অশ্বক্লান্ত মন্দিৰ: ১৭২০ খ্রী: আহোম ৰজা শিৱসিংহৰ দ্বাৰা নিৰ্মিত এই মন্দিৰটো ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্হিত। প্ৰবাদমতে নৰকাসুৰক বধ কৰিবলৈ শ্ৰীকৃষ্ণ কামৰুপলৈ আহোতে মন্দিৰ নিৰ্মিত ঠাইডোখৰতে তেঁওৰ ঘোঁৰা ক্লান্ত হৈছিল।
আঠখেলীয়া নামঘৰ:
অসমৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম। ১৬৮১ চনত আহোম ৰজা গদাপানিয়ে এই নামঘৰটো নিৰ্মাণ কৰোৱাইছিল। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁওত অৱস্থিত। ই গোলাঘাট চহৰৰ পৰা ২০ কি:মি দক্ষিণ-পুৱে কাকডোঙা নদীৰ পাৰত অৱস্থিত।ভাদ মাহত (আগষ্ট-ছেপ্তেম্বৰ) নামঘৰলৈ লাখ লাখ ভক্তৰ সমাগম হয়। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উৎযাপন কৰা উল্লেখযোগ্য উৎসৱ সমূহ হৈছে শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, শংকৰ জন্মোৎসৱ।
নামৰ উৎপত্তি :-আঠখেলীয়া নামঘৰ দুটা শব্দৰ চৰা গঠিত হৈছে: "আঠ" আৰু "খেল"। অসমীয়া ভাষাত আঠ" মানে হৈছে আঠ (সংখ্যা) আৰু "খেল" মানে হৈছে সমাজ।"খেল"ক "কুড়ি"ও বুলি জনা যায়। ছশ বছৰীয়া ৰাজত্ব কালত আহোম ৰজাই "খেল"ৰ প্ৰচলন কৰিছিল। নিকটৱৰ্তী অঞ্চলত বাস কৰা আঠখন সমাজৰ পৰা আঠখেলীয়া নামটোৰ উৎপত্তি হৈছে। ই অসমীয়া সমাজৰ এখন উল্লেখযোগ্য ধাৰ্মিক স্থান বুলি গণ্য কৰিব পাৰি। ইয়াত বিভিন্ন ধাৰ্মিক বিষয় সমূহৰ ওপৰত আলোচনা কৰা হয়।
ইতিহাস:- শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ কোনো লিখিত ইতিহাস নাই। কিন্তু, ইয়াৰ বিষয়ে শুনিবলৈ পোৱা যায়। কাহিনীটো এনেধৰণৰ:
বৰ্তমানৰ নামঘৰটো য’ত অৱস্থিত, সেই ঠাইত পূৰ্বতে এখন তপোবন আছিল। এই ঠাইখন বনৰীয়া জীৱ-জন্তুৰে ভৰা আছিল। কেইঘৰমান মানুহে সকলো সমস্যাৰ মাজেৰে এই অঞ্চলত বাস কৰিছিল। অবৈধভাৱে ল’ৰা ৰজাই আহোম ৰাজপাট দখল কৰে। তেওঁৰ উপদ্ৰৱত আহোম ৰাজকুমাৰ গদাপানি (আহোম নাম: গদাধৰ সিংহ) নগা পাহাৰলৈ পলাই যাবলগীয়া হ’ল। হাবি-জংঘলত ঘূৰি ফুৰোঁতে গদাপানি সেই তপোবনত উপস্থিত হ’ল আৰু তাত বহুত দিন কটালে।
১৬৮১ চনত গদাপানি আহোম ৰাজপাটত উঠে। তেওঁৰ দুঃখৰ দিনৰ সময়ত তাত দিন কটোৱাৰ কথা তেওঁ পাহৰা নাছিল। তাৰ পিছতে তেওঁ সেই তপোবন খনৰ সন্ধান কৰিলে। কিন্তু বিচাৰি নাপালে। সেই অঞ্চলটোত মানুহৰ বসতি বৃদ্ধি পালে। সেয়ে গদাধৰ সিংহই তপোবন খনৰ স্মৃতি ৰাখিবৰ বাবে ঠিৰাং কৰে। সেই অঞ্চলত আঠটা খেল বাস কৰিছিল। প্ৰত্যেকটো খেলক কুড়ি বুলিও কোৱা হৈছিল। তাৰপৰাই ইয়াৰ নাম আঠকুড়িয়া হয়। পাছত, সেই নামটোৱেই আঠখেলীয়া লৈ পৰিৱৰ্তিন হয়।
আঠটা খেল বা কুড়ি সমূহ হৈছে:
১ বচাকুড়ি : ৰজাই বিভিন্ন কামৰ বাবে এই খেলৰ লোকসকলক নিযুক্তি কৰিছিল।
২ বৈৰাগীকুড়ি : এই খেলৰ লোকসকলক অন্যন্য ৰাজ্য বা বিদেশৰ ৰজালৈ বাৰ্তা পঠিয়াবলৈ ৰজাৰ দূত হিচাপে নিযুক্তি দিয়া হৈছিল।
৩ ব্ৰাহ্মণকুড়ি : ধৰ্মীয় কাম-কাজৰ বাবে আহোম ৰজাসকলে দেশৰ বিভিন্ন ঠাইৰ পৰা ব্ৰহ্মণ আনিছিল। কিছু সংখ্যক ব্ৰাহ্মণৰ লগতে আন আন লোকো এই খেলৰ অন্তৰ্গত আছিল।
৪ নাঙলকুড়ি : এই খলৰ লোকসকল খেতিৰ লগত জড়িত কাম-কাজ সমূহৰ দায়িত্বত আছিল।
৫ শলালকুড়ি : শলাল মানে হৈছে জ্ঞানী। তেওঁলোকে গাঁৱৰ লোকসকলক পৰিচালনা কৰিছিল। তেওঁলোকৰ পৰিয়াল আৰু বংশধৰ সমূহ লগ লাগি এই খেলৰ সৃষ্টি কৰে।
৬ কছাৰীকুড়ি : কছাৰী এজন মানুহৰ নাম আছিল। তেওঁৰ নামতে এই খেলৰ উৎপত্তি হয়।
৭ বৰাহীকুড়ি : বৰাহী জনগোষ্ঠীৰ লোকসকল এই খেলৰ অন্তৰ্গত আছিল। পৰৱৰ্তী কালত, তেওঁলোক বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে।
৮ কাকতিকুড়ি : কাকতি হৈছে আহোম ৰজাই দিয়া এটা উপাধি। মাটি লগত সম্পৰ্কীয় বিভিন্ন হিচাপ তেওঁলোকে চোৱা-চিতা কৰিছিল। এই কাকতিসকল লগ লাগি এই খেলৰ সৃষ্টি কৰে।
অন্যহাতে, অসম বুৰঞ্জীত সেই ঠাইত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কোনো কথা উল্লেখ নাই। গদাপানিৰো বৈষ্ণৱ ধৰ্মৰ প্ৰতি কোনো ভাল ভাৱ নাছিল। গদাপানিয়ে সেই অঞ্চলত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা বিশ্বাসযোগ্য নহয়। সেয়ে, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰতিষ্ঠাৰ কথা সঠিককৈ জনা নাযায়। ১৬০০ শতিকাত এই অঞ্চলটো কছাৰী ৰাজ্যৰ অন্তৰ্গতহে আছিল।
উত্স: ৰাকেশ বৈশ্য (http://athkhelianamghar.org/)
নৱগ্ৰহ মন্দিৰ, গুৱাহাটী :
নৱগ্ৰহ মন্দিৰ অসমৰ গুৱাহাটী মহানগৰৰ চিত্ৰাচল পাহাৰ (নৱগ্ৰহ পাহাৰ)ত থকা এক প্ৰাচীন মন্দিৰ৷ ইয়াত সূৰ্যকে ধৰি নটা গ্ৰহৰ শিলাচিহ্ন আছে৷ ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ'ল- সূৰ্য, চন্দ্ৰ, মঙ্গল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ ৷
ইতিহাস :- এই মন্দিৰ অতিকৈ প্ৰাচীন আৰু ঐতিহ্যসম্পন্ন৷ নৱগ্ৰহ মন্দিৰৰ লগত ভালেমান কিংবদন্তি আৰু জনশ্ৰুতি জড়িত হৈ আছে ৷ এই মন্দিৰ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য পাবলৈ নাই ৷ এই মন্দিৰৰ প্ৰাংগণত থকা এক শিলালিপি অনুসৰি ১৭৫২ চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটো ন-কৈ নিৰ্মাণ কৰোৱাইছিল বুলি জনা যায় ৷ ১৮৯৭ চনত বৰ ভূঁইকঁপত এই মন্দিৰটোৰ বিস্তৰ ক্ষতি হয় আৰু পাছত ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত পুনৰ মেৰামতি কৰি নতুন কৰা হয় ৷
মন্দিৰৰ কাৰ্যপন্থা :- মন্দিৰত দৈনিক নৱগ্ৰহৰ পূজা-পাতল হোৱাৰ উপৰিও প্ৰতি বছৰে মাঘ-ফাগুনৰ সংক্ৰান্তিত মহা সমাৰোহেৰে তিনিদিনিয়াকৈ মহাযজ্ঞ অনুষ্ঠিত হয়৷ এই মন্দিৰত কোনো বলি-বিধানৰ ব্যৱস্থা নাই যদিও ছাগলী, হাঁহ, পাৰ আদি উছৰ্গা কৰাৰ উপৰি ব্যক্তিগত যাগ-যজ্ঞ হোম আদি কৰা হয় ৷
উত্স: বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা
বিল্বেশ্বৰ দেৱালয়:
অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ৷ নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰীশ্ৰ্ৰীবিল্বেশ্বৰ দেৱালয় অৱস্থিত৷ এই দেৱালয়ৰ মাটিৰ পৰিমাণ ৫,২৮০ বিঘা ১৪ লেচা৷ বৰ্তমান ইয়াৰ মাটিত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান গঢ়ি উঠিছে৷
মন্দিৰটো প্ৰতিষ্ঠাৰ আঁৰত কিছু জনশ্ৰুতি শুনা যায়৷ অতি প্ৰাচীন কালত ৰূপ নাৰায়ণ নামৰ এজন ব্ৰাহ্মণৰ ঘৰত এজনে কপিলী গাই আছিল৷ ব্ৰাহ্মণে ঘৰত গাইজনীৰ পৰা গাখীৰ নাপায়৷ কিন্তু ওচৰৰে টিলা এটাত থকা বিৰিণা এজোপাৰ ওচৰত তাইৰ ওহাৰৰ পৰা আপোনা-আপুনি গাখীৰ ওলাবলৈ ধৰে৷ ব্ৰাহ্মণে এদিন ওচৰ-চুবুৰীয়াৰ সৈতে সেই মাটিখিনি খান্দি চালে আৰু মাটিৰ তলত এক শিৱলিংগ আৱিষ্কাৰ কৰিলে৷ কোৰেৰে খান্দোতে হেনো লিংগটোৰ এফাল এৰাই গৈছিল৷ এতিয়াও তেনে অৱস্থাতে লিংগটো দেখা যায়৷ লৌহিত্য বংশৰ নাগাক্ষ বা নাগশংকৰ ৰজাই সেই কথা গম পাই হাতী লগাই শিৱলিংগটো উলিয়াব খুজিলে৷ কিন্তু বিফল হোৱাত তেওঁ তাতে এখন দেৱালয় সাজি দিলে৷ শিৱ বিৰিণাৰ তলত উদ্ধাৰ হোৱা বাবে কোৱা হয় বিৰিণাৰ ঈশ্বৰ- বিন্নেশ্বৰ, ক্ৰমে অপভ্ৰংশ হৈ বিল্বেশ্বৰ আৰু বেলশৰ হয়৷ নাগাক্ষ ৰজাই সজোৱা জামুগুৰিৰ ওচৰৰ নাগশংকৰ মন্দিৰৰ নিৰ্মাণ কৌশলৰ লগত এই দেৱালয়ৰ সাদৃশ্য আছে৷ আনহাতে কিছু পণ্ডিতে দ্বিতীয় শতিকাৰ নাগাংক ৰজাইহে বিল্বেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল বুলি মত প্ৰকাশ কৰিছে৷ পালবংশীয় ৰজা ধৰ্মপালে (১০০০-১০১৫) এই দেৱালয়ৰ যথেষ্ট উন্নতি সাধন কৰিছিল৷ দেৱালয়ৰ চৌহদৰ দেৱান পুখুৰীটো কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে খন্দোৱা৷ আনহাতে আহোম ৰজাসকলেও দেৱালয়খনক সমৃদ্ধিশালী হিচাপে গঢ়ি তুলিছিল।
উত্স: ৰাকেশ বৈশ্য
শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ
ছবি - শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰৰ সন্মুখভাগ
অসমৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ অৱস্থিত৷ প্ৰধানতঃ এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰা হয়৷ প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহত স্থানীয় লোকসকলে এই মন্দিৰত ফাকুৱা উৎসৱ উদ্যাপন কৰে৷
ইতিহাস :-
শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰৰ ভিতৰভাগ :-এই মন্দিৰৰ উৎপত্তি সম্বন্ধে প্ৰচলিত কাহিনী শুনা যায়৷ ইংৰাজৰ দিনত শাসন পৰিচালনাৰ বাবে স্থানীয় কিছুমান অভিজাতসম্প্ৰদায়ৰ হাতত শাসনৰ কিছু দায়িত্ব অৰ্পিত কৰা হৈছিল৷ ইয়াৰে নলবাৰী অঞ্চলত সদৰামীনৰ দায়িত্ব দিছিল গৰ্গৰাম বৰুৱাৰ ওপৰত৷ গৰ্গৰাম বৰুৱা আছিল পণ্ডিত আনন্দৰাম বৰুৱাৰ পিতৃ৷ গৰ্গৰাম বৰুৱা সদৰামীনৰ দায়িত্বত থকাৰ সময়ত এটা আচৰিত ঘটনা ঘটিছিল৷ বৰ্তমানৰ ৰঙিয়া নগৰৰ সীমাত অৱস্থিত জেকেৰীয়া নামৰ এখন গাঁৱৰ কাষতে সন্ধ্যাঝাৰ নামৰ এখন অটব্য অৰণ্য আছিল৷ সেই জেকেৰীয়া গাঁৱৰে এজন ব্ৰাহ্মণৰ ঘৰত এজনী কপিলী বৰণৰ গাই আছিল৷ গাইজনীয়ে হেনো নিতৌ শেষ নিশা ডিঙিৰ বান্ধ খুলি সন্ধ্যাঝাৰ অৰণ্যলৈ গৈ এজোপা বিৰিণা গছৰ ওপৰত ওহাৰ পাতি গাখীৰ ঢালি পুনৰ গোহালিলৈ ঘূৰি আহিছিল৷ সদৰামীন বৰুৱাই এই কথা গম পাই সেই ৰহস্য উদ্ঘাটন কৰাৰ বাবে বিৰিণা গছজোপা থকা ঠাইখিনি খন্দোৱালে আৰু তাতে এটা শ্ৰীকৃষ্ণৰ বিগ্ৰহ উদ্ধাৰ হ'ল৷ সেই মূৰ্তি সভক্তিৰে ৰাইজে শোভাযাত্ৰা কৰি আনি চন্দ্ৰভাৰতী পাহাৰত স্থাপন কৰে৷ তাতে আগৰে পৰা শ্ৰীশ্ৰীঘনশ্যাম ৰায়ৰো বিগ্ৰহ আছিল৷ তেতিয়াৰে পৰা সেই বিগ্ৰহৰ লগতে নতুন বিগ্ৰহৰো পূজা-সেৱা চলিবলৈ ধৰিলে৷ ক্ৰমে দৌল আৰু ফাকুৱা উৎসৱৰ দিন পালেহি৷ লগে লগে পূজাৰীৰ চিন্তা হ'ল কোনজন বিগ্ৰহক দৌলত তুলিব৷ অৱশেষত পূজাৰীয়ে বিগ্ৰহৰ আগত প্ৰণিপাত কৰি জনালে যে যিজন বিগ্ৰহক দৌলত থাপিব সেইজনে যেন চাৰি আঙুলি আগবাঢ়ি প্ৰমাণ দেখুৱায়৷ পাছদিনা পূজাৰীয়ে দেখিলে যে নতুনকৈ অনা বিগ্ৰহজনা চাৰি আঙুল আগবাঢ়ি আছে৷ এনে ঘটনাত পূজাৰী আচৰিত হ'ল৷ ইয়াৰ পিছতে যথাৰীতি নতুন বিগ্ৰহকে দৌলত স্থাপন কৰা হ'ল আৰু তেতিয়াৰে পৰা এইজনা বিগ্ৰহ দৌল গোবিন্দ নামেৰে জনাজাত হৈ পৰে৷
মন্দিৰৰ কাৰ্যসূচী :- ফাগুন-চ'ত মাহত কেইবাদিনীয়া কাৰ্যসূচীৰে ইয়াত দৌল উৎসৱ পালন কৰা হয়৷ ইয়াৰোপৰি দৈনিক অগণন ভক্তই আগবঢ়োৱা পূজা আৰু সেইসকলৰ মাজত ভোগৰ প্ৰসাদ বিতৰণ দৌল গোবিন্দ মন্দিৰৰ লক্ষণীয় বৈশিষ্ট্য৷
এই মন্দিৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত বাবে ইয়ালৈ যাবলৈ চৰকাৰী-বেচৰকাৰী বিভিন্ন নাওৰ ব্যৱস্থা আছে৷ একেদৰে গুৱাহাটীৰ পৰা শৰাইঘাট দলং পাৰহৈ ৰাষ্টাৰেও এই মন্দিৰলৈ যাব পাৰি৷
উত্স: বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা
শেহতীয়া উন্নীতকৰণ: : 4/23/2020