অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহোম বুৰঞ্জী সংস্কৃতি

আহোম বুৰঞ্জী সংস্কৃতি

সাহিত্যিক পেঞ্চনাৰ আৰু অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা প্ৰাপক উমেশ চেতিয়াই প্ৰণয়ন কৰা ‘আহোম বুৰঞ্জী আৰু সংস্কৃতি’ এখন তথ্য সমৃদ্ধি গ্ৰন্থ। লেখকে গ্ৰ্ন্থখন তিনিটা খণ্ডত ভাগ কৰিছে। প্ৰতিটো অধ্যায় বিশদভাৱে আলোকপাত কৰিছে। প্ৰথম খণ্ডত ২৪ টা অধ্যায়, দ্বিতীয় খণ্ডত ৩৫ টা আছে আৰু তৃতীয় খণ্ডত ৩ টা অধ্যায় আছে।

প্ৰথম খণ্ডত থকা অধ্যায়বোৰ হ’ল- টাই জাতি আৰু সভ্যতাৰ উৎস ভূমি, গৌৰবোজ্জল টাই আহোম জাতি, টাই আহোমৰ উৎপত্তি চ্যুকাফাৰ উপৰি পুৰুষ পুলিন পুথাও ৰজা সকল, চাওলুং চ্যুকাফাৰ অসম আগমন, চ্যুকাফাৰ পৰা চুহুংমুংলৈ, আহোমৰে উন্নতিৰ যুগ অসমৰ নেপোলিয়ন স্বৰ্গদেউ চুহুংমুং, চ্যুক্লেংমুঙ আৰু চ্যুখামকা স্বৰ্গদেউ প্ৰতাপ সিংহ (১৬০৩-১৬৪০ খৃঃ), চুৰমফাৰ পৰা জয়ধ্বজ সিংহলৈ আৰু মীৰজুমলাৰ অসম আক্ৰমণ, স্বৰ্গদেউ চক্ৰধ্বজ সিংহ আৰু মোগল সেনাপতি ৰাম সিংহৰ অসম আক্ৰমণ, স্বৰ্গদেউ উদয়াদিত্য সিংহ আৰু শৰাইঘাটৰ যুদ্ধ, অস্থিৰ যুগ : যুদ্ধসন্ধিৰ যুগ, ল’ৰা ৰজা চুলিকফা আৰু জয়মতী কুঁৱৰীৰ শাস্তি, স্বৰ্গদেউ গদাধৰ সিংহ, স্বৰ্গদেউ ৰুদ্ৰসিংহ : আহোমৰ গৌৰৱোজ্জ্বল যুগ, শিৱসিংহ আৰু বৰ ৰজা ফুলেশ্বৰী কুঁৱৰী, স্বৰ্গদেউ প্ৰমত্ত সিংহ আৰু স্বৰ্গদেউ ৰাজেশ্বেৰ সিংহ, লক্ষ্মী সিংহ আৰু গৌৰী নাথ সিংহ : মোৱামৰীয়া বিদ্ৰোহ, স্বৰ্গদেউ কমলেশ্বৰ সিংহ, চন্দ্ৰকান্ত সিংহ : বদন আৰু পূৰ্ণনন্দ বুঢ়াগোহাঁইৰ বিবাদ আৰু মানৰ আক্ৰমণ, বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ : গোমধৰ কোঁৱৰ, শ্বহীদ পিয়লি ফুকন আৰু বৃটিছৰ কৰতলীয়া স্বৰ্গদেউ পুৰন্দৰ সিংহ।

দ্বিতীয় খণ্ডত থকা অধ্যায়বোৰ হ’ল- আহোম সকলৰ বিভিন্ন খেল বা ফৈদ, আহোম স্বৰ্গদেউ সকলৰ গৃহ দেৱতা ‘চোমদেও’, আহোম যুগৰ হেংদান : এক পৰম্পৰাগত সম্পদ, আহোম যুগৰ শাসন ব্যৱস্থা, আহোমৰ কূটনৈতিক ব্যৱস্থা : পাহাৰীয়া জাতিৰ লগত সম্বন্ধ, আহোম যুগৰ সামৰিক ব্যৱস্থা, আহোম ৰাজত্বত বিচাৰ ব্যৱস্থা, আহোম ৰাজত্ব কালৰ ভূমি-ৰাহজ ব্যৱস্থা, আহোম শাসন কালত শিল্প উদ্যোগ, প্ৰসাধন সামগ্ৰী আৰু সাঁচি পাতৰ উদ্যোগ, আহোম দিনত ব্যৱসায়-বাণিজ্য, আহোম যুগৰ কৃষি ব্যৱস্থা, আহোম যুগৰ মুদ্ৰা, আহোম যুগৰ শিক্ষা ব্যৱস্থা, আহোম ৰাজত্ব কালত চিকিৎসা ব্যৱস্থা, আহোমৰ দিনত খেল-ধেমালি, আহোমৰ দিনত খনিজ সম্পদ আৰু বনজ সম্পদ, আহোমৰ দিনৰ চিৰিয়াখানা পহু গড়, আহোম ৰাজত্ব কালত নাৰীৰ স্থান, খাদ্য সম্ভাৰ-ভোজন বিলাস, আহোমৰ দিনত ভাষা-সাহিত্য চৰ্চা, সঙ্গীত-নৃত্য-বাদ্য চৰ্চা, আহোম যুগৰ বুৰঞ্জী সাহিত্য সংগ্ৰহ, সংৰক্ষণ আৰু সম্পাদনা, আহোম ৰাজত্বত চিত্ৰ-ভাস্কৰ্য চৰ্চা,আহোম যুগৰ স্থাপত্য, আহোম সকলৰ বিবাহ পদ্ধতি-চকলং, আহোমৰ মৈদাম দিয়া প্ৰথা, স্বৰ্গদেউ সকলৰ সিংহাসন আৰোহণ আৰু ৰাজ অভিষেক, আহোম যুগৰ আ-অলংকাৰ আৰু সাজ-পাৰ, আহোম যুগৰ ধৰ্ম ধাৰা আৰু পূজা-পাৰ্বন, মে-ডাম-মেফি, ‘ঙি-ঙ্যাও-খাম’ : উৰণীয়া পাখি লগা ড্ৰেগন, আহোম যুগৰ মথাউৰি আৰু পুখুৰী, মেলডগীয়া ৰজা আৰু কুঁৱৰী মেল, অহোম স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়াৰ সুবচনী : বুৰঞ্জীৰ বাণী আৰু মুছলমানৰ দ্বাৰা আহোমৰ ৰাজ্য আক্ৰমণ আৰু পৰাজয় বৰণ।

তৃতীয় খণ্ডত থকা অধ্যায়বোৰ হ’ল- আহোম জাগৰণৰ ইতিহাস, টাই আহোমৰ বিভিন্ন সংঠন সমূহৰ জন্ম আৰু ১২২৮ খ্ৰীষ্টাব্দৰ পৰা ১৮৩৮ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰা আহোম স্বৰ্গদেউ সকল।

গ্ৰন্থ খনৰ ‘আগ কথা’ত লেখকে এনেদৰে লিখিছে “… আহোম যুগত অসম বুৰঞ্জী অনেক ৰচিত হৈছিল যদিও সেইবোৰ সম্পূৰ্ণ বুলি ক’ব নোৱাৰি। চাৰ এডৱাৰ্ড গেইটৰ ‘A History of Assam’, হিতেশ্বৰ বৰবৰুৱাৰ ‘আহোম দিন’, সৰ্বানন্দ ৰাজকুমাৰৰ ‘ইতিহাসে সোঁৱৰা ছশটঅ বছৰ’, ইউ. এন. গোহাঁইৰ ‘Assam under Ahom’, ৰায়চাহাব গোলাপচন্দ্ৰ বৰুৱাৰ ‘আহোম বুৰঞ্জী’ আদি কেইখন মান পূৰ্ণাঙ্গ বুৰঞ্জী ৰচিত হৈছে যদিও এইবোৰ বুৰঞ্জীতো কিছু কিছু দিশ বাকী ৰৈ গৈছে বুলি ধাৰণা কৰা হৈছে। সেয়েহে ‘আহোম বুৰঞ্জী আৰু সংস্কৃতি’ নামৰ গ্ৰন্থ খনি লিখিবলৈ প্ৰয়াস কৰা হ’ল…”।

এই গ্ৰন্থখন প্ৰকাশ কৰিছে ধেমাজিৰ কিৰণ প্ৰকাশনে আৰু ইয়াৰ মূল্য ২৩০ টকা। গ্ৰন্থখনত মুঠ ৩৫৮ পৃষ্ঠা আছে। এই গ্ৰন্থখন সংৰক্ষণযোগ্য। এনে এখন গৱেষণা মূলক গ্ৰন্থ প্ৰণয়ন কৰা বাবে উমেশ চেতিয়া আৰু প্ৰকাশ কৰি ৰাইজৰ মাজত দাঙি ধৰা বাবে ধেমাজি কিৰণ প্ৰকাশনক ধন্যবাদ জনাইছোঁ। গ্ৰন্থখন আধুনিক নাট্য সাহিত্যৰ পুৰোধা নাট্যকাৰ, সাহিত্যাচাৰ্য, অধ্যাপক যোগেন চেতিয়া দেৱৰ পাবিত্ৰ স্মৃতিত উচৰ্গা কৰিছে। গ্ৰন্থ খন লিখোতে সহায় লোৱা ৭২ খন গ্ৰন্থৰ নাম ‘পৰিশিষ্ট’ত উল্লেখ কৰিছে।

লেখক: ডঃ বুলজিৎ বুঢ়াগোহাঁই, স্বৰ্ণলিপি।

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate