অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষিখণ্ডত তথ্য ভাণ্ডাৰ গঢ়ি তোলাৰ প্ৰাসংগিকতা

কৃষিখণ্ডত তথ্য ভাণ্ডাৰ গঢ়ি তোলাৰ প্ৰাসংগিকতা

আজিকালি কৃষিখণ্ডত বিভিন্ন কাৰণত নানান ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়| যেনে-মাটিৰ উৎপাদিকা শক্তি বৃদ্ধি, পোক-পতংগৰ পৰা শস্য ৰক্ষা, খেতিপথাৰৰ অপতৃণ বিনাশ, ফল-মূলৰ দ্ৰুত বৃদ্ধি, শস্যৰ বীজ সংৰক্ষণ, শাক-পাচলিৰ ৰং দেখাত সজীৱ কৰি ৰখা, শস্যৰ ৰোগ প্ৰতিৰোধ আৰু নিৰাময় আদি নানান উদ্দেশ্যত বিভিন্ন কৃত্ৰিম ৰাসায়নিক দ্ৰব্য খেতিপথাৰত বা চপোৱাৰ পিছত খাদ্যশস্যৰ ওপৰত প্ৰয়োগ কৰা হয়| ইতিমধ্যে এইটো প্ৰমাণিত হৈছে যে কৃত্ৰিম ৰাসায়নিক সাৰ, কীটনাশক, অপতৃণ নাশক আৰু দৰৱৰ ব্যাপক প্ৰয়োগে কৃষিখণ্ডলৈ ভয়াৱহ দুৰ্যোগ নমাই আনিছে| এনেবোৰ দ্ৰব্যই প্ৰথমে মাটি-পানী বিষাক্ত কৰি তোলে| ফলত তাত উৎপাদিত শস্যই পানী আৰু অন্যান্য পৌষ্টিক উপাদানৰ লগতে বিষাক্ত দ্ৰব্যবোৰে শুহি লোৱাৰ বাবে খাদ্য শস্যৰ ডাল-পাত আৰু ফলতো বিষাক্ত উপাদানবোৰ বিয়পি পৰে| আকৌ শাক-পাচলি আদিত জধে-মধে ছটিওৱা কীটনাশকবোৰৰ বহু অংশ পোনপটীয়াকৈ পাত বা বাকলিৰ সৈতে খাদ্যত মিহলি হয়| আনহাতে, কিছু অংশ ঘাঁহ-বন আদিৰ মাধ্যমেৰে পশু-পক্ষীৰ শৰীৰলৈ যায়; যিবোৰ গাখীৰ আৰু মাছ-মাংসৰ মাধ্যমেদি মানুহৰ দেহত প্ৰৱেশ কৰে| খাদ্য শস্য বা মাছ, মাংস আৰু কণীত বিষাক্ত দ্ৰব্য মিহলি হোৱা আন এটা প্ৰক্ৰিয়া হ’ল ৰুগীয়া পশুধনৰ গাত জধে-মধে ঔষধ প্ৰয়োগ| এই বিষয়বোৰ ব্যাপকভাৱে প্ৰচাৰ হোৱা বাবে কিছুমান কৃষকে ঘৰত খোৱাৰ উদ্দেশ্যে জৈৱিক পদ্ধতিৰে এডৰা খেতি কৰে যদিও বিক্ৰীৰ বাবে উৎপাদন কৰা বাকী অংশবোৰত ৰাসায়নিক দ্ৰৱ্য প্ৰয়োগ কৰে; কিন্তু এইটো বহুতে ভাবি নাচায় যে আমি দূষিত মাটি, পানী বা বতাহক কোনো এঠাইত আবদ্ধ কৰি ৰাখিব নোৱাৰো| বতাহ, বৰষুণ বা অন্যান্য কাৰণত এইবোৰ চৌপাশত বিয়পি পৰে| এনেবোৰ দ্ৰব্য প্ৰকৃতিৰ বুকুত মুক্তভাৱে থাকিলেও বহু দিনলৈ সক্ৰিয় হৈ থাকে| ফলত খেতিপথাৰ বা ওচৰৰ এঠাইত যদি বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰা হয়, তেন্তে তাৰ দ্বাৰা সেই অঞ্চলৰ সকলো পশু-পক্ষী, কীট-পতংগ, মানুহো এটা সময়ত কম বেছি পৰিমাণে বিষৰ দ্বাৰা আক্ৰান্ত হয়| এইক্ষেত্ৰত আমি মনত ৰাখিবলগীয়া এটা সত্য এয়ে যে আমি আমাৰ বাবে লাগতিয়াল সকলো খাদ্য ঘৰতেই উৎপাদন কৰিব নোৱাৰো| কিছু বজাৰৰ পৰাও সংগ্ৰহ কৰিবলগা হয়| সেয়েহে আমি ঘৰত ব্যৱহাৰৰ বাবে কিছু শস্য বা ফল-মূল ঘৰতেই জৈৱিকভাৱে উৎপাদন কৰিলেও বজাৰৰ পৰা সংগৃহীত খাদ্য-শস্যৰ ভিতৰত বহুখিনি বিষাক্ত দ্ৰব্যৰ দ্বাৰা আক্ৰান্ত সামগ্ৰী থাকিব পাৰে| সেয়েহে আমি যদি সামগ্ৰিকভাৱে জৈৱিক কৃষিৰ বিকাশৰ ওপৰত গুৰুত্ব নিদিও, তেনেহ’লে আমাৰ স্বাস্থ্য আৰু পৰিৱেশৰ প্ৰতি থকা ভাবুকি কোনো দিনেই শেষ নহ’ব| এইক্ষেত্ৰত বাস্তৱ সঁচা কথাটো এইয়েই যে প্ৰদূষিত কৃষি ব্যৱস্থাপনাত প্ৰথমে আৰু সৰ্বাধিক পৰিমাণে আক্ৰান্ত হয় খেতিপথাৰ, কৃষক সমাজ আৰু পশুধন| সেয়েহে আমি এই বিষয়ে প্ৰথমে আৰু কৃষক সমাজক সচেতন কৰি তুলিব লাগিব| এইখিনিতে প্ৰশ্ন হয়-কৃষক সমাজে কিয় এই ভয়াৱহ পন্থাৰ আশ্ৰয় ল’বলগীয়া হৈছে?

কম সময় আৰু কষ্টৰ বিনিময়ত অধিক লাভৰ হাবিয়াসেই হয়তো এই দিশত কৃষক সমাজক প্ৰৰোচিত কৰিছে| লগতে সামাজিক দায়িত্ববোধ, পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষা আৰু লাভজনক দীৰ্ঘম্যাদি কৃষি পদ্ধতি পৰিচালনাৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাৰ অভাৱো এনে বিপজ্জনক পৰিস্থিতিৰ অন্যতম কাৰণ বুলি ক’ব পাৰি|

পৰিৱেশ সহনশীল, থলুৱা প্ৰযুক্তিভিত্তিক কৃষি পদ্ধতিক যদি কৃষকে লাভজনক আৰু সন্মান জনক বৃত্তি হিচাপে আকোৱালি ধৰি থাকিব পাৰিলোহেঁতেন, তেনেহ’লে কৃষক সমাজে আত্মহননকাৰী বিপজ্জনক কৃষি প্ৰণালী কেতিয়াও বাচি নল’লেহেঁতেন| আমি সকলোৱে মনত ৰখা উচিত যে কৃষিক যদি এক নিৰাপদ, লাভজনক, আনন্দদায়ক আৰু সন্মানজনক বৃত্তি হিচাপে গঢ়ি তুলিব পাৰো, তেতিয়াহে আমি মানৱ জাতিয়ে এটি সুস্থ পৰিৱেশত বিচৰণ কৰি থাকিব পাৰিম| এই দিশবোৰ বিস্তৃতভাৱে গৱেষণা কৰি চোৱা উচিত| অৱশ্যে এনেধৰণৰ চিন্তা আৰু প্ৰচেষ্টা প্ৰথমে প্ৰাকৃতিক ভাৱে চহকী অসমৰ দৰে কৃষিপ্ৰধান এলেকাতহে হ’ব লাগিব| পিছে এনে এক গভীৰ আৰু জটিল সমস্যাৰ উচিত সমস্যাৰ উচিত সমাধান বিচাৰিবলৈ হ’লে সমস্যাবোৰ লগত জড়িত বিভিন্ন দিশবোৰৰ বিস্তৃত তথ্য আমাৰ হাতত মজুত থাকিব লাগিব|

প্ৰসংগক্ৰমে আমি কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ উত্তৰ-পূৱ ভাৰতক জৈৱিক মণ্ডল হিচাপে গঢ়ি তুলিবলৈ বিচৰা চিন্তাৰ বিষয়ে আলোচনা কৰিব পাৰো| কেন্দ্ৰীয় চৰকাৰৰ এই দূৰদৰ্শী চিন্তা অঞ্চলটোৰ বাবে এক বৃহৎ সুযোগ বুলি আখ্যা দিব পাৰি| এনে এক ইতিবাচক কাৰ্যপ্ৰণালীৰ প্ৰায়োগিক দিশত নিৰ্ভুল পৰিকল্পনা প্ৰস্তুতৰ বাবেও নিশ্চিতভাৱে কৃষিখণ্ডৰ সৈতে জড়িত বিভিন্ন দিশৰ বিতং তথ্যৰ বৃহৎ ভাণ্ডাৰ আমাক লাগিব| পিছে বিচাৰিলেই সহজতে পাব পৰাকৈ কৃষিখণ্ডৰ সকলো দিশৰ বিতং তথ্য আমাৰ হাতত মজুত আছেনে? উদাহৰণস্বৰুপে, কৃষি আৰু কৃষকৰ লগত জড়িত কেইটিমান বিষয়ৰ প্ৰতি আমি সংশ্লিষ্ট সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছো, যেনে-

  • জৈৱিক কৃষি সম্পৰ্কে অসমৰ কৃষক সমাজ কিমান সজাগ?
  • কিমানসংখ্যক কৃষকে কিমান পৰিমাণৰ মাটিত কি কি খেতি জৈৱিক সাৰ আৰু কীটনাশক প্ৰয়োগেৰে কৰিবলৈ লৈছে?
  • অসমৰ কৃষক আৰু পশুধন সাধাৰণতে কেনে সময়ত, কেনে ধৰণৰ ৰোগত ব্যাপকভাৱে আক্ৰান্ত হয়?
  • কৃষকে পৰিয়ালৰ আৰু পশুধনৰ চিকিৎসাৰ ক্ষেত্ৰত কিমান ধন বছৰি খৰচ কৰিব লাগে?
  • শস্যৰ প্ৰজাতি অধিকাৰ সম্পৰ্কে অসমৰ কৃষক সমাজ কিমান সচেতন?
  • কৃষি পৰিচালনা সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ কিমান?
  • অসমত পশুধন বা কৃষি উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যৰ বাহিৰৰ বাণিজ্যিক গোষ্ঠীৰ প্ৰভাৱ কেনেধৰণৰ আৰু কিমান গভীৰ?
  • খেতি চপোৱাৰ পৰা আৰম্ভ কৰি মজুতকৰণলৈ শস্য গুটিৰ অপচয় ৰোধৰ বাবে কেনেধৰণৰ প্ৰযুক্তি প্ৰয়োগ কৰা হয়?
  • পশুধনৰ মৃতদেহৰ নিষ্কাসন কেনেদৰে কৰা হয়? অসমত পশুধনৰ মৃতদেহ নিষ্কাসনৰ বাবে কি ধৰণৰ সুবিধা আছে?
  • অসমত কিমান পৰিমাণে কি কি প্ৰকাৰৰ ৰাসায়নিক-কীটনাশক বছৰি কৃষিক্ষেত্ৰত প্ৰয়োগ কৰা হয়?
  • অসমত ৰাসায়নিক সাৰ আৰু কীটনাশক মজুতকৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰত কি পদ্ধতি অৱলম্বন কৰা হয়?
  • অসমত ৰাসায়নিক কীটনাশক আৰু সাৰ খেতিয়কে কি ধৰণে কৃষিক্ষেত্ৰত প্ৰয়োগ কৰে?
  • অসমত খেতিপথাৰৰ বাবে জলসংৰক্ষণ ব্যৱস্থাৰ ৰেহৰুপ কেনেধৰণৰ?
  • অসমত প্ৰচলিত কোনবোৰ পৰম্পৰাগত থলুৱা প্ৰযুক্তি খেতিপথাৰ পৰিচালনাৰ বাবে আজিও প্ৰাসংগিক?
  • শস্য আৰু পশুধনৰ স্বাস্থ্য পৰিচৰ্যাৰ বাবে কোনবোৰ পৰম্পৰাগত জ্ঞান বহনক্ষম উন্নয়নৰ সপক্ষে?
  • অসমৰ শস্য বীমা আঁচনিৰে কিমান সংখ্যক কৃষক উপকৃত হৈছে?
  • উৎপাদিত শস্যৰ বাবে অসমৰ বজাৰ ব্যৱস্থাৰ বাস্তৱ অৱস্থাটো কি ধৰণৰ?
  • অসমৰ কৃষিখণ্ডত উচ্চশিক্ষিত যুৱক-যুৱতীৰ অংশগ্ৰহণ কেনেধৰণৰ?
  • কৃষিভিত্তিক গ্ৰামাদ্যোগবোৰৰ আন্তগাঁথনি, পৰিচালনা আৰু আৰ্থিক অৱস্থা কেনেধৰণৰ?
  • কৃষিক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠানবোৰৰ ভূমিকা কি ধৰণৰ?
  • বিশ্বায়নৰ হেঁচাৰ প্ৰত্যাহ্বানৰ বিপৰীতে অসমৰ কৃষকৰ স্থিতি কি?
  • অসমত কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমিকা আৰু কৃষকৰ অংশগ্ৰহণ, লাভালাভৰ বাস্তৱ ছবিখন কেনেধৰণৰ?
  • কৃষি শিক্ষা আৰু কৃষিসেৱাৰ ক্ষেত্ৰত কৃষক পৰিয়ালৰ সন্তানৰ প্ৰৱেশৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ|
  • অসমৰ কৃষকে পোক-পৰুৱা, চৰাই-চিৰিকটীৰ পৰা খেতিপথাৰ শস্য আৰু উদ্যানৰ ফল-মূল ৰক্ষাৰ বাবে কি ধৰণৰ প্ৰযুক্তিৰ আশ্ৰয় লয়?
  • অসমত পশুখাদ্যৰ উপযোগী কি ধৰণৰ ঘাঁহৰ খেতি ক’ত, কেতিয়া আৰু কিমান এলেকাত কৰা হয়?
  • অসমত উৎপাদিত পশুধন বা মাছৰ পোৱালি, কণী আদি ক’ত উৎপাদন হয়?
  • অসমত কিমান ধৰণৰ আৰু পৰিমাণৰ পশুধন উৎপাদন কৰা হয়? কোনে ক’ত উৎপাদন কৰে? মান কেনে ধৰণৰ?
  • মাছ, মাংস, কণীৰ উৎপাদন বৃদ্ধি আৰু দ্ৰুত কৰাৰ বাবে অসমৰ কৃষকে কিমান ধৰণৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰে?
  • উৎপাদন বৃদ্ধিৰ বাবে প্ৰাণীৰ দেহত প্ৰয়োগ কৰা ৰাসায়নিক দ্ৰব্যবোৰৰ মান কি ধৰণৰ?
  • অসমত পশুপালনৰ বাবে সজা গৃহবোৰৰ অৱস্থা কেনে ধৰণৰ?
  • অসমৰ গোচৰণীয়া পথাৰবোৰৰ অৱস্থা কি ধৰণৰ?
  • অসমৰ কৃষিখণ্ডত ব্যৱহৃত প্ৰযুক্তিৰ শ্ৰেণী আৰু মান কেনেধৰণৰ?

এই দিশবোৰৰ বিষয়ে দীৰ্ঘদিনীয়া আৰু নিখুঁত পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াই কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে|আলোচনা আৰু পৰ্যবেক্ষণ কৰিলে এনে বহুতো অতি গুৰুত্বপূৰ্ণ বিষয় আমাৰ আগলৈ আহিব|এই ক্ষেত্ৰত সময়োপযোগী প্ৰযুক্তিৰ সংযোজন, কৰ্মচাৰীৰ সংখ্যাৰ নাটনি দূৰীকৰণ, প্ৰযুক্তিবিদ্যাৰ অন্তৰ্ভুক্তি আদি প্ৰাথমিক কামবোৰ নিশ্চয়কৈ বিবেচনা কৰি চাব লাগিব|

লেখক:- ধ্ৰুৱজ্যোতি কলিতা

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate