অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৌ-মাখি পালন

মৌ-মাখি পালন এটি কৃষি ভিত্তিক উদ্যোগ, ইয়াক অতিৰিক্ত আয়ৰ উপায় হিচপে কৃষকসকলে ল'ব পাৰে৷ মৌ-মাখিবিলাকে ফুলৰ অন্তঃস্থ মৌ-ৰসক মৌলৈ পৰিৱৰ্ত্তিত কৰে আৰু ইয়াক মৌচাকৰ খলপা বিলাকক জমা কৰি ৰাখে৷ আদিমৰে পৰাই জংগলৰ পৰা মৌ সংগ্ৰহ কৰা চলি আহিছে। মৌ আৰু তাৰ উপজাত দ্রব্যৰ ক্ৰমবৰ্দ্ধিত বজাৰৰ বাবে মৌমাখি পালনক এটি কার্যকৰী উদ্যোগলৈ পৰিণত কৰিছে৷ মৌ আৰু ম’ম হল মৌমাখি পালনৰ পৰা পোৱা দুটা অর্থনৈতিকভাৱে গুৰুত্বপূর্ণ উপজাত পদার্থ৷ উপাৰ্জনৰ পথ হিচাপে মৌ-মাখি পালন কৰাৰ সুবিধাসমূহ মৌ-মাখি পালনত সময়, অর্থ আৰু আৰ্ন্তগাথঁনিত কম বিনিয়োগৰ প্ৰয়োজন। কৃষিকৰ্মৰ বাবে মাটিৰ মূল্য কম থকা অঞ্চলৰ পৰা মৌ আৰু ম’ম উৎপাদন কৰিব পৰা যায়। মৌ-মাখিয়ে অইন কোনো কৃষি উদ্যোগৰ লগত সম্পদৰ বাবে প্রতিদ্বন্দ্বিতা নকৰে। মৌমাখি পালন কাৰ্য্যৰ পৰিবেশৰ প্ৰতি ইতিবাচক ভূমিকা আছে। বহু পুষ্পবৃক্ষৰ পৰাগসংযোগত মৌমাখিবিলাকে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহন কৰে, যাৰ ফলত নির্দিষ্ট কিছু শস্য যেনে সূর্যমুখী আৰু বিভিন্ন ফলৰ উৎপাদন বাঢ়ে৷ মৌ এটি অত্যন্ত সুস্বাদু আৰু পুষ্টিকৰ খাদ্য৷ পৰম্পৰাগত বাবে মৌ আহৰনৰ ফলত বহুল সংখ্যাত মৌমাখিৰ বন্য উপনিৱেশ নষ্ট হৈ যায়৷ বাকচত মৌমাখি পালন কৰি আৰু ঘৰতেই মৌ উৎ‌পাদন কৰি এনে নষ্ট প্ৰতিহত কৰিব পৰা যায়৷ ব্যক্তিগতভাৱে বা গোটত মৌমাখি পালন আৰম্ভ কৰিব পৰা যায়। মৌ আৰু ম’মৰ সম্ভাব্য বজাৰ খুবেই ভাল। উৎপাদন পদ্ধতি পামত বা ঘৰত বাকচত মৌ-মাখি পালন কৰিব পৰা যায়৷

 

১.১ মৌ-মাখি পালনৰ বাবে প্রয়োজনীয় সা-সৰঞ্জাম

bee_keeping
  • মৌ-চাক: ই ওপৰফালে কেইটামান দীঘল কাঠৰ টুকুৰা দি ঢকা এটা সাধাৰণ দীঘল বাকচ ৷ বাকচৰ আকাৰ, দৈৰ্ঘ ১০০ চে.মি., বহল ৪৫ চে.মি. আৰু উচ্চতা ২৫ চে.মি.৷ বাকচটো ২ চে.মি. ডাঠ হব লাগে আৰু চাকটো আঠা আৰু স্ক্রু দি লগাই লব লাগে যাতে সুমুৱাৰ বাবে ১ চে.মি. বহল ছিদ্র থাকে৷ দীঘল কাঠৰ টুকুৰাবিলাকৰ (ওপৰৰ অংশ) দৈৰ্ঘ চাকটোৰ বহলৰ সমান হব লাগে যাতে ভালকৈ খাপ খাই থাকে আৰু গধুৰ মৌচাক ধৰি ৰাখিবৰ বাবে ই ১.৫ চে.মি. ডাঠ হ’লেই যথেষ্ট৷ মৌমাখিবিলাকে ওপৰৰ প্রতিটো খলপাত বেলেগে বেলেগে সহজতে এটাকৈ চাক তৈয়াৰ কৰিব পৰাকৈ স্বাভাবিক স্থান দিবলৈ ৩.৩ চে.মি. হিচাপত বহল স্থান ৰাখিব লাগে৷
  • স্মোকাৰ : এইটো দ্বিতীয় প্রধান গুৰুত্বপূর্ণ সৰঞ্জাম৷ এইটো এটা সৰু টিনেৰে তৈয়াৰ কৰি লব পৰা যায়৷ আমি মৌমাখিৰ কামোৰৰ পৰা বাঁচিবলৈ আৰু ইহতক নিয়ন্ত্রণ কৰিবলৈ স্মোকাৰ ব্যবহাৰ কৰো৷
  • কাপোৰ: মৌ-মাখি শালাৰ ওচৰত কাম কৰাৰ সময়ত নিজৰ চকু আৰু নাক মৌমাখিৰ শুংৰ পৰা বচাবলৈ৷
  • ছুৰি: ওপৰৰ খণ্ডবিলাক পৃথক কৰিবলৈ আৰু মৌৰ বাৰবিলাক কটাৰ বাবে ব্যবহাৰ কৰা হয়৷
  • পাখি: মৌচাকৰ পৰা মৌমাখি আঁতৰাবলৈ৷
  • ৰানি প্রতিবন্ধক
  • জুইশলা কাঠি

২.২ মৌ-মাখিৰ প্রজাতি

ভাৰতত চাৰিটা প্রজাতিৰ মৌমাখি পোৱা যায়৷ সেইবিলাক হ’ল:

  • ক বী (এপিচ ডর্চাটা): এই প্ৰজাতিৰ মৌমাখি বিলাক ভাল মৌ সংগ্রাহক আৰু ইহঁতৰ এটা উপনিৱেশৰ পৰা গড় ৫০-৮০ কিলোগ্ৰাম মৌ পোৱা যায়৷
  • লিটল মৌমাখি: (এপিচ ফ্ল’ৰিয়া): এই বিলাকে কম পৰিমানৰ মৌ উৎপন্ন কৰে আৰু প্রতিটো উপনিৱেশৰ পৰা প্রায় ২০০-৯০০ গ্রাম মৌ পোৱা যায়৷
  • ইণ্ডিয়ান মৌমাখি (এপিচ চেৰানা ইণ্ডিকা): ইহঁতৰ প্রতিটো উপনিবেশৰ পৰা বছৰেকত গড় ৬-৮ কিলোগ্ৰাম মৌ পোৱা যায়৷
  • ইউৰোপিয়ান মৌমাখি [ইটালিয়ান মৌমাখি] (এপিচ মেলিফ্লেৰা): প্রতিটো উপনিবেশৰ পৰা গড় ২৫-৪০ কে.জি মৌ পোৱা যায়৷

স্টিংলেস মৌমাখি বা শুং বিহীন মৌমাখি (ট্রাইগোনা ইৰিডিপেনিচ): ওপৰত দিয়া বিলাকৰ ওপৰিও কেৰেলাত আৰু এটি প্রজাতি পোৱা যায় যিবিলাক শুংবিহীন মৌমাখি নামেৰে পৰিচিত৷ এইবিলাক প্রকৃততে শুংবিহীন নয়, আচলতে ইহঁতৰ শুং বিলাক পূর্ণ বিকশিত নহয়৷ এইবিলাক খুব ভাল পৰাগ সংযোজক৷ এইবিলাকে এবছৰত ৩০০-৪০০ গ্রাম মৌ উৎপাদন কৰে৷

bee

৩) চাক প্ৰতিস্থাপন কৰা

  • মৌমাখি শালাটো ভালকৈ বৰ্জ্জ নিষ্কাষন হোৱা মুকলি ঠাইত হব লাগে। ফলৰ বাগিচাৰ ওচৰত য’ত পৰিষ্কাৰ পানীৰ উৎস আছে আৰু ওচৰত যথেষ্ট পুষ্পমৌ, আৰু পৰাগৰ উৎস ঠাইত কৰাটো উত্তম৷
  • চাকৰ ওপৰত সর্বোত্তম তাপমাত্রা বজাই ৰাখিবলৈ সূর্য্যৰ প্ৰত্যক্ষ পোহৰৰ পৰা বচাই ৰাখিব লাগে।
  • চাকৰ স্টেণ্ডৰ চাৰিওকাষত  এণ্টওয়েল বা পৰুৱা বাধা দিয়াৰ ব্যৱস্থা কৰিব লাগে। উপনিবেশবিলাক পূব ফালে মুখ কৰি বহুৱাব লাগে, আৰু ৰ’দ-বৰষুনৰ পৰা বচাবলৈ মৌ-মাখিৰ বাকচবিলাক সামান্য ঘূৰাই দিব লাগে৷
  • পশুধন, অন্যান্য জীৱজন্তু, ব্যস্ত ৰাস্তা আৰু ৰাস্তাৰ পোহৰৰ পৰা উপনিৱেশ বিলাকক সুৰক্ষিত ৰাখিব লাগে৷
  • ৪) মৌ-মাখিৰ উপনিৱেশ স্থাপন কৰা
  • মৌমাখিৰ উপনিবেশ স্থাপন কৰিবলৈ বনৰ পৰা মৌমাখিৰ বাহ উঠাই আনি চাকত বহাব পৰা যায় বা উৰি যোৱা কোনো মৌমাখিৰ জাকক আকৰ্ষন কৰি আনি ধৰিব পৰা যায়৷
  • চাকত জাক বা উপনিৱেশ বহোৱাৰ আগত পুৰণি বাদামি ৰঙৰ মৌচাকৰ টুকুৰা বা মৌমাখিৰ ম’ম ঘঁহি চাকটোত পৰিচিত গোন্ধ তৈয়াৰ কৰিব পাৰিলে ফলপ্ৰসু হয়৷ সম্ভবপৰ হলে এটা প্রাকৃতিক মৌচাকৰ পৰা ৰাণী মৌমাখি ধৰি আনি চাকৰ তলত ৰাখিও নতুন মৌমাখিবিলাকক আকৃষ্ট কৰিব পৰা যায়৷
  • চাকত সুমুৱা মৌমাখিৰ জকটোক কেই সপ্তাহমান আধা কাপ গৰম পানীত আধা কাপ বগা চেনি দ্ৰৱীভূত কৰি খোৱালে সোনকালে চাক আৰু বাৰ তৈয়াৰ হোৱাত সহায় হয়।
  • একে লগে খুব বেছি সংখ্যাত মৌমাখি নাৰাখিব৷
  • ৫) উপনিৱেশবিলাকৰ যতন পৰিচালন
  • মৌ ওলোৱা ঋতুত সপ্তাহত অন্ততঃ এবাৰ বিশেষকৈ ৰাতিপুৱা ভাগত মৌ-মাখিৰ চাক পৰিদৰ্শন কৰক।
  • মৌ-চাক বিলাক তলত দিয়া ক্ৰমত পৰিষ্কাৰ কৰিব লাগে, চাল, চুপাৰ, ব্ৰুড চেম্বাৰ আৰু ফ্ল’ৰ ব’ৰ্ড।
  • স্বাস্থৱান ৰাণী মৌ-মাখি, ব্ৰুডৰ বৃদ্ধি, মৌ আৰু পৰাগৰ উপস্থিতি, ৰাণীৰ কোঠালিৰ উপস্থিতি, মৌ-মাখিৰ সৱলতা আৰু কৰ্মী মৌৰ বৃদ্ধি চাবলৈ মৌ-মাখিৰ উপনিবেশবিলাক পৰ্য্যবেক্ষন কৰিব লাগে।
  • তলত দিয়া যিকোনো এটা মৌৰ শত্ৰুৰ আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখক।
  • ম’ম মথ (গেলেৰিয়া মেলোনেল্লা): মৌমাখিৰ বাকচৰ মৌচাক, চুক-কোন আৰু  খাঁজৰ পৰা সকলো ধৰনৰ লাৰ্ভা, আৰু মূগা মকৰা জাল গুচাই দিয়ক৷
  • ম’ম বিট’ল (প্লেটিবোলিয়াম প্র.): পূর্ণবয়স্ক বিট’ল পোক সংগ্রহ কৰি মাৰি পেলাওক৷
  • মাইট: সতেজ পটাচিয়াম পাৰমাঙ্গানেট দ্রৱনত তিওঁৱা কপাঁহেৰে ফ্রেম আৰু ফ্ল’ৰ ব’ৰ্ড মচি দিয়ক৷ ফ্ল’ৰ ব’ৰ্ডত মাইট নেদেখালৈকে বাৰে বাৰে মচি থাকক৷

নিষ্ফলা ঋতুত পৰিচালন ব্যৱস্থাপনা

  • প্রয়োজন হ’লে বিভাজক ব’র্ড লগাওঁক৷
  • প্ৰয়োজন সাপেক্ষে ৰাণীৰ কোঠালি আৰু কৰ্মী মৌৰ কোঠালি বিলাক নষ্ট কৰি দিয়ক৷
  • ভাৰতীয় মৌমাখিৰ বাবে প্রতি সপ্তাহত উপনিৱেশ প্ৰতি (১:১) ২০০ গ্রামকৈ হাৰত চেনিৰ পানীৰ দ্ৰৱ দিয়ক৷
  • কাঢ়ি খোৱা প্ৰতিৰোধ কৰিবলৈ মৌমাখি শালাত থকা সকলোবিলাক উপনিৱেশত একে লগে আহাৰ দিয়ক৷

মৌ-প্রবাহ ঋতুত যতন পৰিচালনা

  • মৌ-প্রবাহ ঋতু আৰম্ভ হোৱাৰ আগতেই উপনিৱেশ বিলাকত যথেষ্ট সংক্ষ্যক মৌমাখি ৰাখক৷
  • প্রথম চুপাৰ আৰু ব্রুড চেম্বাৰৰ মাজত সকলোতকৈ অধিক ঠাই ৰাখক, প্রথম চুপাৰৰ ওপৰত নালাগে৷
  • ৰাণীক ব্রুড চেম্বাৰত ধৰি ৰাখিবলৈ ব্রুড আৰু চুপাৰ চেম্বাৰৰ মাজত ৰাণী প্রতিবন্ধক পৰ্দা দিয়ক৷
  • সপ্তাহত এদিন উপনিবেশবিলাক পৰিদর্শন কৰক আৰু মৌপূৰ্ণ ফ্ৰেম বিলাক চুপাৰৰ কাষত আঁতৰাই ৰাখক৷ যিবিলাক ফ্রেমৰ তিন-চতুর্থাংশ মৌ আৰু এক-চতুর্থাংশ মুখবন্ধ ব্রুডেৰে পূৰ্ণ হৈ থাকে সেইবিলাক ব্রুড চেম্বাৰৰ বাহিৰত উলাই আনি তাৰ ঠাইত ভেটি সংযোগ কৰা খালি কোঠালি বা ফ্রেম ৰাখিব লাগে৷
  • যিবিলাক কোঠালি সম্পূৰ্ণৰূপে বন্ধ বা দু-তৃতীয়াংশ বন্ধ কৰি ৰখা হৈছে সেইবিলাক মৌ সংগ্রহৰ বাবে উলিয়াই আনিব পৰা যায় আৰু মৌ নিষ্কাশন কৰাৰ পিছত চুপাৰত উভতাই থব পৰা যায়৷
  • ৬) মৌ সংগ্রহ
  • মৌ উলিয়াব খোজা ঠাই বিলাকৰ পৰা ধোঁৱাৰ দ্বাৰা মৌমাখি উৰুৱাই দি সাৱধানতাৰে কোঠালি বিলাক কাটি লওঁক৷
  • দুটা প্রধান ফুল ফুলাৰ ঋতুৰ পিচত সাধাৰণতঃ মৌ সংগ্রহ সম্ভব হয়, যেনে অক্টোবৰ-নভেম্বৰ আৰু ফেব্রুৱাৰি –জুন৷
  • পূৰঠ কোঠালিৰ ৰং পাতল আৰু মৌ পূৰ্ণ হয়। দুই ফালৰ আধাতকৈয়ো অধিক মৌ কোষ ম’মেৰে বন্ধ হৈ থাকে৷

 

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate