অসম এখন কৃষিপ্ৰধান দেশ। দেশৰ ৭০ শতংশ লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰচুৰ শাক-পাচলি, থলুৱা ফলমুল উৎপাদন হয়। বেছি উৎপাদন কম হ’লে কম দামত বিক্ৰী কৰিব লগা হয়। ঋণ লৈ খেতি কৰি বহুতো কৃষকে ঋণ পৰিশোধ কৰিব ন্বাৰে। চৰকাৰে ৰেহাই মুল্যত ট্ৰেক্টৰ, পাৱাৰ টিলাৰ ছ’লাৰ পাম্প, ছেল’টিউবৱেল আৰু অন্যান্য কৃষি যন্ত্ৰ-পাতিৰ যোগান ৰেহাই মুলত নকৃষকক দি আছে।
অসমৰ বতৰ আগৰ ১০ বছৰৰ দৰে নহয়। আগতে বানপানী আহিলে ৩/৪ দিনত পানী থাকি নৈসমুহত পৰিছিল। কিন্তু মৌচুমী বতাহত যি বতাহ ৰাজ্যখনত বয়, সেই মৌচুমী বায়ু বৰ্তমান ধৰি ৰাখিব নোৱাৰে। যাৰ কাৰণে আবতৰীয়া বতৰে কৃষকক খেতি কৰাত আহুকাল লগায় তথাপি আমি জলবায়ু, বৰষুণ কেতিয়া হয়, তাৰ বিশ্লেষণ কৰি কৃষি আঁচনি যুগুত কৰিব লাগিব। বানমুক্ত অঞ্চলত প্ৰথমতে আঁচনি ল’ব লাগিব। ২/৩ বাৰ বানে ধান খেতি বা খাৰিফ শস্য প্ৰতিবছৰে অসমত নষ্ট কৰি আহিছে। য’ত বান হয়, তাত কমদিনীয়া ইৰি, বৰো ধান, আগতীয়া আহু ৰুব। বান অহাৰ আগতে অন্তত: এবাৰ ধান চপাব লাগিব। বানাক্ৰান্ত ৰাইজে খৰালি কালত ওখ ভেটি কৰি তাত পশুধন ৰাখক, যিহেতু বান হ’বই নিজে থাকিবলৈ এই খৰালি কালতে গাঁৱৰ ৰাইজে বাঁহ-কাঠেৰে নিজে ওখ চাংঘৰ সজাওক। কিন্তু য’ত ঘৰ-বাৰী, মাটিৰ ফচল, ৰাস্তা-ঘাট সম্পুৰ্ণ ধ্বংস হৈছে, তাত বাট-পথ নিৰ্মাণ, ঘৰ-বাৰী, স্কুলঘৰ , খোৱাপানী, স্বাস্থ্যৰ প্ৰতি চৰকাৰে ব্যৱস্থা লওক। ‘আপোন হাত জগন্নাথ’।
বৰ্তমান কৃষিমন্ত্ৰীয়ে বানপানী, বালিপাৰা অঞ্চলত প্ৰথমতে বীজ, সাৰ আদি সনকালে যোগান ধৰাৰ বাবে বিষয়াক নিৰ্দেশ দিছে আৰু য’ত যি খেতি হয় তাৰ প্ৰতিবেদন জিলা, মহকুমাৰ পৰা লৈ খেতিৰ ডেমনেষ্ট্ৰেচন কৰিবলৈ নিৰ্দেশো দিছে। এই দুৰ্যোগ সম্বন্ধে কি কাৰ্যব্যৱস্থা ল’ব লাগে, এই বিষয়ে দিছপুৰত বহুলানি আলোচনা হৈ গৈছে। ১-১.৫ ফুট বালি পৰা অঞ্চলত মাহজাতীয় শস্য, নহৰুৰ খেতি কৰিব পাৰি।
কৃষিমন্ত্ৰীয়ে এনে আঁচনি ল’ব দিছে , য’ত আলু, বিলাহী বা অন্যান্য ফলমুলৰ পৰা কৃষিভিত্তিক উদ্যোগ গঢ়ি তুলিব পাৰি।
ইতিমধ্যে হিমঘৰৰ বাবে কি ধৰণে আগবাঢ়িব লাগে, তাক সফল ৰুপায়ণৰ বাবে আঁচনি ল’বলৈ দিছপুৰত আলোচনা হয় আৰু আঁচনিবোৰৰ সফলতাৰ পৰ্যালোচনা কৰা হয়।
আন ৰাজ্যত যেনে- কৰ্ণাটক, পুনে, মহাৰাষ্ট্ৰৰ দৰে অসমতো য’ত বেছি কেৱল বিলাহী উৎপাদন হয়, তাত টমেট’ ছচ, টমেট’ পিউৰিৰ বাবে বিগ প্ৰচেছিং ইউনিট হ’লে কৃষকে উচিত মুল্য পাব আৰু বিলাহী খেতিৰ পৰিসৰ বাঢ়িব। আলু চিপছৰ বাবে উদ্যোগ গঢ়িব পাৰি। ডাঙৰ আলু ৰাজ্যৰ বিভিন্ন জিলাত বিক্ৰীৰ ব্যৱস্থা আৰু মজলীয়া আলুবোৰ হিমঘৰত ৰাখিব পাৰি।
ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু উদ্যান শস্যৰ ফলমুল পাচলিৰ পৰাও বিভিন্ন উপায়ে ফলৰ ৰসৰ উদ্যোগ গঢ়িব পাৰি। অসমৰ বহু জিলাত কুঁহিয়াৰ, মৰাপাটৰ ভাল উৎপাদন হয় লগতে থলুৱা মাছ, শিঙি, মাগুৰ, পুঠি, কুঁচিয়াৰ দাম বেছি। কৃষি বিভাগত এনে মাছ, খীৰতী গাই, ছাগলী, হাঁহ-কুকুৰা পালন কৰা কৃষকক একত্ৰিত কৰি ‘ফাৰ্মাৰ প্ৰডিউচাৰ্ছ কোম্পানী ৰেজিষ্টাৰ কৰি শিক্ষিত, অৰ্ধশিক্ষিত যুৱকক আকৰ্ষিত কৰিব পাৰি। এনেকৈ বিভিন্ন জিলাত ডায়েৰী প্ৰজেক্ট, যেনে-গাখীৰৰ পৰা চানা, ঘিউ, দৈ আদি কৰিলে চৰকাৰী সাহায্য পায়, তাক কৃষকক অৱগত কৰিবলৈ জিলা কৃষি বিষয়াসকলক কোৱা হৈছে। লোকেল মাছ বিক্ৰী আৰু পুঠি ,শিঙি, কুঁচিয়া মাছ শুকান মাছ হিচাপেও বিক্ৰী কৰিব পাৰি, এনে আঁচনি কৃষি বিভাগত আছে আৰু বহু জিলাত এনে আঁচনি ইতিমধ্যে ৰুপায়ণ হৈছে, কিন্তু বহু জিলাত এতিয়াও হোৱা নাই। জিনজিয়াত আলু খেতি কৰা কৃষকৰ নিজা ‘হিমঘৰ’ আছে। জাগীৰোডত কেৱল কল খেতি কৰি কলভিত্তিক উদ্যোগ গঢ়ি উঠিছে। এনে লোকে গাখীৰৰ পৰা চানা, মিঠাই, ঘিউ বিক্ৰী কৰি লাভান্বিত হৈছে। বহু জিলাত মৌপালনৰ পৰা কৃষকে উপাৰ্জন কৰিছে। নলবাৰীৰ বালিতাৰাৰ কেইজনমান উদ্যোগী কৃষকে কেৱল ৰঙালাউ, ৰজনীগন্ধা ফুল, শাক-পাচলিৰ খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰিছে। নলবাৰীৰ পানীগাঁৱৰ নিৰ্মল হালৈৰ গ্ৰুপে কৃষক সংগঠন কৰিছে। নাবাৰ্ড বেংকৰ সহায়ত ক’লা চাউল, বিভিন্ন জহা চাউল, কুকুৰা পুহি স্বাৱলম্বীৰ পথ দেখুৱাইছে। এনে উদাহৰণ গোলাঘাট, যোৰহাট, বকো, দৰ্ং, শোণিতপুৰত আছে।
গতিকে কৃষকসকলে কৃষক উৎপাদনকাৰী গোট গঠন কৰিবলৈ বিচাৰিলে কৃষকে নিজ জিলাৰে কৃষি বিষয়াক লগ ধৰক আৰু উপকৃত হওক, তাৰ নিয়ম-নীতি জানি লওক।
অসম চৰকাৰৰ কৃষি উৎপাদন আয়ুক্ত, কৃষি আয়ুক্ত সচিব, কৃষি সঞ্চালিকাই ইতিমধ্যে ২/৩ বাৰ জিলা কৃষি বিষয়াক খানাপাৰালৈ মাতি আনি সভা পাতি বিভিন্ন আঁচনি , হিমঘৰ , বজাৰৰ বাবে একচন প্লেন দিবলৈ নিৰ্দেশনা জাৰি কৰিছে।
লেখক: মনজিৎ তালুকদাৰ (নিয়মীয়া বাৰ্তা )
শেহতীয়া উন্নীতকৰণ: : 2/16/2024