অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডিজিটেল ভাৰত সপ্তাহ

Help


ডিজিটেল ভাৰত অসমীয়া

ডিজিটেল ভাৰত কাৰ্য্যসূচী

ডিজিটেল ইণ্ডিয়া হৈছে ভাৰত চৰকাৰৰ এক মুখ্য কাৰ্য্যসূচী যাৰ মূল উদ্দেশ্য হ’ল— “ভাৰতবৰ্ষক এখন ডিজিটেলভাৱে সক্ষম আৰু অৰ্থনৈতিক জ্ঞানেৰে সমৃদ্ধ সমাজলৈ ৰুপান্তৰিত কৰা”। এই আচঁনিৰ মুখ্য অভিলক্ষ্য হ’ল তথ্য প্ৰযুক্তিৰ পৰিৱৰ্তনশীল ৰুপক উপলব্ধি কৰোৱা। এই কাৰ্য্যসূচীত তিনিটা মুখ্য লক্ষ্যক গুৰত্ব দিছে- আন্ত:গাঁঠনি কাৰ্য্যকাৰিতা সকলো নাগৰিকৰ বাবে, চৰকাৰ আৰু চৰকাৰী সেৱা মুহুৰ্ততে, আৰু নাগৰিকক ডিজিটেলভাৱে সবলীকৰণ  কৰা। ভাৰত চৰকাৰ এই আচঁনিৰ দ্বাৰা এনে এক প্ৰ্চেষ্ঠা য’ত চৰকাৰী বিভিন্ন বিভাগ আৰু নাগৰিকক একত্ৰিত কৰাই ইয়াৰ মূল লক্ষ্য।

ডিজিটেল ভাৰত সপ্তাহৰ উদ্দেশ্য

  • দেশৰ সকলো নাগৰিকক বিভিন্ন ডিজিটেল উপাদানেৰে সমৃদ্ধ অনুষ্ঠান আয়োজিত কৰি বিশেষকৈ য’ত বৃহৎ সংখ্যক নাগৰিকে অংশগ্ৰ্হণ কৰিব পাৰে। যেনে ডাকঘৰ, বিদ্যালয়, পঞ্চায়ত চৌহদত আৰু ইয়াৰ দ্বাৰা নাগৰিকক শিক্ষিত, সঠিক খবৰ আৰু জড়িত কৰি তোলাই ইয়াৰ উদ্দেশ্য।
  • সকলো ইণ্টাৰনেট ব্যৱহাৰকাৰীক এই ডিজিটেল ইণ্ডিয়াৰ কাৰ্য্যসূচীৰ লগত জড়িত কৰা।
  • এই আচঁনিৰ সকলো সুবিধা, লক্ষ্য নাগৰিকৰ মাজত প্ৰচাৰ কৰা।
  • এই আচঁনিৰ দ্বাৰা ইতিমধ্যে কাৰ্য্যকৰী হৈ থকা বিভিন্ন চৰকাৰী ই-সেৱা, বিভিন্ন আঁচনি জনসাধাৰণৰ মাজলৈ লৈ যোৱা তথা জনপ্ৰিয় কৰি তোলা।
  • দেশৰ নাগৰিকক ডিজিটেল সেৱা কাৰ্য্যসূচী তথা ইয়াৰ উপযোগীতাৰ বিষয়ে শিক্ষিত কৰি তোলা, চাইবাৰ সুৰক্ষা, চাইবাৰ হাইজিন, আৰু ডিজিটেল সেৱা বিভিন্ন উপকাৰিতা জ্ঞানৰ বিষয়ে জ্ঞান প্ৰ্দান কৰা।
  • দেশৰ নাগৰিকক ডিজিটেল ভাৰত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত তথা অনুপ্ৰাণিত কৰা।

ডিজিটেল ভাৰত সপ্তাহযোৰা কাৰ্য্যসূচী

ডিজিটেল ইণ্ডিয়া সপ্তাহ জুলাই মাহৰ ১ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোডী ডাঙৰীয়াই নতুন দিল্লীৰ এক অনুষ্ঠানত এই আচঁনিৰ শুভাৰম্ভ কৰিব। বিভিন্ন নতুন আচঁনি আৰু ই-সেৱা যেনে-ডিজিটেল লকাৰ আঁচনি আদিৰ সেৱা জনসাধাৰণৰ সুবিধাৰ কাৰণে সেইদিনা শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই এই অনুষ্ঠানত মুকলি কৰিব।

জুলাই মাহৰ ১ তাৰিখৰ পৰা নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰি দেশৰ বিভিন্ন প্ৰান্তত এই ডিজিটেল ইণ্ডিয়া আঁচনিৰ বিভিন্ন সজাগতামূলক কৰ্মশালা তথা ইয়াৰ বিভিন্ন সুবিধাৰ বিষয়ে নাগৰিকক সঠিকভাৱে অৱগত কৰোৱাৰ উদ্দেশ্য বিভিন্ন অনুষ্ঠান সপ্তাহজুৰি আয়োজিত কৰা হ’ব। এই আচঁনিৰ ৰূপায়ণৰ কাৰ্য্যসূচীয়ে বিভিন্ন পৰ্য্যায়ৰ অনুষ্ঠানক যেনে, ব্লক পৰ্য্যায়ৰ পৰা জিলাভিত্তিক, ৰাজ্যিক ভিত্তিক সামৰি লোৱা হ’ব যাতে এই ডিজিটেল ভাৰত আঁচনি ফলপ্ৰসু প্ৰভাৱৰ বিষয়ে সাধাৰণ নাগৰিকক জ্ঞাত কৰা। এই ডিজিটেল ভাৰত আচঁনিৰ সপ্তাহযোৰা অনুষ্ঠান সফল কৰি তুলিবলৈ দেশৰ বিভিন্ন বিশাল ডিজিটেল কেন্দ্ৰ বুলি চিহ্নিত অৰুণোদয় কেন্দ্ৰ, ডাকঘৰ, বিদ্যালয় চৌহদ, গ্ৰাম পঞ্চায়ত আদি কেন্দ্ৰ্ত নাগৰিকক ডিজিটেল ভাৰতৰ কাৰ্য্যসূচীৰ লগত জড়িত কৰি এই আচঁনিৰ জ্ঞান প্ৰ্দান কৰাৰ লগতে শিক্ষিত কৰি তোলা হ’ব।

আহক অংশগ্ৰহণ কৰক এই ডিজিটেল গতিৰ দিশে……….. ভাৰতক ডিজিটেলভাৱে সবল সমাজলৈ ৰুপান্তৰিত কৰাত আপুনি অংশগ্ৰহণ কৰিছে নে বাৰু?

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate