 

বিলাহীত বিশেষকৈ ভিটামিন চি আৰু মৌলিক পদাৰ্থ যেনে- ফছফৰাছ, পটেছিয়াম আৰু কেলছিয়াম আদি থাকে । বৰ্তমান বিলাহীৰ উচ্চ উৎপাদন ফল বিভিন্ন সঁচৰ উদ্ভাৱনে এই ক্ষেত্ৰত বিশেষ অৰিহনা আগবঢ়াইছে ।

গ্ৰীষ্মকালীন শাক-পাচলিৰ ভিতৰত বিলাহী এবিধ উল্লেখখনীয় পাচলি । বিলাহীত বিশেষকৈ ভিটামিন চি আৰু মৌলিক পদাৰ্থ যেনে- ফছফৰাছ, পটেছিয়াম আৰু কেলছিয়াম আদি থাকে । বৰ্তমান বিলাহীৰ উচ্চ উৎপাদন ফল বিভিন্ন সঁচৰ উদ্ভাৱনে এই ক্ষেত্ৰত বিশেষ অৰিহনা আগবঢ়াইছে ।

শস্যৰ তলীত বিলাহীৰ বীজ দিয়াৰ পৰা আৰম্ভ কৰি এক নিৰ্দিষ্ট দিনৰ ব্যৱধানত শস্য চপোৱালৈকে বিভিন্ন ধৰণৰ কীট-পতংগৰ দ্বাৰা গছজোপা আক্ৰান্ত হোৱা পৰিলক্ষিত হয় । যাৰ ফলস্বৰুপে বিলাহীৰ উৎপাদন বহুক্ষেত্ৰত হ্ৰাস হয় । এই ক্ষেত্ৰত কৃষকসকলে অনিষ্টকাৰী কীট-পতংগৰ দ্বাৰা আক্ৰান্ত হোৱা গছজোপাৰ বিভিন্ন লক্ষণসমূহ ভালদৰে চিনাক্ত কৰি সঠিক সময়ত নিৰাময়ৰ ব্যৱস্থাসমূহ প্ৰয়োগ কৰিলে যথেষ্ট সুফল পাব পাৰে । সেয়েহে খাদ্য শস্যৰ উৎপাদন আৰ্থিকভাৱে লাভজনক আৰু নিৰাপদ কৰিবৰ বাবে বিভিন্ন নিয়ন্ত্ৰণ পদ্ধতিসমূহ সু-সমন্বিতভাৱে প্ৰয়োগ কৰি অনিষ্টকাৰী পতংগৰ সংখ্যা ক্ষতিকাৰক সীমাৰ তলত ৰাখি নিয়ন্ত্ৰণ কৰাটোৱেই সমন্বিত কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাৰ মূল লক্ষ্য ।

বিলাহীৰ প্ৰধান কীট-পতংগ -

ক) ফল বিন্ধা কৰা পোক :-

ফল বিন্ধা পোক বিলাহীৰ প্ৰধান অনিষ্টকাৰী পতংগ । এই পোকৰ পলুবিলাকে শস্যৰ অনিষ্ট সাধন কৰে । পূৰ্ণাংগ মাইকী পখিলাই বিলাহী গছৰ পাতৰ দুয়ো পিঠিত কণী পাৰে । কণীৰ পৰা ওলোৱা সৰু সৰু পলুবোৰে প্ৰথমে কোমল পাত খাবলৈ আৰম্ভ কৰে আৰু ডাঙৰ হোৱাৰ লগে লগে ফলটো বিন্ধা কৰি ভিতৰলৈ সোমাই যায় । পূৰ্ণাংগ পখিলাবিলাক দেখিবলৈ পাতল হালধীয়া মুগা বৰণৰ । পখিলাৰ দেহাৰ দৈৰ্ঘ্য প্ৰায় ২৫ মি: মি:, সন্মুখৰ পাখি দেখাত পাতলমটীয়া আৰু ক’লা বৰণৰ । পিছফালৰ পাখি পাতল ৰঙৰ আৰু ক’লা বৰণৰ কিছুমান দাগ থাকে । পূৰ্ণাংগ পলু দেখাত সেউজীয়া আৰু ধোঁৱা বৰণৰ । পলুৰ দেহাৰ দৈৰ্ঘ্য ৩১-৫০ মি : মি: ।

খ) শূৰ পোক :- এইবিধ পোকৰ অপৈণত পলুবোৰে প্ৰথমে পাতৰ সেউজীয়া অংশ খায় আৰু ফলস্বৰুপে পাতৰ বৰণ দেখাত শুকান বগা ৰঙৰ হয় । পুলি অৱস্থাত থকা বিলাহী গছত পলুৱে কুমলীয়া পাতৰ ঠাৰি বা কুমলীয়া গা-গছত যেনি তেলি ফুটা কৰে । ইয়াৰ ফলত গছৰ বৃদ্ধি আৰু বিকাশ বাধাগ্ৰস্ত হয় । সুৰ পোকৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৩৫-৪০ মি: মি: । ইহঁত দেখাত ক’লা আৰু ওপৰৰ পিঠিত হালধীয়া সেউজীয়া ৰঙৰ কিছুমান দাগ থাকে আৰু কাষৰফালে দীঘল আঁচ থাকে । সন্মুখৰ পাখিত সোণালী আৰু ধোঁৱা বৰণীয়া কিছুমান আঁক থাকে । গৰম আৰু সেমেকা বতৰত এই পোকৰ আক্ৰমণ বেছি হয় ।

গ) বগা মাখি :- এইবিধ পোকৰ পৈণত আৰু অপৈণত উভয়ে পাতৰ তলফালে থাকি পাতৰ পৰা ৰস শুহি লয় । পূৰ্ণাংগ অৱস্থাৰ বগা মাখি ১-১.৫মি: মি: দীঘল । গাত লাগি থকা পাখি দুখন ঢকঢকীয়া বগা । অপৈণত অৱস্থাৰ বগা মাখিবিলাক শেতা-হালধীয়া । বগা মাখিবিলাক পাতৰ তলফালে একগোট হৈ থাকি পাতৰ ৰস শুহি লোৱাৰ বাবে আক্ৰান্ত পাতবিলাকত প্ৰথমে সৰু সৰু শেতা দাগ কিছুমান দেখিবলৈ পোৱা যায় । পিছলৈ এই দাগবোৰ আকাৰত বাঢ়ি ঈষৎ হালধীয়া বৰণৰ হয় । ৰস শুহি খোৱাৰ সময়ত এই পোকে পাতত নি:সৰণ কৰা ৰসত এবিধ ক’লা বৰণৰ ভেঁকুৰ উৎপন্ন হৈ গছৰ খাদ্য প্ৰস্তুত কৰা প্ৰণালীত ব্যাঘাত জনায় । এইবিধ পোকে বিগম’ভাইৰাছৰ বাহক হিচাপে কাম কৰে । গৰম বতৰত এইবিধ পোকৰ প্ৰাদুৰ্ভাৱ বেছি হয় ।

ঘ) মোৱা পোক :- মোৱা পোক আকৃতিত সৰু আৰু কোমল । বগা মাখিৰ নিচিনাকৈ মোৱা পোকেও পাতৰ ৰস শুহি খায় । বিশেষকৈ কুমলীয়া পাত, কাণ্ড আৰু ফুলৰ কলি লেৰেলি শুকাই যায় আৰু পাতখিলা হালধীয়া বৰণৰ হৈ পৰে । অৱশেষত গছ জোপা মৰি যায় । শুহি যোৱাৰ সময়ত এইবিধ পোকে পাতত নি:সৰণ কৰা ৰসত এবিধ ক’লা বৰণৰ ভেঁকুৰ উৎপন্ন হয় । ফলত গছৰ খাদ্য প্ৰস্তুত কৰা প্ৰণালীত অসুবিধা হয় ।

নিয়ন্ত্ৰণৰ ব্যৱস্থা -

অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণ কৃষি কাৰ্যৰ এক অবিচ্ছেদ্য অংগ । অধিক উৎপাদনৰ লাভ কৰিবৰ বাবে শস্যৰ প্ৰতিপালনত গুৰুত্ব আৰোপ কৰিব লাগিব । শাক-পাচলিৰ কীট-পতংগ নিয়ন্ত্ৰণত বিশেষকৈ ৰাসায়নিক ঔষধ প্ৰয়োগৰ ক্ষেত্ৰত আমি যথেষ্ট সাৱধানতা অবলম্বন কৰিব লাগে । শস্য ৰক্ষাৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক ঔষধসমূহ নিৰ্বিচাৰে প্ৰয়োগ কৰিলে পৰিৱেশ প্ৰদূষিত কৰাৰ উপৰি শস্যত ৰৈ যোৱা অৱশিষ্ট আমাৰ শৰীৰৰ অপকাৰ কৰে । সেয়েহে অনিষ্টকাৰী কীট-পতংগ দেখা মাত্ৰকে ৰাসায়নিক ঔষধ প্ৰয়োগ কৰিবলৈ যোৱাতকৈ সমন্বিত কীট-পতংগ নিয়ন্ত্ৰণ পদ্ধতিৰ অন্তৰ্গত পদ্ধতিসমূহত অধিক গুৰুত্ব দিব লাগে ।

তলত উল্লেখ কৰা বিভিন্ন ব্যৱস্থাসমূহ অৱলম্বন কৰি অনিষ্টকাৰী কীট-পতংগ বহু পৰিমাণে কমাব পাৰি ।

১) খেতিডৰা শস্যৰ গুটি সিঁচাৰ পূৰ্বে ৰ’দৰ বতৰত মাটি ডোখৰ ভালদৰে দকৈ চহাই মাটিৰ ওচৰে-পাঁজৰে থকা বন-বাত ভালকৈ চিকুণাই ল’ব লাগে । তেনে কৰিলে মাটিৰ তলত লেটা বান্ধি থকা আৰু বন-বাতত আশ্ৰয় লৈ থকা কীট-পতংগসমূহৰ সংখ্যা কমি যায় ।

২) বিলাহীৰ ফল বিন্ধা পোক নিয়ন্ত্ৰণ কৰিবলৈ ২০-২৫ দিনীয়া বিলাহী পুলিৰ ১৬ টা শাৰীৰ মূৰে মূৰে ৪৫-৫০ দিনীয়া নাৰ্জীফুলৰ এটা শাৰী লগাব পাৰিলে ফল বিন্ধা পোকসমুহ বিলাহীতকৈ নাৰ্জী ফুলত সহজতে আকৰ্ষিত হ’ব ।

৩) হালধীয়া আঠাযুক্ত ফান প্ৰতি হেক্টৰৰ বাবে ১০-১২ মানকৈ ব্যৱহাৰ কৰিলে ক্ৰমান্বয়ে মোৱা, বগা মাখি, শোহনি পতংগ আদিৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ লগতে ভাইৰাছজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ কমাব পাৰি ।

৪) জৈৱিক নিয়ন্ত্ৰণৰ উপায় হিচাপে ট্ৰাইক’গ্ৰামা প্ৰিটিঅছাম নামৰ কণী পৰজীৱীকৰণ পতংগবিধ প্ৰতি হেক্টৰ মাটিত বিলাহীৰ বাবে ১ লাখকৈ লৈ ৭ দিনৰ ব্যৱধানত শস্যডৰাত প্ৰয়োগ কৰিলে ফল বিন্ধা পোক নিয়ন্ত্ৰন হয় ।

৫) কীট-পতংগৰ আক্ৰমণ প্ৰতিৰোধ কৰা উচ্চ উৎপাদনক্ষম জাতসমূহৰ খেতি কৰাত গুৰুত্ব আৰোপ কৰিব লাগে । যেনে :- আৰকা, ৰাকশ্বাখ, অভিলাষ ।

৬) শস্যৰ আৰম্ভণিতে কীট-পতংগই বা বেমাৰে আক্ৰমণ কৰা গছবোৰ আঁতৰাই পুৰি পেলাব লাগে । এনে কৰিলে পতংগৰ বংশ বৃদ্ধি হৈ অধিক অনিষ্ট কৰাৰ সম্ভাৱনা দূৰ হয় ।

৭) শস্যত প্ৰয়োজনীয় পৰিমাণৰ সাৰ আৰু গোবৰ সঠিক সময়ত প্ৰয়োগ কৰাত গুৰুত্ব দিব লাগে । এনে কৰিলে শস্যৰ শ্ৰীবৃদ্ধি ঘটে আৰু কীট-পতংগ, বেমাৰ-আজাৰৰ আক্ৰমন প্ৰতিৰোধ কৰিব পৰা শক্তি আহৰন কৰি লয় । মনত ৰাখিব লাগিব যে অতিমাত্ৰা নাইট্ৰজেনযুক্ত সাৰ আৰু গোবৰে বগা মাখি, মোৱা আদি পতংগৰ বংশ বৃদ্ধি কৰে ।

৮) নিমৰ গুটিৰ পৰা উলিওৱা ৰস প্ৰথমস্তৰৰ ফল বিন্ধা পোকৰ পলুত স্প্ৰে’ কৰিব লাগে ।

৯) ৰাতিৰ ভাগত প্ৰতি হেক্টৰ মাটিত ১ টা পোহৰ ফান ব্যৱহাৰ কৰিলে শূৰ পোক আৰু ফল বিন্ধা পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি ।

১০) কীটনাশক জাতীয় চাবোন, নিম আৰু ঘৰত তৈয়াৰ কৰা তেল প্ৰয়োগ কৰি মোৱা পোক নিয়ন্ত্ৰণ কৰিব পাৰি ।

ৰাসায়নিক ঔষধ প্ৰয়োগ -

অনিষ্টকাৰী কীট-পতংগৰ সংখ্যা বৃদ্ধি হৈ আৰ্থিকভাৱে শস্যৰ হানি কৰিব পৰা অৱস্থা পালেহে তলত উল্লেখ কৰা কীটনাশক ঔষধসমূহ ব্যৱহাৰ কৰিব লাগে ।

১) ফল বিন্ধা পোকৰ ক্ষেত্ৰত চাইপাৰমেথ্ৰিন ১০ ই চি ঔষধৰ ৫০০ মি:লি: প্ৰায় ২৫০ লিটাৰ পানীত মিহলাই হেক্টেৰে প্ৰতি প্ৰয়োগ কৰিব লাগে । প্ৰথমবাৰ ঔষধ প্ৰয়োগ কৰাৰ পাছত ১০-১৫ দিনৰ ব্যৱধানত পুনৰ দ্বিতীয়বাৰ প্ৰয়োগ কৰিব লাগে ।

২) শূৰ পোকৰ বিপৰীতে চাউলৰ মল ৫ কেজি, গুৰ বা চেনিজাতীয় দ্ৰব্য ৫০০ গ্ৰাম ৩ লিটাৰ পানীত মিহলাই হেক্টৰে প্ৰতি প্ৰয়োগ কৰিব লাগে ।

৩) ইমিতা ক্লপ্ৰিত নামৰ দৰৱ প্ৰতি ৩-৪ লিটাৰ পানীত ১ মি: লি: মিহলাই প্ৰয়োগ কৰি সুফল পাব পাৰি ।

৪) কোনো ৰাসায়নিক ঔষধ শস্য চপোৱাৰ ১২-১৫ দিনৰ আগৰ পৰা প্ৰয়োগ কৰিব নালাগে ।

লেখিকা :- চাবৰীণ চুলতানা আহমেদ, ড° অঞ্জুমণি দেৱী

উৎস :- দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 5/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate