অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শস্যক্ষেত্ৰত সাৰ প্ৰয়োগ :

 

কেইটামান মন কৰিবলগীয়া দিশ -

মাটিৰ উৰ্বৰতা বৃদ্ধি তথা শস্য উৎপাদনত সাৰৰ প্ৰয়োগ অপৰিহাৰ্য। শস্যক্ষেত্ৰত শস্যৰ অত্যাৱশ্যকীয় পোষকদ্ৰব্যসমুহ সঠিকৰুপে যোগান ধৰিব নোৱাৰিলে শস্যৰ আশানুৰুপ উৎপাদন লাভ কৰিব নোৱাৰি। বৰ্তমান একেডৰা মাটিতে বছৰেকত একাধিক শস্যাকৰণ, ভুমিক্ষয়, অতিপাত বৰষুণ, সঘনাই মাটি চহোৱা আদিৰ বাবে মাটিৰ পৰা শস্যৰ পোষক দ্ৰব্যসমুহ দ্ৰুতগতিত হ্ৰাস পাব ধৰিছে। সেয়েহে মাটিত শস্যৰ পোষক দ্ৰব্যসমুহ সঠিকভাৱে যোগান ধৰাটো অতিকৈ আৱশ্যক হৈ পৰিছে। সাধাৰণতে শস্যৰ পোষক দ্ৰব্যসমুহ ৰাসায়নিক আৰু জৈৱিক সাৰ প্ৰয়োগৰ দ্বাৰাই যোগান ধৰা হয়। যিহেতু ৰাসায়নিক সাৰৰ প্ৰয়োগে প্ৰধানকৈ নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছ আদি মৌলসমুহৰ যোগান ধৰে। আনহাতে শস্যৰ প্ৰকৃত পৰিপুষ্টিৰ বাবে প্ৰায় ১৬ বিধ মৌল অত্যাৱশ্যকীয়। বহুতো ২ য় পৰ্যায়ৰ মৌল, যেনে- কেলচিয়াম, মেগনেছিয়াম, ছালফাৰ আৰু ক্ষুদ্ৰ গৌণমৌলসমুহৰ যোগান ৰাসায়নিক সাৰে যোগান নধৰে। সেয়েহে শস্যক্ষেত্ৰত পাৰ্যমানে জৈৱিক সাৰ প্ৰয়োগ কৰাটো অতিকৈ আৱশ্যক। তদুপৰি বৰ্তমান ৰাসায়নিক সাৰৰ মুল্যও দ্ৰুতগতিত বৃদ্ধি হৈছে। আনহাতে জৈৱিক সাৰো প্ৰয়োজনীয় মাত্ৰাত উপলব্ধ নহয়। সেয়েহে শস্যক্ষেত্ৰত ব্যৱহাৰ কৰা ৰাসায়নিক তথা জৈৱিক সাৰভাগৰ পৰা যাতে পাৰ্যমানে সুফল পাব পাৰি তাৰ বাবে ব্যৱস্থা লোৱাটো প্ৰয়োজন।

শস্যক্ষেত্ৰত প্ৰয়োগ কৰা সাৰভাগৰ পৰা অধিক সুফল লাভ কৰিবলৈ শস্যত সঠিক সাৰৰ প্ৰয়োগ, মাটিৰ স্বাস্থ্য আৰু শস্যৰ চাহিদা অনুযায়ী সঠিক পৰিমাণত সাৰ প্ৰয়োগ, সঠিক প্ৰণালীত সাৰ প্ৰয়োগ আৰু সঠিক সময়ত সাৰ প্ৰয়োগ আৰু সঠিক সময়ত সাৰ প্ৰয়োগ কৰাটো অতিকৈ মন কৰিবলগীয়া । সাধাৰণতে মাটি পৰীক্ষা কৰাই মাটিত কিধৰণৰ সাৰ কিমান পৰিমাণত প্ৰয়োগ কৰিব লাগে জানি ল’ব লাগে। শস্যক্ষেত্ৰত সাৰ প্ৰয়োগৰ সময় কেইবাটাও কথাৰ ওপৰত নিৰ্ভৰ কৰে। যেনে- শস্যৰ প্ৰকৃতি, শস্যৰ জীৱনচক্ৰৰ বিভিন্ন অৱস্থা তথা শস্যকাল, মাটিত থকা আৰ্দ্ৰতাৰ পৰিমাণ, মাটিৰ অৱস্থা, অপতৃণৰ প্ৰভাৱ, বতৰ ইত্যাদি। নাইট্ৰ’জেনজাতীয় সাৰ সাধাৰণতে শস্যৰ বিভিন্ন অৱস্থাত প্ৰয়োগ কৰিব পাৰিলে ভাল। প্ৰয়োগ কৰিবলগীয়া সাৰভাগৰ এক তৃতীয়াংশ বা আধা অংশ বীজ সিঁচাৰ সময়ত আৰু বাকী অংশ শস্যৰ জীৱনচক্ৰৰ বিভিন্ন অৱস্থা যেনে- পোখা মেলা, ফুল ফুলা, গেঁৰ ধৰা বা ফল-মুল ধাৰণ কৰাৰ সময়ত প্ৰয়োগ কৰিব পাৰিলে ভাল। এনে সাৰ প্ৰয়োগ কৰাৰ আগেয়ে শস্যত অপতৃণসমুহ নিৰণি কৰি ল’ব লাগে। এনেধৰণে সাৰ প্ৰয়োগ কৰিলে ব্যৱহৃত সাৰৰ নষ্টও কম হ’ব আৰু শস্যৰ শ্ৰীবৃদ্ধিও ভাল হ’ব।

ফছফেট বা পটাছজাতীয় সাৰভাগ পাৰ্যমানে শস্যৰ শিপাই ঢুকি পোৱা অঞ্চলত প্ৰয়োগ কৰিব পাৰিলে ভাল। এনেবিধ সাৰ সাধাৰণতেৱ শস্যৰ প্ৰাৰম্ভিক অৱস্থাত অধিক পৰিমাণে লাগে। সেয়েহে বীজ সিঁচা বা ৰোৱাৰ আগেয়ে শাৰীবিলাকত প্ৰয়োগ কৰি মাটিৰ লগত পাতলিয়াকৈ মিহলাই ল’ব লাগে। ফল-মুল আদি খেতিত এনে সাৰ গছবিলাকৰ গুৰিত এক নিৰ্দিষ্ট দুৰত্বত চাৰিওফালে এক ফুটমান দ’কৈ গাঁত খান্দি প্ৰয়োগ কৰিব লাগে। এনে সাৰৰ পৰা অধিক সুফল পাবলৈ কিছু পৰিমাণে জৈৱিক সাৰ প্ৰয়োগ কৰাটোও বাঞ্চনীয়। কিয়নো জৈৱিক সাৰে ফছফেটজাতীয় সাৰ শস্যৰ সহজলভ্য অৱস্থালৈ পৰিৱৰ্তন কৰাত সহায় কৰে।

প্ৰয়োজন অনুযায়ী নাইট্ৰ’জেনযুক্ত সাৰ আৰু ক্ষুদ্ৰ অত্যাৱশ্যকীয় মৌলসমুহ, যেনে- জিংক, কপাৰ, আইৰণ, মেংগানিজ আদি পানীৰ লগত মিহলাই স্প্ৰে কৰিব লাগে। এনে কৰোঁতে দ্ৰৱণৰ গাঢ়তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু শস্যভেদে এই গাঢ়তা ভিন্ন হ’ব পাৰে। এইক্ষেত্ৰত কৃষি বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন।

শস্যক্ষেত্ৰত সম্পুৰ্ণকৈ পচন হোৱা জৈৱিক সাৰহে প্ৰয়োগ কৰিব লাগে। কিয়নো আধা পচা জৈৱিক সাৰে শস্যত অপতৃণৰ সমস্যা বৃদ্ধি কৰিব লাগে। জৈৱিক সাৰ সাধাৰণতে বীজ সিঁচাৰ আগেয়ে পথাৰত প্ৰয়োগ কৰি পাতলীয়াকৈ মিলাই ল’ব লাগে। প্ৰয়োগ কৰিবলগীয়া জৈৱিক সাৰত আৰ্দ্ৰতা অধিক পৰিমাণে থাকে আৰু প্ৰয়োজন হ’লে ছাঁত মেলি শুকুৱাই ল’ব লাগে। জৈৱিক সাৰ কেতিয়াও ৰ’দত শুকুৱাব নালাগে।

শস্যক্ষেত্ৰত ব্যৱহাৰ কৰা সাৰৰ পৰা অধিক সুফল পাবলৈ -

১) শস্যৰ অধিক উৎপাদনক্ষম সঁচৰ ব্যৱহাৰ কৰিব লাগে।

২) শস্য উপযুক্ত সময়ত সিঁচিব বা ৰুব লাগে।

৩) প্ৰতিডৰা মটিত সঠিক হাৰত বীজ সিঁচিব লাগে। শাৰীবিলাকৰ মাজৰ ব্যৱধান সঠিক হ’ব লাগে।

৪) শস্যত সঠিকভাৱে অপতৃণ নিয়ন্ত্ৰণ কৰিব লাগে।

৫) শস্যত প্ৰয়োজনীয় মাত্ৰাত উপযুক্ত প্ৰণালীত পানী যোগান ধৰিব লাগে।

৬) শস্যক্ষেত্ৰত সুষমভাৱে সাৰৰ প্ৰয়োগ কৰিব লাগে। এইক্ষেত্ৰত মাটি পৰীক্ষা কৰি ল’ব লাগে।

৭) নাইট্ৰ’জেনজাতীয় সাৰভাগ একে সময়তে প্ৰয়োগ নকৰি শস্যৰ জীৱনকালৰ বিভিন্ন অৱস্থাত প্ৰয়োগ কৰিব লাগে।

৮) ফছফেটজাতীয় সাৰভাগ বীজ সিঁচাৰ আগেয়ে শাৰীবিলাকত ৪-৬ চে.মি. গভীৰতাত প্ৰয়োগ কৰি মাটিৰ লগত মিহলাই ল’ব লাগে।

৯) পটাছজাতীয় সাৰ একেধৰণে বীজ সিঁচাৰ আগেয়ে মাটিত প্ৰয়োগ কৰি মিহলাই ল’ব লাগে।

১০) ইউৰিয়া সাৰ শস্যত টপড্ৰেছিং কৰোঁতে মাটিৰ লগত মিহলাই ল’ব লাগে। সাধাৰণতে ১ ভাগ ইউৰিয়াৰ লগত ৫-১০ ভাগ সেমেকা মাটি মিহলাই লৈ ২৪ ঘণ্টা ৰাখিব লাগে। তাৰ পাছত এই সাৰ পথাৰত ছটিয়াব লাগে।

১১) ধানখেতিত ইউৰিয়া সাৰ নিম-খলিহৈ (Neem cake) ৰ লগত মিহলাই লৈ প্ৰয়োগ কৰিলে সুফল পোৱা যায়। প্ৰতি ৫ কেজি ইউৰিয়া সাৰৰ বাবে ১ কেজি নিম-কেকৰ প্ৰয়োজন হয়।

১২) প্ৰতিকুল বতৰ আৰু মাটিৰ ক্ষেত্ৰত নাইট্ৰ’জেনজাতীয় সাৰ পানীৰ লগত মিহলাই স্প্ৰে’ কৰিলে সুফল পোৱা যায়।

১৩) শস্যত সময়মতে কীট-পতংগ আৰু ৰোগ নিৰাময়ৰ ব্যৱস্থা ল’ব লাগে।

১৪) অম্লীয় মাটিত প্ৰয়োজনীয় মাত্ৰাত চুণ প্ৰয়োগ কৰিব পাৰিলে প্ৰয়োগ কৰা সাৰৰ পৰা অধিক সুফল আশা কৰিব পৰা যায়।

লেখক: ড° দীপজ্যোতি ৰাজখোৱা

উৎস: আধুনিক কৃষিকথা (কৃষি শিক্ষা, বিজ্ঞান, প্ৰযুক্তি আৰু কৃষক)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate