সমগ্ৰ বিশ্বৰ কৃষক সকলৰ মাজত বীজ সংৰক্ষন এক শতাব্দীজোৰা প্ৰ্ক্ৰীয়া। তেওঁলোকে বীজৰ মাজত নিহিত থকা গুণৰাজিৰ বিষয়ে নিজস্ব অভিজ্ঞতাৰ পৰা জ্ঞান আহৰণ কৰে আৰু প্ৰয়োজন মতে বীজ নিৰ্বাচন কৰে।বীজ বিনিময়ো এক পুৰনি প্ৰ্থা। কৃষকসকলৰ মাজত প্ৰ্চলিত থলুৱা বীজ সমুহ কিচুমান সাংস্কৃতিক দিশৰ পৰাও গুৰুত্তপূৰ্ন হোৱাৰ লগতে কিচুমান ঔষধি গুন সম্প্ন্ন, কিচুমানে পোক পত্ংগৰ লগত জুঁযিব পৰা ক্ষমতা সম্প্ন্ন,আন কিচুমানে আকৌ প্ৰ্তিকুল বতৰতো জীয়াই থাকি উৎপাদন দিব পাৰে। এনে জীনগত পাথক্য থকা বীজ সমুহে কোনো এখন থাইৰ জৈৱ-বৈচিত্ৰ্তালৈ প্ৰ্ভুত বৰঙনি যোগায়।
লিখক: মোহন চন্দ্ৰ বড়া
শেহতীয়া উন্নীতকৰণ: : 4/16/2020