শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি মহকুমাৰ অন্তগৰ্ত তথা ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ শিলিখাবাৰী গাঁওখনৰ 11 গৰাকী মহিলাই একত্ৰিত হৈ 2000 চনত জন্ম দিছিল ‘বাৰদৈচিখিলা’ নামৰ মহিলা আত্মসহায়ক গোটটো।পাছত সদস্যা কেইগৰাকীয়ে গাঁওখনতে স্থায়ী কাৰ্যালয় স্থাপন কৰি তাতেই তেওঁলোকে বয়ন শিল্পৰ কাম কৰি আহিছিল।
বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ চমকপ্ৰদ উন্নয়নৰ ফলত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰা থলুৱা কাপোৰ আদি এই মহিলা গোটটোৱে একেলগে নিজে বোৱা কটা কাম প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ কাপোৰ বৃহত্তৰ অঞ্চলটোৰ ঢেকীয়াজুলি,বৰগাঁও,খেলমাটি,শিঙৰী,তেজপুৰ আদি ঠাইৰ বজাৰ সমূহলৈ বিক্ৰীৰ বাবে নিজেই লৈ যায়।উল্লেখ্য যে বাৰদৈচিখিলা নামৰ এই আত্মসহায়ক গোটৰ সদস্যসকল ক্ৰমে মিনা বসুমতাৰী,নিৰ্মালী বসুমতাৰী,গোলাপী দৈমাৰী,ৰূৰ্পাখৰনীয়া,জ্যোতি দৈমাৰী,চুনতি বসুমতআৰী,চিজোশ্ৰী বসুমতাৰী আৰু ভাৰতী বসুমতাৰী।তেওঁলোকে প্ৰস্তুত কৰা থলুৱা কাপোৰ ইত্যাদিবোৰ নিজেই তেওঁলোকে বজাতৰ বিক্ৰী কৰাৰ লগতে স্থানীয় ব্যৱসায়ীসকল্লে পাইকাৰী দৰ ক্ৰয় কৰি লৈ যায়।আশাজনক খবৰ এইয়ে যে বিগত বছৰবোৰত বাৰদৈচিখিলা নামৰ এই মহিলা গোটটোৱে তেওঁলোকে প্ৰস্তুত কৰা চাদৰ,মেখেলা,গামোচা,দখনা,আৰনাই,এৰীমুগা কাপোৰ,শীতকালত ব্যৱহাৰ কৰা থলুৱা চুয়েটাৰ,কোট,চুৰিদাৰ কাপোৰ আদি স্থানীয় ভাবে বিক্ৰী কৰি ইতিবাচক সঁহাৰি লাভ কৰিছে।তেওঁলোকে প্ৰস্তুত কৰা কাপোৰবোৰ মুম্বাই,দিল্লী,মণিপুৰ,আগৰতলা,গুৱাহাটী,লক্ষীমপুৰ আদি আদি ঠাইত অনুষ্ঠিত প্ৰদৰ্শনী অনুষ্ঠানতো গ্ৰাহকৰ সঁহাৰি লাভ কৰিছিল।উল্লেখ্য যে ‘বাৰদৈচিখিলা’নামৰ এই মহিলা আত্মসহায়ক গোটটোৱে মুম্বাইত দুবাৰ আৰু দিল্লীত চাৰিবাৰকৈ প্ৰদৰ্শনীত ভাগ লোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে।ইংলেণ্ড,আমেৰিকাৰ লোকেও তেওঁলোকৰ কাপোৰ ক্ৰয় কৰি লয় গৈছে।এইসকল গ্ৰামাঞ্চলৰ উদ্যমী মহিলাই বিগত 16 বছৰ ধৰি বয়ন শাল স্থাপন কৰি থলুৱা কাপোৰ প্ৰস্তুত কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ অন্যসকলক কৰ্মসংস্থাপনৰ বাট দেখুৱাই উৎসাহিত তথা অনুপ্ৰাণিত কৰি আহিছে।চৰকাৰী চাকৰিৰ আশাত বন্দী তথা সংস্থাপনৰ বাবে বহি:ৰাজ্যলৈ ঢাপলি নেমেলি নিজৰ পুঁজি ব্যৱহাৰ কৰি এইসকল মহিলাই বৰ্তমান সময়ত স্বাৱলম্বী হোৱাৰ পিছতো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সহায় লাভ নকৰাত গোটটোৰ মহিলাসকলে আক্ষেপ প্ৰকাশ কৰে।আত্মসহায়ক গোটটোৱে স্থাপন কৰা বায়ন শালত আৱাস গৃহটোত নাই বিদ্যুতৰ সু-ব্যৱস্থা।স্মৰ্তব্য যে জিলাখনৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ শিলিখাবাৰীৰ দৰে অতি ভিতৰুৱা এখন গাঁওত মহিলাসকলৰ একত্ৰিত কৰি মেৰী দৈমাৰী নামৰ এগৰাকী মহিলাই গঠন কৰিছিল ‘বাৰদৈচিখিলা’ নামেৰে মহিলাৰ ঐকান্তিক প্ৰচেষ্টাই অঞ্চলটোত আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।এনেদৰে নিজকে সংস্থাপনৰ পথ বাছি লোৱা গ্ৰামাঞ্চলৰ মহিলাসকলক ৰাজ্য চৰকাৰে বিশেষ ভাৱে ঋণ প্ৰদান কৰাৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰিলে উপকৃত হ’ব বুলি সচেতন ৰাইজে মতপোষণ কৰিছে।
উৎস: দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 1/3/2022