অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ জাপি

অসমৰ জাপি

লোককলা একোটা জাতিৰ সংস্কৃতিক পৰিচায়ক| এনে লোককলা সমুহে জাতিটোৰ ৰুচি, ব্যৱহাৰ আৰু শৈল্পিক পৰিচয় দাঙি ধৰে| মানুহ স্বাভাৱিকতে সমাজপ্ৰিয় হোৱা সুত্ৰে প্ৰয়োজন হয় ভালেমান বস্তু বা সামগ্ৰীৰ| এনে নিত্য ব্যৱহাৰ্য বস্তুৰ দুই এপদক সেই সমাজৰে এচাম শিল্পীমনৰ লোকে পিছলৈ নিজ ইচ্ছানুসৰি আকৰ্ষণীয়কৈ গঢ়ি তুলিলে বিশেষ সেই বস্তুপদে জাতিটোৰ লোককলা ৰুপে স্বীকৃতি পায়|

জাপি অসমৰ অন্যতম লোককলা| অতি পুৰণি কালৰে জাপিৰ ব্যৱহাৰ অসমত দেখা যায়| ব্যৱহাৰ অনুযায়ী জাপি সাধাৰনতে তিনি প্ৰকাৰৰ| উকা জাপি, বৰ জাপি আৰু ফুলাম জাপি| উকা জাপি সাধাৰণতে গ্ৰামাঞ্চলতে ছাতিৰ সলনি ব্যৱহাৰ কৰা হয়| বিশেষকৈ খেতিপথাৰত ৰ’দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ উকা জাপিৰ বহুল প্ৰচলন দেখা গৈছিল যদিও সম্প্ৰতি এনে জাপিৰ ব্যৱহাৰ যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে| এনে জাপিক হালোৱা জাপি অথবা পানীদৈয়া জাপি নামেও অসমৰ ঠাই বিশেষে জনা যায়|

বৰজাপি-পুৰণি কালত ডা-ডাঙৰীয়া অথবা সম্ভান্ত লোকৰ সন্মানাৰ্থে ব্যৱহাৰ কৰা হৈছিল| স্বৰ্গদেউ অথবা ডা-ডাঙৰীয়া সকলৰ মূৰৰ ওপৰত জাপি ধৰা এজনে জাপিটো ৰ’দ বৰষুণ নপৰাকৈ সন্মান সহকাৰে ধৰি লৈ গৈছিল| তেনেদৰে সম্ভান্ত পৰিয়ালৰ মহিলাসকলক জাপি ধৰা এজনে জাপিটো অলপ আঁতৰত থিয় কৰি আঁৰ দি অনা নিয়া কৰিছিল| এক কথাত বৰজাপি কেৱল বৰমূৰীয়া লোকৰ বাবেহে পুৰণি কালত বিশেষকৈ ব্যৱহাৰ কৰা হৈছিল যদিও সম্প্ৰতি এনে বৰজাপি স্মৃতিৰ গৰাহত|

আনহাতে, ফুলাম জাপি বিহুনাচত আৰু ঘৰ শুৱনি কৰিবলৈ ব্যৱহাৰ কৰা হয়| ফুলাম জাপিক অসমৰ সংস্কৃতিৰ প্ৰতীক হিচাপেও ব্যৱহাৰ কৰি অহা হৈছে| সেয়েহে কোনো ব্যক্তি বিশেষক সন্মান যাচিবলৈ ফুলাম জাপি ব্যৱহাৰ কৰা হয়, য’ত অসমীয়া জাতিৰ স্বাভিমান নিহিত হৈ আছে| সৰু সৰু বাঁহৰ দৈৰে এনে জাপি তৈয়াৰ কৰা হয় বাবে সম্ভৱত: ইয়াক সৰুদৈয়া জাপি নামেও জনা যায়| পুৰণিকালত ৰজাৰ মেলচ’ৰাত নাইবা বিষয়াৰ কাৰ্যালয়ত ফুলাম জাপি সজাই থোৱা হৈছিল| দূৰ অতীতত কামৰুপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাই চীনা বৌদ্ধ সন্ন্যাসী হিউৱেনচাঙলৈ সন্মান আৰু উপহাৰ হিচাপে ফুলাম জাপি পঠিয়াইছিল বুলি কোনো কোনো গ্ৰন্থত উল্লেখ আছে| সম্প্ৰতি ফুলাম জাপি ঘৰ শুৱনিৰ উপৰি সন্মানৰ প্ৰতীক হিচাপে অসমীয়া লোকে চ’ৰাঘৰৰ বেৰত অথবা আগকোঠাৰ বেৰত আঁৰি থোৱা দেখা যায়| কোনো ব্যক্তিক বঁটা-বাহনৰ লগতে সন্মানাৰ্থে ফুলাম জাপি প্ৰদান কৰাটো সম্প্ৰতি একপ্ৰকাৰ পৰম্পৰাত পৰিণত হৈছে|

জাপি অসমৰ অন্যতম লোককলা হোৱাৰ উপৰি অন্যতম কুতীৰ শিল্প হিচাপেও সৰ্বজন স্বীকৃত| কিয়নো জাপি তৈয়াৰ কৰিবলৈ ঘাইকৈ কেঁচা সামগ্ৰী হিচাপে প্ৰয়োজনীয় বাঁহ আৰু টকৌপাত অসমত পৰ্যাপ্ত পৰিমাণে পোৱা হেতুকে নিজ ঘৰতে জাপি তৈয়াৰ কৰি এচাম লোকে জীৱিকা নিৰ্বাহ কৰি থকা দেখা গৈছে| নলবাৰী জিলাৰ বৃহত্তৰ মুগকুছি অঞ্চলৰ বালামুগকুছি, তিলানা, সূতাৰকুছি, তেৰেছিয়া, কৰ্দৈতোলা আদি গাঁও সমুহ জাপি তৈয়াৰ কৰাৰ বাবে বিখ্যাত| ইয়াৰ অধিকাংশ বাসিন্দাই কেইবাটাও প্ৰজন্ম ধৰি জাপি তৈয়াৰ কৰি আহিছে| তেওঁলোকে নিজ ঘৰতে নিজৰবাৰীৰ বাঁহ আৰু টকৌপাতেৰে তৈয়াৰ কৰে জাপি| হালোৱা জাপিৰ বাবে কেৱল বাঁহ আৰু টকৌপাতেই যথেষ্ট যদিও ফুলাম জাপিৰ বাবে অতিৰিক্তকৈ সাধাৰণ সূতা, ঊণ সুতা, সাধাৰন কাপোৰ, ভেলভেট কাপোৰ, লেছ্‌, চুমকি আৰু আঠাৰ প্ৰয়োজন হয়| আনহাতে হালোৱা জাপিৰ চাহিদা কম| কেৱল বাৰিষাৰ চাৰিটা মাহত কৃষকক প্ৰয়োজন হয় বাবে অতি সীমিত সংখ্যক হালোৱা জাপি বা পানীদৈয়া জাপি তৈয়াৰ কৰিবলগীয়া হয় এইসকল লোকে| অৱশ্যে ফুলাম জাপিৰ চাহিদা যথেষ্ট বেছি আৰু প্ৰত্যেক বছৰে ফুলাম জাপিৰ চাহিদা বাঢ়িবলৈ লোৱাটো শুভ লক্ষণ| বছৰটোৰ আঠোটা মাহে ফুলাম জাপি ব্যৱহাৰ কৰা হয় বাবে চাহিদা বাঢ়ি গৈ থকাটো পৰিলক্ষিত হৈছে| বিশেষকৈ ৰঙালী বিহুৰ বতৰত চাহিদা যথেষ্ট বৃদ্ধি পোৱা দেখা যায়| এনে চাহিদা পুৰণ কৰিবলৈ বৃহত্তৰ মুগকুছি অঞ্চলৰ এইসকল শিল্পীয়ে দিন-ৰাতি একাকাৰ কৰি জাপি তৈয়াৰ কৰে| মুগকুছিৰ উপৰি তেজপুৰৰ সমীপৱৰ্তী জাপিসজীয়া গাঁৱত জাপি তৈয়াৰ কৰে আন এচাম শিল্পীয়ে| সেই সকলেও কেৱল জাপি তৈয়াৰ কৰিয়েই জীৱিকা নিৰ্বাহ কৰে| অৱশ্যে জাপিসজীয়া গাঁৱৰ শিল্পী সকলে প্ৰস্তুত কৰা জাপিৰ মুল্য বিভিন্ন কাৰণত বেছি হোৱাত তেনে জাপিয়ে সততে বজাৰ এখন দখল কৰাত অসুবিধাৰ সম্মুখীন হৈছে| আনহাতে, বৃত্ত্তৰ মুগকুছিৰ জাপিৰ মুল্য তুলনামুলক ভাৱে কম হোৱাত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ইতিমধ্যে এখন সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে| অৱশ্যে অসমৰ জাপিয়ে বহি:ৰাজ্যত অথবা বিদেশত এতিয়াও বজাৰ দখল কৰিবলৈ সক্ষম হোৱা নাই| যি সময়ত আমদানিকৃত সামগ্ৰীয়ে অসমীয়া লোকৰ ঘৰ শুৱনি কৰিছে, তেনে সময়ত অসমৰ ফুলাম জাপিয়েও বহি:ৰাজ্যত অথবা বিদেশত সমাদৰ লাভ কৰাৰ স্থল নিশ্চয় আছে| বিশেষকৈ ঘৰ শুৱনি কৰিবলৈ ফুলাম জাপি দেশ-বিদেশলৈ ৰপ্তানি কৰি এখন বজাৰ গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা নিশ্চয় আছে| এই ক্ষেত্ৰত চৰকাৰৰ লগতে জাতীয় সংগঠন সমুহৰ উপৰি প্ৰবাসী অসমীয়া সকলৰো দায়িত্ব অপৰিসীম| এনে কাৰ্যত সফল হ’লে অসমৰ কুটীৰ শিল্পই দেশ-বিদেশত স্বীকৃতি লাভ কৰাৰ উপৰি শিল্পী সকলো উপকৃত হ’ব| লগতে অসমৰ লোককলাই দেশ-বিদেশত সমাদৰ লাভ কৰি সুকীয়া পৰিচয় নিশ্চিত ভাৱে দাঙি ধৰিব পাৰিব|

স্থানীয় কেইজনমান ব্যক্তিৰ কথাৰে:- গুৱাহাটীৰ পৰা হাজো-নলবাৰী পথেৰে গ’লে নলবাৰী নগৰলৈ কিছুদূৰ বাকী থকা অৱস্থাত পোৱা যায় বৃহত্তৰ মুগকুছি অঞ্চল| ইয়াৰে বালামুগকুছি নামৰ গাঁওখনলৈ গৈছিলো বিগত ব’হাগ মাহৰ কোনো এটা ভৰ দুপৰীয়া| গাঁও খনৰ প্ৰায় প্ৰতিটো পৰিয়ালে বংশানুক্ৰমে জাপি তৈয়াৰ কৰি আহিছে| গাঁও খনৰ এজন উদীয়মান যুৱক নৃপেন তামুলীয়ে ‘এবি আৰ্ট এণ্ড জাপি’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ জৰিয়তে কেইবাজনো সহযোগীৰে জাপি তৈয়াৰ কৰি আহিছে প্ৰত্যেক বছৰে| এইবেলিও গুৱাহাটীৰ উপৰি বৰপেটা-পাঠশালা আদিলৈ বিহুৰ বতৰত তেওঁ সহস্ৰাধিক ফুলাম জাপি যোগান ধৰিছে| ফুলাম জাপিৰ উপৰি ঘৰ শুৱনি কৰিবলৈ ঘড়ীযুক্ত স্পেচিয়েল জাপিও তৈয়াৰ কৰি তেওঁ ইতিমধ্যে সুনাম অৰ্জন কৰিছে| আনহাতে, কোনো বিশেষ অনুষ্ঠান অথবা ব্যক্তি বিশেষক সম্বৰ্দ্ধনা জনাবলৈ প্ৰয়োজন হোৱা ফুলাম জাপি অৰ্ডাৰ অনুযায়ী যোগান ধৰে বুলি তেওঁ কয়| তেনেদৰে উক্ত গাঁও খনৰ আন এজন পঞ্চাশোৰ্দ্ধৰ জাপিৰ যাদুকৰ আছিল প্ৰফুল্ল বৈশ্য| তেওঁ ঘাইকৈ বাঁহ আৰু টকৌপাতেৰে সাজি উলিয়ায় জাপিৰ মূল অৱয়ৱটো| সৰু সৰু বাঁহৰ কাঠীৰে সুন্দৰ আৰু নিখুঁতকৈ সাজি উলিওৱা জাপিৰ মুল অৱয়ৱবোৰ দেখিলে তবধ মানিব লাগিব| এনে মুল অৱয়ৱটোকে গাঁওখনৰ আন একাংশ লোকে কিনি নি কাপোৰ, চুমকি, লেছ আদি লগাই ফুলাম জাপি তৈয়াৰ কৰে| মুঠতে গাঁওখনতে কেইবাটাও পৰ্যায়ত তৈয়াৰ কৰা হয় জাপি সমুহ| আৰু বিভিন্ন প্ৰকাৰে জড়িত হৈ পৰিছে গাঁওখনৰ অধিকাংশ লোক| তেওঁ কয় যে এই শিল্পটো গাঁওখনৰ আন আন বাসিন্দা সকলৰ দৰে তেওঁলোকৰো বংশানুক্ৰমিক| পিতৃ প্ৰয়াত হৰকান্ত বৈশ্যৰ পৰাই শিকিছিল জাপি তৈয়াৰ কৰা বিদ্যা| তেওঁৰ নিজৰ বাৰীতে আছে অসংখ্য বাঁহ; কিন্তু টকৌপাত নথকাত কিনিব লগা হয় ওচৰ-চুবুৰীয়াৰ পৰা| তেওঁ চাৰি ইঞ্চিৰ সৰু ফুলাম জাপিৰ পৰা ৩৫ ফুট পৰ্যন্ত বৃহৎ আকাৰৰ ফুলাম জাপি তৈয়াৰ কৰি পাইছে| লগতে তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে এই কুটীৰ শিল্পটোৰ পৰা উচিত পাৰিশ্ৰমিক পোৱা নাযায়| এচাম মধ্যভোগী লোকহে প্ৰত্যক্ষভাৱে লাভৱান হোৱা দেখা যায়| তেনেদৰে শিল্পটোৰ উন্নতিৰ হকে বিত্তীয় অনুষ্ঠানৰ পৰা কোনো সহায় নোপোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰে তেওঁ| তেনেদৰে এই সকল কুটীৰ শিল্পীৰ হকে মাত মাতিবলৈ আজিকোপতি তেওঁলোকৰ নাই কোনো সংগঠন| গাঁওখনৰ আন এগৰাকী শিল্পী সুভাষ বৈশ্যই সুদীৰ্ঘ বিছ বছৰ কাল শিল্পটোৰ সৈতে জড়িত যদিও সময় আৰু মানুহৰ অভাৱত বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে|

বালামুগকুছিত কুটীৰ শিল্পটোৰ সৈতে জড়িত বিভিন্ন জন ব্যক্তিৰ পৰা জানিব পৰা গ’লে যে জাপি কুটীৰ শিল্পটোৱে যি ধৰণে অগ্ৰগতি লাভ কৰিব লাগিছিল, তেনে ধৰণে পৰা নাই| কাপোৰ, আঠা, চুমকি, লেছ্‌ আদি কেতবোৰ সামগ্ৰী বহি:ৰাজ্যৰ পৰা আনিবলগা হয় যদিও মুল কেঁচা সামগ্ৰী হিচাপে বাঁহ আৰু টকৌপাত অসমত পৰ্যাপ্ত পৰিমাণে পোৱা হেতুকে এই শিল্পটোৰ আছে প্ৰচুৰ সম্ভাৱা| নতুন চৰকাৰ খনে শিল্পটোৰ উন্নতি আৰু প্ৰসাৰৰ হকে কাৰ্যকৰী ব্যৱস্থা হাতত ল’ব বুলি আশা কৰা হৈছে| সেয়ে হ’লে শিল্পটোৰ সৈতে জড়িত লোকসকল উপকৃত হোৱাৰ লগতে অসমৰ জাপিয়ে অধিক সমাদৰ নিশ্চয়কৈ লাভ কৰিব|

লেখক:- ৰাতুল চন্দ্ৰ ভট্টাচাৰ্য

উৎস:- দৈনিক অসম|

শেহতীয়া উন্নীতকৰণ: : 4/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate