অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৭ ম শতিকাৰ পৰা ১২ শতিকালৈ

৭ ম শতিকাৰ পৰা ১২ শতিকালৈ

কামৰুপৰ ইতিহাসৰ প্ৰথম নিৰ্ভৰযোগ্য সমল হৈছে ৭ম শতিকাৰ আদি ভাগত এই ৰাজ্যলৈ অহা চীন পৰিব্ৰাজক হিউয়েন চাঙৰ বিৱৰণী। ভাৰত ভ্ৰমণৰ অন্তত নিজদেশলৈ উভতি গৈ হিউয়েনচাঙে তেওঁ ভ্ৰমণ কৰা ৰাজ্য সমূহৰ এক বিশদ বিৱৰণী লিখিছিল। হিউয়েনচাঙৰ বিৱৰণী, বাণৰ হৰ্ষচৰিত, চীনদেশৰ ত্ৰিহুত আক্ৰমণৰ বিষয়ে লিখা আন এটা কাহিনী আৰু তেজপুৰৰ ব্ৰহ্মপুত্ৰ নৈৰ দাতিত পোৱা কেইখনমান তামৰ ফলিৰ পৰা আমি ১২শ শতিকাৰ পূৰ্ব্বৰ কামৰুপৰ বিষয়ে জানিব পাৰোহক। প্ৰাচীন ভাৰতৰ ৰজাসকলে ব্ৰাহ্মণক ভুমিদান কৰোতে এনে ধৰণৰ তামৰ ফলিত সেই দান সম্বন্ধীয় যাৱতীয় কথাবোৰ লিপিবদ্ধ কৰিছিল। এনে ফলিবোৰক মাটি দান সম্বন্ধীয় দলিল বুলিব পাৰি। লিপিসমূহ ৰাজসভাৰ পণ্ডিত সকলো সংস্কৃত ভাষাত লিখিছিল। এনে লিপিত ৰজাৰ পূৰ্ব্ব পুৰুষৰ বৰ্ণনা, তেওঁৰ ব্যক্তিগত গুণানুকীৰ্ত্তন, ৰাজ্যৰ সীমা আৰু ৰাজধানী সম্বন্ধে উল্লেখ আছিল। এই ভণিতাৰ শেষত আমি জানিবলৈ বিচৰা প্ৰকৃত তথ্যটো, অৰ্থৎ কোনে ক’ত সেই দান পাইছিল সেই বিষয়ে লিখা হৈছিল। পুৰণি অসমৰ তামৰ ফলিসমূহত ৰজাৰ ৰাজপাট আৰোহণৰ তাৰিখ আৰু চনৰ বাহিৰে অন্য তাৰিখ বা চনৰ উল্লেখ নাই। একোটা দানৰ বাবে সাধাৰণতে তিনিখন ফলি লিখা হৈছিল। ইয়াৰে মাজৰ ফলি খনৰ দুয়ো পিঠাত লিখা থাকে। প্ৰত্যেকখন ফলিৰ একোণত একোটা ফুটা থাকে আৰু এটা আঙুটিৰে ফলি তিনিখন বান্ধি থোৱা হয়। এই আঙুঠিটোত ৰজাৰ চিল-মোহৰ থাকে। সাধাৰণতে কলিজা-আকৃতিৰ এনে চিলমোহৰঅ বোৰত ৰজাৰ প্ৰতীক শেনে, হাতীৰ মূৰ, নাম আৰু তেওঁৰ ফৈদ বা জাতীৰ উল্লেখ কৰা হয়। এনে ধৰণৰ সাতখন ফলি এতিয়ালৈকে পোৱা গৈছে-

১) ভাস্কৰবৰ্ম্মণৰ পঞ্চখণ্ড (চিলেট) অনুদান। ১৯১২ চনত আবিস্কৃত এই ফলিখন সম্বন্ধে অধ্যাপক পদ্মনাথ ভটাচাৰ্য্যৰ ‘ইপিগ্ৰাফিয়া ইণ্ডিকা’ নামৰ পুথিৰ দ্বাদশ খণ্ডৰ ৬৫ পৃষ্ঠাত বিশদ ভাৱে উল্লেখ আছে।

২) বৰ্ণমালাৰ তেজপুৰ অনুদান। ১৮৪০ খৃঃত প্ৰকাশিত এছিয়াটিক ছোচাইটি অব বেঙ্গলৰ আলোচনী ৭৬৬ পৃষ্ঠাত এই অনুদানৰ বিষয়ে লিখা হৈছে। কিন্ত মূল অনুদান আৰু ইয়াৰ অনুবাদ উভয় ক্ষেত্ৰতে এই আলোচনীত প্ৰকাশিত বৰণৰ সন্তোষজনক হোৱা নাই।

৩) বলবৰ্ম্মনৰ নগাওঁ অনুদান। ১৮৯৫ খৃঃত এই পুথিৰ লেখকে এইখন অনুদান আৱিষ্কাৰ কৰে আৰু ১৮৯৭ খৃঃৰ এছিয়াটিক চোছাইটিক অব্‌ বেঙ্গলৰ আলোচনীৰ প্ৰথম খণ্ডৰ ২৮৫ পৃষ্ঠাত ডক্‌টৰ হোৰনেলেই ইয়াৰ বিৱৰণ লিখে। হস্তলিপিতত্ব অনুসৰি এই অনুদান প্ৰায় ৯৯০ খৃঃত লিখা হৈছিল বুলি হোৰনেলেই ভাবে।

৪) আৰু ৫) ৰত্নপালৰ শুৱালকুচি আৰু বৰগাওঁ অনুদান। এই পুথিৰ লেখকে যথক্ৰমে ১৮৯৫ আৰু ১৮৯৭ খৃঃত এই দুখন অনুদান আৱিষ্কাৰ কৰে। ১৮৯৮ খৃঃৰ এছিয়াটিক ছোচটিই অব্‌ বঙ্গলৰ আলোচনীৰ প্ৰথম খণ্ড ৯৯ পৃষ্ঠাত হোৰনেলেৰ দ্বাৰা অনুদিত ইয়াৰ বিৱৰণ প্ৰকাশিত হয়। এই অনুদান দুখন ১১শ শতিকাৰ বুলি হোৰনেলে কয়। বৰগাওঁ অনুদানৰ অনুবাদ এই পুথিৰ পৰিশিষ্ট ‘গ’ত ডাঙি ধৰা হৈছে।

৬) ইন্দ্ৰপালৰ গুৱাহাটী অনুদান। ১৮৯৩ খৃঃত এই লেখকৰ দ্বাৰা আৱিস্কৃত এই লিপিৰ হোৰনেলেই কৰা অনুবাদ এছিয়াটিক ছোচাইটি অব্‌ বেঙ্গলৰ ১৮৯৭ খৃঃৰ প্ৰথম খণ্ডৰ ২৯ পৃষ্ঠাত প্ৰকাশিত হৈছে।

৭) বৈদদেৱৰ বাৰাণসী অনুদান। ১৮৯২ খৃঃত কামাউলি (বাৰানসী)ত আৱিস্কৃত এই অনুদানৰ অনুবাদ কৰিছে অধ্যাপক ৱেনিছে আৰু ‘ইপিগ্ৰাফিক ইণ্ডিকা’ৰ দ্বিতীয় খণ্ডৰ ৩৪৭ পৃষ্ঠাত ইয়াৰ বিৱৰণ দিয়া হৈছে। অধ্যাপক ৱেনিছে এই অনুদান ১১৪২ খৃঃৰ বুলি মত প্ৰকাশ কৰিছে।

১৮৯৩ খৃঃত এজন ভাৰতীয় ভদ্ৰলোকে মোক তেজপুৰৰ শিলালিপি খন দেখুয়ায়। প্ৰায় উৱলি যোৱা লিপিখনৰ ততাতৈয়াকৈ ফটো লোৱা হ’ল যদিও তাৰ পৰা ভবা ধৰণে ফল পোৱা নগ’ল। লিপিখন ঘাঁহ পিহি লোৱাত কেই বছৰ মানৰ মূৰত যেনিবা ৰজা আৰু তেওঁৰ সিংহাসনাৰোহণৰ তাৰিখটো পঢ়িব পৰা গ’ল। এইদৰে বহু কষ্টৰ মূৰকত অৱশেষত ১৯১৭ চনত মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে এই লিপিৰ পাঠোদ্ধাৰ কৰে। ‘বিহাৰ এণ্ড উৰিষ্যা ৰিছাৰ্চ ছোচাইটিৰ আলোচনাৰ (১৯৭১ চন) ৫০৮ পৃষ্ঠাত এই লিপিৰ সম্পূৰ্ণ অনুবাদ প্ৰকাশ হয়।

হিউয়েনচাঙে দক্ষিণ বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ত ‘বুদ্ধদেৱৰ বিধান সম্বন্ধে গভীৰ জ্ঞান’ অধ্যায়ণ কৰি থকা কালত কামৰুপৰ ৰজা ভস্কৰবৰ্ম্মনে এইজন পণ্ডিতক তেওঁৰ ৰাজধানীলৈ আমন্ত্ৰণ কৰিবলৈ এজন দূত পঠিয়ায়। প্ৰথমতে তেওঁ এই আমন্ত্ৰণ গ্ৰহণ কৰিবলৈ ইচ্ছুক নাছিল যদিও, ‘শাস্ত্ৰ বিশাৰদ’ শিলাভদ্ৰৰ বুজনিত তাক গ্ৰহন কৰিবলৈ মান্তি হয়। শিলাভদ্ৰই তেওঁক কয় যে, এজনী জ্ঞানী লোক হিচাপে প্ৰকৃত জ্ঞানৰ প্ৰচাৰ কৰাটো তেওঁৰ কৰ্তব্য আৰু সেয়ে, বিশেষকৈ “বিধৰ্ম্মীসকলৰ কথা শুনা” ৰজা এজনৰ পৰা আমন্ত্ৰণ  তেওঁ প্ৰত্যাখান কৰা অনুচিত। সেইমতে, পৌন্দ্ৰবৰ্দ্ধণৰ পৰা ৯০০ লি (প্ৰায় ১৫০ মাইল) গৈ কলোতু নামেৰে এখন বিৰাট নৈ পাৰ হৈ হিউয়েনচাঙে কামৰুপত প্ৰবেশ কৰে। হিউয়েনচাঙৰ বিৱৰণ মতে :-

কামৰুপ ৰাজ্যৰ পৰিধি আছিল ১০,০০০লি (প্ৰায় ১৭,০০০ মাইল)। ইয়াৰ ৰাজধানী আছিল ৩০লি। ৰাজ্যখন নামনিত অৱস্থিত হ’লেও ইয়াত নিয়মিতভাৱে খেতিবাতি হৈছিল। ইয়াৰ লোকসকল অৱস্থাপন্ন আছিল। তেওঁলোকে কঠাল আৰু নাৰিকলৰ খেতি কৰিছিল। এনে গছ অসংখ্য হ’লেও মানুহে তাৰ উচিত মূল্য দিছিল। নৈ আৰু পাৰ বন্ধোৱা পুখুৰীৰ পৰা তেওঁলোকে পানী সংগ্ৰহ কৰিছিল। ৰাজ্যখনৰ জলবায়ু আছিল চেচাঁ আৰু সেমেকা। ইয়াৰ অধিবাসী সকল আছিল সহজ সৰল, চুটি-চাপৰ আৰু তেওঁলোকৰ গাৰ বৰণ আছিল ডাঠ হালধীয়া। মধ্য ভাৰতৰ ভাষাতকৈ তেওঁলোকৰ ভাষা অলপ বেলেগ আছিল। তেওঁলোকৰ প্ৰকৃতি আছিল বন্য আৰু অতি সোনকালে উত্ৰাৱল হোৱা বিধৰ। স্মৃতি শক্তি প্ৰখৰ এই লোকসকল অধ্যয়ণৰ ক্ষেত্ৰত আগবঢ়া আছিল।

এই ৰাজ্যৰ লোকসকলে দেব পূজা কৰিছিল। বৌদ্ধ ধৰ্ম্মত তেওঁলোকৰ বিশ্বাস নাছিল। বুদ্ধদেৱৰ আৰ্বিভাৱৰ কালৰ পৰা বৰ্তমান সময়লৈকে এই ৰাজ্যত কোনো বৌদ্ধ সংঘ স্থাপিত হোৱা নাছিল। ৰাজ্যখনত দেৱতাৰ মন্দিৰ আছিল অসংখ্য। হিন্দু সকলৰ মাজত বিভিন্ন সম্প্ৰদায় আছিল। বৰ্তমান ৰজাজন আছিল নৰনাৰায়ণদেৱৰ বংশধৰ। ভাস্কৰবৰ্মন নামৰ ৰজাজন ব্ৰাহ্মণ আছিল। তেওঁ কুমাৰ উপাধি লৈছিল। তেওঁৰ পূৰ্ব্ব-পুৰুষ সকলে এই ভূমি দখল কৰি কেইবা যুগ ধৰি ৰাজত্ব কৰি আহিছিল। এই ৰজা জন আছিল জ্ঞান-পিপাসু আৰু ৰজাৰ আৰ্হি লৈ প্ৰজা সকলো জ্ঞান-সন্ধিৎসু হৈছিল। বহু দূৰ-দূৰণিৰ অতি বিদূষী লোকে এইজন ৰজাৰ ৰাজসভাত কাম বিচাৰি আহিছিল। তেওঁ নিজে বৌদ্ধ ধৰ্মাৱলম্বী নহ’লেও জ্ঞানী শ্ৰমণ সকলৰ প্ৰতি অতি শ্ৰদ্ধা দেখুৱাইছিল।

পূবদিশত অৱস্থিত এলানি পৰ্ব্বতমালাই ৰাজ্যখন সুৰক্ষিত কৰিছিল। এই অঞ্চলত কোনো ডাঙৰ নগৰী নাছিল। ৰাজ্যখনৰ সীমাই দক্ষিণ-পশ্চিম চীনদেশৰ সভ্যতাৰ পোহৰ নোপোৱা অধিবাসী সকলৰ বসস্থান চুইছিলগৈ। ‘মণ’লোকৰ (দক্ষিণ-পূবৰ আসুৰিক স্বভাৱৰ লোক) সৈতে  এই ‘শাণ’ লোকসকলৰ ৰীতি-নীতিৰ সামঞ্জস্য আছিল। হিউয়েনচাঙে লিখিছে-“প্ৰায় দুমাহমান পদব্ৰজে যোৱাৰ পিছত আমি জেচুৱেণ ৰাজ্যৰ দক্ষিণ পশ্চিম সীমাত থকা পৰ্ব্বত আৰু নৈৰ দ্বাৰা ভ্ৰমণৰ বাধা প্ৰাপ্ত হওঁ। তদুপৰি, অস্বাস্থ্যকৰ জলবায়ু, দুৰ্গন্ধময় বা-বতাহ, মাৰাত্মক সাপ, বিষাক্ত গছ-গছনিৰে ভৰা এই ভয়াবহ অঞ্চল অতিক্ৰম কৰি আৰু আগুৱাই নাযাবলৈকে আমি সিদ্ধান্ত ললো”।

এই ৰাজ্যৰ দক্ষিণ-পূৰ্ব্বাঞ্চলত জাকে জাকে অসংখ্য বনৰীয়া হাতী দেখিছিলো। হাতীবোৰ ধৰি আনি যুদ্ধৰ কামত খটুওৱা হৈছিল। এই অঞ্চলৰ পৰা ১২০০/১৩০০ লি (প্ৰায় একুৰি মাইল) দক্ষিণলৈ গৈ আমি ছমতাতত (পূৰ্ব্ববঙ্গ) ওলাইছিলোগৈ।

কামৰুপ প্ৰবেশ কৰাৰ আগেয়ে এই মহান পৰিব্ৰাজকজনে পাৰ হোৱা নৈখন নিঃসন্দেহে কৰতোৱা আছিল। পূবে চীন-সীমান্তলৈ থকা পৰ্ব্বতমালাৰ উল্লেখ এই ৰাজ্যখন যে পূৱদিশত বৰ্তমান অসমৰ দৰেই বিস্তৃত আছিল সেই কথাহে সূচায়। যিহেতু এই ৰাজ্যৰ পৰিধি ১৭০০ মাইল বুলি উল্লেখ কৰা হৈছে তাৰ দ্বাৰা ৰাজ্যখন বৰ্তমানৰ অসম (সম্ভৱতঃ নগা পাহাৰ, লুচাই পাহাৰ আৰু মণিপুৰ বাদ দি) উত্তৰ বঙ্গ (কৰতোৱা নৈলৈকে) ভূটান আৰু ব্ৰহ্মপুত্ৰৰ মৰাসুতিৰ পূবে থকা মৈমঞ্চিঙৰ অংশ বিশেষ লৈ গঠিত হৈছিল যেন লাগে। এই ৰাজ্যখন যে দাতিকাষৰীয়া পৌন্দ্ৰবৰ্দ্ধন আৰু চনতাত নামৰ ৰাজ্য দুখনতকৈ ডাঙৰ আছিল সেই সম্ভন্ধে কোনো দ্বিমত নাই। উল্লেখযোগ্য যে, এই ৰাজ্য দুখনৰ পৰিধি আছিল যথাক্ৰমে ৭০০ আৰু ৫০০ মাইল।

সেইকালত কোনো ডাঙৰ নগৰ নাছিল। ৰাজধানী খনো বিশেষ গুৰুত্বপূৰ্ণ আছিল বুলিব নিৱাৰি। ৰাজধানীখনৰ বিষয়ে উল্লেখ কৰোতে ঠাইখন হে পৌন্দ্ৰবৰ্দ্ধণৰ পৰা ১৫০ মাইল পূবে অৱস্থিত কেৱল সেই কথাহে হিউয়েনচঙে লিখিছে। কানিংহামে পৌন্দ্ৰবৰ্দ্ধক বৰ্তমানৰ পাবনা বুলি চিনাক্ত কৰি সেই মতে কমতাপুৰক কামৰুপৰ ৰাজধনী বুলি কৈছে। কিন্ত কমতাপুৰ আছিল পাবনাৰ উত্তৰেহে, পুৱে নহয়। তদুপৰি পৌন্দ্ৰবৰ্দ্ধণ আৰু পাবনা একেখন ঠাই বুলি মানি লবলৈকো টান। সম্ভৱতঃ এই ঠাইখন কৰতোৱাৰ সোঁপাৰৰ মহাস্থান নাইবা মালদাৰ ওচৰৰ পাণ্ডোৱাতহে অৱস্থিত আছিল। এই দুয়ো ক্ষেত্ৰতে গুৱাহাটীলৈ দূৰত্ব ১৫০ মাইলৰ অধিক হয়গৈ আৰু সেয়ে, কামৰুপৰ ৰাজধানী আৰু পশ্চিমলৈ অৰ্থাৎ, গোৱালপাৰা জিলা, কোচবিহাৰ বা ৰংপুৰৰ উত্তৰ পূৱে আছিল যেন লাগে।

এই ৰাজ্যৰ লোকসকল চুটি-চাপৰ, গাৰ বৰণ হালধীয়া আৰু তেওঁলোকৰ সৈতে দক্ষিণ-পশ্চিম চীন দেশীয় লোকৰ সাদৃশ্য আছিল বুলি কোৱা কথাষাৰে তেওঁলোক যে মঙ্গোলীয়ৰ পৰা উদ্ভৱ সেই কথাকে সোৱঁৰাই দিয়ে। ৰাজ্যখনৰ সৰ্বসাধাৰণ লোক সকলৰ ওপৰত হিন্দু ধৰ্ম্মৰ প্ৰভাৱ কিমান দূৰ আছিল তাক সঠিকভাৱে জনা নগ’লেও ই যে ৰাজ পৰিয়ালৰ ধৰ্ম্ম আছিল সেই বিষয়ে আমি নিঃসন্দেহ। ৰজাক ব্ৰাহ্মণ বুলি হিউয়েনচাঙে কৈছে। সম্ভৱতঃ ব্ৰাহ্মণ শব্দটোৱে ৰজা যে হিন্দু (বৌদ্ধ নহয়) সেই কথাহে বুজাইছে। বৰ্ম্মন (বৰ্ম্ম-প্ৰতিৰক্ষাৰ্থে ব্যৱহৃত) এটা প্ৰচলিত ক্ষত্ৰিয় (উপাধি আৰু সাধাৰণতে) উচ্চ শ্ৰেণীৰ জনজাতীয় লোক সকলে হিন্দু ধৰ্মত দীক্ষিত হৈ এই উপাধি গ্ৰহণ কৰিছিল। ৮৩০ খৃঃত ৰাজত্ব কৰা হৰ্জ্জৰেও বৰ্মন উপাধি লৈছিল। কছাৰী উচ্চ শ্ৰেণীৰ লোকেও পিছলৈ এই উপাধি লয়। এই ৰাজ্যত তেওঁ ভ্ৰমণ কৰা কালত নাইবা তাৰ আগেয়েও বৌদ্ধ ধৰ্মাৱলম্বী লোক নাছিল বুলি হিউয়েনচাঙে ডাঠি কৈছে। প্ৰাচীন অসমত বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল বুলি থকা ধাৰণাটো প্ৰকৃতপক্ষে বিভ্ৰান্তিমূলক। পুৰণি অসমৰ বিৱৰণ বা লিপি সমূহত এই ধৰ্মৰ উল্লেখ নাই। তিব্বতী সকলে অসমত বুদ্ধদেৱৰ মহাপ্ৰয়ান ধৰিছিল বুলি কৰা দাবীও নিৰ্ভৰ যোগ্য নহয়। জনাৰ্দন বুদ্ধ বুলি পূজা কৰা গুৱাহাটীৰ শিলত-কটা মুৰ্ত্তিটো প্ৰকৃততে বিষ্ণু মুৰ্ত্তি বুলিহে চিনাক্ত কৰিছে। একেজন লেখকে বুদ্ধৰ মুৰ্ত্তি বুলি দাবী কৰা হাজোৰ মধ্যযুগীয়া মুৰ্ত্তিটো দৰাচলতে বিষ্ণুৰ নৰসিংহ-অৱতাৰ মুৰ্ত্তি বুলিহে কৈছে। অৱশ্যে এইটোও স্বীকাৰ্য্য যে, ভাস্কৰ বৰ্মনে বৌদ্ধ সন্ন্যাসী সকলক অতি মন্মান জনাইছিল। তেওঁৰ ৰাজ্যৰ পুবে পৌন্দ্ৰবৰ্দ্ধন আৰু দক্ষিণে চমতাতত বৌদ্ধ ধৰ্ম্ম প্ৰচাৰিত হৈছিল আৰু এই দুয়োখন ঠায়ে অশোকে তেওঁলোকৰ ৰাজ্যত বৌদ্ধ সংঘ আৰু স্তূপ স্থাপন কৰিছিল বুলি গৌৰৱ কৰিছিল।

থানেশ্বৰৰ ৰজা হৰ্ষবৰ্দ্ধন বা শিলাদিত্যিই ৬০৬ খৃঃৰ পৰা ৬৪০ খৃঃলৈ সমগ্ৰ গঙ্গা উপত্যকাৰ একছত্ৰী সম্ৰাট হিচাবে ৰাজত্ব কৰিছিল। ভাস্কৰবৰ্ম্মন এইজন সম্ৰাটৰ সমসাময়িক আছিল। হৰ্ষবৰ্দ্ধনৰ এজন পৰিষদে লিখা বিৱৰণ মতে হৰ্ষবৰ্দ্ধনে তেওঁৰ ককায়েকৰ পিছত ৰাজ সিংহাসন আৰোহণ কৰে। প্ৰায় একে সময়তে কামৰুপৰ ৰাজপাটত বহা ভাস্কৰবৰ্মনে তেওঁৰ সৈতে বন্ধুত্ব স্থাপনৰ মানসেৰে হংসবেগ নামেৰে এজন দূতক বহুবাৰ উপহাৰৰ সৈতে থনেশ্বৰলৈ পঠিয়াইছিল। এই বহু মূলীয়া উপহাৰ সমূহৰ মাজত আছিল ভগদত্ত আৰু কামৰুপৰ অন্যান্য ৰজা সকলৰ দিনৰ কেতবোৰ আ-অলংকাৰ, ৰত্ন, পাটৰ কাপোৰ, গান্ধকলাই, কৰ্পূৰ, তামোল, চোঁৱৰ, সাচিপাতৰ পুথি, এটা অলৌকিক ছাতি (বৰুণ দেৱতাই এই ছাতিটো নৰক ৰজাক দিছিল) ইত্যাদি। হৰ্ষবৰ্দ্ধনে অতি আদৰেৰে হ্ংসবেগক অভৰ্থনা জনাই ভাস্কৰবৰ্মনৰ সৈতে সৌহাৰ্দ্য স্থাপনত সন্মতি দিয়ে আৰু বহু মূল্যবান উপহাৰেৰে কেইবাজন উচ্চ শ্ৰেণীৰ দূতেৰে সৈতে তেওঁক নিজ ৰাজ্যলৈ উভটাই পঠিয়ায়।

হৰ্ষবাৰ্দ্ধনে বঙ্গদেশত শিবিৰ পাতি থকা কালতে হেনো হিউয়েনচাঙক লগ পায় আৰু তেওঁৰ ধৰ্ম্মালোচনা শুনি মুগ্ধ হয়। তেওঁৰ ধৰ্ম্ম-সম্বন্ধীয় আলোচনাসমূহৰ বহুল প্ৰচাৰৰ বাবে হৰ্ষই কণৌজত এখন মহামেল পাতিবলৈ মন মেলে। হিউয়েনচাঙ কামৰুপত থকা কালতে হৰ্ষৰ পৰা এই আমন্ত্ৰণ পায়। ভাস্কৰকো তেওঁ নিমন্ত্ৰণ জনোৱাত তেওঁ হিউয়েনচাঙৰ সৈতে এই আমন্ত্ৰণৰক্ষাৰ্থে ওলায়। হিউয়েনচঙৰ বিৱৰণীতে, হৰ্ষই তেওঁৰ সৈন্য সামন্তৰে গঙ্গা নৈৰ দক্ষিণ পাৰেদি কণৌজলৈ যাত্ৰা কৰে। তেওঁৰ অনুগত ৰজাসকলৰ ভিতৰত বোধকৰো আটাইতকৈ প্ৰতাপী ৰজা ভাস্কৰবৰ্মনে পাচশ সুসজ্জিত হাতীৰে পৰিবেষ্টিত হৈ গঙ্গাৰ বিপৰীত পাৰেদি কণৌজলৈ অগবাঢ়ে। নব্বৈ দিন এইদৰে যাত্ৰাৰ অন্তত ৬৪৪ খৃঃৰ বসন্ত কালত তেওঁলোক কণৌজ পায়গৈ। কণৌজত মহামেলৰ কেইদিন বুদ্ধদেৱৰ এটি মুৰ্ত্তিৰে সৈতে মদায় শোভাযাত্ৰা হৈছিল। হৰ্ষই শুক্ৰ দেৱতাৰ দৰে সাজ পৰিধান কৰি এই মুৰ্ত্তিৰ ওপৰত ছত্ৰ ধৰি শোভাযাত্ৰাত যোগদান কৰিছিল। ভাস্কৰে ব্ৰহ্মদেৱতাৰ দৰে সাজপাৰ কৰি মূৰ্ত্তিজনাক চোৱৰেৰে বিচি গৈছিল। ভালেমন দিন ধৰি প্ৰতিদিন এই শোভাযাত্ৰা হৈছিল। দ্বিতীয় ধৰ্ম্মোৎসৱটো আয়োজিত হৈছিল গঙ্গা-যমুনাৰ সঙ্গমস্থল বৰ্তমানৰ এলাহাবাদত। এই মহামেলৰ অন্তত হিউয়েনচাঙে চীনলৈ উভতি গৈছিল। তেওঁক দিয়া বহুবোৰ উপহাৰৰ ভিতৰত তেওঁ কেৱল যাত্ৰাৰ বাবে প্ৰয়োজনীয় সামান্য অৰ্থ আৰু ভাস্কৰবৰ্মনে দিয়া এটা নোমাল চোলাহে গ্ৰহণ কৰিছিল।

চিলহেটৰ পঞ্চখণ্ড পৰগণাৰ নিধানপুৰত ১৯১২ চনত খান্দি উলিওৱা ভাস্কৰবৰ্মণৰ ভূমিদান সম্বন্ধীয় তাম্ৰলিপিৰ পৰা তেওঁৰ দিনৰ ভালেমান কথা জনা যায়। এই অনুদান চাৰিখন তামৰ ফলিত লিখা হৈছিল। মাজৰ দুখনৰ দুয়ো পৃষ্ঠাত লিখা আছিল। পিচে, তৃতীয়খন লিপি কেনেবাকৈ হেৰাই যোৱাৰ ফলত এতিয়া প্ৰথম, দ্বিতীয় আৰু চতুৰ্থ লিপি খনহে আমি পাওঁ। প্ৰকৃত নিধানপুৰ তামৰ ফলি কেইখন জুয়ে পোৰাত পিছত আকৌ এই কেইখন লিখি উলিওৱা হৈছে বুলি চতুৰ্থখন লিপিত উল্লেখ আছে।

ফলি কেইখন জোৰা লগাই বান্ধি থোৱা আঙুঠিটোত থকা চীল মোহৰটো পুৰণি ফলিৰ যেন লাগে। জুয়ে পোৰা বাবে ই প্ৰায় নষ্ট হৈ গৈছে আৰু ইয়াৰ আখৰবোৰো পঢ়িব নোৱাৰি। এই চীলমোহৰৰ হাতীৰ প্ৰতীকটোও প্ৰায়ত মণিব নোৱাৰা হৈ গৈছেগৈ। নৰক ভগদত্ত আৰু বজ্ৰদত্তৰ পৰৱৰ্ত্তী নৃপতি সকলে ৩০০০ বছৰ ৰাজত্ব কৰাৰ পিছত পুষ্য বৰ্মনে সিংহাসন আৰোহন কৰিছিল বুলি এই ফলিত উল্লেখ আছিল আছে। তেওঁৰ পিছত তলত উল্লেখিত ৰজাসকলে ৰাজপাটত বহিছিল এওঁলোকৰ ৰাণীসকলৰ নামবোৰ বান্ধনীৰ ভিতৰত উল্লেখ কৰা হৈছে :-

সমুদ্ৰবৰ্মন(দত্তদেবী), বলবৰ্মন(ৰত্নাৱতী), কল্যানবৰ্মন(গন্ধৰ্বৱতী), গণপতি(জগ্নৱতী), মহেন্দ্ৰবৰ্মন(সুব্ৰতা), নাৰায়ন বৰ্মন(দেবৱতী), মহাভূত বৰ্মন(বিজাননৱতী), চন্দ্ৰমূখ(ভগৱতী), স্থিতবৰ্মন(নয়নাদেবী) আৰু সুস্থিতবৰ্মন বা শ্ৰীমৃগাঙ্ক(শ্যামাদেবী)। শেষৰজন ৰজাৰ দুজন পুত্ৰ আছিল- সুপ্ৰতিস্থিতবৰ্মন আৰু ভাস্কৰবৰ্মন।

পুষ্যবৰ্মনৰ পিছত দহজন ৰজাৰ শাসনৰ অন্তত ভস্কৰবৰ্মন সিংহাসনত বহিছিল। যদি সেয়ে হয়, আৰু প্ৰতিজন ৰজাৰ শাসন কাল মুঠতে ১৬ বছৰকৈ ধৰা হয়, তেন্তে সেইমতে ভাস্কৰবৰ্মনৰ বংশৰ ৰজাসকলৰ ৰাজত্ব পঞ্চম শতিকাৰ মধ্যভাগত আৰম্ভ হৈছিল বুলি আমি ধৰিব লাগিব।

ভাস্কৰবৰ্মনে কৰ্ণসুবৰ্ণত শিবিৰ কৰি থকা কালত এই অনুদান দিছিল। ৭ম শতিকাৰ প্ৰথম ভাগত কামৰুপৰ দক্ষিণে অৱস্থিত এই ৰাজ্যখনৰ ৰজা আছিল শশাঙ্ক। শশাঙ্কই হৰ্ষবৰ্দ্ধনৰ পূৰ্ব্বৱৰ্ত্তী ৰজা তথা তেওঁৰ জেষ্ঠ ভাতৃক বিশ্বাসঘাটকতা কৰি হত্যা কৰিছিল। ফলত হৰ্ষই তেওঁক ঘোৰ শত্ৰু বুলি গণ্য কৰিছিল। ৬১৯ খৃঃত শশাঙ্কৰ ৰাজত্বকালৰ ওৰ পৰা নাছিল। কিন্ত হিউয়েনচাঙে তেওঁৰ বিষয়ে একো উল্লেখ নকৰাটো মন কৰিবলগীয়া। বোধকৰো সেইসময়ত শশাঙ্কৰ ৰাজ্য হৰ্ষই নিজ তলতীয়া কৰিছিল। হৰ্ষৰ মৃত্যুৰ পিছত এই ৰাজ্যখনত এক অৰাজকতাৰ সৃষ্টি হোৱাতো ভাস্কৰে ইয়াকনিজ দখললৈ নিছিল যেন লাগে। আলোচিত তাম্ৰলিপি সমূহ চিলহেটত আৱিস্কৃত হোৱা বাবে এই ঠাই খনো ভাস্কৰৰ ৰাজ্যৰ অন্তৰ্গত আছিল বুলি আমি ধৰিব পাৰো।

৬৪৮ খৃঃত ৱান হিউয়েনছিৰ ত্ৰিহুত আক্ৰমনৰ বিৱৰণীত ভাস্কৰৰ বিষয়ে উল্লেখ আছে। হৰ্ষৰ মৃত্যুৰ পিছত সিংহাসন দখল কৰা তেওঁৰ মন্ত্ৰী অৰ্জ্জুনক চীনদেশৰ ৱানহিউয়েনছিয়ে পৰাজিত কৰে। অৰ্জ্জুনক তেওঁ বন্দী হিচাবে চীনদেশলৈ লৈ যায়। এই আক্ৰমণকাৰী জনে প্ৰাচীৰেৰে সুৰক্ষিত ৫৮০ খন নগৰ দখন কৰা বুলিও দাবী কৰে। “পূৰ্ব্ব ভাৰতৰ ৰজা কুমাৰে" (নিঃসন্দেহে ভাস্কৰবৰ্মন) বিজয়ী সকললৈ বহুবোৰ গৰু, ঘোৰা আৰু যোদ্ধৰ সা-সজুলি পঠিয়াইছিল বুলি চীনদেশৰ বিৱৰণীত উল্লেখ আছে। এই বিৱৰণী আৰু  হিউয়েনচাঙৰ মৃত্যুৰ পিছতহে কৰ্ণসুৱৰ্ণ দখল কৰা তথ্যৰ ওপৰত ভিত্তি কৰি ভাস্কৰবৰ্মনে অন্ততঃ ৬৫০ খৃঃলৈ ৰাজত্ব কৰিছিল বুলি আমি অনুমান কৰিব পাৰো।

পৰৱৰ্ত্তীকালৰ আটাইবোৰ তাম্ৰলিপিৰ পাতনি কামৰুপ বিজয়ী আৰু ইয়াৰ শ্ৰেষ্ঠ নগৰ প্ৰাগজ্যোতিষৰ অধিকাৰী অসুৰ বংশৰ নৰক ৰজাৰ উল্লেখেৰে আৰম্ভ হৈছে। নৰকৰ পিছত ভগদত্ত আৰু কেইবাজনু ৰজাই ভালেমান দিন ধৰি ৰাজত্ব কৰে।  তেওঁলোকৰ পিছত কালৰ চক্ৰত এই ৰাজ্যখন ম্লেচৰ প্ৰতাপী দলপতি সালস্তম্ভৰ হাতলৈ যায়। সালস্তম্ভৰ পিছত যথাক্ৰমে বিগ্ৰহ স্তম্ভ, পলক স্তম্ভ, বিজয় স্তম্ভকে আদি কৰি কেইবাজনে ৰাজপাট ভোগ কৰে। শ্ৰীহৰ্ষ এই বংশৰ শেষ নৃপতি। ম্লেচ ৰজাসকলৰ নামবোৰৰ পৰা তেওঁলোকে হিন্দু ধৰ্ম্ম গ্ৰহণ কৰিছিল যেন লাগে। এওঁলোকৰ পৰৱৰ্ত্তী ৰজা সকলৰ দৰে এই ম্লেচ সকলেও স্থানীয় ব্ৰাহ্মণ সকলৰ দৃষ্টিত পৰি হিন্দু ধৰ্ম্মত দীক্ষিত হৈছিল যেন অনুমান হয়।

ৰত্নপালৰ তম্ৰলিপিখনেই এই ৰজা সকলৰ ৰাজত্বকাল নিৰুপনৰ একমাত্ৰ আহিলা। এই লিপিমতে, ৰত্নপাল আৰু সালস্তম্ভৰ মাজৰ কালছোৱাত একুৰিজন ৰজাই ৰাজত্ব কৰিছিল। তাম্ৰফলিখনৰ আখৰৰ ওপৰত ভিত্তি কৰি ইয়াক ১০১০ আৰু ১০৫০ খৃঃৰ মধ্যভাগত লিখা হৈছিল বুলি অনুমান হয়। ৰত্নপালৰ ৰাজত্ব কালৰ ২৫ বা ২৬তম বছৰত উল্লেখিত ভূমিদান হৈছিল আৰু সেয়ে, আমি বোধকৰো তেওঁৰ পিতৃ অৰ্থাৎ এই ৰাজবংশৰ প্ৰতিষ্ঠাতা জনে ১০০০ খৃঃৰ ৰাজপাটত বহিছিল বুলি ধৰিব পাৰো। আগৰ ২১ জন ৰজাৰ প্ৰত্যেকৰে ৰাজত্বকাল গড় হিচাবে ১৬ বছৰ বুলি ধৰিলে ৬৬৪ খৃঃৰ সালস্তম্ভৰ সিংহাসন আৰোহনৰ তাৰিখ হিচাবে গণ্য কৰিব পাৰি। সেই ফালৰ পৰা চাবলৈ গ’লে হিউয়েনচাঙৰ প্ৰত্যাবৰ্ত্তনৰ কেইবছৰমান নৌযাওঁতেই সালস্তম্ভই ভাস্কৰৰ বংশধৰসকলক প্ৰদান কৰিছিল যেন লাগে। কিন্ত এটা কথা মনত ৰখা উচিত যে, ৰত্নপালৰ তাম্ৰলিপিৰ তাৰিখটো হস্তলিপিতত্বৰ ওপৰত নিৰ্ভৰ কৰি উলিওৱা হৈছে আৰু তেনে স্থলত পঞ্চাশ বা তাতোধিক বছৰৰ কিবা গণনাৰ ভূল ৰৈ গলেও একো আচৰিত হ’বলগীয়া নাই।

সালস্তম্ভসকলৰ পিছত হৰ্জ্জৰৰ পিতৃ প্ৰলম্ভ ৰজা হৈছিল বুলি তাম্ৰলিপিয়ে সাক্ষী দিয়ে। হৰ্জ্জৰৰ তেজপুৰ শিলালিপিৰ প্ৰায় ত্ৰিশবছৰ আগেয়ে আনুমানিক ৮০০ খৃঃৰ তেওঁ ৰাজপাটত বহিছিল। সেইমতে এই চনত সালস্তম্ভ বংশৰ ৰাজত্বৰো ওৰ পৰিছিল। অৱশ্যে আমৰ এই অনুমান সঠিক নহ’বও পাৰে। তেজপুৰ লিপি মতে প্ৰলম্ভই শ্ৰীহৰ্ষৰ পিছত ৰাজপাত আৰোহণ কৰে। কিন্ত এই লিপিৰ আটাইবোৰ তথ্য নিৰ্ভৰ যোগ্য নহয়। শ্ৰীহৰ্ষ নামৰ ৰজাজন নেপালৰ ৰজা জয়দেৱৰ পিতৃ হৰ্ষদেবো হ’ব পাৰে। ৭৫৯ খৃঃৰ এখন তাম্ৰলিপিত হৰ্ষদেৱৰ নাম উল্লেখ আছে। এইজন হৰ্ষদেৱক ভগদত্তৰ বংশধৰ বোলা হৈছে। অৱশ্যে তেওঁ গৌড়, উৰিষ্যা আৰু অন্যান্য ৰাজ্যৰ ৰজা আছিল বুলি তম্ৰলিপিত লিখা কথাষাৰ স্তুতি বন্দনা কৰোতাসকলৰ অতিৰঞ্জন আৰু কল্পনা বিলাসী মস্তিষ্ক-উদ্ভৱ যেনহে লাগে।

প্ৰলম্ভ বংশৰ ৰাজত্বকালত তিনিখন লিপি প্ৰস্তুত কৰা হৈছিল। তাৰে এখন হ’ল তেজপুৰ শিলালিপি আৰু আন দুখন তম্ৰলিপি। তাম্ৰলিপি দুখন যথাক্ৰমে তেজপুৰ আৰু নগাঁওত  পোৱা গৈছে। তেজপুৰ শিলালিপি খন ৫১০ খৃঃত গুপ্তযুগ, অৰ্থাৎ ৮২৯-৩০ খৃঃত লিখা হয়। স্থানীয় কৰ সংগ্ৰহকাৰী আৰু নাৱৰীয়া সকলৰ মাজত বিবাদ লগাত কেইজনমান সামৰিক দলপতি আৰু পঞ্চকূল ব্ৰাহ্মণে কিদৰে ইয়াৰ নিষ্পত্তি কৰিছিল সেই সম্বন্ধে এটি বৰ্ণনা এই লিপিত পোৱা গৈছে। শিলালিপি খন লিখাৰ সময়ত ৰাজত্ব কৰা ৰজা জনৰ নাম মহাৰাজাধীৰাজ শ্ৰীহৰ্ষবৰ্মন্দেব আছিল বুলিও ইয়াত উল্লেখ কৰা হৈছে। শ্ৰীহৰ্ষ শক্তি আছিল। তেওঁৰ ৰাজধানী আছিল হৰুপেশ্বৰ। সমসাময়ীক প্ৰতাপী জায়গীৰদাৰ সুচিত্ত আছিল তেওঁৰ সেনাপতি। তেজপুৰৰ তাম্ৰলিপিত যথাক্ৰমে প্ৰলম্ভ, হুৰ্গ্গৰ আৰু বনমালা – এই তিনিজন ৰজাৰ নাম পোৱা গৈছে। বনমালৰ দিনত এই লিপি লিখা হয়। আনহাতেদি, নগাওঁৰ তাম্ৰলিপিত প্ৰলম্ভৰ নাম উলেখ নাই। ইয়াত জয়মাল, বীৰবাহু আৰু বলবৰ্ম্মনৰ নামহে আছে আৰু সেইমতে, শেষজনৰ ভূমিদান সম্পৰ্কত লিপিখন লিখা হৈছে।

এই বংশৰ ৰজাসকলে সঠিক কিমানদিন ৰাজত্ব কৰিছিল জনা নাযায়। যদি পাল বংশৰ প্ৰথম ৰজাজনে ১০০০ খৃঃত সিংহাসন আৰোহণ কৰিছিল বুলি ধৰা হয়, তেন্তে প্ৰলম্ভ্বংশৰ ৰাজত্বকাল এশ বছৰৰ বেছি হ’ব নোৱাৰে। আনহাতেদি, প্ৰথম পাল ৰজাজনৰ পূৰ্ব্ববৰ্ত্তী ৰজা ত্যাগসিংহৰ কোনো উত্তৰাধিকাৰী নাছিল। ৰত্নপালৰ তাম্ৰলিপিত তেওঁক এজন অতি মহানত্ৰজা বুলি কোৱা হৈছে। ত্যাগসিংহক যদি আমি প্ৰলম্ভ বংশৰ বুলি ধৰো তেন্তে, এই বংশই প্ৰায় দুশবছৰ ৰাজত্ব কৰিছিল বুলি আমি ক’ব পাৰো।

প্ৰলম্ভ বংশৰ বিৱৰণী লিখোতাসকলে তেওঁলোকক নৰক আৰু ভগদত্তৰ বংশোদ্ভৱ বুলিছে। আনহাতেদি, পাল ৰজাসকলৰ তাম্ৰলিপিসমূহৰ মতে, তেওঁলোকৰ পূৰ্ব্ব পুৰুষৰ নামো আছিল যথাক্ৰমে নৰক আৰু ভগদত্ত। পাল লিপিসমূহত প্ৰলম্ভ বংশৰ ৰজাসকলক ম্লেচ বা অহিন্দু বুলিও কৈছে। ইয়াৰ উত্তৰত আমি ক’ব পাৰো যে, এই দুয়োটা বংশই অহিন্দু আছিল আৰু তেওঁলোক দিনক দিনে ক্ষমতাপন্ন হৈ অহাত ব্ৰাহ্মণ সকলে তেওঁ লোকক হিন্দু ধৰ্ম্মত দীক্ষিত কৰীছিল। ব্ৰাহ্মণ সকলে প্ৰতাপী ৰজা সকলক হিন্দু ধৰ্মত দীক্ষা দি নাইবা তেওঁ লোকক কোনো হিন্দু দেৱতাৰ বংশৰ বুলি অভিহিত কৰি এনে নতুন শৰনীয়া ৰজাৰ পৰা অনুগ্ৰহ লভাৰ বহু দৃষ্টান্ত পুৰণি ইতিহাসৰ পাতে পাতে পোৱা যায়। এইদৰে বাণী আৰু ডিমৰুৱাৰ ৰজাসকলক পুৰোহিত সকলে ভগদত্তৰ বংশধৰ আৰু কোচ, কছাৰী আৰু মণিপুৰী ৰজাসকলক দেৱতা নাইবা কোনোবা মহান বীৰৰ বংশোদ্ভৱ বুলি আখ্যা দিছে।

উল্লেখযোগ্য যে, ভূমিদান পোৱা আটাইবোৰ লোক আছিল যজুৰবেদী ব্ৰাহ্মণ। প্ৰলম্ভ আৰু ব্ৰহ্মপাল দুয়োটা বংশই তেওঁলোকৰ চীলমোহৰত হাতীৰ সম্পূৰ্ণ মূখ খোদাই কৰাটোও এটা মন কৰিবলগীয়া বিষয়।

প্ৰলম্ভই তেওঁৰ পূৰ্ব্ববৰ্ত্তী ৰাজবংশৰ আটাইবোৰকে দেশান্তৰ নাইবা হত্যা কৰিছিল। তেওঁৰ পত্নীৰ নাম আছিল জীৱদা। এওঁৰ পিছত হৰ্জ্জৰ ৰজা হয়। হৰ্জ্জৰ পত্নী আছিল তাৰা। এওঁলোকৰ পুত্ৰ হ’ল বনমাল। হৰ্জ্জৰ পিছত সিংহাসনত বহা বনমালক বহল বুকু, শকত আটিল ডিঙি, গদাৰ দৰে বাহু আৰু গহীন-গম্ভীৰ অভিব্যক্তিৰে এজন সম্ভ্ৰান্ত চেহেৰাৰ পুৰুষ বুলি বৰ্ণনা কৰা হৈছে। পিতৃৰ দৰে তেওঁ এজন শিৱভক্ত আছিল। তেওঁ অস্বাভাৱিক ভাৱে দীঘলীয়া কাল ৰাজত্ব কৰিছিল। অৱশ্যে, স্তুতিকাৰ সকলে তেওঁৰ ৰাজ্যৰ সীমাই সাগৰ চুইছিলগৈ বুলি কোৱ কথাষাৰ অতিৰঞ্জিত যেন লাগে। কিন্ত, এই খিনিতে উল্লেখযোগ্য যে, তেওঁৰ ৰাজত্বকালৰ কিছুদিনৰ পিছত বঙ্গৰ সিংহাসনত বহা সেই ৰাজ্যৰ ৰজা দেবপালে তেওঁৰ তাম্ৰলিপিত তেওঁ কামৰুপৰ ৰজাক উৰিষ্যা অভিযানত সহায় কৰিছিল বুলি কৈছে। যুদ্ধ আৰু শান্তি উভয় ক্ষেত্ৰতে বনমালে তেওঁৰ যোগ্যতা প্ৰমাণ কৰিছিল। তেওঁ এটা বিৰাট ৰাজপ্ৰসাদ সাজিছিল। এই প্ৰসাদটোৰ সমকক্ষ পৃথিৱীত নাছিল। ই সমান উচ্চতাত মাটিত অৱস্থিত আছিল আৰু ইয়াৰ পৰিধিৰ কোনো হিচাব নাছিল। তাত বহুবোৰ কোঠা আছিল। কোঠাবোৰ নানা ধৰণে অলঙ্কৃত আছিল। তাত প্ৰকৃত ধুনীয়া ছবিও আছিল অসংখ্য।

বনমালৰ পৰৱৰ্ত্তী ৰজা তেওঁৰ পুত্ৰ জয়মাল এজন অতি ধাৰ্মিক লোক আছিল। ৰাজ কৰ্ত্তব্যতকৈ পূজা-পাতল আৰু জপ-তপ কৰিবলৈহে তেওঁ বেছি ভাল পাইছিল। সেয়ে, পুত্ৰ বীৰবাহুৰ উপযুক্ত বয়স হোৱাত জয়মালে তেওঁৰ হাতত “শুকলা ৰাজছত্ৰ আৰু দুটা ৰজাঘৰীয়া চোঁৱৰ গটাই দিয়ে। তাৰ পিছত অনাহাৰ ব্ৰতেৰে দেহত্যাগ কৰি তেওঁ স্বৰ্গীয় আলোকত বিলীন হৈ গ’ল।

বীৰবাহুৱে অম্বা নামেৰে এগৰাকী অতি গুণৱতী আৰু ৰুপৱতী ৰাজকন্যাৰ পানী গ্ৰহণ কৰিছিল। তেওঁ বহুবোৰ ৰণত জয়ী হৈছিল। কিন্ত পিছলৈ তেওঁ এক দুৰাৰোগ্য ৰোগৰ বলী হৈ পুত্ৰ বলবৰ্মনক ৰাজমুকুত গতাই দি সিংহাসান ত্যাগ কৰে। “ওখ-পাখ, দেখাত সিংহ-পোৱালী যেন লগা” বলবৰ্মনে “বহুবোৰ যুজত জয়লাভ কৰিছিল”। তেওঁ সত্যবাদী আৰু দানী আছিল। শত্ৰুৰ প্ৰতি তেওঁ আছিল কঠোৰ। কিন্ত ধাৰ্মিক লোক আৰু ধৰ্ম্মগুৰু সকলক তেওঁ সদায় নায্য সন্মান জনাইছিল। হৰুপেশ্বৰত পোৱা নগাঁও তাম্ৰলিপিত বলবৰ্ম্মনৰ ভূমিদানৰুল্লেখ আছে। এই ঠাই ডোখৰক তেওঁ তেওঁৰ বংশৰ পুৰণি শিবিৰ বুলি অভিহিত কৰিছে। হৰুপেশ্বৰ তেওঁৰ প্ৰপিতামহ হজ্জুৰৰ ৰাজধানী আছিল। অৱশ্যে, এই ঠাইখনো প্ৰকৃততে ক’ত আছিল জনা নাযায়। তথাপি তেজপুৰ শিলালিপি আৰু শি ঠাইৰ পৰা বনমাল জ্বাৰু বলবৰ্ম্মনৰ তাম্ৰলিপি কেইখন পোৱা গৈছিল সেই ঠাইৰ ওপৰত নিৰ্ভৰ কৰি হৰুপেশ্বৰ গুৱাহটীৰ পূবদিশত আছিল বুলি আমি ধৰিব পাৰো। অৱশ্যে, এই ঠাইখন তেজপুৰতহে আছিল নেকি সেই কথা আমি সঠিকভাৱে এতিয়ালৈকে জানিব পৰা নাই।

প্ৰায় ১০০০ খৃঃত ত্যাগ সিংহৰ মৃত্যু হয়। তেওঁৰ কোনো সতি-সন্ততি নাছিল। সেয়ে, প্ৰজাই এতিয়া নৰকৰ বংশৰ কোনো এজনক ৰাজপাট দিয়াৰ সপক্ষে মত প্ৰকাশ কৰাত ব্ৰহ্মপাল নামৰ সেই বংশৰ এজন উপযুক্ত লোকক ৰজা পতা হয়। ব্ৰহ্মপালে কূলদেবীক বিয়া কৰইছিল। কূলদেবীয়ে প্ৰজাৰ মঙ্গলাৰ্থে সদায় চিন্তা কৰিছিল। ব্ৰহ্মপাল এজন শান্ত-শিষ্ট আৰু ধীৰ প্ৰকৃতিৰ ৰজা আছিল। পুত্ৰ (ৰত্নপালৰ উপযুক্ত বয়স হোৱাত তেওঁক ৰাজ্য গটাই ব্ৰহ্মপালে “স্বৰ্গলৈ যাত্ৰা কৰে। মহৎ লোকে পৃথিৱীৰ মঙ্গল-অমঙ্গলৰ কথা ভালদৰে জানে বাবে তেওঁলোকে প্ৰজাৰ মঙ্গলৰ বাবে যি কৰা উচিত কৰে”)। বৰগাওঁ আৰু গুৱালকুচি অনুদানত আমি ৰত্নপালৰ বিষয়ে বহুকথা জানিবলৈ পাওঁহক। ৰত্নপাল এজন বিষেশ গুণেৰে বিভূষিত ৰজা আছিল। তেওঁ আছিল শক্তিশালী আৰু যুদ্ধ প্ৰিয়। তেওঁৰ নাতি ইন্দ্ৰপালৰ অনুদান মতে, “তেওঁ সকলো শত্ৰু নিধন কৰি তেওঁ ৰাজ্যখন শুকুলা বৰণৰ মন্দিৰেৰে উপচাই দিছিল। যাগ-যজ্ঞৰ হোমৰ ধোৱাঁই আকাশ ছাতি ধৰিছিল, পৃথিৱীৰ চাৰিও দিশত তেওঁ বিজয় কীৰ্ত্তিস্তম্ভ স্থাপন কৰিছিল”। ৰত্নপালে গুৰ্জ্জৰ; গৌড়, কেৰেলা আৰু দক্ষিণাত্যৰ ৰজাৰ সৈতে যুদ্ধ কৰিছিল বুলিও এই অনুদানে কৈছে। অৱশ্যে, এনেবোৰ কথা অতিৰঞ্জিত আৰু ই বিশ্বাসযোগ্য নহয়। তেওঁ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ৰাজধানী স্থাপন কৰি ইয়াৰ চাৰিওফালে জোঙা খুটা পুতি আৰু গড়াখাৱৈ খান্দি ইয়াক সুৰক্ষিত কৰে। এনেদৰে নিৰ্মাণ কৰা ৰাজধানী খনক তেওঁ দুৰ্জ্জেয় নাম দিয়ে। ৰাজধানী খনত বহুতো চহকী সদাগৰ আছিল। তেওঁলোক চূড়াৰে সজ্জিত আটকধূনীয়া পকীঘৰত বাস কৰিছিল। ৰজাৰ পৃষ্ঠপোষকতাত ভালেমান জ্ঞানী-গুনী, ধাৰ্মিক আৰু সাহিত্যিকলোকে ৰাজধানী খনৰ শোভাবৰ্দ্ধন কৰিছিল। তামৰ খনিৰ পৰা ৰজাই বহু অৰ্থ উপাৰ্জন কৰিছিল বুলিও লিপিত কোৱা হৈছে। অৱশ্যে, কোন ঠাইত এই খণি আছিল সেই সম্বন্ধে একো উল্লেখ নাই। বোধকৰোঁ, এই খণিবোৰ ভূটানত আছিল আৰু তাহানিৰ ভূটান আছিল কামৰুপৰ অন্তৰ্গত।

ৰত্নপালে বহুকাল জুৰি ৰাজত্ব কৰিছিল যেন লাগে। তেওঁৰ দ্বিতীয়খন তাম্ৰলিপি ৰাজত্বৰ ২৬তম বছৰত লিখা হৈছিল। তেওঁৰ পুত্ৰ পুৰন্দৰ পাল এজন বিখ্যাত ৰজা আছিল। তেওঁ প্ৰফুল্ল, উদাৰমান আৰু ধাৰ্ম্মিক আছিল। বীৰ হিচাবেও তেওঁ সুখ্যাতি আৰ্জিছিল। তেওঁ সুকবি আৰু বহু গুণেৰে বিভূষিত প্ৰজাৰঞ্জক ৰজা। পুৰন্দৰে দুৰ্লভা নামেৰে এগৰাকী কায়স্থ কন্যাৰ পাণিগ্ৰহণ কৰিছিল। কালক্ৰমত তেওঁৰ এটি পুত্ৰ জন্মে। এই পুত্ৰৰ নাম আছিল ইন্দ্ৰপাল। এইখিনি কথা লিখাৰ পিছত তাম্ৰলিপিৰ কিছু আখৰ ম’চ খাই যোৱা বাবে লিপিখনৰ একাংশ বোধগম্য নহয়। তথাপি ইয়াৰ পিছৰ লিখাখিনিৰ পৰা অনুমান হয় যে, পুৰন্দৰ পালৰ তেওঁৰ পিতৃতকৈ আগেয়ে মৃত্যু হয় আৰু সেয়ে, ইন্দ্ৰপালে তেওঁৰ ককাদেউতাকৰ পিছত ৰাজপাটত বহে। এই ৰজাজনৰ ৰাজত্বৰ অষ্টম বছৰৰ লিখা তাম্ৰলিপিৰ মতে যুদ্ধ-বিগ্ৰহতকৈ তেওঁ অধ্যয়ণতহে বেছি মন দিছিল আৰু তেওঁৰ দিনত ৰাজ্যৰ শান্তি-সমৃদ্ধি বৃদ্ধি পাইছিল। কিন্ত আনহাতেদি ৰাজসাহীত আৱিস্কৃত সেই সময়ৰ আন এখন লিপিৰ সৈতে যদি এই ৰজাজনৰ ৰাজত্বকালৰ সময় নিৰুপণ কৰি চোৱা হয় তেন্তে তেওঁক বঙ্গদেশৰ ৰজা বিজয় সেনে পৰাস্ত কৰা ৰজা যেনহে লাগে। ইয়াৰ পৰৱৰ্ত্তী আৰু শেষখন তামৰ ফলি বাৰণসীত পোৱা গৈছে। এইখন লিপি ইন্দ্ৰপালৰ ৰাজত্বৰ প্ৰায় এশ ডেৰশ বছৰ পিছত লিখা হৈছিল। আগৰ সেন বংশক খেদি উত্তৰবংত সেই সময়ত আকৌ পাল, সকলে নিজৰ হেৰুৱা ক্ষমতা উদ্ধাৰ কৰিছিল। প্ৰাগজ্যোতিষপুৰৰ ৰজা সকলে  পাল ৰজা সকলৰ বশ্যতা স্বীকাৰ কৰিছিল বুলি এই লিপিত উল্লেখ আছে। প্ৰাগজ্যোতিষৰ পৰা ৰজা তিশ্যদেবে বংঙ্গৰ ৰজা কুমাৰ পালৰ বিৰুদ্ধে মূৰ ডাঙি উঠাত তেওঁ ব্ৰাহ্মণ মন্ত্ৰী বৈদদেবক তেওঁক এসেকা দিবলৈ পঠিয়াইছিল। তিশ্যদেৱক যুজত বধ কৰি বৈদদেৱে প্ৰাগজ্যোতিষসৰ ৰাজপাট লাভ কৰিছিল। হংসকুছি নামৰ ঠাইত ‘বিজয় শিবিৰ’ৰ পৰা তেওঁ ৰাজত্বৰ নৱম বছৰত এখন ভূমি অনুদান প্ৰকাশ কৰে। এই হংসকুছি ঠাইখননো প্ৰকৃততে ক’ত আছিল, আজিও জানিব পৰা হোৱা নাই। বৈদদেৱ বোধকৰো পাল ৰজাৰ তলতীয়া আছিল কিন্ত পাল ৰজাৰ বশ্যতা স্বীকাৰ কৰিলেও তেওঁ মহাৰাজাধীৰাজ উপাধি গ্ৰহণ কৰালৈ চাই তেওঁক নিঃসন্দেহে এজন উচ্চমান বিশিষ্ট ৰজা বুলি ক’ব পাৰি। এই লিপিৰ পাঠোদ্ধাৰ কৰা অধ্যাপক ৱেনিছিৰ মতে লিপিখন ১১৪২ খৃঃত লিখা হৈছিল।

অসম বুৰঞ্জী

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate