অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অদৃশ্য মুদ্ৰা বিটকইন

অদৃশ্য মুদ্ৰা বিটকইন

আপুনি বাৰু বিটকইনৰ (Bitcoin) বিষয়ে জানেনে? বিষয়টো কিবা নুবুজা যেন লাগে নেকি? যদি হয়, তেন্তে চিন্তা নকৰিব! কাৰণ, এইবিধ অদৃশ্য মুদ্ৰাৰ বিষয়ে নজনা বা নুশুনা লোকৰ তালিকাখনত আপুনি অকলশৰীয়া নহয়। তীব্র বিতৰ্কৰ আৱৰ্তত সোমাই থকা এনে অদৃশ্য মুদ্ৰাৰ ধাৰণাটো সহজে বুজি পোৱাটো কঠিন!

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্রুত বিকাশে পৃথিৱীখনক এখন ক্ষুদ্ৰ গাঁৱলৈ ৰূপান্তৰ কৰিলে। সহজ হৈ পৰিল মানুহৰ জীৱনযাত্ৰাৰ প্রণালী। ঘৰতে বহি পৃথিৱীৰ যিকোনো প্ৰান্তত থকা এজন ব্যক্তিৰ সৈতে মূহুর্ততে কথা পাতিব পৰা হ’ল। বেংকলৈ বা অফিচ-কাছাৰীলৈ গৈ দীঘলীয়া শাৰী নপতাকৈ ঘৰতে বহু কামৰ সমাধা হ’ল। এয়াইতো বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ চমক! কিন্তু এই চমকবোৰৰ মাজত এনে কিছুমান চমক আছে, যিবোৰে আমাক ক্ষন্তেকৰ বাবে একো নুবুজা যেন কৰি পেলায়! তেনে এক চমকেই হ’ল বিটকইন। এয়া হৈছে একপ্ৰকাৰ ডিজিটেল মুদ্রা, যাক স্পৰ্শ কৰিব নোৱাৰি অৰ্থাৎ ইয়াৰ পাৰ্থিৱ ৰূপ নাই। কিন্তু ডিজিটেল মুদ্ৰাৰ মূল্য আৰু বৈশিষ্ট্য ছপা বা কাগজী বা ধাতুৰ মুদ্ৰাৰ দৰে একে। ইয়াৰ ব্যতিক্রমী বৈশিষ্ট্যটো হ’ল ইয়াক যিকোনো সময়তে কোনো ভৌগোলিক সীমাবদ্ধতা নথকাকৈ লেনদেন কৰিব পাৰি। এয়াই হৈছে ডিজিটেল মুদ্ৰাৰ বাহাদুৰি। পৰম্পৰাগত মুদ্ৰাৰ দৰে ডিজিটেল মুদ্ৰাৰ জৰিয়তেও দ্ৰব্য আৰু সেৱা ক্ৰয় ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে, কেতবোৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা আছে।

বিটকইন হৈছে একপ্ৰকাৰ ডিজিটেল মুদ্রা বা সাংকেতিক মাত্ৰ। কেন্দ্রীয় নিয়ন্ত্রহীন অর্থাৎ, প্রশাসকবিহনি পৃথিৱীৰ প্ৰথমটো বিকেন্দ্রীকৃত মুদ্ৰাৰ ডিজিটেল পৰিশোধ ব্যৱস্থা হৈছে বিটকইন। অর্থাৎ, বিটকইন ব্যৱস্থাক নিয়ন্ত্ৰণৰ বাবে কোনো নাই। ২০০৮ চনত সট’ষি নাকাম’ট’ নামৰ এজন অজ্ঞাত ৰহস্যময় ব্যক্তিয়ে ইয়াক উদ্ভাৱন কৰিছিল। ২০০৮ চনৰ ১৮ আগষ্টত bitcoin.org পঞ্জীয়ন কৰা হয়। নাকাম’ট’ৱে ২০০৯ চনৰ জানুৱাৰীত বিটকইনৰ ছফট্‌ৱেৰ ৰাজহুৱা কৰি দিয়ে। ইয়াৰ লেনদেন ব্যৱস্থা কোনো নির্দিষ্ট সংস্থাৰ মাধ্যমত কৰা নহয়। ইণ্টাৰনেট বন্ধুসকলৰ মাজত ইয়াক ব্যৱহাৰ কৰিব পাৰে আৰু যিকোনো ব্যক্তিয়ে লেনদেন কৰিব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এটা নেটৱৰ্কৰ মাধ্যমেৰে পৰিচালিত বিটকইন ব্যৱস্থাত ব্যৱহাৰকাৰীয়ে নিজৰ নাম গোপন কৰি ৰাখিব পাৰে আৰু প্ৰয়োজনত নাম সলনি কৰি ল’বও পাৰে। ২০০৯ চনৰ জানুৱাৰীতে সট’ষি নাকাম’ট’ৱে ৫০ বিটকইনেৰে এই নেটৱৰ্ক আৰম্ভ কৰে। ইয়ক Genesis block বুলি নামকৰণ কৰা হয়। আনহাতে, বিটকইনৰ ছফট্‌ৱেৰ ৰাজহুৱা কৰাৰ দিনাই হ’ল ফিন্নি নামৰ ব্যক্তি এজনে ইয়াক ডাউনলোড কৰি ব্যৱহাৰ কৰে। ইয়াৰ পুৰস্কাৰ হিচাপে নাকাম’ট’ৱে ফিন্নিক ১০ বিটকইন উপহাৰ হিচাপে দিয়ে। এয়াই আছিল বিটকইনৰ ইতিহাসৰ প্ৰথমটো লেনদেন। ১০,০০০ বিটকইনৰ বিনিময়ত দুটা পিজা ক্ৰয় কৰাই আছিল ইয়াৰ প্ৰথমটো মূল্য নির্ণায়ক ক্ৰয়। গুৰুত্বপূৰ্ণ কথাটো হৈছে ২০১০ চনত হঠাতে নাকাম’ট’ এই নেটৱৰ্কৰ পৰা নোহোৱা হ’ল। তেওঁ ক’লৈ গ’ল কোনেও নাজানে। আনকি তেওঁনো ক’ৰ মানুহ আছিল তাকো নাজানে। কোনোৱে নাকাম’ট'ক দেখা বুলি দাবী কৰিলেও প্রতিয়নযোগ্য প্রমাণ দিব পৰা নাই। কিন্তু নেটৱৰ্ক এৰি গোপন যাত্ৰা কৰাৰ পূর্বে গেভিন এণ্ডাৰছন নামৰ ব্যক্তি এজনক ইয়াৰ ‘নেটৱৰ্ক এলার্ট কী’ প্ৰদান কৰি থৈ যায়। গেভিন এণ্ডাৰছনে এই দায়িত্ব গ্ৰহণ কৰি ঘোষণা কৰিলে— As soon as Satoshi Stepped back and threw the Project onto my Shoulders, one of the first things I did was try to decentralize that. So, if I get hit by a bus, it would clear that the project would go on.' এই নিয়ন্ত্রণহীন মুদ্ৰাৰ বজাৰৰ ইংগিতে বিটকইনক অধিক বিতৰ্কৰ মাজলৈ ঠেলি দিলে।

বিটকইন প্ৰকৃততে মুদ্ৰা হয়নে নহয় তাক লৈ বিতৰ্ক চলি আছে। আৰু বিতৰ্কৰ মাজতে জাপানে দেশখনত বিটকইনৰ ব্যৱহাৰ বৈধ বুলি ঘোষণা কৰিলে। জাপানৰ ঘোষণাই পৃথিৱীজুৰি আন এক বিতৰ্কৰ সূচনা কৰে। সেয়া হৈছে ইয়াৰ মূল্য নিৰ্ধাৰণ পদ্ধতি। বিটকইনৰ মূল্য নিৰ্ধাৰণ পদ্ধতি অদ্যাপি কোনো সুনির্দিষ্ট বৈশিষ্ট্যৰ মাজত আবদ্ধ ৰখা হোৱা নাই। ২০১১ চনত এক বিটকইনৰ মূল্য ০.৩০ মার্কিন ডলাৰৰ পৰা ৩২ মার্কিন ডলাৰলৈ বৃদ্ধি পায়। ২০১৩ চনৰ ১০ এপ্রিলত প্ৰতি ১ বিটকইনৰ মূল্য ২৬৬ মার্কিন ডলাৰ হয়গৈ। ‘দ্য ৱাল ষ্ট্ৰীট জার্নাল নামৰ সংবাদ পত্ৰখনে ২০১৬ চনৰ ১৯ এপ্রিলত প্ৰকাশ কৰা তথ্য মতে, সোণৰ মূল্যতকৈ সুস্থিৰ হোৱাৰ দিশে আগবাঢ়িছে বিটকইনৰ মূল্য। চলিত বছৰৰ ৩ মাৰ্চত বিটকইনৰ মূল্য সৰ্বকালৰ অভিলেখ ভংগ কৰি ১,২৬৮ মার্কিন ডলাৰ হয়গৈ। সময় বাগৰি যোৱাৰ লগে লগে বৃদ্ধি পাইছে ব্যৱহাৰকাৰীৰ সংখ্যা। কেমব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষণাৰ তথ্য মতে বৰ্তমানলৈকে পৃথিৱীত ২.৯ নিযুতৰ পৰা ৫.৮ নিযুত সংকেত মুদ্ৰাৰ ৱালেট ব্যৱহাৰ কৰা লোক আছে। তাৰে অধিকাংশই ব্যৱহাৰ কৰে বিটকইন। ২০১৩ চনৰ ৩ লাখ বিটকইন ব্যৱহাৰকাৰীৰ পৰা ২০১৭ চনত ১.৩ নিযুত হয়।

বিটকইনৰ ব্যৱহাৰকাৰীজনে ইয়াৰ ছফট্‌ৱেৰ বা ৱালেট ডাউনলোড কৰি এটা "bitcoin address' খুলি নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। ব্যৱহাৰকাৰীক 'প্রাইভেট কী’ প্ৰদান কৰা হ'ব। ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ বাবে ডিজিটেল ছিগনেশ্বাৰ ব্যৱহাৰ কৰা হয়। নিজৰ বিটকইন এড্ৰেছটো পৰৱৰ্তী সময়ত ব্যৱহাৰ কৰোঁতে যদি প্রাইভেট কীটো পাহৰি যায়, তেন্তে নিজৰ হ’লেও বিটকইন ব্যৱহাৰ কৰিব নোৱাৰি।

বিটকইন এড্ৰেছত নাম পঞ্জীয়নেৰে নিজৰ একাউন্ট খোলাৰ পিছত ব্যৱহাৰকাৰীজন বিটকইনৰ অন্তৰ্ভুক্ত হয়। আনহাতে, গোপনীয়তা বজাই ৰখাৰ স্বাৰ্থত এজন ব্যক্তিয়ে প্রতিবাৰৰ লেনদেনত নতুনকৈ নাম পঞ্জীয়ন কৰি ল'ব পাৰে। আনহাতে, ইয়াৰ জৰিয়তে আপুনি এজন প্ৰাপকলৈ ০.০০০০০০০১ বিটকইন প্ৰেৰণ কৰিব পাৰে। কিয়নো ইয়াক ৮টা সংখ্যাৰে গণনা কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ক্ষুদ্রতম এককটোক সট’ষি বোলা হয়। আর্জেন্টিনা, ভেনিজুৱেলাৰ দৰে মুদ্রাস্ফীতিত জৰ্জৰিত দেশৰ নাগৰিকসকলে চৰকাৰে তেওঁলোকৰ বেংক একাউণ্টসমূহ ছীল কৰি দিয়াৰ ভয়ত নিজৰ মুদ্ৰাৰ বিনিময়ত বিটকইন ক্ৰয় কৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল। ইয়াৰ আটাইতকৈ উপযোগী গুণটো হ’ল ই কোনো দেশৰ চাৰিসীমাৰ নীতিৰ মাজত আবদ্ধ নহয়। যিকোনো মুহুর্ততে নিজৰ দেশৰ মুদ্ৰাৰ বিনিময়ত কোটি কোটি বিটকইন ক্ৰয় কৰিব পাৰি। এই একেটা কামকে বেংক ব্যৱস্থাৰ জৰিয়তে কৰিবলৈ গ’লে এমাহ পর্যন্ত সময় লাগিব পাৰে। সেয়ে বিদেশী মুদ্ৰা অৰ্জনৰ সহজ পথ হিচাপে বিটকইন অতি উপযোগী হৈ পৰিছে। প্ৰয়োজনত অনলাইনতে বিটকইনৰ বিনিময়ত নির্দিষ্ট দেশখনত বৈধ মুদ্ৰা ক্ৰয় কৰিব পাৰিব। স্থানীয় মুদ্ৰাৰ বিনিময়ত বিটকইন যোগান ধৰা কোম্পানী পৃথিৱীৰ বহু দেশত আছে। মার্কিন যুক্তৰাষ্ট্ৰত coinbase নামৰ কোম্পানীটোৱে গ্ৰাহকৰ বেংক একাউণ্ট বা ক্রেডিট কাৰ্ডৰ সৈতে সংযোগ স্থাপন কৰি মার্কিন ডলাৰৰ বিনিময়ত বিটকইন বিক্ৰী কৰি আহিছে। পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশতে ডিজিটেল মুদ্ৰাৰ ৰূপত বহুলভাৱে প্ৰচলন কৰা এই মুদ্ৰা ব্যৱস্থা বর্তমানে পতিয়নযোগ্য আৰু আইনসন্মত হৈ উঠা নাই। কৰফাঁকিৰ সুবিধা, অবৈধ কাম-কাজৰ প্ৰতি উদগনি যোগোৱাৰ ভয়ত দেশবোৰে ইয়াক বৈধ বুলি ঘোষণা কৰিবলৈ সাহস কৰা নাই। জাপানহে ইয়াৰ ব্যতিক্রম বুলি পৰিচিত হৈছে।

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ইণ্ডিয়া কার্যক্রম আধাৰত ভাৰততো ডিজিটেল লেনদেনৰ এক ধাৰণাৰ সূচনা কৰিছে। Paytm, Mobikwik আদিৰ দৰে ই-ৱালেট কোম্পানীবোৰে দেশখনত সফল ব্যৱসায় কৰি আছে যদিও বিটকইনক বৰ্তমানলৈকে বৈধ ঘোষণা কৰা হোৱা নাই। তথাপি শেহতীয়া তথ্য মতে, ভাৰতত ১ নিযুততকৈ অধিক বিটকইনৰ ব্যৱহাৰকাৰী আছে। প্রতিদিনে ২৫০০ নতুন ব্যৱহাৰকাৰীয়ে নাম পঞ্জীয়ন কৰিছে। আনহাতে, দেশত এই মুদ্ৰাবিধৰ ব্যৱহাৰ আৰু বৈধকৰণৰ সন্দৰ্ভত অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্রণালয় তথ্য-প্রযুক্তি মন্ত্রণালয়, নিটি আয়োগ, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শীর্ষ বিষয়াসকলক লৈ এখন সমিতি গঠন কৰা হয়। তাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰে যে বৰ্তমানলৈকে কাকো ডিজিটেল মুদ্ৰা প্ৰচলনৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা নাই। সেয়ে কোনোৱে যদি এনে মুদ্ৰা ক্ৰয় কৰি প্ৰৱঞ্চনাৰ সন্মুখীন হয়, তেন্তে সেইক্ষেত্ৰত তেওঁলোকৰ কোনো দায়বদ্ধতা নাথাকিব। ক্ৰেতা বা গ্রাহকজনৰ সকলো দায়িত্ব বা ক্ষতি নিজৰ। ২০১৬ চনৰ ৮ নৱেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্রাকৰণ ঘোষণা কৰাৰ পিছত ভাৰতত ডিজিটেল লেনদেন কৰা কোম্পানীবোৰৰ দিন ভালকৈ আহিছে। Zebpay, Coinsecure আৰু Unocoin ৰ দৰে কোম্পানীৰ ব্যৱসায়ৰ গণ্ড লেখত ল’বলগীয়াকৈ বাঢ়িছে। অৱশ্যে, ব্যৱহাৰকাৰীৰ বৈধ পৰিচয়-পত্ৰ, চৰকাৰৰ কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা নথি বা পান কার্ড অবিহনে ভাৰতত এনে ডিজিটেল মুদ্ৰাৰ কোম্পানীত নাম পঞ্জীয়ন নহয়। বর্তমান বিশ্বৰ বজাৰত বিটকইনৰ গুৰুত্ব আৰু চাহিদাৰ পৰিপ্ৰেক্ষিতত ভাৰততো ইয়াৰ প্ৰতি মানুহৰ গুৰুত্ব বাঢ়িছে। ইয়াৰ পৰিণাম কি হ’ব তাক এই সময়ত কোৱাটো কঠিন।

লিখক: বিজয়কৃষ্ণ কোঁচ।

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate