অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উদ্যান শস্যত সুসংহত পোষক মৌল ব্যৱস্থাপনাঃ

উদ্যান শস্যত সুসংহত পোষক মৌল ব্যৱস্থাপনাঃ

 

ৰাসায়নিক সাৰৰ অত্যধিক প্ৰয়োগৰ ফলত মাটিৰ গুণাগুণ আৰু পৰিৱেশৰসম্ভাৱ্য বিৰূপ ক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান কালত জৈৱিক কৃষি প্ৰণালী আৰু সুসংহত পোষক মৌল ব্যৱস্থাপনা প্ৰথাৰ গুৰুত্ব বৃদ্ধি পাইছে। এই পদ্ধতি দুটাৰ প্ৰথমটোত পোষক মৌল যোগানৰ বাবে কেৱল জৈৱিক সাৰহে ব্যৱহাৰ কৰা হয়। আনহাতে দ্বিতীয় পদ্ধতিটোত ৰাসায়নিক সাৰৰ পৰিমাণ হ্ৰাস কৰি তাৰ পৰিপূৰক হিচাপে জৈৱিক সাৰ লৈ দুয়োবিধ সাৰ একত্ৰিত কৰি প্ৰয়োগ কৰা হয়।

জৈৱিক সাৰৰ সুফলঃ

 

-  জৈৱিক সাৰে শস্যৰ শ্ৰীবৃদ্ধি আৰু উৎপাদনৰ বাবে আৱশ্যকীয় পোষক মৌলসমূহ যোগান ধৰাৰ লগতে শস্যৰ বেমাৰ প্ৰতিৰোধী গুণ বঢ়ায়।

-  জৈৱিক সাৰে মাটিত জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰি মাটিৰ গুণাগুণ যেনে- পানী ধাৰণ ক্ষমতা, বায়ু চলাচল আৰু মাটিৰ গঠন আদিৰ উন্নতি সাধে।

-  জৈৱিক সাৰে মাটিত থকা বিভিন্ন উপকাৰী অণুজীৱৰ সংখ্যা বৃদ্ধিত অৰিহণা যোগোৱাৰ উপৰি সিহঁতক ৰক্ষণাবেক্ষণ দিয়ে।

- জৈৱিক সাৰে মাটিত থকা খনিজ লৱণসমূহ শস্যই আহৰণ কৰিলেও মাটিৰ বা শস্যৰ ক্ষতিসাধন নকৰে।

-  জৈৱিক সাৰ, উদাহৰণ হিচাপে পচন সাৰ অতি কম খৰচতেই ঘৰতে প্ৰস্তুত কৰিব পৰা যায়। ই কৃষকসকলক আৰ্থিকভাৱে লাভৱান কৰাৰ উপৰি পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰে।

-  জৈৱিক সাৰ হিচাপে মূলতঃ পচন সাৰ আমাৰ কৃষকসকলৰ মাজত বেছ জনপ্ৰিয়। ইয়াৰ উপৰি বৰ্তমান কালত সেউজ সাৰ, খলিহৈ, হাড়ৰ গুড়ি, কেঁচুসাৰ আদি জৈৱিক সাৰে যথেষ্ট জনপ্ৰিয়তা লাভ কৰা দেখা যায়। জৈৱিক আৰু ৰাসায়নিক সাৰৰ সুসংহত ব্যৱহাৰে মাটিৰ গুণাগুণ ভালে ৰখাৰ লগতে উৎপাদন বৃদ্ধি পায়।

পচন সাৰ প্ৰস্তুত পদ্ধতি-

 

দ’ম কৰি থোৱা পদ্ধতিঃ

এই পদ্ধতিত গোবৰ, জাবৰ, জীৱ-জন্তুৰ মলমূত্ৰ, উদ্ভিদজাত সামগ্ৰীৰ পেলনীয়া অংশবোৰ প্ৰায় ১.৫ মিটাৰ ওখকৈ দ’ম আকাৰে জমা কৰি ৰখা হয়। এই দ’মটোৰ ওপৰ পৃষ্ঠত কেঁচা গোবৰ আৰু পানীৰ মিশ্ৰণ ছটিয়াই দি মাজে-সময়ে দ’মটো তল-ওপৰ কৰি দিব লাগে যাতে জৈৱ আৱৰ্জনাবোৰৰ পচন ক্ৰিয়া খৰতকীয়া হয়। জৈৱ আৱৰ্জনাবোৰ সম্পূৰ্ণৰূপে পচি যোৱাৰ পাছত জৈৱিক সাৰ হিচাপে খেতিপথাৰত প্ৰয়োগ কৰিব পাৰি।

গাঁত খান্দি কৰা পদ্ধতিঃ

এই পদ্ধতিত জৈৱিক আৱৰ্জনাসমূহ পচাবলৈ এটা গাঁতৰ আৱশ্যক। গাঁতটো প্ৰায় ৫ মিটাৰ দীঘল, ২ মিটাৰ বহল আৰু ১ মিটাৰ দ’ জোখত খান্দি ল’লে সুবিধা হয়। এনে গাঁতত জৈৱ আৱৰ্জনাসমূহ তলিৰ পৰা ১৫-২০ ছেঃ মিঃ ওপৰলৈ দ’ম কৰি তাৰ ওপৰত ১০-১৫ ছেঃ মিঃ ডাঠকৈ কেঁচা গোবৰ সমভাৱে ছটিয়াই দিব লাগে। এইদৰে তৰপে তৰপে জৈৱ আৱৰ্জনা আৰু গোবৰেৰে গাঁতটো প্ৰায় পূৰ কৰি তাৰ ওপৰত গোবৰ আৰু বোকা মাটিৰে ধেনুভেৰীয়াকৈ প্ৰলেপ এটা দি বন্ধ কৰি থ’ব লাগে। প্ৰায় ৩-৪ মাহ পাছত গোবৰ জাঁবৰসমূহ পচি পচন সাৰলৈ ৰূপান্তৰ হৈ খেতিত প্ৰয়োগ কৰাৰ বাবে উপযোগী হয়।

(উৎসঃ অসমীয়া খবৰ, ইফকোৰ দ্বাৰা প্ৰকাশিত পুস্তিকাৰ পৰা উদ্ধৃত)।

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate