অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জুতি লগা বৰ

কলডিলৰ বৰ

আঠীয়া কলৰ কলডিলটোৰ ওপৰৰ কেইটামান বাকলি আঁতৰাই লৈ পৰিষ্কাৰ পানীত ধুই কলডিলটো চোকা কটাৰীৰে অঁকিয়াই লৈ প্ৰেছাৰ কুকাৰ বা কেৰাহীত অলপ পানী আৰু অকণমান নিমখ দি সিজাই লওক। সিজিলে পানীৰ পৰা টুকি লৈ ঠাণ্ডা হ’বলৈ দিয়ক। চোকা ছুৰী-কটাৰীৰে সিজোৱা কলডিলটো ডেৰ ইঞ্চি, দুই ইঞ্চি জোখত টুকুৰা কৰক। বেছন, আটা নাইবা পিঠাগুড়িত অকণমান জীৰাগুড়ি, জালুকৰ গুড়ি নাইবা জলকীয়া গুড়ি মিহলাই পানী দি থপথপীয়া কৰি গুলি লওক। কলডিলৰ টুকুৰাবোৰ গুলি থোৱা বেছনত লেটিয়াই লওক। গুলি থোৱা বেছনত আন্দাজ মতে নিমখ মিহলাবলৈ নাপাহৰিব। কেৰাহীত তেল গৰম কৰক। তেল পকিলে বেছন মিহলোৱা টুকুৰাবোৰ ডোখৰ ডোখৰকৈ ৰঙচুৱাকৈ ভাজক। গৰমে গৰমে পৰিৱেশন কৰক। ই বৰ পুষ্টিকৰ খাদ্য।

ৰঙালাউ ফুলৰ বৰ

ৰঙালাউ গছৰ বঁজা ফুল মৰহি নৌযাওঁতেই ছিঙি আনক। ফুলপাহ ভালকৈ মেলি চাই ধুই লওক। অকণমান বেছন বা ভজা পিঠাগুড়িত জীৰাগুড়ি, জলকীয়া গুড়ি, নিমখ অকণমান দি পানীত থপথপীয়াকৈ গুলি লওক। ৰঙালাউৰ ফুল এপাহ এপাহকৈ বেছনত লেটিয়াই লওক। কেৰাহীত তেল বা ঘিউ দিয়ক। তেল পকিলে এপাহ এপাহকৈ ফুল দি মচমচীয়া হোৱাকৈ ভাজক। গৰমে গৰমে পৰিৱেশন কৰক। বৰটো দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও ভাল হয়।

বকফুলৰ বৰ

বকফুল কেইপাহমান ছিঙি আনি ভালকৈ চাই-চিতি ধুই লওক। বেছন বা ভজা পিঠাগুড়ি অকণমানত জীৰাগুড়ি, জলকীয়াৰ গুড়ি, নিমখ আন্দাজ মতে দি পানী অকণমান দি থপথপীয়াকৈ গুলি লওক। বকফুলখিনি গুলি থোৱা বেছনত লেটিয়াই অলপ সময় ঢাকি ৰাখক। কেৰাহীত তেল গৰম কৰক। তেল পকিলে সেই তেলতে বকফুল এপাহ-দুপাহকৈ দি মচমচীয়াকৈ ভাজক। গৰমে গৰমে পৰিৱেশন কৰক। বকফুলৰ বৰ দেখিবলৈ ধুনীয়া আৰু খাবলৈও ভাল।

শেৱালি ফুলৰ বৰ

শেৱালি ফুল অলপ বুটলি আনি ভালকৈ চাই-চিতি ধুই লওক। এটা পাত্ৰত অলপ বেছন বা ভজা পিঠাগুড়ি লৈ অলপ পানী দি থপথপীয়াকৈ গুলি লওক। অকণমান জলকীয়াৰ গুড়ি, আন্দাজ মতে নিমখ আৰু এচিকুট হালধি দি গুলি থোৱা বেছনত মিহলাই লওক। শেৱালি ফুলখিনি গুলি থোৱা বেছনত মিহলাওক। কেৰাহীত তেল গৰম কৰক। তেল গৰম হ’লে সেই তেলতে বেছনত লেটিয়াই ৰখা শেৱালি ফুল চামুচেৰে এটা এটাকৈ তেলত দি বৰ আকৃতিত ভাজক। গৰমে গৰমে খাবলৈ দিয়ক। এই বৰ পেটৰ কাৰণে ভাল আৰু মুখৰোচকো।

শেৱালি ফুল শুকাই থৈ এই নিয়মে আগবতৰত বৰ ভাজি খাবও পাৰি। ইয়াত পুষ্টিকাৰক গুণো বিদ্যমান।

কোমোৰা পাতৰ বৰ

ভাল চাই কোমোবাৰ পাত কেইটামান ছিঙি আনক। ভালকৈ ধুই-পখালি থওক। মোৱা, ডঁৰিকনা আদি সৰু মাছ ভালকৈ ধুই বাছি পিঁয়াজ, কেঁচা জলকীয়া মিহিকৈ কুটি লওক। কেৰাহীত তেল গৰম কৰি পিঁয়াজ আৰু কুটি থোৱা জলকীয়া দিয়ক। পিঁয়াজ ৰঙচুৱাকৈ ভাজি মাছখিনি ঢালি দিয়ক। মাছখিনি গুড়ি কৰি ভাজক। আন্দাজ মতে নিমখ-হালধি দিব। ভজা হ’লে বাঢ়ি থওক। এতিয়া কোমোৰাৰ পাত এটা মেলি থৈ তাত ভজা মাছৰ গুড়ি অলপ দি পাতটো মেৰিয়াই চিঙৰাৰ আকৃতি কৰক। বাঁহৰ কাঠীৰে সী বন্ধ কৰক। এইদৰে প্ৰয়োজন অনুসৰি প্ৰতিটো কোমোৰাৰ পাতত ভজা মাছ ভৰাই বৰকেইটা সাজি লওক। বেছন গুলি সাজি থোৱা বৰখিনিত প্ৰলেপ দিয়ক। কেৰাহীত সৰহকৈ তেল দি তেল গৰম হ’লে দুই-তিনিটাকৈ একেলগে দি ইলুটি-সিলুটি কৰি ৰঙচুৱাকৈ ভাজক। গৰমে গৰমে খাবলৈ দিব। অতি জুতি লগা হয় এই বৰ। ডাঙৰ মাছৰো ভাজি কাঁইটবোৰ গুচাই সিজোৱা আলুৰ সৈতে মিহলাই ভাজি কোমোৰা পাতৰ লগত বৰ কৰি খাব পাৰি।

ভেদাইলতাৰ বৰ

ভেদাইলতাৰ ডাঙৰ ডাঙৰ চাই পাত কেইটামান ছিঙি আনি ভালকৈ ধুই লওক। বেছন অলপমানত অকণমান জীৰাগুড়ি, জলকীয়া গুড়ি, আদা, নহৰু, পিঁয়াজ বটা  মিহলাই এটা বহল পাত্ৰত অকণমান পানী দি গুলি লওক। বেছি পনীয়া নকৰিব। ঠাৰিৰ সৈতে ভেদাইলতাৰ পাতকেইটা গুলি থোৱা বেছনৰ লগত লেটিয়াই লওক। তেৱা বা ফ্ৰায়িং পেন গৰম হ’লে অলপ তেল ঢালক। তেল গৰম হ’লে বেছনত লেটিয়াই থোৱা ভেদাইলতাৰ পাত এটা এটাকৈ ৰঙচুৱাকৈ ভাজক। গৰমে গৰমে পৰিৱেশন কৰক। ভেদাইলতাৰ পাত মিহিকৈ কুটি বেছনৰ লগত বা পিঠাগুড়িৰ লগত মিহলাই লাডু কৰি বৰ ভাজি খাবও পাৰি।

নৰসিংহ পাতৰ বৰ

নৰসিংহৰ পাত এমুঠি ছিঙি আনি পৰিষ্কাৰ পানীৰে ধুই লওক। বেছনৰ লগত নিমখ, হালধি, জীৰা, জলকীয়াৰ গুড়ি মিহলাই এটা পাত্ৰত অলপ পানী দি থপথপীয়াকৈ গুলি লওক। নৰসিংহৰ পাতখিনি গুলি থোৱা বেছনৰ লগত মিহলাওক। বেছনৰ পৰিৱৰ্তে পিঠাগুড়ি নাইবা আটা বা ময়দা মিহলাবও পাৰি। কেৰাহি বা ফ্ৰায়িং পেনত তেল গৰম কৰক। ফ্ৰায়িং পেনত কম তেল খৰচ হয়। তেল গৰম হ’লে বেছনৰ লগত মিহলাই থোৱা পাতখিনি চামুচেৰে অলপ অলপকৈ দি ফুলৰি আকাৰত ৰঙচুৱাকৈ ভাজক। গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক।

পালেং পাতৰ বৰ

বহল বহল চাই পালেং পাত পৰিষ্কাৰ পানীত এটা এটাকৈ ধুই লওক। আন্দাজ মতে নিমখ-হালধি দি বহল চাই এটা পাত্ৰত অলপমান বেছন বা ভজা পিঠাগুড়ি দি গুলি লওক। গুলি থোৱা বেছনত ঠাৰিৰ সৈতে পালেং পাত লেটিয়াই লওক। তেৱা বা ফ্ৰায়িং পেনত তেল গৰম কৰক। তেল গৰম হৈ পকিলে লেটিয়াই থোৱা পালেং পাত এটা এটাকৈ ইলুটি-সিলুটি কৰি ভাজক। মচমচীয়া হ’লে কাঢ়ি লওক। গৰমে গৰমে পৰিৱেশন কৰক।

লেখিকা: ৰেণু বৰা, জিএনআৰচি স্বাস্থ্য।

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate