অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জাপি

জাপি

অসমৰ বিভিন্ন লোকশিল্পৰ অন্যতম হৈছে ‘জাপি’। জাপি হৈছে থলুৱা শিল্পৰ উৎকৃষ্ট নিদৰ্শন। উৎপত্তি সম্পৰ্কত বিভিন্ন পণ্ডিত গৱেষকৰ মতামত একে নহয় যদিও ই চীন বা তিব্বত দেশৰপৰা আমদানিকৃত শিল্প বুলি বহুতে মত ডাঙি ধৰা দেখা পোৱা যায়। ভাৰতবৰ্ষৰ ভিতৰত অসম হৈছে একমাত্ৰ ৰাজ্য য’ত জাপিৰ সৃষ্টি আৰু ব্যৱহাৰ প্ৰচুৰ পৰিমাণে দেখা যায়। আহোম ৰাজত্বকালত আভিজাত্যৰ প্ৰতীক এই জাপিয়ে পাইছিল ৰাজকীয় সমাদৰ। ৰ’দ-বৰষুণৰপৰা নিজৰ মূৰতো ৰক্ষা কৰিবৰ বাবে মানুহে বাঁহ, বেত, টকৌ গছৰ পাত আদিৰে তৈয়াৰ কৰা ই জাপি হৈছে নলবাৰী অঞ্চলৰ প্ৰধান কুটিৰ শিল্প। জিলাখনৰ দোমাহীতোলা, সূতাৰকুছি, বালামুগকুছি, শিলাগুটি, তিলানী, বালিলেছা, মুদৈতোলা, দীঘেলী, তেৰেছিয়া, ভদ্ৰা আদি গাঁৱৰ প্ৰায়ভাগ মানুহৰে জীৱিকাৰ একমাত্ৰ উৎস এই জাপিশিল্প। এই শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী যেনে- বাঁহ, বেত, টকৌপাত ইত্যাদি নলবাৰী অঞ্চলত উভৈনদী। জাপিৰ বাবে কেঁচা বাঁহবোৰ এটা নিৰ্দ্দিষ্ট জোখত(অনুমান ১, ১.৫হাত)কাটি টুকুৰা কৰি লৈ তাৰপৰাই সৰু সৰু খাটি চাচি সাঁচাৰ(টুপী) ওপৰত ৰাখি চালনীৰ দৰে ঘনকৈ বৈ ৰ’দত শুকাই লোৱা হয়। ইয়াৰ পিছত শুকান টকৌ গছৰ পাত সুন্দৰকৈ জাই দুই খলপ লগ লগাই সৰু সৰু সূতাৰে মাজে মাজে গাঁথি দি মুখবোৰ খাংৰাৰ ওপৰত ৰাখি সমানকৈ কাটি জাপি তৈয়াৰ কৰা হয়। এই শিল্পত একক প্ৰচেষ্টাতকৈ যুগ্ম প্ৰচেষ্টাতে বেছি উপযোগী। গাঁৱৰ ল’ৰা-ছোৱালী আৰু মহিলাসকলে সততে হাতে-কামে আগভাগ লোৱা প্ৰায়ে দেখা যায়। বৰ্তমান সময়ত মানুহৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰি তৈয়াৰ কৰি উলিয়াইছে ফুলাম জাপি। মানুহৰ অভিৰুচি অনুযায়ী ডাঙৰ-সৰু এই জাপিত ৰং-বিৰঙৰ কাগজ, ঊণ সূতা, চুমকী, আখৰ, ফুল আদি খটুৱাই তৈয়াৰ কৰা এই জাপি বৰ্তমান সময়ত আভিজাত্য আৰু সন্মানৰ পৰিচায়ক। গঠনপ্ৰণালী আৰু ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি জাপি কেবা প্ৰকাৰৰ। ইয়াৰ ভিতৰত হালোৱা জাপি, ফুলাম জাপি, বৰ জাপি, বনুৱা জাপি, গৰখীয়া জাপি, পানী জাপি আদিকে প্ৰধান বুলি ধৰা হয়। গঞা লোকে খেতি পথাৰত হালবাই থাকোতে ৰ’দ-বৰষুণৰপৰা ৰক্ষা পাবলৈ মূৰত যি জাপি লয় তাকে হালোৱা জাপি বুলি কোৱা হয়। নামনি, উজনি সকলো ঠাইতে খেতিয়কসকলৰ মাজত এই জাপিৰ জনপ্ৰিয়তা খুব বেছি। ফুলাম জাপি একে, মাথোঁ ৰং-বিৰঙৰ কাগজ আৰু ওপৰত নানা সামগ্ৰী খটুৱাই চকুত লগা কৰা হয়। আজিকালি সভা-সমিতি, বিহু, উৎসৱ, পূজা-পাৰ্বণ আদিত ফুলাম জাপিৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে ব’হাগ বিহুৰ সময়ত মঞ্চত জাপি নৃত্য প্ৰদৰ্শনৰ সময়ত ফুলাম জাপিহে ব্যৱহাৰ কৰা দেখা যায়। বৰজাপিৰ প্ৰচলন আজিকালি প্ৰায় নাইকিয়া হৈ আহিছে। অতীতত আহোম ৰজা, বৰফুকনসকলক ৰ’দ আৰু বৰষুণৰপৰা ৰক্ষা পাবলৈ এই ধৰণৰ জাপি ব্যৱহাৰ কৰিছিল বুলি উল্লেখ পোৱা যায়। বনুৱা জাপি হৈছে চাহ বাগিচাৰ বনুৱাসকলে ব্যৱহাৰ কৰা পিঠিৰ পিনে দীঘল এক বিশেষ ধৰণৰ জাপি। এনে ধৰণৰ জাপি এক বিশেষ ধৰণে তৈয়াৰী। ইয়াক অন্য ঠাইত সাধাৰণতে দেখা নাযায়। পানী জাপি বা টুপী জাপি আহোম স্বৰ্গদেউসকলৰ ৰাজন্যবৰ্গই ব্যৱহাৰ কৰা এক বিশেষ ধৰণৰ জাপি। আভিজাত্যৰ চিনস্বৰূপে এই ধৰণৰ জাপি এতিয়া দেখিবলৈ পোৱা নাযায়।

লিখক: প্ৰণৱেশ ভট্টাচাৰ্য, দৈনিক অসম।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate