সতী জয়মতী অসম বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰোৱা এটি নাম। তেওঁ আছিল ছশবছৰীয়া আহোম ৰাজত্বকালৰ বিষয়ববীয়া বৰগোঁহাই বংশৰ জীয়াৰী। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত মাদুৰী নামৰ ঠাইখনি আহোম ৰাজত্বকালৰ বৰগোঁহাই ডাঙৰীয়াসকলৰ বসতিস্থান আছিল। এই চহৰ আহোম ৰাজত্বৰ ৰাজধানী গড়গাঁৱৰপৰা আঠমাইলমান দক্ষিণ-পশ্চিমত অৱস্থিত। জনশ্ৰুতি আছে যে মহাভাৰতত উল্লেখ থকা যি মাদুৰী বনেৰে মৰামৰি কৰাৰ ফলত যদুবংশ ধ্বংস হৈছিল, সেই মাদুৰী নামৰ বনবিধ এই ঠাইত গজিছিল বাবেই ঠাইখনিক মাদুৰী নামেৰে জনা যায়। এই মাদুৰীৰেই বৰগোঁহাই বংশৰ লাইথেপেনা বৰগোঁহাইৰ ঔৰসত চন্দ্ৰদাৰুৰ গৰ্ভত জয়মতীৰ জন্ম হয়। জয়মতী আছিল লাইথেপেনা বৰগোঁহাইৰ বৰজী আৰু সাতোটা ল’ৰাসন্তানৰ পাছত জন্ম হোৱা জয়মতীৰ ভনীয়েক আঠজনী আছিল যদিও দেউতাক, ককায়েক, মাক আৰু মাহীমাকহঁতৰ অতি মৰমৰ আছিল। মৰম আকলুৱা আছিল যদিও জয়া অতি দৃঢ়মনা, সকলো কামলৈকে আগ্ৰহী আৰু অতি বাধ্য আছিল।
জয়মতীৰ দেউতাকৰ ওচৰলৈ অহা মানুহবিলাকৰ লগত হোৱা তেওঁৰ বাৰ্তালাপসমূহ জয়মতীয়ে অতি কম বয়সৰপৰাই শুনিছিল আৰু দেউতাকৰ মুখেৰেই জয়মতীয়ে বিভিন্ন ৰণসমূহ আৰু ৰণৰ বীৰত্বৰ কথা শুনিছিল। সেই সময়ত বিশ্বাস কৰা হৈছিল যে ৰণলৈ কৱচ কাপোৰ পৰিধান কৰি গ’লে ৰণত জয়লাভ হয় । কৱচ কাপোৰ হ’ল একে ৰাতিৰ ভিতৰতে অতি কষ্টেৰে আহোম তিৰুতাসকলে সূতা কাটি বৈ দিয়া কাপোৰ। আহোম তিৰুতাৰ এনে ত্যাগৰ কথাবিলাক জয়মতীয়ে মাহীমাকহঁতৰ মুখেৰে শুনিছিল আৰু কৱচ কাপোৰ ব’বলৈকো শিকিছিল। আৰু সেই কৱচ কাপোৰ পিন্ধিয়েই যে কোনোবা ৰাজকোঁৱৰে জয়াক বিয়া কৰি লৈ যাব সেই কথাও তাই মাহীমাকহঁতৰ মুখেৰে শুনিচিল আৰু সেই কথাবোৰে জয়াৰ মনত সাঁচ বহুৱাই গৈছিল।
এদিন যেতিয়া ভনীয়েকহঁতৰ লগত পদূলিত ৰৈ জয়মতীয়ে ককায়েকহঁতে খেলা নাওখেল চাই আছিল, সেই সময়তেই টিংখাঙৰপৰা গেলেকী বৰবিললৈ অহা গোবৰ ৰজাৰ পুত্ৰ গদাপাণি কোঁৱৰৰ ভোক আৰু পিয়াহ লগাত কিবা খাবলৈ বুলি জয়মতীৰ ঘৰতেই সোমাল। জয়মতীয়ে গদাপাণিক পানী আনি দিছিল আৰু আলহী অহাৰ কথা দেউতাকক কৈছিল। দেউতাকে পাছত তুংখঙীয়া ফৈদৰ গদাপাণিৰ পৰিচয় পাই অতি আনন্দিত হৈছিল। জয়মতীৰ মাক আৰু মাহীমাকহঁতে গদাপাণিক অপ্যায়িত কৰাৰ ব্যৱস্থা কৰিছিল আৰু ভৰি-হাত ধুবৰ বাবে জয়মতীয়ে গদাপাণিক পুখুৰীলৈ লৈ গৈছিল। পুখুৰীত নামোতেই এটা প্ৰকাণ্ড শিলে অসুবিধাৰ সৃষ্টি কৰাত গদাপাণিয়ে সেই প্ৰকাণ্ড শিলটো আয়াসতে দাঙি নি আঁতৰাই লৈছিল। গদাপাণিৰ এই আচৰিত কাণ্ড জয়মতী, জয়মতীৰ ককায়েক দুজনমান আৰু দেউতাকেও প্ৰত্যক্ষ কৰিছিল। বিশেষকৈ জয়মতীয়ে তধা লাগি চাই ৰৈছিল। গদাপাণি জয়মতীৰ ঘৰৰপৰা গ’ল কিন্তু জয়মতীৰ চকুৰ আগত গদাপাণিৰ ছবিখনি ভাঁহি ৰ’ল।
কিছুদিন গ’ল। এনেতে এদিন কটকীৰ জৰিয়তে খবৰ আহিল যে গোবৰ ৰজাৰ পুত্ৰ গদাপাণিলৈ জয়মতীক বিয়া কৰাই নিব বিচাৰে। এই কথাত জয়মতীৰ দেউতাকেও কোনো আপত্তি নকৰিলে। পাছত দিন-বাৰ সকলো ঠিক হ’ল আৰু এনেকৈয়েই এদিন গদাপাণিয়ে জয়মতীয়ে দিয়া কৱচ কাপোৰ আৰু হেংদাং গ্ৰহণ কৰি আহোমৰ নিয়ম অনুসৰি চকলং পদ্ধতিৰে বিয়া কৰি নিয়ে।
“নাৰীৰ জীৱনত ত্যাগেই অলংকাৰ আৰু পতিয়েই দেৱতা” – এই কথাকেই শিৰোধাৰ্য কৰি জয়মতীয়ে পৰৱৰ্তী জীৱনত নিজকে উচৰ্গা কৰিছিল। গদাপাণি কোঁৱৰ আৰু জয়মতীৰ যুগ্মজীৱন সুখেৰেই অতিবাহিত হৈছিল। শাহুৱেকৰপৰাও জয়মতীয়ে মৰম-চেনেহ পাইছিল। গদাপাণি আৰু জয়মতীৰ যুগ্মজীৱনৰ সাক্ষীস্বৰূপে দুটি পুত্ৰসন্তানৰ জন্ম হৈছিল। নাম ৰাখিছিল লাই আৰু লেচাই।
কিন্তু নিয়তিৰ পৰিহাস। সেই সময়তেই দেশত সিংহাসনক লৈ ডাঙৰীয়া আৰু ৰাজবিষয়াসকলৰ মাজত টনা-আজোৰা আৰু খামখেয়ালিৰ সৃষ্টি হৈছিল। গোবৰ ৰজাৰ মৃত্যুৰ পাছতেই দেবেৰা বৰবৰুৱা, আতন বুঢ়াগোঁহাই আৰু লালুকসোলা বৰফুকন ক্ষমতালোভী হৈ উঠিছিল। ক্ষমতালোভী আৰু স্বাৰ্থপৰ ৰাজবিষয়া লালুকসোলা বৰফুকনে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহাইক হত্যা কৰি চামগুৰীয়া ফৈদৰ ১৪ বছৰীয়া কোঁৱৰ চুলিকফাক ৰাজ সিংহাসনত অধিষ্ঠিত কৰায়। অতি কম বয়সতেই ৰজা হোৱাৰ বাবে চুলিকফাক ল’ৰাৰজা বুলিও কোৱা হয়। ল’ৰাৰজালৈ লালুকসোলা বৰফুকনে নিজৰ পাঁচবছৰীয়া কন্যাক বিয়া দি ক্ষমতাৰ বাঘজৰী নিজৰ হাতলৈ নিবৰ বাবে চেষ্টা কৰিছিল। সিংহাসনৰ লালসাত তেওঁ বহুতো ষড়যন্ত্ৰ ৰচনা কৰিছিল। আহোমৰ নিয়ম অনুসৰি কোনো ঘূণীয়া মানুহ ৰাজপাটত বহিব নোৱাৰিছিল। সেয়েহে লালুকসোলাই ৰজা হ’ব পৰা সকলো ফৈদৰ ৰাজকোঁৱৰসকলক অংগক্ষত কৰাবৰ বাবে নিজ হাতৰ পুতলাস্বৰূপ চুলিকফাৰ জৰিয়তে ব্যৱস্থা কৰে। লালুকসোলাৰ আদেশত ল’ৰাৰজাই অন্যান্য ফৈদৰ সকলো কোঁৱৰকে অংগক্ষত কৰোৱালে। কিন্তু গদাপাণি কোঁৱৰক অংগক্ষত কৰিবলৈ সক্ষম নহ’ল। এই গদাপাণিয়েই আছিল লালুকসোলাৰ প্ৰধান অন্তৰায়। কিয়নো গদাপাণি আছিল ৰজা হোৱাৰ বাবে সকলো ফালৰপৰাই উপযুক্ত এজন কোঁৱৰ। ৰূপ-গুণ, বল-বীৰ্য সকলো দিশতেই আন কোঁৱৰসকলতকৈ তেওঁ উপযুক্ত আছিল আৰু লগতে তেওঁ ৰাজপুত্ৰৰ লগতে বৰগোঁহাইৰ জোঁৱায়েকো আছিল। গতিকে লালুকসোলাই গদাপাণিক অংগক্ষত বা হত্যা কৰোৱাবৰ বাবে ল’ৰাৰজাৰ নিৰ্দেশেৰে সকলো ফালৰপৰাই ব্যৱস্থা ল’লে। এই কথা গম পোৱাত জয়মতীয়ে গদাপাণিক পলাই যাবলৈ অনুৰোধ কৰিছিল। প্ৰথম অৱস্থাত গদাপাণি মান্তি হোৱা নাছিল যদিও জয়মতীয়ে কাকূতি-মিনতি কৰাত আত্মগোপন কৰিবলৈ মান্তি হৈছিল। গদাপাণিক বিচাৰি নাপাই বৰফুকনৰ মানুহে এদিন জয়মতীক ৰাজচ’ৰালৈ মতাই আনিছিল। গদাপাণি ক’ত গ’ল সেই বিষয়ে সোধা-পোছা কৰিলে। কিন্তু জয়মতীয়ে নিজ স্বামীৰ বিষয়ে একোৱেই নক’লে। সেয়েহে জয়মতীক বন্দীশালত বন্দী কৰি ৰখা হ’ল। পাছদিনা বন্দীশালৰপৰা আনি ন্যায়সোধা বৰফুকনৰ সন্মুখত জয়মতীক গদাপাণি সম্পৰ্কে বাতৰি সুধিলে। জয়মতীয়ে তেতিয়াও একো নক’লে। এই কথাত লালুকসোলা বৰফুকনৰ আদেশত চাওদাং দুটামানৰ হতুৱাই জয়মতীক বন্দী কৰি জেৰেঙা পথাৰলৈ লৈ গ’ল। তাৰ পাছত জয়মতীৰ মুখেৰে গদাপাণিৰ বাতৰি উলিয়াবৰ বাবে এটাৰ পাছত এটাকৈ বহুতো অমানুষিক অত্যাচাৰ চলি গ’ল। কাঁইটীয়া গছৰ আঁচোৰত জয়মতীৰ গা তেজেৰে ৰাঙলী হ’ল। সৌকা আৰু চমটাৰ কোবত জয়মতীৰ গাৰ কাপোৰ-কানি ফাটি চিৰাচিৰ হ’ল। জুইত গৰম কৰি ৰঙা হোৱা লোহা লগোৱাৰ ফলত জয়মতীৰ শৰীৰৰ বিভিন্ন অংশত ঢৌ উঠি গ’ল। তথাপিও নিজ স্বামীৰ বিষয়ে জয়মতীয়ে এষাৰো মাত নামাতিলে । গাত উতলা পানী ঢালি দিয়া হ’ল, চোৰাত পাত লগাই দিয়া হ’ল। নাই। যত যিমান শাস্তি দিলেও জয়াই নিজ স্বামীৰ বিষয়ে একোৱেই নামাতিলে। তেওঁ স্থিৰ হৈয়ে ৰ’ল। গদাপাণি কোঁৱৰে আত্মৰক্ষাৰ বাবে বহুতো ঠাইত পলাই ফুৰিছিল। তেওঁ নগাপাহাৰত নগাৰজাৰ ওচৰতো আশ্ৰয় লৈছিল। তাতেই তেওঁৰ ডালিমীৰ লগত প্রেমৰ সম্পৰ্কও গঢ় লৈছিল । অহুকানে-পহুকানে গদাপাণিয়ে জয়মতীৰ এনে দশা হোৱাৰ খবৰ পাইছিল আৰু এদিন ছদ্মবেশ ধৰি কুঁৱৰীক চাবলৈ আহিলে। আহি চাওদাঙে শাস্তি দিয়া অৱস্থাতেই তেওঁ জয়মতীক দেখা পালেহি। ছদ্মবেশত অহা গদাপাণিয়ে জয়মতীক তেওঁৰ বিষয়ে কৈ দিবলৈ কৈছিল। কিন্তু জয়মতী নিজ বিশ্বাসত অলৰ-অচৰ হৈ থাকিল। কিবা প্ৰকাৰে জয়মতীয়ে গদাপাণিক চিনি পালে আৰু আৰু আকাৰে ইংগিতেৰে তাৰপৰা সোনকালে পলাই যাবলৈ ক’লে। তেওঁ নিজ চকুৰ আগতে জয়মতীয়ে অশেষ শাস্তি ভোগ কৰিও কোনোপধ্য স্বামীৰ কথা নজনোৱাত জয়মতীৰ স্থিৰ মনোভাৱ বুজি পালে। উপায় নাপাই গদাপাণি যাবলৈ বাধ্য হ’ল। এয়েই আছিল গদাপাণি আৰু জয়মতীৰ অন্তিম দেখা।
এদিন দুদিনকৈ জয়মতীক শাস্তি দিয়া তেৰটা দিন হ’লগৈ। দিনৰ পাছত ৰাতি আৰু ৰাতিৰ পাছত দিন সেই একেঠাইতেই জয়াই বিভিন্ন দুখ-যন্ত্ৰণাৰে অতিক্ৰম কৰিলে। নানা শাস্তি ভোগ কৰিলে। ফলত জয়াৰ দেহত বল-শক্তি বুলিবলৈ একো নোহোৱা হ’লগৈ। তেওঁৰ অৱস্থা এনেকেুৱা হৈছিলগৈ যে বাটৰুৱায়ো দেখি চকুলো টুকিছিল। সৰ্বশৰীৰ ক্ৰমে তললৈ হাওলি পৰিছিল। জয়াৰ ওচৰত শুনা গৈছিল কেৱল কেঁকনি-গেঁথনি আৰু দীঘল দীঘলকৈ অতি কষ্টেৰে লোৱা উশাহ-নিশাহৰ শব্দ। শাস্তিৰ চৈধ্য নম্বৰ দিনটোত ৰাতিপুৱা বেলা জয়াই কেইটামান দীঘল দীঘল উশাহ লৈছিল আৰু দুধাৰি চকুলো দুগালেৰে বৈ গৈছিল। এয়ে আছিল তেওঁৰ অন্তিম সময়। এনেকৈয়ে জয়মতীয়ে সকলো অত্যাচাৰ মূৰ পাতি লৈ নিজৰ মৃত্যুক হেলাৰঙে আঁকোৱালি লৈছিল। এইদৰেই জয়মতীয়ে দেশৰ মংগলৰ বাবে আৰু স্বামীৰ জীৱন ৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি সতীত্বৰ চানেকি দি থৈ গ’ল। জয়মতীৰ এনে আদৰ্শ সমগ্ৰ বিশ্বতে বিৰল।
জয়মতী কুঁৱৰীৰ ত্যাগ অথলে নগ’ল। তেওঁৰ মহান ত্যাগৰ ফলতেই ১৬৮১ খ্ৰীষ্টাব্দত গদাপাণিয়ে গদাধৰ সিংহ নাম লৈ ৰাজপাটত উঠিল আৰু অসমৰ সংকটৰ কালৰো অৱসান ঘটিল। গতিকে এইক্ষেত্ৰত মহাসতী জয়মতীৰ অৱদান অতুলনীয়। তেওঁৰ ত্যাগৰ আদৰ্শ আৰু স্মৃতি আমাৰ মাজত সদায় জীয়াই থাকিব।
শেষত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীতৰ কথাৰে ক’ব বিচাৰোঁ-
‘‘লুইতৰে পানী
যাবি অ’ বৈ
জয়াৰে কীৰিতি
দেশে বিদেশে
চহৰে- নগৰে
ফুৰিবি কৈ।’’
জয়মতী সমগ্ৰ অসমীয়াৰ বাবেই গৌৰৱ।
দেৱ ভূষণ
শেহতীয়া উন্নীতকৰণ: : 4/9/2020