এলাহাবাদ বেংকৰ ম’বাইল বেংকিং সেৱাসমূহ
এলাহাবাদ বেংকে নিম্নলিখিত বেংকিং সেৱাসমূহ ম’বাইল এচএমএচৰ দ্বাৰা গ্ৰাহকলৈ আগবঢ়ায়৷
- একাউণ্টত উপলব্ধ থকা টকাৰ পৰিমাণ অনুসন্ধান কৰিবলৈ
- মিনি বেংক ষ্টেটমেণ্ট লাভ কৰিবলৈ(শেষৰ 5 টা লেনদেন))
- চেক বুকৰ অনুৰোধ প্ৰেৰণ কৰিবলৈ
- ইচ্ছ্যু কৰা চেকৰ বিনিময়ত টকা আদায় নিদিবলৈ অনুৰোধ প্ৰেৰণ
- চেক মুকলি হোৱাৰ অৱস্থা জানিবলৈ
- ফিক্সড ডিপজিটৰ বিষয়ে জানিবলৈ
ম’বাইল বেংকিং সেৱাসমূহৰ কাৰণে প্ৰয়োজনীয় যোগ্যতা
- এলাহাবাদ বেংকৰ একাউণ্ট হল্ডাৰ
- যি একাউণ্ট হল্ডাৰৰ ম’বাইল হেণ্ডচেট GPRS সক্ৰিয় হৈ আছে৷
- যি একাউণ্ট হল্ডাৰে ম’বাইল বেংকিংৰ কাৰণে বেংকৰ পৰা ব্যৱহাৰকাৰীৰ আইডি আৰু পাছৱৰ্ড পাইছে৷
- যি ব্যক্তিৰ ইতিমধ্যে ইনটাৰনেট বেংকিং ব্যৱহাৰৰ আইডি আৰু পাছৱৰ্ড আছে, তেতিয়া সেইটোৱে ম’বাইল বেংকিংৰ কাৰণে বৈধ হ’ব৷
পঞ্জীয়নৰ পদ্ধতি
আপোনাৰ মূল শাখাত নিৰ্ধাৰিত ফৰ্মত ম’বাইল বেংকিংৰ কাৰণে আবেদন জনাওঁক৷
- পঞ্জীয়নৰ কাৰণে আপোনাৰ ম’বাইল নম্বৰ বেংকক জানিবলৈ দিয়ক৷
- বেংকে আপোনাক এমপিআইএন ইচ্ছ্যু কৰিব (ম’বাইল পাৰচনেল আইডেণ্টিফিকেশ্যন নাম্বাৰ(এমপিআইএন)
- এমপিআইএন লাভ কৰাৰ পিচত, বেংকক প্ৰাপ্তি স্বীকাৰ কৰক যাতে আপোনাৰ ম’বাইল বেংকিং সেৱা সক্ৰিয় কৰিব পৰা যায়৷
- সক্ৰিয়কৰণৰ পিছ্ত আপুনি আপোনাৰ ম’বাইল ফোনত আপোনাৰ একাউণ্ট বিচৰণ কৰিব পাৰে৷
- যদি আপোনাৰ এলাহাবাদ বেংক ইনটাৰনেট বেংকিং সুবিধা আছে, তেন্তে আপুনি এচএমএচ বেংকিংৰ কাৰণে অনলাইন অনুৰোধ জ্ঞাপন কৰিব পাৰে৷
- ম'বাইল হেণ্ডচেটত বেংকিং সেৱা ব্যৱহাৰ কৰাৰ আগতে অনুগ্ৰহ কৰি বেংকৰ পৰা গ্ৰহণ কৰা অথবা তলৰ ৱেৱত উপলব্ধ হোৱা নিৰ্দেশাৱলী অনুসৰণ কৰক: এলাহাবাদ বেংক
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.