‘জেঠতে জীৱিকা অর্থে কঠীয়া পাৰয়, যতনাই কৃষি কৰিবে লাগয়’—আমাৰ কৃষক ৰাইজৰ মুখত সততে শুনিবলৈ পোৱা এই গীতফাকিয়ে সোঁৱৰাই দিয়ে শালিধানৰ খেতিৰ প্ৰস্তুতিৰ কথা। তাকে সাৰোগত কৰি জেঠ মাহৰ পৰাই আমাৰ ৰাইজে কঠীয়া সিঁচাৰ কাম আৰম্ভ কৰে। বিশেষকৈ যিবোৰ ধানৰ কৃষি কাল দীঘলীয়া অর্থাৎ কঠীয়া ৰোৱাৰ পৰা চপোৱালৈকে ৫ মাহমান সময় লাগে, সেইবোৰ জাতৰ বীজ জেঠমাহৰ ভিতৰতে সিঁচিব লাগে। তাতোকৈ কম কৃষিকালযুক্ত কঠীয়া আহাৰ মাহলৈকে সিঁচিব পৰা যায়।
শালিধানৰ খেতিটোৱেই হৈছে আমাৰ সৰহ সংখ্যক কৃষকৰে জীৱিকা নির্বাহৰ প্রধান সম্বল। শালিধানৰ খেতিৰ পৰা আশানুৰূপ উৎপাদন পাবলৈ হ’লে আমি উচ্চ উৎপাদনক্ষম জাত নির্বাচন কৰা উচিত। আজিকালি অধিক উৎপাদন দিব পৰা শালি ধানৰ বিভিন্ন উচ্চ উৎপাদনক্ষম জাত উদ্ভাৱন কৰা হৈছে। তাৰ ভিতৰত মাচুৰি, ৰঞ্জিত, বাহাদুৰ, পংকজ আদি উল্লেখযোগ্য। খেতিৰ বাবে নিৰ্বাচিত কৰা বীজবোৰ প্রথমে বীজাণুনাশক দ্রব্যৰে শোধন কৰি ল’লে পিছত শস্যখিনি ভালেমান বেমাৰ-আজাৰৰ পৰা ৰক্ষা পৰে। বীজ শোধনৰ বাবে ডাইথেন এম ৪৫ নামৰ দৰৱ প্রতি দুই লিটাৰ পানীত চাহ চামুচেৰে এক চামুচকৈ মিহলাই তাত বীজখিনি ২৪ ঘণ্টা তিয়াই ৰাখিব লাগে। তেনে দৰৱ নেপালে বেভিষ্টিন নামৰ দৰৱ প্রয়োগ কৰিব পাৰি। বীজখিনি পানীৰ পৰা টুকি পুনৰ ৪৮ ঘণ্টা গাপ দি ল’ব লাগে।
বীজ সিঁচিবলৈ লোৱা কঠীয়াতলীখন ৰ‘দ-ঘাই, ওখ আৰু সাৰুৱা হোৱা ভাল। মাটিডৰা ভালদৰে হাল-কোৰ বাই তাত ৬ ইঞ্চিমান ওখকৈ ভেটি বান্ধিব লাগে। ভেটিটো ৪ ফুট বহল আৰু ৩৩ ফুটমান দীঘল হ’ব লাগে। তেনে কৰিলে বীজতলীখনত থকা শস্যখিনি পৰিচৰ্য্যা কৰিবলৈ সুবিধা হয়। দুটা ভেটিৰ মাজত এক ফুট ব্যৱধান ৰাখিব লাগে যাতে প্রয়োজন মতে তাত পানী দি পথাৰত জেক ৰাখিব পৰা যায়। তেনেদৰে প্ৰস্তুত কৰা একোখন কঠীয়া তলীত ৬৫০ গ্ৰামৰ পৰা এক কিল’গ্ৰাম পর্যন্ত বীজ সিচিব পাৰি। চাৰি ফুট বহল আৰু ৩৩ ফুট দীঘল একোটা ভেটিত পচন সাৰৰ উপৰি ৮০ গ্রাম ইউৰিয়া, ৮০ গ্রাম একক ছুপাৰ ফচফেট আৰু ৪০ গ্রাম মিউৰেট অৱ পটাছ সাৰ দিবলৈ কৃষি বিজ্ঞানীসকলে অনুমোদন জনাইছে। বীজ সিঁচাৰ আগতে তলীখনত প্রয়োজনমতে সাৰ-জাবৰ দি লোৱা বাঞ্চনীয়|
বিভিন্ন বেমাৰ-আজাৰেও কঠীয়াখিনিৰ অনিষ্ট কৰিব পাৰে। তাৰ পৰা কঠীয়াখিনি ৰক্ষা কৰিবলৈ সময়োচিত ব্যৱস্থা হাতত ল’ব লাগে। শালিধানৰ কঠীয়াতলীত সাধাৰণতে দেখা পোৱা মাৰাত্মক বেমাৰৰ ভিতৰত পাতজ্বলা বেমাৰেই প্রধান। এনে বেমাৰ হ’লে প্রথমে কঠীয়াৰ পাতত ক’লা আৰু ধোঁৱাবৰণীয়া দুই মূৰ জোঙা সৰু সৰু দাগ পৰে আৰু পিছলৈ দাগবোৰ বাঢ়ি গৈ পাতখিলা জ্বলাই পেলোৱা যেন লাগে। তাৰ পৰা শস্যখিনি ৰক্ষা কৰিবলৈ বেমাৰৰ আক্রমণ হোৱাৰ লগে লগে বেভিষ্টিন নাইবা হিনোচান নামৰ ঔষধ প্রয়োগ কৰিব লাগে। এনে ঔষধ প্রতি ৫ লিটাৰ পানীত চাহ চামুচেৰে এক চামুচকৈ গুলি কঠীয়াৰ পাতবোৰ তিতি যোৱাকৈ স্প্ৰে’ কৰিব লাগে। এবিঘা মাটিত থকা শস্যত এনে ঔষধ ছটিয়াবলৈ ৭০ লিটাৰ পানীৰ প্রয়োজন হয়।
বেমাৰ-আজাৰৰ দৰে কিছুমান কীট পতংগয়ো কঠীয়াডৰাৰ ক্ষতিসাধন কৰা দেখা যায়। ইহঁতৰ কিছুমানে শস্যৰ কোমল অংশ খায় আৰু কিছুমানে পাতৰ ৰস শুহি খায়। ফলত কঠীয়াডৰাৰ শ্ৰীবৃদ্ধি নহয় আৰু ৰুবৰ বাবে অনুপযুক্ত হৈ পৰে। কঠীয়াতলীত বেছিকৈ আক্রমণ কৰা পোক-পতংগৰ ভিতৰত পাত ওকণি আৰু মজাখোৱা পোকেই প্রধান। মজাখোৱা পোকৰ আক্রমণ হ’লে কঠীয়াজোপাৰ মাজৰ থুৰিটো শুকাই যায় আৰু হাতেৰে টানি দিলে ওলাই আহে। পাত ওকণিৰ আক্রান্ত কঠীয়াখিনিৰ পাতবোৰ ৰঙচুৱা পৰি শুকাই যোৱা যেন পৰিলক্ষিত হয়। হাতৰ তলুৱাখন তিয়াই কঠীয়াখিনিৰ ওপৰেদি চলাই নিলে হাতৰ তলুৱাত ওকণিজাতীয় পোকবোৰ দেখা পোৱা যায়। ঔষধ প্রয়োগ কৰি কঠীয়াতলীত দেখা পোৱা এই কীট-পতংগবোৰ সহজেই নিয়ন্ত্ৰণ কৰিব পাৰি। তাৰ বাবে ক্ল’ৰপাইৰিফছ নামৰ ঔষধ প্রতি ৫ লিটাৰ পানীত চাহ চামুচেৰে ২ চামুচকৈ গুলি শস্যত ছটিওৱাৰ ব্যৱস্থা কৰিব লাগে। উল্লেখযোগ্য যে কঠীয়াতলীত ঔষধ প্রয়োগ কৰিলে তাত থকা কীট পতংগখিনি কাষতে থকা অন্য কঠীয়াতলীলৈ ঢাপলি মেলাৰ সম্ভাৱনা থাকে। সেইবাবে ঔষধ প্রয়োগৰ দ্বাৰা সুফল পাবলৈ হ’লে একে ঠাইতে থকা সকলোবোৰ কঠীয়াতলীতে সমূহীয়াভাৱে ঔষধ প্রয়োগ কৰা ভাল।
কঠীয়াতলীত ফুৰাডন নামৰ ঔষধ প্রয়োগ কৰি শস্য অনিষ্টকাৰী সকলোবোৰ পোক-পতংগ নিয়ন্ত্ৰণ কৰিব পৰা গৈছে। তাৰ বাবে প্রতি বর্গমিটাৰ কঠীয়াতলীত তিনি গ্ৰামকৈ এই ঔষধ ছটিয়াই দিব লাগে। উল্লেখযোগ্য যে এনে ঔষধ প্রয়োগ কৰোতে মাটিত জীপ থকাটো অপৰিহার্য। কঠীয়া তোলাৰ এসপ্তাহৰ আগতে কঠীয়াতলীত এই ঔষধ প্রয়োগ কৰি ল’লে পিছত মূল পথাৰতো ৰোৱাখিনিত পোক-পতংগই সহজে আক্রমণ কৰিব নোৱাৰে।
কঠীয়াগুণে কিৰিষি— বুলি অসমীয়াত এষাৰ কথা আছে। ৰুবলৈ প্রস্তুত কৰা কঠীয়াখিনিৰ গুণগত মানৰ ওপৰত ধানৰ উৎপাদন বহু গুণে নিৰ্ভৰশীল। সেইবাবে বীজ সিঁচাৰ পিছৰে পৰা কঠীয়াতলীখনৰ ওপৰত সততে চকু ৰাখি পৰিচৰ্যাৰ ব্যৱস্থা কৰিলে সময়ত নিশ্চয় মনৰ পচন্দৰ কঠীয়াখিনি হাততে পোৱা যাব।
লিখক: ড° কুমুদ চুতীয়া, দৈনিক জনমভূমি।
শেহতীয়া উন্নীতকৰণ: : 1/10/2023