কাৰ্বি সমাজত মোমায়েকৰ জীয়ৰীক বিয়া কৰোৱা নিয়ম প্ৰচলিত আছে। এবাৰ সেই পৰিয়ালৰ লগত সম্বন্ধ ঘটিলে পুৰুষানুক্ৰমে সেইটো পৰিয়ালৰ পৰাহে কইনা অনাৰ নিয়ম। এজন বাপেকৰ যিমানবোৰ ল’ৰা সন্তান আছে সেই আটাইবোৰৰ এজনেও যদি একোটা কুল বা পৰিয়ালৰ পৰা এজনীও ছোৱালী নানে তেতিয়াহ’লে বাপেকে মোমায়েকৰ পৰিয়ালটোক জৰিমনা ভৰিব লাগে। গতিকে তেওঁৰ সন্তানৰ মাজৰ যিকোনো এজন পুত্ৰই মোমায়েকৰ কুলৰ পৰা কইনা আনিবই লাগিব। সেই কাৰণে বিয়াৰ প্ৰথমটো স্তৰত(বে-ননন্দ)বিয়ৈনীয়ে কথা-বতৰা পাতে। এইদৰে কথা পতাক ‘নেংপি-নেংছ’ বুলি কোৱা হয়। কইনাজনীয়ে আন কাৰো লগত সম্বন্ধ কৰা নাই বুলি জনাৰ পিছত দ্বিতীয়বাৰ পুৰুষ-তিৰোতা আৰু গাভৰু ছোৱালী লগত লৈ কইনা খুজিবলৈ যায়। এইদৰে দ্বিতীয়বাৰ ‘বংক্ৰ্ং’ (ডিঙি দীঘল তিতালাও খোলাৰে লাওপানি) ভৰাই লৈ আৰু আন লাগতিয়াল মদ আদিৰে সোধনি ভাৰ (কেহাংবা ছিম-কিবিদুম) লৈ যোৱা প্ৰথা আছে। সেইদিনাখন কইনাঘৰত চিন এটা দি থৈ অহাৰ নিয়ম আছে। তৃতীয় বাৰত আকৌ নিশ্চিতকৰণৰ বাবে কইনা ঘৰলৈ যোৱা হয়। ইয়াক ‘কাপাতিনি’ বোলে। যদি কইনা পোৱা নিশ্চিত নহয় তেনেহ’লে দ্বিতীয়বাৰত ৰাখি থৈ অহা ‘চিন’ কইনাৰ বাপেকেক ঘুৰাই দিয়াৰ নিয়ম। ‘চিন’ ঘুৰাই দিয়াৰ পিছত সেই বিষয়ে ভৱিষ্যতে কোনো ধৰণৰ অৱতাৰণা কৰাৰ নিয়ম নাই। কইনা পোৱা নিশ্চিত হ’লে চতুৰ্থবাৰ গৈ বিবাহৰ দিন-বাৰ ঠিক কৰি অহা হয়, ইয়াক ‘আজ, আৰণি কেফা’ সোধনীভাৰ বোলে। কাৰ্বি সমাজত ছোৱালীৰ অনুমতি সাপেক্ষেহে বিবাহকাৰ্য সম্পন্ন কৰাৰ নিয়ম। মোমায়েকৰ পক্ষৰপৰা কইনা দিয়াৰ ইচ্ছা থাকিলে সোধনী গ্ৰহণ কৰা হয়। এটি গীতৰ মাধ্যমেৰে এই কথা প্ৰকাশ কৰা হয়।
গীতৰ ভাৱাৰ্থ এনেধৰণৰ-
‘হে সৃষ্টিকৰ্তা পৰমেশ্বৰ, হে পিতৃদেৱ, হে গৃহ দেৱতা, হে মহান পুৰুষ। আমাৰ ভিনিহিদেউ আৰু মোমাইদেউ পক্ষৰ ভিতৰত্থকা পুৰণিকলীয়া সম্বন্ধ স্থায়ী হওক। শিলৰ সাঁকো আৰু লোহাৰ দলং যেন কঠিন আৰু দুৰ্ভেদ্য হওক। সোণ-ৰুপৰ ৰতিফৰ দৰে অজৰ-অমৰ হওক। হে-বংচিন,হে দাম দাম( লাউৰ খোলাটোক সম্বোধন কৰি) তুমি এই যুগলৰ ভৱিষ্যত জীৱন সুখময় কৰি তোলা।’
অসমীয়া সমাজত গোৱা বিয়া গীতৰ দৰে কাৰ্বি সমাজতো গায়-
‘থেলু জা ছ্ংলিন পেন ক্লিৰ যে
আনছাৰ আংহাং ফুহে।
বংছুক পাংফাৰ চে
খিমা ৰমি চ’চে।
দেং কিন্দু তক চে
হেলু আহু যে।
পাত হমৰি নাংনেলে?
ভাবাৰ্থ- ‘হে মোৰ মৰমৰ ভিনিহিদেউ-বাইদেউ তোমালোকৰ এই বৃদ্ধ অৱস্থাত হাতৰ লাখুটিত ভৰ দি জলক্-তবক্ চকুৰে আমাৰ ঘৰলৈ কি উদ্দেশ্যত আহিছা? কোনো দূৰ ঠাইলৈ যাওঁতে ক্লান্ত হৈ, খন্তেক জিৰণি ল’বলৈ ইয়ালৈ আহিছা নেকি? জনালে সুখি হ’ম।তোমালোকক দিবলৈ আমাৰ একো নাই। আমি বুঢ়া হৈ আহিছোঁ, কিহেৰে আৰু কেনেকৈ আদৰ সম্ভাষণ জনাম?
খুলশালীয়েকৰ পৰা গোৱা গীতৰ সমিধান ভিনিহিয়েক–বায়েকেও যথাযথ ভাৱে ‘থেলু আলুন’ত দিয়াৰ নিয়ম। বুঢ়াসকলেহে থেলু আলুন গাব পাৰে।
বিয়াৰ দিনাখন বা দুই-এদিনৰ আগতে কইনাঘৰ আৰু দৰাঘৰে গাঁৱৰ চাৰ্থে (গাঁওবুঢ়া) ক মদ এলাউ মাননি হিচাপে দি আশীৰ্বাদ লয় আৰু নিমন্ত্ৰণ জনোৱা হয়। লগতে বিভিন্ন দিশত সহায়-সহযোগিতা পাবৰ বাবে ‘ক্লেংছাৰপ’ অৰ্থাত যুৱ দলপতিক মাননি দি অনুৰোধ জনাব লাগে। কইনা আনিবলৈ যোৱা প্ৰথাক ‘আদাম কেদাম’ বা ‘কাপাংৰি’ বোলা হয়। সেইদিনাখনহে প্ৰথমবাৰৰ বাবে দৰা-কইনাৰ ঘৰলৈ যোৱাৰ নিয়ম। আত্মীয়-স্বজনৰ সৈতে বেলি ডুব যোৱাৰ আগে আগে কইনাৰ ঘৰ সোমাব লাগে আৰু তাত এৰাতি থাকি পিছদিনাখন ঘৰলৈ উভতি অহাৰ নিয়ম। বিয়াত দৰা কইনাই পৰম্পৰাগত কাৰ্বি সাজপাৰ পিন্ধিব লাগে। দৰাই ফুলাম চাদৰ, চোলা(চেই ইক ছই আং) পিন্ধে। চোলাৰ তলফালে দীঘলকৈ দহি ওলমি থাকে। মূৰত পাগুৰি মাৰে আৰু কান্ধত ভীমৰাজ (ৱ’জাৰু) চৰাইৰ পাখি গুঁজি লোৱা জাম্বিলি (লা ৰঙৰ মোনা) ওলোমাই লয়। কইনাই ভৰিৰ কলাফুল ঢকাকৈ ক’লা ৰঙৰ ‘পিনি’ (মেখেলা) পিন্ধে। কঁকালত এবিধ বিশেষ ধৰণৰ সূতাৰে বোৱ ‘ৱামকক’ পেটি) ফুলাম পেটি মাৰে আৰু বুকুত ব্লাউজৰ ওপৰত ক’লা-ৰঙা বা হালধীয়া ৰঙৰ পেকক (কাপোৰ) এখন লয়। কপালত সেন্দুৰৰ ফোট নলয়, কিন্তু কম পৰিমাণে সোণ-ৰুপৰ আ-অলংকাৰ পৰিধান কৰে।
কইনাৰ ঘৰলৈ যাঁওতে লগত বংক্ৰক, মদ, তামোল-পাণ-ধঁপাত ৺(বিড়ি-চিগাৰেট), দিয়াচলাই অদি সামগ্ৰী লৈ যোৱা হয়। দৰাঘৰী্যাই কইনাঘৰলৈ যাওঁতে ৰাষ্টাত পোৱা প্ৰতিখন গাঁৱকে এলাউ মদ মাননি হিচাপে দিয়াৰ পৰম্পৰা আছে। কইনাঘৰতো দৰাঘৰে কইনাৰ পিতৃ-মাতৃ, গাওঁবুঢ়া, তেওঁৰ পেহী, ককা-আইতা, সহকাৰী গাওঁবুঢ়া, পূজাৰী, বাৰ্তাবাহক, যুৱ দলপতিকে আদি কৰি জেষ্ঠজনক দৰাৰ ভায়েক বা আন দুজন ডেকাৰ দ্বাৰা মানধৰা কাৰ্য সমাপন কৰা হয়। এই মাননি ধৰ কাৰ্য শেষ কৰাৰ পিছত কইনাৰ বাপেকে হাতত বংক্ৰক লৈ এইদৰে আশীৰ্বাদ বিচাৰে-
‘এহেম হেম, হেম আৰণাম,
আৰ্জুনন ফিথে, আৰ্জুনন ফুথে
আৰ্জুনন পিমুক্ৰাং, আৰ্জুনন প’মুক্ৰাং
আৰ্জুনন পিৰিঞ্জা, আৰ্জুনন প’ৰিঞ্জা,
আহেম আৰি, আহেম আক্লং
কিম আৰণম, ৰাক আৰণম…।’
অৰ্থাত- ‘হে ঈশ্বৰ (ফিথে, ফুথে, পিমুক্ৰাং, প’মুক্ৰাং, পিৰিঞ্জা) শুনা, এয়া সৃষ্টিৰ স্থিতি মন্ত্ৰ, হআজাৰ বছৰৰ শিল আৰু লোহেন সাঁকোৰ দৰে কঠিন, সোণৰ হেন সূতাৰ সমান মোৰ জী-জোঁৱাইৰ জীৱন দীৰ্ঘস্থায়ী হওঅক। সতি-সন্ততিৰে আনন্দমুখৰ জীৱন-ধাৰণ কৰি বগলীহেন চৰাইঅবোৰৰ চিৰবসতিৰ ঠাই এই চিৰসেউজ বিলৰ দৰে হওক। হে প্ৰভু, তোমালোকলৈ আন্তৰিক প্ৰণাম।’
ইয়াৰ পিছত ভোজন পৰ্ব আৰম্ভ হয়। ভোজনৰ শেষত ‘কাপাৰিং’ নামৰ এটি অনুষ্ঠান ব মূল বিবাহ কাৰ্য সম্পাদিত হয়। কিনাঘৰৰ এটি নিৰ্দিষ্ট কোঠাত বাঁহৰ ঢাৰি এখনত দৰা-কইনাক একেলগে বহুওৱা হয়। তাৰ পিছত একেটা বাটিত (হৰলাং) লাউপানী, একেখন থালীত দুয়োকে আহাৰ খাবলৈ দিয়া হয়। কইনাই দৰাক এচালি তমোল-পাণ খুৱই দিব লাগে আৰু দৰায়ো সেইদৰে কইনাক খুৱাব লাগে। ইয়াতেই বিচনা চাদৰ আৰু গাৰু সলনা-সলনি কৰি দুয়ো শুব লগে। সেইদিনাখন ফুলশয্যাৰ নিয়ম কৰা নহয়।
পিছদিনাখন পুৱাই দৰা-কইনাৰ দাম্পত্য জীৱনৰ মঙ্গলৰ বাবে হেমফু দেৱতাক পুজা দিব লাগে। পূজাত কুকুৰা আৰু পঠা ছাগলী উছৰ্গা কৰা হয়। কিনা ঘৰৰ পৰা তিনিটা কুকুৰা আৰু দুটা পঠা ছাগলী দিয়াৰ প্ৰথা। পূজাৰ অন্তত আগদিনাৰ দৰে মান ধৰা কাৰ্য সম্পন্ন কৰি ভোজ ভাত খোৱা হয়। ভোজনৰ অন্তত জোৰণৰ গীত ‘অছ কাচিনেম’ গায়-
‘অ, ছেৰালি জাং ছেৰ্মে/নাং হাজং আতুমকে।
বাংল’ মাথুম ল’হে/ নাং হাচি কামে।
আন, ছাৰ আংহাং ফুহে/বংছাক কাৱে।’
‘হে সোণজনী লক্নীহঁতে তোমাক নিবলৈ আহিছে। যিহেতু তেওঁলোকৰ এই ভাটি বয়সত পোহপাল দিওঁতা হিচাপে কোনো নাই। গতিকে সোণজনী যোৱা।
পিত্ৰিগৃহৰ পৰা বিদায় লোৱাৰ সময়ত কইনাই বা অন্য মহিলাই পিতৃক এসাজ কাপোৰ বিচাৰি এফাঁকি আৰু দৰাৰ পিতৃৰ হৈ ন-বোৱাৰী আদৰিবলৈ আন এফাঁকি গীত (মুন চাৰনে)গায়-
‘জু ৰাচুন ৰিত্ৰ/ জন ৰাজে ৱামলে (ৰো)।
পী আৰ্জে লিতকে হু হু আছে ৰমে (ভা) ।
হুমচি চিগ্বে/ নিমে ৰনিকে।’
‘হে আইজনী, বয়সৰ কগে লগে আন নাৰীসকলো তেওঁলোকৰ আপোন ঘৰলৈ যায়। গতিকে আজি এই শুভদিনত আমাৰ নিজা ঘৰলৈ যাওঁ ব’লা।’
ইয়াৰ পিছত দৰাঘৰীয়াই কইনা লৈ ঘৰলৈ যাত্ৰা কৰে। কইনা দৰা ঘৰলৈ যাওঁতে লগত মাক-বাপেক যোৱা নিয়ম নাই, কিন্তু খুৰাক ককায়েক কোনোবা এজনে দৰা ঘৰলৈ যাব পাৰে। দৰাঘৰ নৌপাওঁতেই দৰা-কইনাক আদবাটত আহাৰ খুওৱা হয় আৰু সমূহ ৰাইজে মিলি আশিৰ্বাদ লয়, ইয়াক ‘আংদেং আথেকাৰ কিতি’ বোলা হয়। দৰাঘৰীয়াই বিদায় লোৱাৰ আগমূহুৰ্তত কইনাক আশিৰ্বাদ দিয়াৰ নিয়ম আছে-ইয়াক ‘ আচ আংজিৰ চেপাৰে’ বোলা হয়। এনে ধৰণৰ আশীৰ্বাদ বা পৰামৰ্শ গীতেৰে দিয়া হয়-
‘অ’ জাং, জেৰজাং ছেৰ্মে
নাং হাৰচি কামে,
নাং টকলি কামে
আচৰণাম কেমে(পেন)
থিৰজি নাং হুম্মে,
নাংৰিন্দি কেমে
ফান্দাৰ পালক্ৰে,
ম’ ছিক্ৰেং মুন্তালে
নাংৰুণ নাং হুম্মে
হম্ৰি ৱাংজি নে,
জৰ্লাং বিৰ্তিকে
হিং আহৰ কেমে
ৰিদেং নাং ৱানৰে (নন)
ছেৰজাং ছেৰমে-।’
অৰ্থাত ‘হে সোণজনী, ভগবানৰ কৃপাত আৰু শহুৰৰ উপদেশত তোমাৰ ঘৰখনত যেন লখিমী উপচি পৰক। তোমাৰ নিজৰ হাতেৰে প্ৰস্তুত কৰা হৰলাং (লাউপানী) খাবলৈ অহা ফাগুনত পুনৰ যাতে আহিঁব পাৰো সেই আশীৰ্বাদেৰে।’
বিয়াৰ দুই-এসপ্তাহৰ পিছত কেইপদমান লাগতিয়াল বস্তুৰ সৈতে পুনৰ নৱ-দম্পতীয়ে কইনাৰ মাক-বাপেকৰ ঘৰলৈ যাব লাগে। কাৰ্বি সমাজত যৌতুক প্ৰথা নাই। গতিকে কইনাই ওলাই যাবৰ সময়ত খুজি নিয়া কাপোৰ-কানি ঘুৰাই দিয়াৰ প্ৰথা। এই নিয়মক ‘পেছ-ৰিছ’ কাচেথন বোলা হয়। এই কাৰ্য সমাধান কৰিবলৈ দৰাৰ মাক-বাপেক, দৰা-কইনা, ডেকা –গাভৰু, দুজনমান বয়সিয়াল লোক হ’লেই যথেষ্ট। এই কাৰ্য সমাধান হ’লে কাৰ্বি বিবাহ এখন সমাপ্ত হোৱ বুলি ধৰা হয়।
লেখিকা: মঞ্জু মজুমদাৰ বৰ্মন, দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 3/9/2020
চাহ জনগোষ্ঠীৰ বিবাহ অনুষ্ঠান
খেৰাই
কলিতা জনগোষ্ঠীৰ ৰঙালী বিহু আৰু বহাগ মহীয়া পৰম্পৰা
চিংফৌ জনগোষ্ঠীৰটোৰ বিষয়ে সম্যক ধাৰণা