অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাণ খেতি :

পাণ এবিধ অসমীয়া মানুহৰ মাজত জনপ্ৰিয় লতাজাতীয় শস্য। তামোলৰ লগত মুহুদি হিচপে ব্যৱহাৰ হোৱাৰ লগতে অসমীয়া সমাজৰ নানা মাংগলিক কাৰ্যসূচীতো ইয়াক ব্যৱহাৰ হয়।

সঁচ:

পাণৰ খেতি হিচাপে অসমৰ প্ৰধান সঁচবোৰ হৈছে- জাতি পাণ, গাৰো পাণ, খাচি পাব, বাংলা পাণ, মিঠা পাণ আৰু কাৰ্বি পাণ।

কৃদ্ধি পদ্ধতি -

অসমত পাণ খেতি তিনিপ্ৰকাৰে কৰা হয়।

১)আশ্ৰয়কাৰী গছত বগাবলৈ দি কৰা পদ্ধতি,

২)বাৰ’জ(Baroj) পদ্ধতি,

৩)খুঁটি পদ্ধতি।

আশ্ৰয়কাৰী গছত বগাবলৈ দি কৰা পদ্ধতি -

তামোল বা নাৰিকল গছৰ পৰা ৬০-৯০ চে.মি. দূৰত্ব ৬০ চে.মি. বহল আৰু ৩০ চে.মি. দ’ গাঁত কৰি পচা গোবৰ আৰু ভূপৃষ্টীয় মাটি(top soil)ৰে পূৰ কৰি ল’ব লাগে। একোটা গাঁতত ৩ বা ৪ টা কাটিং ৰুই মাটিখিনি ভালকৈ হেঁচি দিব লাগে। সাধাৰণতে ৬ টা মান মুকুলবিশিষ্ট ৬০-৯০ চে.মি. দীঘল কাটিং ৰুবৰ বাবে উপযুক্ত।

বাৰ’জ পদ্ধতি:

এই পদ্ধতিত নিৰ্দিষ্ট দূৰত্বত বাঁহৰ খুঁটি পুতি লৈ পাণৰ পুলি ৰোপণ কৰি খুঁটিত বগাবলৈ দিয়া হয়। খেৰৰ পাতলীয়া চালিৰে ছাঁৰ ব্যৱস্থা কৰা হয়।

খুঁটি পদ্ধতি:

এই পদ্ধতিত নিৰ্দিষ্ট দূৰত্বত বাঁহৰ খুঁটি পুতি লৈ পাণৰ পুলি ৰোপণ কৰি খুঁটিত বগাবলৈ দিয়া হয়।

ৰোপণ সামগ্ৰী আৰু ৰোপণ পদ্ধতি -

সাধাৰণতে পাণগছৰ ঊৰ্ধ্বমুখী দুই-তিনি বছৰীয়া পূৰঠ আগবোৰ কাটি আনি তাৰ পৰা সৰু সৰুকৈ অৰ্থাৎ ৩০-৪০ চেন্টিমিটাৰ দীঘল ডাল কাটি ল’ব লাগে। ৩-৪ টা গাঁঠিবিশিষ্ট ডাল বা কাটিং ৰোপণৰ বাবে উত্তম। বাৰ’জ পদ্ধতিত দুটা শাৰীৰ মাজত ৫০ চে.মি. আৰু দুটা কাটিঙৰ মাজত ১৫ চে.মি. দূৰত্বত ৰোপণ কৰিব লাগে। এক হেক্টৰ মাটিৰ খেতিৰ বাবে ৯৫,০০০ৰ পৰা ১,০০,০০০ কাটিঙৰ প্ৰয়োজন হয়।

খুঁটি পদ্ধতিত দুটা শাৰী আৰু পুলিৰ ৰোপণৰ ব্যৱধান ৯০ চে.মি. আৰু এক হেক্টৰৰ বাবে ১০,০০০-১২,০০০ পুলিৰ আৱশ্যক হয়। পাণ ৰুবলৈ মাটিডৰা ভালকৈ কোৰ মাৰি ১ মিটাৰ ব্যৱধানত ১০-১৫ মিটাৰ দীঘল, ৬০ চেন্টিমিটাৰ বহল আৰু ৬০ চেন্টিমিটাৰ দ’কৈ লোৰ খান্দি তাত গোবৰ বা পচন সাৰ মাটিৰ লগত মিহলাই লোৰবোৰ পূৰ কৰিব লাগে। ৰোৱাৰ আগত মাটিখিনি ইণ্ডোফিল এম-৪৫ ঔষধ ১ লিটাৰ ২ গ্ৰাম হিচাপত মিহলাই মাটি তিতি যোৱাকৈ স্প্ৰে’ কৰিব লাগে।

পুলি ৰোৱাৰ ২-৩ সপ্তাহৰ পাছত পুলিবোৰ ঠন ধৰি নতুন পোখা মেলিলে আশ্ৰয়কাৰী গছৰফালে হাওলাই দিব লাগে আৰু বাঢ়ি অহা লতাবোৰ নাৰিকলৰ ৰছীৰে মেৰিয়াই বাঁহৰ খুঁটাবোৰত বগাবলৈ সুবিধা কৰি দিব লাগে।

সাৰ প্ৰয়োগ -

পুলিবোৰ ঠন ধৰি উঠাৰ ৪-৫ মাহৰ পাছতহে গছত সাৰ প্ৰয়োগ কৰিব লাগে। বিঘাই প্ৰতি সাৰ প্ৰয়োগৰ নিৰিখ হৈছে ইউৰিয়া ৪০ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট ৮৫ কিলোগ্ৰাম আৰু মিউৰিয়েট অৱ পটাছ ৮-১০ কিলোগ্ৰাম। এই পৰিমাণৰ সাৰ বছৰেকত ৬-৮ টা ভাগত ভাগ কৰি গোবৰৰ লগত মিহলাই ৬-৮ বাৰ প্ৰয়োগ কৰিব লাগে। বাৰ’জ পদ্ধতিত নাইট্ৰ’জেন সাৰ হেক্তৰ প্ৰতি ২০০ কিলোগ্ৰাম হিচাপত খলিহৈৰ ৰূপত ৪ টা কিস্তিত প্ৰয়োগ কৰিব লাগে। পাণৰ উৎপাদন বৃদ্ধি কৰিবলৈ ৬০ দিনৰ অন্তৰালত ৪ শতাংশ জিংক ছালফেট স্প্ৰে’ কৰিব লাগে। ব’হাগ মাহত প্ৰথম স্প্ৰে’ আৰম্ভ কৰিব লাগে।

পাণৰ পৰিচৰ্যা -

পাণৰ লতাডাল বাঢ়ি অহাৰ লগে লগে বাঁহৰ খুটিত বা আশ্ৰয়কাৰী গছৰ লগত ১৫-২০ চে.মি. অন্তৰত কলগছৰ পতুৱাৰ আঁহেৰে ঢিলাকৈ বান্ধি দিলে লতাদাল বগাবলৈ সুবিধা হয়।

সাধাৰণতে এবছৰত পাণগছ ৩ মিটাৰমানলৈকে বাঢ়ে। গছজোপা ইমান উচ্চতাত ৰাখিবলৈ বাঢ়ি অহা লতাবোৰ তললৈ ঘূৰাই খহাই আনিব লাগে আৰু আগ অংশৰ শকতভাগ মাটিত আকৌ পুতি দিব লাগে। ইয়াৰ ফলত গছৰ গুৰিটো জোপোহা হ’ব আৰু একেডাল গছতে বগাই যাব।

লেখক: ৰূপজ্যোতি বড়া

উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate