অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শাক-পাচলিৰ বাগান

শাক-পাচলি বিশেষকৈ আমাৰ, নিৰামিষভোজীসকলৰ দৈনন্দিন জীৱনত এটা গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। শাক-পাচলি কেৱল পুষ্টিৰ উৎসয়েই নহয় ই আহাৰৰ সোৱাদো বঢ়ায়। পুষ্টি বিশেষজ্ঞসকলৰ মতে এজন পূর্ণবয়স্ক ব্যক্তিৰ প্রাত্যহিক নির্ধাৰিত সুষম খাদ্য তালিকাত ৮৫ গ্রাম ফল আৰু ৩০০ গ্রাম পাচলি থকা আৱশ্যক। কিন্তু বর্তমানে আমাৰ দেশত যি পৰিমাণৰ পাচলি উৎপাদন হয় তাৰ পৰা দৈনিক উপলব্ধতা জনমূৰি হিচাপত অকল ১২০ গ্রাম।

শাক-পাচলিৰ বাগিছা

উপৰোক্ত কথা বিবেচনা কৰিলে আমি কেনেকৈ আমাৰ বাৰীত পৰিষ্কাৰ পানী অথবা বাথৰুম বা ৰান্ধনি ঘৰৰ বর্জ্য পানী ব্যৱহাৰ কৰি আমাৰ নিজৰ প্রয়োজনানুযায়ী শাক-পাচলিৰ উৎপাদন কৰিব পৰা যায় তাৰ পৰিকল্পনা কৰিব লাগিব। ই আমাৰ বাৰীত জমা হৈ থকা পানীৰ পৰা হ‘ব পৰা স্বাস্থ্যৰ ক্ষতিকৰ পৰিবেশ ৰোধ কৰাৰ উপৰিও আমাৰ প্ৰয়োজনীয় শাক-পাচলিৰ প্রয়োজনো সার্থকভাৱে পূৰণ কৰিব। কম মাটিকালিত খেতি কৰা বাবে আক্রান্ত অংশ বিলাক আঁতৰাই কোনো ৰসায়নিক প্রয়োগ নকৰাকৈ কীট-পতঙ্গৰ আক্ৰমণ আৰু ৰোগ সংক্রমণ প্ৰতিৰোধ কৰিব পৰা যায়। এই ব্যৱস্থাটো যথেষ্ট নিৰাপদ কাৰণ ইয়াত শাক-পাচলিত ৰাসায়নিক দৰবৰ অবশিষ্টাংশ ৰৈ গৈ উৎপাদিত শাক-পাচলি বিষাক্ত কৰাৰ সম্ভাৱনা নাথাকে।

শাক-পাচলি বাগিচাৰ বাবে স্থান নির্বাচন

শাক-পাচলিৰ বাগিচাৰ স্থান নির্বাচনৰ ক্ষেত্রত স্থান বাচনি কৰাৰ সুযোগ সীমিত। নিজৰ বাৰীতেই শাক-পাচলিৰ বাগিচা কৰাটো হল চূড়ান্ত সিদ্ধান্ত। পৰিয়ালৰ সদস্যসকলে অৱসৰৰ সময়ত খেতিটোৰ যতন ল‘ব পাৰে আৰু স্নানাঘাৰ বা ৰান্ধনি ঘৰৰ বর্জ্য পানী সহজতে খেতিত ব্যৱহাৰ কৰিব পৰা যায়। উপলব্ধ মাটিৰ পৰিমান আৰু বাগিচাৰ পৰা পোৱা উৎপাদনৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিৰ সংখ্যাৰ উপৰত বাগানৰ আকাৰ নিৰ্ভৰ কৰে। বাগানৰ আকৃতিৰ ক্ষেত্রত কোনো নির্দিষ্ট নিয়ম নাই কিন্তু সম্ভৱপৰ ক্ষেত্ৰত বর্গক্ষেত্রাকাৰ বাগিচাতকৈ আয়াতাকাৰ বাগিচা-ই শ্রেষ্ট। যিহেতু এই মাটিত নিয়মিতভাৱে খেতি হৈয়েই থাকিব গতিকে গড়ে চাৰি/পাঁচ জনীয়া পৰিয়ালৰ শাক-পাচলিৰ চাহিদা পূৰণ কৰিবলৈ ৫ চেন্ট মাটিয়েই যথেষ্ট।

মাটি তৈয়াৰ কৰা

প্রথমে কোৰেৰে ৩০-৪০ ছে.মি. দকৈ মাটি খান্দিব লাগে। শিলগুটি, জোপোহা গছ, গোটেই বছৰ জুৰি হোৱা অপতৃণ আদি আঁতৰাই পৰিস্কাৰ কৰি লব লাগে। ১০০ কে.জি, মান ভাল পচন সাৰ বা কেঁচুসাৰ প্ৰয়োগ কৰি মাটিৰ লগত মিহলাই লব লাগে। প্রয়োজনানুসাৰি ৪৫-৬০ চে.মি. ব্যৱধানত আলি তৈয়াৰ কৰি লব লাগে। গাত থকা মাটিতকৈ সমতল মাটিতো খেতি কৰিব পৰা যায়।

উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate