অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শব্দ

‘‘বিশ্বৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ ইংৰাজী-অসমীয়া সতাঁৰ অভিধান’’ - শব্দ (World’s First And The Only English-Assamese Online Dictionary), বৰ্তমান অফলাইনতো উপলব্ধ (ডাউনলোড কৰি ৰাখিব পৰা) খনৰ বিষয়ে কিছু কথা৷

শব্দ অভিধানখন অনলাইনৰ পাবলৈ শব্দ এই লিংকটোত ক্লিক কৰক৷

শব্দ

বিশ্বৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ ইংৰাজী-অসমীয়া সতাঁৰ (online) অভিধান৷ ইণ্টাৰনেটৰ মাধ্যমত সমগ্ৰ বিশ্বতে বিনামূল্যে উপলব্ধ এই অভিধান অসমীয়া ভাষাৰ বাবে এক অভূতপূ্ৰ্ব পদক্ষেপ৷ কোনো মুষ্টিমেয় পণ্ডিতে এই অভিধান ৰচনা কৰা নাই, বৰং ১,২০০ৰো অধিক সাধাৰণ অসমীয়া ভাষীৰ এক বিশ্বযোৰা সহযোগিতামূলক প্ৰচেষ্টাত এই অভিধানখনে গঢ় লৈ উঠিছে৷ অসমীয়াৰ বাহিৰেও উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, যেনে- বড়ো, খাছী, মিচিং, টাই, ডিমাচা, কুকি, চাকমা, গাৰো, মনপা, নাগামিজ আদিও এই অভিধানখনত সামৰি লোৱাৰ প্ৰয়াস কৰা হৈছে৷

আন অসমীয়া অভিধানৰ তুলনাত শব্দ-ই অত্যাধুনিক তথ্যপ্ৰযুক্তিৰ সহায় লৈ বহুতো সুফল লাভ কৰিছে৷ এই অভিধানখন ইণ্টাৰনেটৰ সহায়ত সমগ্ৰ বিশ্বতেই মূহুৰ্ততে প্ৰকাশ পায়৷ শকত অভিধান এখন কঢ়িয়াই ফুৰা আৰু তাৰ পৰা কোনো শব্দ বিচাৰি উলিওৱাৰ বিপৰীতে, শব্দ-ই কেই ছেকেণ্ডমানৰ ভিতৰতে বিশ্বৰ যিকোনো প্ৰান্ততে অসমীয়া শব্দৰ অৰ্থ, তাৰ সমাৰ্থক বা বিপৰীত অৰ্থৰ শব্দ যোগান ধৰিব পাৰে৷ ইয়াক অবিৰতভাৱে সংশোধন/ সংযোজন কৰি থকা হয়৷ সেয়ে আন অভিধানৰ দৰে নতুন সংকলনৰ বাবে বহু বছৰ অপেক্ষা কৰাৰ প্ৰয়োজন নাই৷ ইয়াত ভিডিঅ’, আলোকচিত্ৰ অথবা ধ্বনি সংযোজন কৰিব পৰা যায়৷ সবিশেষ তথ্য থকা আন কোনো জালস্থানৰ (website) পৰাসংযোগ (hyperlink) সন্নিবিষ্ট কৰিব পৰা যায়৷

ছাইবাৰ-গণতন্ত্ৰৰ প্ৰয়োগ

ইতিমধ্যে উল্লেখ কৰা হৈছে যে আন অভিধানৰ দৰে এই অভিধান মুষ্টিমেয় পণ্ডিতে ৰচনা কৰা নাই৷ যুগান্তকাৰী ইন্টাৰনেট-প্ৰযুক্তিৰ সহায়ত বিশ্বৰ বিভিন্ন প্ৰান্তত সিচঁৰতি হৈ থকা ১,২০০ ৰো (এই সংখ্যা বৃদ্ধি পাই আছে) অধিক অসমীয়া-ভাষী স্বেচ্ছাসেৱকে ভাগ লৈছে এক গঠনমূলক গণতান্ত্ৰিক প্ৰণালীত, য’ত সহযোগিতাৰে সকলোৱে অভিধানখনৰ প্ৰতিটো শব্দ আৰু তাৰ অৰ্থৰ ওপৰত নিজ মত প্ৰকাশ কৰে, আলোচনা-সমালোচনা আগবঢ়ায় আৰু অৱশেষত এক উমৈহতীয়া সিদ্ধান্ত লয়৷

শব্দৰ বিভিন্নতা

এই অভিধানত অসমীয়া ভাষাৰ বিভিন্ন উপভাষা যেনে– কামৰূপীয়া, গোৱালপৰীয়া, দৰঙীয়া আদি সন্নিবিষ্ট কৰাৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি এই অভিধানখনত শব্দবোৰক প্ৰাচীন অসমীয়া, কাব্যিক, কথিত, লিখিত, বৈজ্ঞানিক আদি বিভিন্ন ব্যৱহাৰভিত্তিক শ্ৰেণীত শ্ৰেণীভূক্ত কৰা হয়৷

বহুভাষিক

শব্দ-ৰ অভ্যন্তৰীণ গাঁঠনি এনেধৰণে তৈয়াৰ কৰা হৈছে যে ই অৰ্থটোক মূল ভেঁটি হিচাপে লৈ সেই অৰ্থ প্ৰকাশ কৰা আন-আন ভাষাৰ শব্দও নথিভূক্ত কৰি ৰাখিব পাৰে৷ এই গাঁঠনিৰ সুযোগ লৈ উত্তৰ-পূৰ্বাঞ্চলৰ আন ১২টা ভাষাৰ শব্দ সংযোজন কৰাৰ পৰিকল্পনা কৰা হৈছে৷ ইয়াৰ বাবে এই অন্যান্য আঞ্চলিক ভাষা জনা স্বেচ্ছাসেৱকৰ সহায় বিচৰা হৈছে৷

সাধাৰণ শব্দৰ বাহিৰেও এই অভিধানত “Encyclopedic Entry” বিশ্বকোষৰ দৰে খ্যাতনামা ব্যক্তি, স্থান, পুথি, চলচিত্ৰ আদিৰ বিষয়ে সবিশেষ অন্তৰ্ভূক্ত কৰাৰো ব্যৱস্থা কৰা হৈছে৷ শব্দ-ই কোনো বিশেষ অভিধান বা চৰকাৰী পৰিভাষাৰ তালিকা মানি চলিব নিবিচাৰে৷ ই এনে এখন স্বতন্ত্ৰ অভিধান ৰূপে নিজকে সাব্যস্ত কৰিব বিচাৰে, যি ভাষাটিৰ বৰ্তমান ৰূপৰ সঠিক প্ৰতিবিম্ব দাঙি ধৰিব পাৰে৷ সেয়ে বৰ্তমান সময়ত প্ৰচাৰ-মাধ্যম, কাগজ-আলোচনী, বিখ্যাত লেখক-লেখিকাৰ উপন্যাস, প্ৰবন্ধ আদিত শব্দবোৰৰ কেনেভাৱে প্ৰয়োগ কৰা হৈছে তাক বিশ্লেষণ কৰি শব্দাৰ্থবোৰ সংযোজন কৰে৷

আগবঢ়ালে: ৰঞ্জন ভূঞা, মহীৰূহ

শেহতীয়া উন্নীতকৰণ: : 7/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate