অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক কৃষিৰ আখৰা, জৈৱিক কৃষিত সঁচ নিৰ্বাচন :

জৈৱিক কৃষিৰ আখৰা, জৈৱিক কৃষিত সঁচ নিৰ্বাচন :

জৈৱিক কৃষি পদ্ধতি অৱলম্বন কৰোতে শস্যৰ সঁচ নিৰ্বাচন কৰাটো অতি গুৰুত্বপুৰ্ণ বিষয়। সাধাৰণ জৈৱিক কৃষিৰ বাবে জৈৱিক কৃষিৰ প্ৰমাণপত্ৰ লাভ কৰা গুটি বা সঁচহে ব্যৱহাৰ কৰিব লাগে। কিন্তু বহু সময়ত এনে জৈৱিক প্ৰমাণপত্ৰ থকা গুটি বা সঁচ সহজে উপলব্ধ নহয়। তেনেক্ষেত্ৰত থলুৱা সঁচ, স্থানীয় পৰিৱেশ আৰু মাটিৰ লগত খাপখোৱা সঁচ নিৰ্বাচন কৰিব লাগে। সাধাৰণতে স্থানীয় সঁচৰ কীট- পতঙ্গ আৰু বেমাৰ প্ৰতিৰোধী গুন বেছি থাকে। স্থানীয়ভাৱে উপলব্ধ বহু শস্যৰ সঁচ উচ্চ উৎপাদনক্ষম হোৱাৰ লগতে বেমাৰ আৰু কীট- পতঙ্গৰ প্ৰতিৰোধ কৰিব পৰা গুণো থাকে। পৰাপক্ষত তেনে সঁচ নিৰ্বাচন কৰিব পাৰিলে অতি উত্তম।

জৈৱিক কৃষিত যিকোনো ধৰণৰ বৰ্ণ সংকৰ (Hybrid) জাত ব্যৱহাৰ কৰাত বাধা আছে। কিন্তু স্থানীয়ভাৱে বংশগত (Genetical) পৰিবৰ্তন ঘটি জলবায়ু আৰু ভুমিৰ লগত খাপ খোৱা জাত ব্যৱহাৰ কৰিব পাৰি। তাৰোপৰি শস্যবোৰৰ আন কিছুমান শিঠিলতাও আছে। উদাহৰণস্বৰুপে অসমৰ চাহ খেতিত আগৰে পৰা ব্যৱহাৰ হৈ থকা বৰ্ণ সংকৰ জাত ব্যৱহাৰত অনুমোদন আছে, কিন্তু ধানৰ ক্ষেত্ৰত বৰ্ণ সংকাৰ জাত ব্যৱহাৰ সম্পুৰ্ণৰুপে বাধা আছে।

প্ৰাথমিকভাৱে বৰ্ণ-সংকৰ জাত ব্যৱহাৰ কৰি জৈৱিক পদ্ধতি অৱলম্বন কৰাত বহুতো অসুবিধা আছে। কিছুলোকে ধাৰণা কৰে যে উৎপাদন বৃদ্ধি কৰিবৰ বাবে বৰ্ণ-সংকৰ জাতৰ অবিহনে গত্যন্তৰ নাই। বৰ্ণ-সংকৰ জাত ব্যৱহাৰ কৰিব, কিন্তু ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক ব্যৱহাৰ নকৰিব গতিকে তাত বাধা ক’ত? কিন্তু কথাটো হ’ল, বৰ্ণ সংকৰ উচ্চ উৎপাদনক্ষম জাতৰ শস্যৰ বাবে অতি উচ্চ হাৰত নাইট্ৰ’জেন, ফছফেট, পটাছ আদি উদ্ভিদৰ প্ৰয়োজনীয় মৌলবোৰ প্ৰয়োজন হয়। অন্যথা উৎপাদন ভাল নহ’ব। গতিকে তাৰ যোগান ধৰিবলৈ যাওঁতে জৈৱিক পদ্ধতিৰ পৰিধিৰ ভিতৰত থকাটো সম্ভৱ নহয়। ইউৰীয়া, মিউৰেট অৱ পটাছ, চুপাৰ ফছফেট আদি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিবলগীয়া হয় আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ লগে লগে শস্যত পোক-পতঙ্গৰ আক্ৰমণ বৃদ্ধি পায়। কাৰণ ৰাসায়নিক সাৰে উদ্ভিদ দেহ কোমল কৰি তোলে। আনহাতে বৰ্ন সংকৰ জাত স্থানীয় বতৰৰ লগত খাপ নেখাবও পাৰে। আন কিছুলোকে ব্যৱহাৰিক জ্ঞানৰে কব খোজে যে যোৱা বছৰ কোনোধৰনৰ ৰাসায়নিক সাৰ বা কীটনাশক ব্যৱহাৰ নকৰাকৈ বৰ্ণ-সংকৰ জাত ব্যৱহাৰ কৰি অতি কম উৎপাদন পাইছে। কিন্তু কথাটো হ’ল তেওঁৰ খেতি ডৰা অতি সাৰুৱা আৰু উদ্ভিদৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যৰে ভৰপুৰ আছিল। সেইবাবে হয়তু, প্ৰথম বছৰৰ বাবে বৰ্ণ-সংকৰ জাতৰ পৰা ভাল ফল পালে। কিন্তু ২ য় বছৰ বা ৩ য় বছৰত তেওঁ তেনে ফল নোপোৱাটি নিশ্চিত। উদাহৰণস্বৰুপে, উক্ত মাটি বহু বছৰ ধৰি থলুৱা সঁচৰ ধান খেতি কৰি বছৰি প্ৰায় ১০-১২ মোন ধান লাভ কৰি আহিছিল । মাটিত ঘৰৰ গোৱৰ-জাৱৰ দিয়াৰ বাহিৰে কোনো ৰাসায়নিক সাৰ দিয়া নাছিল। বৰ্ণ সংকৰ জাতৰ ধান খেতি কৰি ১ ম বছৰত ৩০ মোন ধান পালে কোনো ৰাসায়নিক সাৰ নিদিয়াকৈ। ২ য় বছৰত বৰ্ণ সংকৰ জাতৰ ধান খেতি ৰাসায়নিক সাৰ নিদিয়াকৈ কৰিছিল, কিন্তু খেতি মুঠেও ভাল নহ’ল। ৩ য় বছৰত পুনৰ থলুৱা জাতৰ খেতি কৰি ৫-৬ মোন ধান পালে। মাটিডৰাত থলুৱা সঁচৰ ধানৰ উৎপাদন ১০-১২ মোন পাবৰ বাবে বহু পৰিমাণৰ গোৱৰ জাৱৰ দিব লাগিব আৰু হয়তো বহু বছৰলৈকে অপেক্ষা কৰিব লাগিব। গতিকে বৰ্ণ সংকৰ জাত জৈৱিক কৃষি পদ্ধতিত কিয় নিষিদ্ধ কৰা হৈছে বুজি পোৱাত নিশ্চয় অসুবিধা নহ’ল।

জৈৱিক কৃষিত শস্যৰ জাত নিৰ্বাচনত গুৰুত্ব দিয়াৰ লগতে কোন ঠাইত কি খেতি কৰিব তাক ভালদৰে ভাবি-চিন্তি কৰিব লাগে। কোনো শস্যৰ খেতি কৰি বহুত লাভ হোৱা বুলি শুনি, জধে-মধে যিকোনো খেতি কৰিব নেলাগে। সেই অঞ্চলৰ জলবায়ু মাটিৰ গুণাগুন আদিৰ ওপৰত লক্ষ্য কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। কোনো অঞ্চলৰ জলবায়ুৰ লগত খাপ নোখোৱা শস্য জোৰ-জুলুম কৰি কৰিব নেলাগে। উদাহৰণস্বৰুপে, অসমত চাহ খেতি ভাল হয় আৰু অসমৰ জলবায়ু, চাহ খেতিৰ বাবে উপযোগী, কিন্তু আপেল, আঙুৰ খেতিৰ বাবে উপযোগী নহয়। হয়তু বিশেষ যত্ন ল’লে উৎপাদন হ’বও পাৰে, কিন্তু জৈৱিক কৃষিৰ বাবে তাক নিৰ্বাচন কৰিব নোৱাৰি। অসমত জহাধান, থলুৱা সঁচৰ ধানৰ খেতি হয়, কিন্তু বাচমতি ধান নহয়। গতিকে বাচমতি ধান অসমত জৈৱিকভাৱে কৰিবলৈ নিৰ্বাচন কৰিব নেলাগে। জৈৱিক খেতিৰ প্ৰমাণ পত্ৰ লাভ কৰিবলৈ হ’লেও এইবোৰ কথাত গুৰুত্ব দিব লাগিব। জৈৱিক খেতিত আন এক লক্ষণীয় দিশ হ’ল গুটি বা সঁচ কেতিয়াও ৰাসায়নিক পদাৰ্থৰ দ্বাৰা শোধন (Treatment) কৰিব নোৱাৰিব। গুটি বা সঁচ সংৰক্ষণ কৰিবৰ বাবে জৈৱিকভাৱে উপলব্ধ পদ্ধতিহে ব্যৱহাৰ কৰিব লাগিব।

লেখক: তাজ আহমেদ

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate