অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কমলা ৰসেৰে ৰন্ধা মুৰ্গী মাংস

কমলা ৰসেৰে ৰন্ধা মুৰ্গী মাংস

উপকৰণ

চিকেন জোখত টুকুৰা কৰি লওক। ভাল অংশবোৰহে ল’ব। পিয়াঁজ-আদা বঁটা লওক। আদা বেছি নিদিব। জিৰা-ধনিয়া আধা চামুচকৈ ল’ব। জোখমতে নিমখ দিব। কমকৈ হালধি, দুটা কেঁচা জলকীয়া, ডাঙৰ হ’লে এটা সৰু হ’লে দুটা কমলা, জোখমতে ৰিফাইণ্ড অইল।

প্ৰণালী

কেৰাহীত ৰিফাইণ্ড তেল গৰম কৰি পিয়াঁজ-আদা সামান্য ৰঙা হোৱাকৈ ভাজি তাতে চিকেন দিয়ক। জিৰা ধনিয়া গুড়ি, নিমখ-হালধি দি ভালকৈ লৰাই ভাজক। জুই কমাই ঢাকোন দি মাজে মাজে লাহেকৈ লৰাই থাকিব। এটা পাত্ৰত কমলাৰ ৰস উলিয়াই লওক। গুটি থাকিবলৈ নিদিব। মাংস আধা সিজি আহিলেই কমলাৰ ৰস ঢালি দিব। দৰকাৰ হ’লে একাপ পানী দিব। কম জুইত মাংস সম্পূৰ্ণকৈ সিজিবলৈ দিয়ক। জলকীয়া দুফাল কৰি প্ৰথমতেই গৰম তেলত দিব পাৰে বা পাছতো দুফাল কৰি দিব পাৰে। মাংস সিজি আহিলে নমাই থওক।

উৎস: অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 7/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate