অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খেতিৰ দিহা

খেতিৰ দিহা

 

  • এতিয়া শীতকালীন ফুলৰ বতৰ। নাৰ্জি, ডালিয়া, গ্লেডিঅ’লাছ, লিলিয়ামৰ কলম বা পুলি ৰোৱাৰ আগতে ৰোগমুক্ত কৰিবলৈ ১০ লিটাৰ পানীত ১ গ্ৰাম বেভিষ্টিন, ২ গ্ৰাম ইন্দোফিল এম-৪৫ নাইবা কেপটাফ্‌ মিহলাই তাত পুলিবোৰ ৫ মিনিট ডুবাই ৰোপণ কৰক। ৰোৱাৰ আগতে ১০০ গ্ৰাম কেঁচুসাৰ মাটিত দিয়ক।
  • আলু ৰোৱাৰ আগতে ৫০ গ্ৰাম ইন্দোফিল এম-৪৫, মেন্‌কাজেৱ, কেপটান ১০ লিটাৰ পানীত মিহলাই আলু বা কটা আলুবোৰ ২০-২৫ মিঃ উক্ত মিশ্ৰণত ডুবাই টুকি লৈ ছাঁত শুকুৱাই আলু ৰুব। এনে কৰিলে ব্লাইট ৰোগে নধৰে।
  • ঋতুকালীন ফুলৰ গছত পোক-পৰুৱা প্ৰতিৰোধ কৰিবলৈ কেৱল মালাথিয়ান ৫০ ইচি, ৰগৰ ৩৫ ইচি কীটনাশক দ্ৰৱ্য ছটিয়াব। ১০ লিটাৰ পানীত ১৫ মিলিলিটাৰ কীটনাশক দ্ৰৱ্য মিহলাই আবেলি পৰত স্প্ৰে’ কৰিব।

 

  • বেঙেনা পুলি ৰোৱাৰ ২০-২৫ দিন পাছত গুৰিৰ পৰা নিলগত চক্ৰাকাৰে লোৰ খান্দি ৩ গ্ৰাম ফুৰাডন (কাৰ্বোফুৰান) প্ৰয়োগ কৰিলে কোনো পোকে গছ, পাত বা ফলৰ ক্ষতি কৰিব নোৱাৰে।
  • ফলমূল, গছ যেনে-বগৰী, মধুৰিআম, আম, নেমু আদি গছৰ বুঢ়া ডাল, ৰোগাক্ৰান্ত ডাল মাটিৰ পৰা তিনিফুট তলৰ ডাল কাটি দিয়ক আৰু তাত ৰোগৰ বাবে ইন্দোফিল এম-৪৫ আৰু পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে ৰগৰ, ফছফোমিডন প্ৰয়োগ কৰিব।
  • ফুলকবিৰ ৰং আৰু ওজন ঠিকে ৰাখিবলৈ প্ৰতি বিঘা মাটিত ১ কিলো সুৱগা মাটিত ৰোৱাৰ আগতে দিব। এনে কৰিলে ঠাৰি অংশ ফোঁপোলা হৈ নাথাকে, ওজনো বাঢ়ে।
  • বৰোধান, আগতীয়া আহু কৰা মাটিডোখৰত খেতি কৰি ধান ৰোৱাৰ ৪-৫ দিন আগতে হাল বাই মিহলাই পচিবলৈ দিলে গছে যথেষ্ট পৰিমাণে জৈৱিক সাৰ পোৱাৰ লগতে মাটিৰ গুণাগুণ বৃদ্ধি পাব আৰু পানী ধাৰণৰ ক্ষমতা বৃদ্ধি পাব।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate