অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাইড্ৰ’পোনিক কৃষি পদ্ধতি :

হাইড্ৰ’পোনিক কৃষি পদ্ধতি :

 

হাইড্ৰ’পোনিক(Hydroponic) এটি অত্যাধুনিক ফচল উৎপাদন পদ্ধতি। অতি লাভজনক ফচলৰ ক্ষেত্ৰত এই হাইড্ৰ’পোনিক পদ্ধতিত নিয়ন্ত্ৰিত পৰিৱেশত মাটিৰ পৰিৱৰ্তে পানীত গছৰ প্ৰয়োজনীয় খাদ্য সৰবৰাহ কৰি ফচল উৎপাদন কৰা হয়। জনবহুল দেশত, য’ত স্বাভাৱিক কৃষিকাৰ্যৰ বাবে প্ৰয়োজনীয় মাটি কম, কিম্বা নাই, তাত ঘৰৰ ছাততে বা চৌহদত, পলি টানেল বা নেট হাউছত হাইড্ৰ’পোনিক পদ্ধতিৰে শাক-পাচলি আৰু ফল উৎপাদন কৰাটো সম্ভৱ। উন্নত বিশ্বত, যেনে- ইউৰোপ, আমেৰিকা, জাপান, টাইৱান, চীন, থাইলেণ্ড, ছিংগাপুৰ, মালয়ছিয়া আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহত বাণিজ্যিকভাৱে হাইড্ৰ’পোনিক পদ্ধতিৰে শাক-পাচলি আৰু ফল-মূল উৎপাদন কৰা হৈছে। এই পদ্ধতিৰদ্বাৰা গোটেই বছৰ শাক-পাচলি আৰু ফল উৎপাদন কৰা সম্ভৱ আৰু উৎপাদিত ফচলত কোনো কীটনাশক ব্যৱহাৰ কৰা নহয়। ফলত এই ফচল নিৰাপদ আৰু বজাৰমূল্যও বেছি। আমাৰ অসমতো এই পদ্ধতি ক্ৰমাৎ জনপ্ৰিয় হ’বলৈ ধৰিছে আৰু হাইড্ৰ’পোনিক পদ্ধতিত মাটিবিহীন ডাঙৰ ষ্টীল বা প্লাষ্টিকৰ ট্ৰেত পানীৰ মাজত গছৰ অত্যাৱশ্যকীয় খাদ্যোপাদানসমূহ সৰবৰাহ কৰি সাফল্যজনকভাৱে কেপচিকাম, লেটুচ, বিলাহী, শস্য, তিয়ঁহ আৰু ষ্ট্ৰবেৰী উৎপাদন কৰা হৈছে।

সাধাৰণতে দুই উপায়েৰে হাইড্ৰ’পোনিক পদ্ধতিত খেতি কৰা হয় -

১)সঞ্চালন পদ্ধতি(Circulating System):

এই পদ্ধতিত গছৰ অত্যাৱশ্যকীয় খাদ্য উপাদানসমূহ যথাযথ মাত্ৰাত মিশ্ৰিত কৰি এটা টেংকীত ৰখা হয় আৰু পাম্পৰ সহায়ত পাইপৰ মাধ্যমেৰে ট্ৰেত পুষ্টি দ্ৰৱণ(Nutrient Solution) সঞ্চালন কৰি ফচল উৎপাদন কৰা হয়। প্ৰতিদিনে কমপক্ষেও ৭-৮ ঘন্টা পাম্পৰ সাহায্যত এই সঞ্চালন চলাই থকা দৰকাৰ। এই পদ্ধতিত প্ৰাথমিকভাৱে প্ৰথম বছৰ ট্ৰে পাম্প আৰু পাইপৰ আনুষংগিক খৰচ অলপ বেছি হ’লেও পৰৱৰ্তী বছৰৰপৰা কেৱল ৰাসায়নিক খাদ্য উপাদানৰ খৰচৰ প্ৰয়োজন হয়। ফলত দ্বিতীয় বছৰৰপৰা খৰচ অনেকাংশে কমি যাব।

পদ্ধতিৰ কাৰ্য প্ৰণালী -

এই পদ্ধতিত গেলভেনাইজিং লোৰে তৈয়াৰী ট্ৰে এখন এডাল ষ্টেণ্ডৰ ওপৰত স্থাপন কৰি প্লাষ্টিক পাইপৰ সহায়ত এটা টেংকীৰ সৈতে যুক্ত কৰা হয়। এই টেংকীৰপৰা পাম্পৰ সহায়ত ৰাসায়নিক দ্ৰব্য মিশ্ৰিত জলীয় খাদ্য দ্ৰৱণ ট্ৰেত সঞ্চালন কৰা হয়। গেলভেনাইজড লোৰ ট্ৰেৰ ওপৰত গছৰ প্ৰয়োজনীয় দূৰত্ব অনুসাৰে, যেনে- লেটুচুৰ ক্ষেত্ৰত ২০*২০ ছেন্টিমিটাৰ, বিলাহীৰ ক্ষেত্ৰত ৫০*৪০ ছেন্টিমিটাৰ আৰু ষ্ট্ৰবেৰীৰ ক্ষেত্ৰত ৩০*৩০ ছেন্টিমিটাৰ দূৰত্বত গাঁত খান্দিব লাগে। উপযুক্ত বয়সৰ পুলি স্পঞ্জ(Sponge) সহ সেই গাঁতত স্থাপন কৰিব লাগে। পুলি ৰোপণৰ পিছত টেংকীৰপৰা ট্ৰেৰ মাজেৰে জলীয় দ্ৰৱণ পাম্পৰ সহায়েৰে প্ৰতিদিনে অন্তত ৮-১০ ঘন্টা সঞ্চালিত কৰি গছত অক্সিজেন সৰবৰাহ বৃদ্ধি কৰা হয়। ট্ৰেত কমপক্ষেও ৬-৮ ছেন্টিমিটাৰ পানী সকলো সময়তে থকা দৰকাৰ। সাধাৰণতে প্ৰতি ১২-১৫ দিনৰ অন্তৰে অন্তৰে জলীয় দ্ৰৱণ ট্ৰেত দি থাকিব লাগে। এই পদ্ধতিৰদ্বাৰা শস্য উৎপাদনত পি এইচ আৰু ই চিৰ মাত্ৰ ফচলৰ চাহিদা মতে থাকিব লাগে। সাধাৰণতে হাইড্ৰ’পোনিক পদ্ধতিৰে উৎপাদন কৰাৰ বাবে পি এইচ ৫.৮-৬.৫ৰ ভিতৰত থাকিব লাগে। যদি পি এইচৰ মাত্ৰা ৭ৰ ওপৰত হয়, তেন্তে আইৰণ, মেংগানিজ, মলিবডেনামসহ অন্যান্য মাইক্ৰ’নিউট্ৰিয়েন্টৰ অভাৱ পৰিলক্ষিত হয়। তেনেক্ষেত্ৰত হাইড্ৰ’ক্লৰিক এচিড(HCL) অথবা ফছফৰিক এচিড(HPO4) বা নাইট্ৰিক এচিড(HNO3) দি পি এইচক কাংক্ষিত মাত্ৰাত ৰাখিব লাগে। পি এইচ যদি ৫.৮ তকৈ বেছি তলত নামি যায়, তেন্তে NaOH অথবা KOH-ৰে পি এইচ নিয়ন্ত্ৰণ কৰিব লাগিব। ই চিৰ মাধ্যমেৰে আমি জানিব পাৰোঁ যে জলীয় দ্ৰৱণত খাদ্য উপাদানৰ উপস্থিতিৰ মাত্ৰা সাধাৰণতে ১.৫-২.৫ ds/m-ৰ ভিতৰত ৰাখিব লাগে। ই ওপৰলৈ যায়, তেনেক্ষেত্ৰত বিশুদ্ধ পানী যোগ কৰিব লাগে। প্ৰতিদিনে পুৱা গধূলি পি এইচ আৰু ই চিৰ মাত্ৰা পৰীক্ষা কৰি থাকিব লাগে।

২)সঞ্চালনবিহীন পদ্ধতি(Non-Circulating System):

এই পদ্ধতিত এখন ট্ৰেত গছৰ প্ৰয়োজনীয় খাদ্য উপাদানসমূহ পৰিমিত মাত্ৰাত সৰবৰাহ কৰি পোনপটীয়াকৈ ফচল উৎপাদন কৰা হয়। এই পদ্ধতিত খাদ্য উপাদান সৰবৰাহৰ বাবে কোনো পাম্প বা পানী সঞ্চালনৰ প্ৰয়োজন নহয়। এইক্ষেত্ৰত খাদ্য উপাদান মিশ্ৰিত দ্ৰৱণ আৰু তাৰ ওপৰত স্থাপিত কৰ্কশীটৰ মাজত ৫-৭ ছেন্টিমিটাৰ খালী স্থান ৰাখিব লাগে আৰু কৰ্কশীটৰ ওপৰত ৪-৫ টা সৰু সৰু ছিদ্ৰ কৰি দিব লাগে, যাতে সহজে বতাহ চলাচল হ’ব পাৰে আৰু গছত প্ৰয়োজনীয় অক্সিজেন কৰ্কশীটৰ খালী ঠাইৰপৰা সংগ্ৰহ কৰিব পাৰে। ফচলৰ প্ৰকাৰভেদে সাধাৰণতে ২-৩ বাৰ এই খাদ্য উপাদান ট্ৰেত যোগ দিয়া হয়। অসমত সাধাৰণ খেতিয়কে বা মানুহে এই পদ্ধতি অনুসৰণ কৰি প্লাষ্টিকৰ ৱাল্টি, পানীৰ বটল, মাটিৰ পাত্ৰ আদি ব্যৱহাৰ কৰিও ঘৰৰ ছাত, বাৰাণ্ডা বা খোলা ঠাইত সঞ্চালনবিহীন পদ্ধতিয়ে শস্য বা ফল উৎপাদন কৰিব পাৰে। এনেক্ষেত্ৰত খৰচ তুলনামূলকভাৱে অনেক কম হ’ব।

পদ্ধতিৰ কাৰ্যপ্ৰণালী:

এই পদ্ধতিত ট্ৰে, প্লাষ্টিকৰ ৱাল্টি, অৱব্যৱহৃত বটল ইত্যাদি ব্যৱহাৰ কৰি শাক-পাচলি, ফল-মূল উৎপাদন কৰিব পাৰি। পুলি ৰোপণৰ পূৰ্বে বটলটো জলীয় দ্ৰৱণৰ দ্বাৰা এনেভাৱে পূৰ্ণ কৰিব লাগে, যাতে কৰ্কশীট আৰু জলীয় দ্ৰৱণৰ মাজত ৫.৮ ছেন্টিমিটাৰ খালী ঠাই থাকে। অৱশ্যে ৱাল্টি ব বটলত পুলি ৰোপণ কৰিলে বায়ু চলাচলৰ বাবে ৩-৪ ছিদ্ৰ থকা দৰকাৰ। এই পদ্ধতিত কোনো বৈদ্যুতিক মটৰ, পাম্প বা পাইপ ব্যৱহাৰৰ প্ৰয়োজন নহয়। ফলত অতি সহজতে আগ্ৰহী কৃষকসকলে ঘৰৰ আশে-পাশে খোলা স্থান, যেনে- বাৰাণ্ডা, ঘৰৰ ছালত এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰে।

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/14/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate