অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া সমাজত বিয়াৰ পানী তোলা প্ৰথা

অসমীয়া সমাজত বিয়াৰ পানী তোলা প্ৰথা

 

বিয়াৰ পানী তোলা প্ৰথা অতি পুৰণি কালৰ পৰাই অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে। বিয়া বা বিবাহক সমাজৰ বীজ বুলিব পাৰি। এই বীজৰ পৰাই সংসাৰ নাইবা একোখন সমাজ গঠন হয়। বিবাহৰ কেইদিনমান আগৰ পৰাই একোটা কাৰ্য চলি থাকে। যেনে- ছোৱালী বা কইনা চোৱা, আঙঠি পিন্ধোৱা, গাখীৰ-কলৰ ভাৰ দিয়া, মাছ দিয়াকে ধৰি বিবাহৰ আগতেই কেইবাটাও নিয়মৰ মাজেৰে চলা হয়। বিবাহৰ আগদিনাক তেলৰ ভাৰ বা জোৰণ বোলা হয়।

বিয়াৰ দিনা পানী তোলা প্ৰথাও অতি পুৰণি কালৰ পৰাই হিন্দু সমাজত প্ৰচলিত। আগৰ দিনত ধলপুৱাতেই পানী তোলা নিয়ম আছিল। বিয়াঘৰীয়াই প্ৰতিঘৰ মানুহক বিয়াৰ নিমন্ত্ৰণ কৰোতে মহিলাসকলক বিশেষকৈ পানী তুলিবলৈ নিমন্ত্ৰণ নকৰিলে আয়তীসকলে বিয়া ঘৰলৈ নাহে। মহিলাৰ মনত বিয়াৰ পানী তোলাটোও উৎসৱটোৰ এটা প্ৰধান অংশ বুলুলেই ভুল নহয়। তিৰোতাসকলৰ পানী তুলিবলৈ যোৱা সাজ-পাৰবিলাকো বেলেগ বেলেগ।

আগৰ দিনত ঢুলীয়া-খুলীয়া নিচেই পুৱাতেই বিঘা ঘৰত উপস্থিত হৈছিল। পানী তোলা সময়ত বাজনা বজাব লাগিব। বাজনা নাথাকিলে আয়তীসকলৰ পানী তোলাৰ বাবে ওলাই অহাত পলম হয়, ঢুলীয়াৰ দলটোৱে আজিকালিৰ বেণ্ড পাৰ্টীৰ দৰে পানী তোলা দলটোৰ পিছে পিছে বাজনা বজাই যায়। পানী তোলাৰ সময়ত ঢুলীয়াৰ লগত কালীয়া লাগিবই। কালীয়াই বিভিন্ন সুৰত পেঁপা বজাই দলটোক উৎসাহিত কৰি পেলায়। ঢুলীয়াৰ দল পানী তোলাৰ সময়ত ঠিক সময় মতে বিয়াঘৰ নাপালে তিৰোতাবিলাকে ঢুলীয়াক সমালোচনা কৰে।

গাঁৱৰ একোগৰাকী অভিজ্ঞতা থকা মহিলাই কি কি বস্তুৰে পানী তুলিবলৈ যাব যোগান কৰি দিহা-পৰামৰ্শ দি পানী তুলিবলৈ যায়। ৰভাতলীত সকলো বস্তু গোট খুৱায়। নামনি অসমত ৰভাখনক ‘চাইনৰ তল’ বুলি কোৱা হয়। পাঁচজনী আপোন লোক মহিলাক একোটাকৈ মাটিৰ ঘট ল’ব দিয়া হয়। ঘটকেইটা লোৱাৰ আগেয়ে ঘটৰ ডিঙিত একোডাল সূতা বান্ধি তাত তিনিটা বা পাঁচটা সেন্দুৰৰ ফোঁট দিয়ে। ডাঙৰ চাকি এটা, এটা পশুৰ নালৰ কটাৰীখনকে ধৰি কইনা বা দৰা ধুওৱা মহিলা বিশেষকৈ মাক ডাঙৰ বৌৱেক আদিয়ে হাতত ল’ব লাগে। ইয়াৰ উপৰি এযোৰ তামোল-পাণ আৰু এটি টকাও ধুওৱাগৰাকীৰ হাতত থাকিব লাগে। দৰা বা কইনা ধুওতাগৰাকীয়ে একাঁঠুমান পানীত নামি সেৱা জনায় আৰু পানীৰ পূব-পশ্চিম, উত্তৰ-দক্ষিণ মুৱাকৈ তিনিবাৰ ঘূৰি পানী কটাৰীৰে পানী কাটি মাটিৰ ঘটত ভৰাই আনিব লাগে। পানী কাটি পইচা আৰু তামোল-পাণ পানীত পেলাই দিব লাগে। পানী তুলি ঘটকেইটা চাদৰৰ আঁচলেৰে ঢাকোন দি আনিব লাগে। বিয়াঘৰ পালে এটি সুকীয়া ঘৰত আনাকটা গামোচাৰে পানীৰ ঘটবিলাকত ঢাকোন দি ৰাখে। ঘটকেইটাৰ তলীত মাহ, তিল আদি ছটিয়াই থোৱা হয়। যিটো ঘৰত ঘটকেইটা থ’ব সেই ঘৰটোৰ দুৱাৰ বন্ধ কৰি থোৱা হয়। সেই ঘৰটোৰ ছালত তিনিবাৰকৈ তিনি আঁজলি পানী ছটিয়াই দিহে ঘৰটোত সোমাব পায়। পানী তুলি আহি বিয়াঘৰৰ পদূলিমূখত দুডাল কলগছত বন্ধা ছাটিমালাৰ তলেদিহে মহিলাসকলে আহিব লাগে। পুখুৰীৰ পৰা তুলি না পানীৰে দৰা-কইনাক মাহ, হালধি, তেল ঘঁহাই গা ধুৱায়।

পানী তুলি অহাৰ পাছত মহিলাসকলক চাহ-লুচি খুৱাব লাগে। কইনা বা দৰা ঘৰৰ মহিলাই পানী তুলিবলৈ যাওঁতে বাটত আন এখন বিয়াঘৰীয়াৰ পানী তোলা আয়তীৰ দলৰ লগালগি হ’লে দুয়ো পক্ষৰ দুগৰাকী মহিলাই সখি বান্ধি অহা নিয়ম আছে।

বৰ্তমান সময়ত বয়সস্থ বা আদহীয়া মহিলাসকলেহে পানী তুলিবলৈ যোৱা দেখা যায়। ছোৱালীবিলাকৰ ধাৰণা- বয়সস্থ তিৰোতাইহে পানী তুলিব যায়। পানী তোলাৰ সময়ত গোৱা গীতবিলাকো সুকীয়াধৰণৰ। যেনে-

ৰাম কৃষ্ণ পানী তুলিবলৈ।

ৰাম কৃষ্ণ নকৰিবা হেলাহে, ৰামকৃষ্ণ ওলাইছে দৈৱকী,

হৰি মোৰ অ’ কদম গছ ৰুই দিলে-

হৰি মোৰ অ’ তলেৰে যমুনা যায় যায়য়ে-

ৰাম কৃষ্ণ খন্দালে দেউতাই

হৰি মোৰ অ’ বন্ধালে সেন্দুৰৰ আলিহে

লাউতো কাটিলো

অ’ হৰি বল।

দৰা/কইনাৰ মাকটো চেঙৰাৰ দল।

লেখক: যাদৱ সেন ডেকা(অসম বাণী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate