অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰুদ্ৰসিংহ,ৰাজেশ্বৰ সিংহৰ কীৰ্তীচিহ্ন মাঘনোৱা দৌলৰ কিছু কথা

ৰুদ্ৰসিংহ,ৰাজেশ্বৰ সিংহৰ কীৰ্তীচিহ্ন মাঘনোৱা দৌলৰ কিছু কথা

ছশ বছৰীয়া আহোম সাম্ৰাজ্যৰ “অসম বুৰঞ্জীৰ”  এক সোণালী অধ্যায়। আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব কালত নিৰ্মাণ কৰা  গৌৰৱোৰ্জ্জ্বল ভীৰ্তিচিহ্ন বৰ্তমানেও  অসমৰ নজহা নপমা সম্পদ হৈ ধ্বজা বহন কৰি আহিছে। ইয়াৰে এক ঐতিহাসিক ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ আটাইতকৈ দীঘল নৈ পিছলাৰ পাৰত নাৰায়ণপুৰৰ সমিপৱৰ্তী  ৰঙতি গাঁও পঞ্চায়তৰ অৰ্ন্তগত মাঘনোৱা গাঁৱত অৱস্থিত। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালত ( ১৬৯৮-১৭১৪) ৰ ১৭০৫ খ্ৰীষ্টাব্দত নিমাৰ্ণ  কৰা মাঘনোৱা দৌলক ফুলবাৰী দেওঘৰ আৰু বৰকালিকা থান বুলিও কোৱা হৈছিল। এই দৌলৰ পশ্চিম দিশে প্ৰবাহিত হৈছে পিছলা নদী। কালিকা পুৰাণ শাস্ত্ৰত পিছলা নৈক পবিত্ৰ গংগা বুলি অভিহিত কৰিছে। পিছলাক “ণৌতমস্য মহাফল”  বুলিও উল্লেখ কৰিছে , কিয়নো ; পিছলা নদীত গৌতম ঋষিয়ে স্নান কৰি দিব্যজ্ঞান লাভ কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই পিছলা নদীত স্নান কৰি দৌলৰ শক্তি পীঠত পূজা সেৱা কৰিছিল। দৌলটোৰ উচ্চতা ৫০ ফুট। সেই সময়ত দৌলৰ চাৰিসীমাৰ ভূমি আছিল ৩৩ বিঘা ১৫ লোচা। ৰুদ্ৰসিংহই শক্তিপীঠ দৌলৰ ওচৰতে মাঘনোৱা নামৰ বিলখনো খন্দাইছিল। মাঘনোৱা বিলৰ মাটিকালি আছিল ৮৯ লোচা। সুউচ্চ দৌলৰ স্তম্ভত সোণৰ কলচিয়ে সোণত সুৱগা চৰাইছিল।

১৭৫১- ১৭৬৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মাঘনোৱাত বাহৰ পাতি আছিল আৰু এই পিছলা নৈত স্নান কৰি দৌল দেৱালয়ত গোসাঁনী সেৱা কৰা বুলি বুৰঞ্জীয়ে কয়। ৰুদ্ৰ সিংহই মাঘনোৱা দৌলটি ইটা ,বৰা চাউল, মাটিমাহ, কণী, শীল, চুন আদিৰে নিৰ্মাণ কৰা এক নিপুন ভাস্কৰ্য। ইয়াৰ পকা দেৱাল সমূহত বিভিন্ন দেৱ দেৱীৰ মূৰ্তি  খোদিত কৰা আছে। দৌলৰ বাহিৰত আইৰ (থান) বিগ্ৰহত এতিয়াও তেল সেন্দুৰ পিন্ধাই বিভিন্ন ভক্তই পূজা অৰ্চনা  কৰি আহিছে। পৃথকে আছে গুৰু আসন। শেহতীয়াকৈ হৰিমিশ্ৰ নামৰ এজন বৈষ্ণৱে এই গুৰু আসন প্ৰতিস্থা কৰিছিল। এতিয়া এই গুৰু আসনত বৈষ্ণৱ ধৰ্ম্মৰ লোক আহি সেৱা পাঠ কৰে। তাৎপৰ্য্যপূণ  যে দৌলৰ আন্তঃস্থলত আছে “নাগ” বিগ্ৰহ। আন্তঃ ভাগ গুঢ়া সদৃশ ঘোপমৰা আন্ধাৰ। পকী মজিয়াখনত চেচাঁ চেচাঁ এক জয়াল শিহৰণ অনুভৱ হয়। ভিতৰৰ ওখ দেৱালসমূহ বোৱতী নদীৰ শিলাখণ্ডৰ শেলুৱৈৰ দৰে মসৃণ। এয়া হয়তো “মনসা”  পূজাৰ ৰজাদিনীয়া গুপুত পূজাথলী। এই নাগ বিগ্ৰহৰ পৰাই নিসন্দোহে থাৱৰ কৰিব পাৰি আহোম স্বৰ্গদেউসকলে মনসা পূজা কৰিছিল।

বাৰ মাহৰ মাঘ মাহটো পবিত্ৰ বৰমাহ হিচাবে জ্ঞান কৰা হয়। আৰু এই বৰমাহতে বিগ্ৰহ নোওৱা ধুউৱা কৰা হৈছিল সেয়ে মাঘনোওৱা দৌল আৰু কালক্ৰমত মূখ বাগৰি মাঘনোৱা দৌল হয়গৈ। ৰজা দিনত দৌলত বলি দিয়াৰ প্ৰথা আছিল। আজিকালি দৌলৰ বাহিৰত শান্তিৰ বাবে পাৰ চৰাই উৰুওৱা দেখা যায়।

ৰুদ্ৰ সিংহই ইয়াত বাহৰ পাতি থকা কালচোৱাতে যম, যজা, গৰকা আৰু ফুলবৰীয়া নামৰ চাৰিঘৰ ঠাকুৰ ৰাখিছিল। এওঁলোকেই দৌলৰ পূজা সেৱা সমিপৱৰ্তী “যমৰনগৰ”  গাঁওখন আছে। মানৰ আক্ৰমনত এই পৱিত্ৰ হিন্দু পীঠত গো হত্যা কৰা হ’ল। সেয়ে প্ৰবিত্ৰ দৌল দেৱালয় অপবিত্ৰ হোৱাৰ বাবে তাত থকা পূজাৰীসকল দৌল ত্যাগ কৰি গুচি যায়। মানসকলে ইয়াত থকা ধন সোণ মূল্যবান সম্পদ লুট কৰি নিয়ে। দৌলৰ সুউচ্চ স্তম্ভত থকা সোণৰ কলচিটো লৈ যায়। মানৰ অত্যাচাৰত দৌলৰো ক্ষতি সাধন হয়। দৌলৰ  চাৰিও দিশে ইটাৰ দেৱাল আছিল। এই দেৱালক পকী ঢাপ বুলিছিল। পকী ঢাপৰ বাহিৰে  মাটিৰ ওখ ঢাপ আছিল। ইয়াক কেঁচা ঢাপ বুলিছিল। সম্প্ৰতি ইয়াত ৰজাদিনিয়া পকী ঢাপ –কেচা ঢাপ একোৱেই চিন মোকাম নাই। স্বৰ্গদেউ ৰুদ্ৰ সিংহই খন্দোৱা মাঘনোৱা বিল পোত গ’ল।  বিলৰ চিন  মকাম নাই। ৮৯ লোচাৰ মাটিকালিৰ জলাশয়, তৰা, নল- খাগৰীৰ দোপনি বিলখন ১৯৮০ চনৰ পিছলা আৰু দ্ৰোপাং নদীৰ বানপানীয়ে পাৰ খহাই পেলায়। প্ৰায় দুটামান বছৰৰ বানপানীয়ে বালি পেলাই বিলখন পুতি পেলায়।। যদিও দৌলৰ চাৰিওফালৰ থকা ইটাৰ দেৱাল বুলনিঘৰ, বাটচৰা মাটিৰ ওখ ওখ গড় আদিৰ ভগ্নাৱশেষ ৰক্ষনাবেক্ষন দিব পৰা নগ’ল। সম্প্ৰতি দৌলৰ সন্মুখৰ দেৱাৰ খনত ফাট মেলাতো অতি পৰিতাপৰ বিষয়।

লেখিকা: নিৰুপমা বৰা।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate