অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বীজ শোধন

বীজ শোধন

 

বীজ শোধন হ’ল এনে এটা পদ্ধতি যাৰ সহায়ত মাটি তথা বীজৰ দ্বাৰা বিয়পা ৰোগ আৰু কীট পতঙ্গ সমূহ অতিশয় কম পৰিমাণৰ ৰোগনাশক তথা কীটনাশক দ্রব্যৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়। এই পদ্ধতিৰ দ্বাৰা শস্য পথাৰত শস্য ৰক্ষাত ব্যৱহৃত সময়, খৰচ তথা দৈহিক পৰিশ্রম লাঘৱ কৰিব পাৰি। তদুপৰি বীজ শোধনে বীজ অংকুৰণ প্রক্রিয়া অতি খৰতকীয়া কৰি তোলে আৰু বীজ অংকুৰণত সামঞ্জস্যতা প্রদান কৰে। মুঠতে উৎপাদন বৃদ্ধিত বীজ শোধন পদ্ধতিয়ে যথেষ্ট অৰিহনা যোগায়।

বর্তমানে, ভাৰতবৰ্ষৰ দৰে উন্নয়ণশীল দেশত কৃষকৰ দ্বাৰা উৎপন্ন বীজ আৰু বাহ্যিক উৎসৰ পৰা ক্রয় কৰা বীজ, ৰোগ আৰু কীটনাশক দ্রব্যৰ দ্বাৰা বীজ শোধন নকৰাকৈ সিঁচা হয় যাৰ বাবে কৃষক সমাজে পৰৱৰ্তী সময়ত শস্যৰক্ষাৰ নামত যথেষ্ট খৰচ বহন কৰিব লগীয়া হয়। কিন্তু উন্নত দেশ সমূহত প্রায় শতাংশ বীজেই শস্য পথাৰত সিঁচাৰ আগতে শোধন কৰা হয়। যদিও বিভিন্ন ৰোগ আৰু কীট পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বীজ শোধন যথেষ্ট প্ৰভাৱশালী। কিন্তু বংশগত ৰোগৰ বাহক বা আংগিকভাৱে ক্ষত বীজৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ সীমিত।

বীজ শোধন প্রক্রিয়াত অতিশয় গুৰুত্বপূর্ণ বিষয়টো হৈছে- সঠিক সময়ত আৰু পৰিমাণত ৰাসায়নিক দ্রব্যৰ ব্যৱহাৰ বীজশোধন প্রক্রিয়াত অত্যাধিক বল প্রয়োগ অনুচিত যিহেতু অত্যাধিক বল প্রয়োগে বীজৰ অংকুৰণত বাধা প্রদান কৰে। পনীয়া ৰোগনাশক আৰু কীটনাশক দ্রব্যৰ ব্যৱহাৰৰ ক্ষেত্ৰত দ্রব্য সংমিশ্ৰণৰ পাছত বীজসমূহ ছাঁত ৰাখি শুকুৱাৰ পাছতহে বীজসমূহ পথাৰত সিঁচাটো উচিত। অকল সঠিক পৰিমাণৰ ৰাসায়নিক দ্রব্যহে বীজশোধনত ব্যৱহাৰ কৰিব লাগে যিহেতু অত্যধিক বা উচ্চ মাত্ৰাত ৰাসায়নিক দব্যৰ ব্যৱহাৰে বীজ অংকুৰণত বাধা প্রদান কৰে।

বীজ শোধনৰ প্ৰকাৰসমূহ

 

বীজ শোধন প্রক্রিয়াত বিশেষ প্রকাৰৰ ৰাসায়নিক তথা জৈৱিক দ্রব্যসমূহ বিশেষভাৱে নিৰ্বাচিত পদ্ধতিত ব্যৱহাৰ কৰি বীজ, পুলি তথা শস্যৰ অপৈণত অৱস্থাক ৰোগ তথা কীট পতংগৰ আক্ৰমনৰ পৰা ৰক্ষা কৰিব পাৰি।

বীজ শোধন সাধাৰণতে তিনি প্ৰকাৰে সমাধা কৰা হয়—

 

ক) বীজ সজ্জন (Seed dressing)

এই পদ্ধতি অতিশয় সহজ আৰু বহলভাৱে ব্যৱহৃত।

বীজসমূহ মাটি বা টিনৰ পাত্ৰত ভৰাই আৰু সঠিক পৰিমাণৰ ৰোগ তথা কীট নাশক দ্রব্য ঢালি, পাত্ৰৰ মুখখন টানকৈ ঢাকি জোকাৰি জোকাৰি মিশ্ৰিত কৰা হয়।

পলিথিন কাগজত বীজ ৰাখি তাৰ লগত দ্রব্যসমূহ সঠিক পৰিমাণত দি হাতেৰে ভালদৰে মিশ্রিত কৰিও বীজ শোধন কৰিব পৰা যায়।

মিশ্রণটো পথাৰত ছটিওৱাৰ – ঘন্টাৰ আগত সমাধা কৰা উচিত।

খ) বীজ আৱৰণ (Seed coating):

বিশিষ্ট মানদণ্ডৰ সংযোজী (binding) পদাৰ্থ ৰাসায়নিক ৰোগ তথা কীটনাশক দ্রব্যৰ লগত মিহলাই বীজৰ ওপৰত প্রলেপ প্রদান কৰা হয়।

কৃষকৰ পথাৰত সাধাৰণতে অতি কম ব্যৱহাৰ কৰা হয়।

বিভিন্ন প্রতিস্থানে বিক্ৰীজাত বীজত ইয়াৰ ব্যৱহাৰ দেখা যায়।

গ) বীজ বড়ী (Seed pelleting):

উচ্চ মানদণ্ডৰ বীজ শোধন য’ত বীজৰ বাহ্যিক আকাৰ সলনি হয়।

বিশেষভাৱে নির্মিত ব্যৱহাৰিক যন্ত্ৰৰ আৱশ্যক।

অত্যন্ত খৰচী পদ্ধতি।

কৃষকৰ পথাৰত ইয়াক ব্যৱহাৰ কৰিব পৰা নাযায়।

বীজশোধনত সদ্য ব্যৱহৃত ৰাসায়নিক তথা জৈৱিক দ্ৰব্যসমূহ

বিভিন্ন খাদ্য শস্যৰ উপৰিও শাক-পাচলি খেতিত বীজ শোধন পদ্ধতিৰ দ্বাৰা বিভিন্ন ৰোগ তথা কীট-পতঙ্গৰ আক্রমণ ৰোধ কৰিব পৰা যায়। সর্ব সাধাৰণতে বীজ সজন (Seed dressing) প্রক্রিয়াৰ সহায়ত কৃষকৰ পথাৰতে কৃষকৰ দ্বাৰা বীজ শোধন সমাধা কৰা হয়। মাথোন প্রয়োজন হয় কিছু কাৰিকৰী আৰু ব্যৱহাৰিক জ্ঞানৰ। বিভিন্ন শস্যৰ ক্ষেত্ৰত এই বীজ শোধন প্রক্রিয়া তলত উল্লেখ কৰা ধৰণে ব্যৱহাৰ কৰিব পৰা যায়।

ক্ৰমিক নং

শস্যৰ নাম

ৰোগ আৰু কীট-পতঙ্গৰ নাম

ৰাসায়নিক-জৈৱিক দ্রব্যৰ নাম

পৰিমাণ

(প্ৰতি কে.জি বীজ)

ধান

(ক) শিপা পচা

 

ট্রাইক’ডাৰমা ভিৰিদি

গ্রাম

(খ) বৌখা জ্বলা ৰোগ|

চিউড’মনাছ ফ্লৰিচেনছ

গ্রাম

(গ) বিভিন্ন কীট-পতঙ্গ

ক্ল’ৰ’পাইৰিফচ

মিঃলিঃ/লিঃ পানীত

 

(ঘ) শস্য কৃমি

মন’ক্ৰ’ট’ফছ

 

মিঃলিঃ/লিঃ পানীত মিহলাই ঘন্টাৰ বাবে তিয়াই ৰখা

ঘেঁহু

ক) গুটি পঁচা

থিৰাম-কাৰ্কক্সিন বা -ট্রাইক’ডাৰমা ভিৰিদি

গ্ৰাম

গ্ৰাম

(খ) উই পোক

ক্ল’ৰ’পাইৰিফচ

এণ্ড’চালফিন

মি.লি.

মি.লি.

বাৰ্লি

ক) গুটি পঁচা

কাৰ্বক্সিম-থিৰাম

গ্ৰাম

(খ) উই পোক

ক্ল’ৰ’পাইৰিফচ

মি.লি.

সূৰ্যমুখী

(ক) গছ পঁচা

 

ট্রাইক’ডাৰমা ভিৰিডি

গ্রাম

 

 

(খ) বগা মাখি

 

ইমিডাক্ল’প্রিড

গ্রাম

 

 

(গ) শোহনী পোক

ইমিডক্লি’প্রিড

গ্রাম

আলু

বিভিন্ন ৰোগ সমূহ

বৰিক এচিড

গ্রাম (বীজ সংৰক্ষণৰ

সময়ত)

কুঁহিয়াৰ

(ক) শিপা পঁচা

কার্বেণ্ডাজিম (%

গ্ৰাম/পুলিৰ আগ

(খ) লেৰেলি যোৱা

ট্রাইক’ডাৰমা ভিৰিদি

গ্রাম/প্রতি আগ)

ৰহৰমাহ

(ক) শিপা পঁচা

বেভিষ্টিন-ক ট্রাইক’ডাৰমা ভিৰিদি

গ্রাম

(খ) লেৰেলি যোৱা

ট্রাইক’ডাৰমা ভিৰিদি

গ্ৰাম

মটৰমাহ

(ক) শিপা পঁচা

কার্বেণ্ডাজিম/কেপটান।

গ্রাম

বুটমাহ

(ক) মৰহি যোৱা

ট্রাইক’ডাৰমা ভিৰিদি

গ্রাম

(খ) লেৰিলি যোৱা

কার্বেণ্ডাজিম- কাৰ্বছালফিন কার্বেণ্ডাজিম-কাৰ্বছালফান-

থিৰাম মিশ্রণ

গ্রাম

গ্রাম

(গ) কীট-পতঙ্গ

ক্ল’ৰ’পাইৰিফচ

মি.লি.

 

 

ক্ৰমিক নং

শস্যৰ নাম

ৰোগ আৰু কীট-পতঙ্গৰ নাম

ৰাসায়নিক-জৈৱিক দ্রব্যৰ নাম

পৰিমাণ

(প্ৰতি কে.জি বীজ)

জলকীয়া

(ক) ফলপচা-মৰহি যোৱা

 

কার্বণ্ডাজিম

ট্রাইক’ডাৰমা ভিৰিদি

 

গ্রাম

গ্ৰাম

 

 

(খ) অন্যান্য ৰোগ

চিউউম’নাছ ফ্লৰিচেনচ কেপটান।

 

গ্রাম

গ্ৰাম(লগতে

শোধন)

 

 

(গ) যোৱা, থ্রিপচ আৰু শোহনী| গ্রাম

 

ইমিডাক্ল’প্রিড

গ্রাম

কেপচিকাম

শস্যকৃমি

চিউড’ম’নাছ ফ্লৰিচেনচ

গ্ৰাম

ভেন্দি

শস্যকৃমি

চিউড’ম’নাছ ফ্লৰিচেনচ

 

গ্রাম

বিলাহী

আগতীয়া পাত জ্বলা, মহৰি যোৱা আৰু অন্যান্য ৰোগ

ট্রাইক’ডাৰমা ভিৰিদি কেপটান।

গ্রাম

গ্রাম (লগতে শোধন)

 

বেঙেনা

লেৰেলি যোৱা

চিউড’ম’নাছ ফ্লৰিচেনচ

গ্রাম

ধনীয়া

লেৰেলি যোৱা

ট্রাইক’ডাৰমা ভিৰিদি

গ্রাম

 

ফ্রেন্সবীন/লেচেৰামাহ

(ক) গছপচা আৰু অন্যান্য

ট্রাইক’ডাৰমা ভিৰিদি

গ্রাম

 

 

(খ) শস্য ৰোগ

কার্বফুৰান

গ্রাম

 

বন্ধাকবি, ফুলকবি, ওলকবি আৰু মূলা

(ক) মৰহি যোৱা আৰু অন্যান্য ৰোগ

ট্রাইক’ডাৰমা ভিৰিদি

কেপটান

গ্রাম

গ্রাম (লগতে শোধন)

 

 

(খ) শস্যকৃমি

চিউড’ম’নাছ ফ্লৰিচেনচ

গ্ৰাম

 

উৎস: অসম কৃষি বিভাগ।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate