অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰযুক্তিৰ আধাৰত কৃষিখণ্ডৰ বিকাশৰ আৱশ্যকতা

প্ৰযুক্তিৰ আধাৰত কৃষিখণ্ডৰ বিকাশৰ আৱশ্যকতা

প্ৰত্যাশাৰে ভৰা চৰকাৰ এখনে শাসনৰ বাঘজৰী লৈছে দিছপুৰত| শিক্ষা, স্বাস্থ্য, উদ্যোগ, শক্তি, কৃষি আদিৰ ক্ষেত্ৰত অসম অগ্ৰণী হওক- এনে দৃষ্টিভংগীৰে লেখা ভিন্নজনৰ বহুত সময় সাপেক্ষ তাৎপৰ্যপূৰ্ণ আৰু শক্তিশালী দৃষ্টিভংগী প্ৰকাশ পাইছে বিভিন্ন বাতৰি কাকতত| এনে দৃষ্টিভংগী সমুহৰ আঁৰে আঁৰে আমি লক্ষ্য কৰি আছিলো- অসমৰ কৃষিখণ্ডক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভিন্নজনৰ দৃষ্টিভংগী কেনেধৰণৰ| কাৰণ তাহানিতে জৱাহৰলাল নেহৰুৱে কোৱা ‘Everything else may wait but not agriculture’ কথাষাৰ আমাৰ মনত ৰৈ গৈছে| ইয়াৰ মাজতে পঢ়ি চালো অসম কৃষি বিশ্ব বিদ্যালয়ে প্ৰকাশ কৰা ‘ভিজন-২০৫০’ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰকাশ কৰা ‘আছাম ভিজন ডকুমেণ্ট-২০১৬’ বিশেষকৈ ইয়াৰ কৃষিৰে জড়িত বিভিন্ন খণ্ডৰ লক্ষ্যসমুহ| এনে পশ্চাৎপটতে কিছু কথা লেখাৰ তাড়না অনুভৱ কৰিলোঁ|

কৃষি যিহেতু এক বিশাল বিষয়, কৃষিৰ বাবে প্ৰয়োজনীয় সাতবিধ আহিলা অৰ্থাৎ বীজ, সাৰ, পানী, ঔষধ যন্ত্ৰপাতি, প্ৰযুক্তি আৰু ঋণৰ চৰ্চা হ’লেই আমাৰ বক্তব্য উপস্থাপন কৰা সম্পুৰ্ণ হ’ব| অৱশ্যে এইখিনিৰ লগতে অসমৰ বাবে এটি বিশেষ প্ৰয়োজনীয় সংযোজন অৰ্থাৎ সংশ্লিষ্ট সকলৰ দৃষ্টিভংগী পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা সম্পৰ্কত শেষত চমু আলোকপাত কৰিম| প্ৰথমেই আহো বীজৰ কথালৈ| বীজ হৈছে কৃষিৰ কেন্দ্ৰবিন্দু অৰ্থাৎ নিউক্লিয়াছ| সেউজ বিপ্লৱৰ মোক্ষম অস্ত্ৰ| বীজৰ ক্ষেত্ৰত অসম সবল নহয়, নিৰ্ভৰশীল| কৃষকৰ তিক্ত অভিজ্ঞতা যোৱা কেইদিনমানৰ বাতৰিতো প্ৰকাশ পায়েই আছে, পতান হৈছে, বীমাৰ টকা পোৱা নাই ইত্যাদি| মুঠতে সকলো অথন্তৰৰ মূল বীজ| সময় মতে ভাল বীজ নাপাই কৃষকে| ইয়াৰ মুল কাৰণ হ’ল বিভাগটোৰ কোনো বীজ নীতি নাই| সেয়ে যুদ্ধকালীন তৎপৰতাৰে সংশ্লিষ্ট সকলোকে লৈ এখন সমিতি গঠন কৰি এখন অৰ্থপুৰ্ন ‘বীজ নীতি’ প্ৰস্তুত কৰা প্ৰয়োজন| প্ৰযুক্তিয়ে সুন্দৰ সুন্দৰ বীজ সৃষ্টি কৰি আছে| এতিয়া সময় হৈছে এই বীজ কৃষকৰ ওচৰলৈ লৈ যাব লাগে সুচাৰু ভাৱে| এইবাৰ সাৰৰ ক্ষেত্ৰলৈ আহোঁ| মাটিৰ গুণাগুণ নোচোৱাকৈ লগাই নলগাই খেতিত Blanket dose প্ৰয়োগ কৰিলে আশানুৰুপ ফল নাপাই, মাটিৰ স্বাস্থ্যৰ ক্ষতি হয়, উৎপাদন ব্যয় বাঢ়ি যায়| গতিকে Soil Health Card অপৰিহাৰ্য| এতিয়া কথা হ’ল- আগন্তুক ১০০ দিনীয়া কাৰ্যসুচীত Soil Health Cardৰ ব্যৱস্থা ৰখা হৈছে যদিও প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মাটি পৰীক্ষাগাৰ সমুহ তৎপৰতাৰে কাৰ্যক্ষম কৰি অসমৰ ২৬ লাখ কৃষক পৰিয়ালক Soil Health Card ব্যৱস্থা কৰা দৰকাৰ| ভ্ৰাম্যমাণ পৰীক্ষাগাৰ সমুহ কামত লগোৱা উচিত| কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৱক ‘Organic Hub’ কৰিবলৈ বিচাৰিছে| কিন্তু এইখিনিতে মহাভুল কৰা হ’ব যদিহে ছিকিমৰ দৰে গোটেই ৰাজ্যখনকে তৎকালেই জৈৱিক কৰিবলৈ বিচাৰোঁ| অসমৰ নিৰ্দ্দিষ্ট কেইবিধমান শস্য আৰু কিছুমান নিৰ্দ্দিষ্ট অঞ্চলকহে জৈৱিক কৃষিৰে সামৰা উচিত হ’ব| নহ’লে কৃষকৰ আৰ্থিক লোকচান হ’ব, শক্তিশালী ৰুপত জৈৱিক কৃষিলৈ যোৱাৰ পুৰ্বে আমি নিৰাপদ খাদ্য ৰ দিশে আগবাঢ়িলে ভয়ানক ৰাসায়নিক দ্ৰব্য মিহলি খাদ্যৰ পৰা পৰিত্ৰাণ পাব পৰা হ’ব| তাকে কৰিবলৈ আমাৰ পাচলিৰ টুকুৰি বুলি বিখ্যাত খাৰুপেটীয়া, বৰপেটা ৰোড, নগাঁও, মৰিগাঁও জিলাৰ অংশ বিশেষত অৰু অন্যান্য ঠাইত Pesticide Residue Analysis Laboratory ৰ ব্যৱস্থা কৰি সুক্ষ্ম নিৰীক্ষণ আৰু প্ৰশাসনিক বাধ্যবাধকতাৰ ব্যৱস্থা কৰিব লাগিব, যাতে অত্যধিক ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কমাব পাৰি, যিবোৰ আমাৰ বহুত ভয়ানক বেমাৰৰ কাৰণ হৈ দেখা দিছে|

এইবাৰ আহো পানীৰ কথালৈ| যাক কোৱা হয় the most critical input| দস্তাবেজত জলসিঞ্চনক অগ্ৰাধিকাৰ দিয়া হৈছে| কিন্তু বিশ্ব বেংকৰ এক সমীক্ষা মতে, অসমৰ আগৰ ২১৯ টা উন্নয়ন খণ্ডৰ প্ৰায় ৪০ টা মানহে ভু-জলত আৰ্ছেনিক পোৱা হৈছে| তদুপৰি ফ্ল’ৰাইড বা অতিৰিক্ত লৌহৰ সমস্যা আছেই| গতিকে আমাৰ দৃষ্টিত জলসিঞ্চনৰ ক্ষেত্ৰত ভু-গৰ্ভস্থ পানীতকৈ উপৰিভাগৰ পানীত গুৰুত্ব দিব লাগে| ইয়াৰ লগতে More crops per drop ৰ প্ৰযুক্তি সমুহ কৃষকৰ কাষ চপাই নিব লাগে|

ঔষধৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছোঁ যদিও এটি সৰু সংযোজন দিব বিচাৰিছোঁ| নিষিদ্ধ ঔষধ সমুহ খেতিত এতিয়াও প্ৰয়োগ হৈ আছে| এইবোৰ আপোচবিহীন ভাৱে বন্ধ হব লাগে| এতিয়াও ডিডিটি বা অন্যান্য Chlorinated Hydrocarbon ৰ ব্যৱহাৰ দেখা যায়| এনেবোৰ ঔষধ মাটিত পৰাৰ পিছত নিষ্ক্ৰিয় হ’বলৈ হেনো ৬০ বছৰ লাগে| কেচুৱাৰ মাকৰ গাখীৰতো পোৱা গৈছে এনে বিষাক্ত দ্ৰব্য| সেয়ে আজি জন্ম হোৱা শিশুটোৱেও কি পান কৰিছে সেয়া চিন্তা কৰা দৰকাৰ|

যন্ত্ৰ-পাতিৰ কথালৈ আহোঁ| কৃষিৰ যান্ত্ৰিকীকৰণ সময়ৰ আহ্বান| এইক্ষেত্ৰত দেশে কিছু আগুৱাইছে যদিও বহুত দুৰলৈ যাব পৰাৰ সুযোগ আছে| ‘Retaining Youths in Agriculture’ এটা ৰাষ্ট্ৰীয় সমস্যা হৈ দেখা দিছে| যান্ত্ৰিকীকৰণেৰে আজিৰ যুৱকক কৃষিৰ প্ৰতি আগ্ৰাহান্বিত কৰাৰ সুযোগ আছে| যোৱা সপ্তাহত প্ৰধানমন্ত্ৰীয়ে Skill Bank ৰ কথা কৈছে| অসমত বিশাল কৃষিক্ষেত্ৰ সামৰি কেৱল কৃষিৰ বাবেই Skill Bank স্থাপনৰ অৱকাশ আছে, য’ত যান্ত্ৰিকিকৰণে দিব পাৰে অনেক পথৰ সন্ধান| অসমত কৃষি বিশ্ব বিদ্যালয়ে Business-centric skill বা Business ready manpower ৰ পোষকতা কৰিছে| তথ্য প্ৰযুক্তি ক্ষেত্ৰৰ উদ্ভাৱন সমুহ কৃষকৰ ওচৰলৈ লৈ যাব লাগিব| গোটেই কৃষি ব্যৱস্থাটোকে প্ৰযুক্তিৰ আধাৰত সজাব লাগিব| আনকি বানপানী, খহনীয়া, বজাৰৰ সমস্যা, জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু বিকাশ সকলো খিনিয়ে বিভিন্ন প্ৰযুক্তিৰে প্ৰশমন কৰাৰ ব্যৱস্থাৰ উদ্ভাৱন হৈছে| আমাক গৱেষণাই পাঠ পঢ়াব লাগিব|

পৰৱৰ্তী বিষয় হ’ল- শস্যবীমা আৰু কৃষিঋণ| অতি শোচনীয় দৃশ্যপট| অগ্ৰণী ৰাজ্যসমুহত এনেবোৰ আঁচনিয়ে শতকৰা ৯০ ভাগতকৈও অধিক কৃষকক সামৰি লৈছে| তাৰ বিপৰীতে আমাৰ ৰাজ্যখনৰ বৰ্তমানৰ স্থিতি উল্লেখ নকৰাই ভাল| ক’ৰবাত পদ্ধতিগত অসুবিধা, কিছুমান সৰ্বভাৰতীয় নীতি অসমত প্ৰযোজ্য নহয় নেকি চাব লগা আছে| বেংক বা বীমা কোম্পানী সমুহৰ অনীহাও এটা কাৰণ হ’ব পাৰে| অসমীয়া কৃষকে সাধাৰণতে ঋণ ব্যৱহাৰ কৰিব নাজানে বুলিও অভিযোগ আছে| মুঠতে সকলো সামৰি দৃশ্যপট সলনি কৰিবৰ হ’ল| চৰকাৰখনে বিচৰা ধৰণে কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰয়োজনীয় কেইটামান অগ্ৰাধিকাৰ ভিত্তিক বিষয়হে ইয়াত আলোচনা কৰা হ’ল| আনুষংগিক বিষয় আৰু আছে, বিশেষকৈ আন্ত:গাঁথনি সম্পৰ্কীয়| শেষত কওঁ যে গৱেষণা, প্ৰযুক্তিৰ সম্প্ৰসাৰণ আৰু কৃষক এইবোৰক লৈয়ে সবল কৰিব লাগিব অসমৰ কৃষি অৰ্থনীতি| তেওঁলোকে যেন অনুভৱ কৰে যে উৎপাদন বৃদ্ধিয়েই শেষ কথা নহয়, প্ৰতিডোখৰ মাটিৰ পৰা কিমান আয় হয়, সেইটোহে গুৰুত্ব পুৰ্ণ কথা| কৃষিত বজাৰমুখী পৰিকল্পনাৰ বাদে গত্যন্তৰ নাই|

লেখক:- ড° হৰ্ষজ্যোতি বৰুৱা

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate