অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাটি পৰীক্ষা আৰু ইয়াৰ প্ৰয়োজনীয়তা

মাটি পৰীক্ষা আৰু ইয়াৰ প্ৰয়োজনীয়তা

খেতিৰ উৎপাদন বিশেষভাৱে নিৰ্ভৰ কৰে খেতি কৰা মাটিডৰাৰ গুণাগুণৰ ওপৰত। খে্তি কৰা মাটিডৰাৰ উৰ্বৰতাৰ পৰিমাণ সঠিক নহ’লে বহু পৰিশ্ৰম কৰিও কৃষি উৎপাদন বৃদ্ধি কৰিব পৰা নাযায়। মাটিৰ উৎপাদিকা শক্তিৰ তাৰতম্য হোৱাৰ বাবে শস্যৰ উৎপাদনৰ পৰিমাণো কম-বেছি হোৱা দেখা যায়। একেডৰা পথাৰতে বছৰি খেতি কৰি থকাৰ ফলত মাটিডৰাৰ উৎপাদিকা শক্তি হ্ৰাস পোৱাটো স্বাভাৱিক কথা। উদ্ভিদৰ শ্ৰীবৃদ্ধিৰ বাবে নাইট্ৰ’জেন, ফচফৰাচ, পটাছ প্ৰভৃতি কিছুমান পোষক দ্ৰব্যৰ প্ৰয়োজন হয়। এই উপাদানসমূহৰ পৰিমাণ সঠিক নহ’লে শস্যই গা কৰি উঠিব নোৱাৰে আৰু উৎপাদনত ঘাটি পৰে।আনহাতে শস্যই মাটিৰ পৰা আহৰণ কৰা পোষক দ্ৰব্যৰ পৰিমাণ আগতীয়াকৈ জানিব নোৱাৰিলে সাৰ প্ৰয়োগৰ যোগেদি উপাদানখিনি যোগান ধৰিব পৰা সম্ভৱ নহয়। সেইবাবে মাটিডৰাৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰি তাক পৰীক্ষাগাৰত পৰীক্ষা কৰি লোৱাটো বাঞ্ছনীয়। মাটি পৰীক্ষা কৰিবৰ বাবে তলত উল্লেখ কৰা পদক্ষেপসমূহ গ্ৰহণ কৰিব পৰা যায়।

১। সকলো শ্ৰেণীৰ মাটিয়েই পৰীক্ষাগাৰত পৰীক্ষা কৰিব পাৰি। মাটি পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহৰ উত্তম সময় হৈছে খৰালিৰ দিনকেইটা।এই সময়ছোৱাত সংগ্ৰহ কৰা মাটিৰ নমুনা পৰীক্ষা কৰি প্ৰকৃত ফলাফল উলিয়াব পৰা যায়। বাৰিষাৰ দিনকেইটাত অথবা বৰষুণৰ বতৰত পৰীক্ষাৰ বাবে মাটিৰ নমুনা সংগ্ৰহ নকৰাই ভাল।

২। মাটিৰ নমুনা সংগ্ৰহ কৰিবলৈ বিচৰা পথাৰখনত প্ৰথমে সৰু সৰুকৈ সীমা বান্ধি লোৱা ভাল। সীমা বান্ধি লোৱা পথাৰখনৰ ভিতৰ অংশৰ পৰা প্ৰয়োজনমতে ৫/৬ বা ততোধিক ঠাইৰ পৰা নমুনা সংগ্ৰহ কৰিব লাগে। উল্লেখযোগ্য যে পানী জমা থকা অথবা গোবৰৰ দ’ম থকা ঠাইৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰিব নালাগে। তেনে ঠাইৰ পৰা নমুনা সংগ্ৰহ কৰিলে প্ৰকৃত ফলাফল জানিব পৰা নাযায়।

৩। মাটিৰ নমুনা লোৱাৰ গভীৰতা খেতি কৰা শস্যৰ ওপৰত নিৰ্ভৰ কৰে। যিবোৰ শস্যৰ শিপা সাধাৰণতে বেছি দ’লৈ নাযায়, তেনে শস্যৰ খেতি কৰা মাটিডৰাৰ পৰা ৬ ইঞ্চি গভীৰলৈকে নমুনা সংগ্ৰহ কৰিলেই হয়।অৱশ্যে তাতকৈ বেছি দ’লৈকে যোৱা শস্যৰ খেতি কৰিবলৈ বিচৰা পথাৰৰ পৰা ৮/১০ ইঞ্চি গভীৰলৈকে মাটিৰ নমুনা সংগ্ৰহ কৰিব পাৰি।

৪।মাটিৰ নমুনা সংগ্ৰহ কৰিবৰ বাবে প্ৰথমে এখন কোৰেৰে প্ৰয়োজনীয় গভীৰলৈকে এছাব মাৰি কোবত লাগি থকা মাটিখিনি আঁতৰাই লওক। এতিয়া কোৰৰ ছাব পৰা অংশৰ পৰা এখন খন্তিৰে মাটিৰ ওপৰৰ পৰা তল অংশলৈকে চুৰুকি মাটিখিনি সংগ্ৰহ কৰিব লাগে। মাটি খন্দা গিৰমিট জাতীয় সঁজুলি, নলী বা পাইপৰ সহায়েৰেও নিৰ্দ্দিষ্ট গভীৰতাৰ পৰা মাটিৰ নমুনা সহজে সংগ্ৰহ কৰিব পৰা যায়।

৫। নিৰ্ধাৰিত সীমাৰ ভিতৰত কেইবা ঠাইৰ পৰা সংগ্ৰহ কৰা মাটিখিনি এটা পাত্ৰত ভৰাই লৈ ভালদৰে মিহলাব লাগে। উল্লেখযোগ্য যে পৰীক্ষাগাৰত মাটি পৰীক্ষা কৰিবলৈ আধা কিল’গ্ৰামমান মাটিৰ নমুনা হ’লেই যথেষ্ট। তাৰ বাবে মাটিখিনি এখন বহল কাগজত মেলি লৈ এখন কটাৰীয়ে সমানে ৪ ভাগ কৰি বিপৰীত দুভাগ মাটি সংগ্ৰহ কৰিব লাগে। পুনৰ সেই দুভাগ মাটি ভালকৈ মিহলাই একে পদ্ধতিৰে মাটিৰ পৰিমাণ আধা কিল’গ্ৰাম নোহোৱালৈকে ভাগ কৰি গৈ থাকক। যেতিয়া মাটিখিনিৰ পৰিমাণ আধা কিল’গ্ৰাম হ’বগৈ তেতিয়া সেই মাটিখিনি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব লাগে।

৬। পৰীক্ষাগাৰলৈ পঠাবলৈ লোৱা মাটিখিনি কেতিয়াও ৰ’দত শুকুৱাব নালাগে। প্ৰয়োজন হ’লে মাটিখিনি এখন কাগজ বা বহল কাপোৰত মেলি ছাঁত শুকুৱাই ল’ব পৰা যায়। এতিয়া সেই মাটিখিনি এটা পলিখিনৰ মোনাত ভৰাই তাৰ মুখখন ভালকৈ বন্ধ কৰিব লাগে। তাৰ পাছত এখন কাগজত কৃষকৰ নাম, ঠিকনা, মাটি সংগ্ৰহৰ তাৰিখ, আগতে মাটিডৰাত কি খেতি কৰা হৈছিল, এতিয়া কি খেতি কৰিব, ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হৈছিল নেকি আদি তথ্যসমূহ বিতংকৈ লিখি কাগজখন মোনাটোৰ ওপৰ অংশত ভৰাই পৰীক্ষাগাৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগে। এইক্ষেত্ৰত প্ৰয়োজন হ’লে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সহায় লোৱা ভাল।
মাটি পৰীক্ষাগাৰত মাটিৰ নমুনা পৰীক্ষা কৰি তাৰ ফলাফলৰ বিষয়ে কৃষকক জানিবলৈ দিয়া হয়। সেই তথ্যৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী খেতি কৰিবলৈ কৃষক ৰাইজে উপযুক্ত আঁচনি প্ৰস্তুত কৰি ল’লে মাটিৰ আনুষংগিক বিসংগতিসমূহ দূৰ হ’ব, পথাৰত সঠিক পৰিমাণত সাৰ-জাবৰ প্ৰয়োগ কৰিব পৰা যাব আৰু কৃষি উৎপাদনৰ পৰিমাণো বহুগুণে বাঢ়িব।

লিখকৰ নাম: ড° কুমুদ চুতীয়া, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate