অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জলবায়ু পৰিৱৰ্তন আৰু আমৰ কৃষি

জলবায়ু পৰিৱৰ্তন আৰু আমৰ কৃষি

শেহতীয়াভাৱে জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা কুফলসমূহে সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যখনকো স্পৰ্শ কৰিছে। কৃষিৰ সৈতে জলবায়ুৰ সম্পৰ্ক প্ৰাকৃতিক তথা দুয়ো দুয়োৰে পৰিপূৰক। আনহাতে, জলবায়ুৰ পৰিৱৰ্তনে প্ৰকৃতিক কৰি তোলে অস্থিৰ-যাৰ ঋণাত্মক প্ৰভাৱ প্ৰত্যক্ষভাৱে পৰিস্ফুট হয় আমাৰ কৃষিখণ্ডত।

অসমৰ লগতে আমাৰ উত্তৰ-পূৰ্বাঞ্চল দেশৰ অতিবৃষ্টি মণ্ডলৰ অন্তৰ্ভুক্ত। কিন্তু জলবায়ুৰ পৰিৱৰ্তনে সামগ্ৰিকভাৱে এনে এটা অৱস্থাৰ সৃষ্টি কৰিছে যে, অসমৰ দৰে অতিবৃষ্টি মণ্ডলৰ অন্তৰ্ভুক্ত অঞ্চলতো সৃষ্টি হৈছে খৰাংসদৃশ অৱস্থা অথবা মহাৰাষ্ট্ৰ নাইবা গুজৰাটৰ দৰে নিম্নমাত্ৰাত বৰষুণ হোৱা ৰাজ্যতো সৃষ্টি হৈছে বানপানীৰ তাণ্ডৱ। তথ্যই প্ৰতিপন্ন কৰিছে যে, উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিটো দশকত বাৰ্ষিক সৰ্বোচ্চ গড় উষ্ণতা ০.১১ ডিগ্ৰী চেলচিয়াচকৈ বৃদ্ধি পাইছে। তেনেদৰে, প্ৰতিটো দশকত বাৰ্ষিক গড় উষ্ণতা বৃদ্ধি পাইছে ০.০৪ ডিগ্ৰী চেলচিয়াচকৈ। বিগত শতিকাত উত্তৰ-পূৰ্বাঞ্চলত মৌচুমী বায়ুয়ে সৃষ্টি কৰা বৰষুণৰ পৰিমাণ গড় হিচাপত প্ৰতিটো দশকত ১১ মিলিমিটাৰতকৈ হ্ৰাস পাইছে। চলি থকা শতিকাৰ প্ৰথমটো দশকৰ ছয়টা ভিন্ন ভিন্ন বছৰত (২০০১, ২০০২, ২০০৩, ২০০৬, ২০০৭, ২০০৯) অসমত বৰষুণ কমকৈ হৈছে যাৰ ফলত ক্ষতি হৈছে শালি ধান খেতিৰ। এই দশকটোৰ কমেও চাৰিটা বছৰত (২০০৪, ২০০৫, ২০০৮, ২০১২) ৰাজ্যখনত হোৱা অতিমাত্ৰা বৰষুণেও ক্ষতি কৰিছে শালি ধানৰ। ২০১০ বৰ্ষৰ অসময়ত হোৱা বৰষুণে গ্ৰীষ্মকালীন ধানখেতি, মৰাপাট আৰু গ্ৰীষ্মকালীন শাক-পাচলিৰ ক্ষতি কৰাৰ লগতে এই বছৰটোতেই হোৱা শিলাবৃষ্টিয়ে ক্ষতি কৰিছে গ্ৰীষ্মকালীন ধানকে ধৰি বিভিন্ন শস্যৰ। যোৱা ১২ জুনত ৰাজ্যখনৰ তাপমাত্ৰাই সৰ্বোচ্চ ৩৯ ডিগ্ৰী চেলচিয়াচ স্পৰ্শ কৰিছে। এই উদাহৰণসমূহেই জলবায়ুৰ পৰিৱৰ্তনে আমাৰ ৰাজ্যখনৰ কৃষিখণ্ডলৈ কেনেধৰণৰ অশনি সংকেত কঢ়িয়াই আনিছে সেয়া প্ৰকাশ কৰিবলৈ যথেষ্ট।

এই প্ৰেক্ষাপটত জলবায়ু পৰিৱৰ্তনৰ অৱস্থাটোৰ সৈতে সংগতি ৰাখি আমাৰ কৃষিখণ্ডক আগবঢ়াই নিবলৈ উপযুক্ত কৃষি গৱেষণাৰ প্ৰয়োজন হৈছে বুলি তথ্যবিজ্ঞ মহলত চৰ্চা হৈছে। কৃষকৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কৃষিমন্ত্ৰী শ্ৰীনীলমণি সেন ডেকা ডাঙৰীয়াইও এই বিষয়টোক অধিক গুৰুত্ব দিবলৈ কৃষি বিজ্ঞানীসকলক আহ্বান জনাইছে। অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা বান-সহনশীল বা বানাক্ৰান্ত অঞ্চলত পলমকৈ সিঁচিব পৰা কিছুমান ধানৰ জাতে কৃষকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। কিন্তু জিৰো টিলেজ ব্যৱস্থা, মাটিত জলীয় ভাপৰ সংৰক্ষণ আৰু পথাৰত ইয়াৰ ফলপ্ৰসূ ব্যৱহাৰ, বায়োমাছ ব্যৱস্থাপনা, নাইট্ৰোজেনৰ পৰিৱৰ্তিত ক্ষয় ৰোধ কৰিবলৈ উপযুক্ত কৃষি পদ্ধতি আদিৰ ফলপ্ৰসূ গৱেষণাই অদূৰ ভৱিষ্যতে ৰাজ্যখনৰ কৃষক সমাজক নিশ্চিতভাৱে উপকৃত কৰিব বুলি ভবাৰ থল আছে। ইতিমধ্যে জলবায়ু পৰিৱৰ্তনৰ এই সংকটকালত পৰিৱেশ অনুকুল ‘শ্ৰী’ পদ্ধতিক কৃষকৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত কৃষি বিভাগৰ তৃণমূল পৰ্য্যায়ৰ বিষয়া কৰ্মচাৰী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহে যি কাৰ্য্যকৰী ভূমিকা গ্ৰহণ কৰিছে তাৰ বাবে তেখেতসকলে নিশ্চয় কৃতিত্ব দাবী কৰিব পাৰে।

উৎস: কৃষি দাপোন, অসম

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate