জিকিৰ সংগীত অসমীয়া সমাজৰ এক সম্পত্তি স্বৰূপ । অসমৰ লোকসংগীত সমূহৰ মাজত জিকিৰ সংগীতো ঐন্যতম । জিকিৰ শব্দটো আচলতে আৰবিয়ান শব্দৰ পৰা অহা । ইয়াৰ অৰ্থ এনেকুৱা ধৰনৰ – গীত-কথা নাট আদিৰ মাজেৰে সাধাৰন মানুহক ধৰ্মীয় তথা সামাজিক নীতি শিক্ষা প্ৰদান কৰা । জিকিৰ সংগীতৰ জন্মদাতা মহম্মদ আজান পিৰ । সুদূৰ বাগদাদৰ পৰা লগত ১২০ জন মান মানুহ লৈ তেওঁ অসমলৈ আহিছিল । যেতিয়া আজান পিৰ অসমলৈ আহিছিল তেতিয়া অসমৰ আহোম ৰজা আছিল প্ৰতাপ সিংহ । তেওঁলোকে আহি শিৱসাগৰৰ গড়গাৱৰ ওচৰৰে শাওনপাৰা নামৰ এঠাইত বাহৰ পাতিছিল । প্ৰতাপ সিংহই সেই সময়ত তেওঁলোকক মোগলৰ চোৰাংচোৱা ভাবি শাস্তি বিহিব ওলাইছিল । আজান পিৰৰ কথা তেওঁ বুজিবই বিচৰা নাছিল । সেই সময়ত আজান পিৰৰ চকুৰ দৃষ্টিত এটা দৈৱিক শক্তি লুকাই আছিল । বুৰঞ্জীবিদ ড: সূৰ্য্য কুমাৰ ভূঞাৰ মতে আজান পিৰে ১৬৮৪ চনত গদাধৰ সিংহৰ ৰাজত্ব কালত ৰুপাই দাধৰাৰ পৰা চকুৰ মাজত এক দৈৱিক শক্তি লাভ কৰিছিল । যি শক্তি প্ৰয়োগ কৰি প্ৰতাপ সিংহৰ আগতেই আজান পিৰে দিখৌ নৈৰ সোত বিপৰীত মুখ কৰি ৰজাৰ প্ৰাসাদ কাৰেংঘৰৰ ফালে কৰি দিছিল । তেতিয়া আহোম ৰজাই ভয় খালে আৰু আজান পিৰৰবিষয়ে জানি তেওঁক ক্ষমা খুজিলে আৰু সোত সলনি কৰিবলৈ কলে লগতে উপহাৰ স্বৰুপ ঠিক দিখৌ নৈৰ পাৰতে সৰাগুৰি চাপৰিত ১০০ বিঘা মাটি প্ৰদান কৰিলে । তেতিয়াৰ পৰাই আজান পিৰ আৰু তেওঁৰ লোক সকল তাত থাকিবলৈ ললে । তেওঁলোক অসমলৈ অহাৰ উদ্দেশ্য আছিল ইছলামিক ধৰ্মৰ গুন গৰিমা আৰু সামাজিক নীতি শিক্ষা সমাজত প্ৰচাৰ কৰা । যিহেতু অসমখন স্বদেশী মুছলমান ধাৰ্মিক ৰাজ্যও আছিল । ঠিক একে সময়তে মহাপুৰুষ শংকৰদেৱেও অসমৰ হকে নানান কাম কাজ কৰি আছিলে । মহাপুৰুষজনাৰ মহানুভৱতাত আজান পিৰো অনুপ্ৰানিত হৈ পৰিল । আজান পিৰে জিকিৰ আৰু যাৰী সংগীতৰ মাধ্যমেৰে অসমত ইছলামিক গুন গৰিমাৰ লগতে সামাজিক নীতি শিক্ষা কথাবোৰ প্ৰচাৰ কৰিব ললে । যিহেতু সেই সময়ত অসমত ব্ৰজাৱলী আৰু অসমীয়া ভাষাৰ প্ৰচলন আছিলে গতিকে আজান পিৰেও জিকিৰবোৰ বিশেষভাৱে অসমীয়া ভাষাত ৰচনা কৰি অসমীয়া সমাজে সহজে বুজিবলৈ প্ৰস্তুত কৰি প্ৰচাৰ কৰিবলৈ ললে । কালক্ৰমত অসমীয়া ভাষাটো তেওঁ অতিকে আপোন কৰি ললে আৰু নিজেও হাৰে হিমজুৱে এজন প্ৰকৃত অসমীয়া হৈ পৰিল । তেওঁ জিকিৰ গান বোৰ লিখিছিল কম মুখেৰেই বেছিকে প্ৰচাৰ কৰি গৈছিল সহজ অসমীয়া ভাষাত । জিকিৰ গীত সমূহ ঠিক টোকাৰী গীত সমূহৰ লেখীয়া । জিকিৰ গীত সমূহৰ মাজেৰে তেওঁ ইছলামীয় ধৰ্মৰ গুন গৰিমা, সামজিক নীতি শিক্ষা দিয়াৰ উপৰিও অসমৰ সংস্কৃতিবোৰৰ কথাও আৰু অসমীয়া ভাষাটোকো প্ৰচাৰ কৰিব লৈছিলে । আজান পিৰ এজন প্ৰকিতাৰ্থত ধাৰ্মিক শিক্ষাগুৰু, দাৰ্শনিক, সাহিত্যিক, সামাজিক দায়ব্দ্ধতাকাৰী, নীতি শিক্ষা প্ৰচাৰক আছিলে । অসমৰ সমাজে সেই সময়ত শংকৰদেৱৰ লগতে আৰু এজন গুৰু মানৱৰ কথা শুনিবলৈ পাইছিলে । মানুহৰ মনৰ ভ্ৰান্ত ধাৰনাবোৰক আজান পিৰ আৰু তেওঁৰ সতীৰ্থ সকলে জিকিৰ সংগীতৰ জৰিয়তে নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছিলে । অসমখনক একতাৰ বলেৰে বান্ধি ৰাখিবলৈও নীতি শিক্ষা দিছিলে । তেওঁ বাস কৰা সৰাগুৰি চাপৰি অসমৰ ৰাইজৰ কাৰনে এখন ধৰ্মান্বলম্বী ঠাই হিচাপে পৰিগনিত হৈ পৰিল । একতা সামাজিক দায়ব্দ্ধতা, ধৰ্য্যৰ মাজেৰে সুব্যক্তিত্ব গঢ়া, তথা সমাজৰ বিভিন্ন দিশত শংকৰদেৱৰ দৰেই আজান পিৰে গোৱা জিকিৰ বোৰ আৰু কথাবোৰত দেখা পোৱা গৈছিল । দিখৌ নৈ পাৰৰ সৰাগুৰি চাপৰিতেই ১৬৯০ চনত তেও শেষ নিশ্বাস ত্যাগ কৰে । অসমলৈ তেওঁৰ অৱদান জিকিৰ গীতসমূহৰ উপৰিও সামাজিক নৈতিক দিশৰ পৰাও উল্লেখযোগ্য । আজান পিৰে গোৱা জিকিৰসমূহ লিখিত আকাৰত বহুত কম, বেছিভাগেই তেওঁ মুখেৰেই গাই কথাৰে কৈ ফুৰিছিল । যথাসময়ত গৈ সেই জিকিৰসমূহৰ স্পষ্টতা তথা নৈতিক শিক্ষাসমূহ অৰ্থহীন হৈ পৰিল । ইয়াৰ বহুত পিছত এই জিকিৰ লোক সংগীত সমূহ জীয়াই ৰখাৰ মানসেৰে সাহিত্যিক চৈয়দ আব্দুল মালিক ডাঙৰীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ তত্বাৱধানত অসমৰ বিভিন্ন ঠাই সমূহ পৰিদৰ্শন কৰি সেই হেৰাই যোৱা জিকিৰসমূহ মুখে মুখে শুনি তাক লিখিত আকাৰ দি ১৯৫৮ চনত জিকিৰ আৰু যাৰী বুলি তেও উপস্পান কৰে । তথ্য মতে হজৰত আজান পিৰেও প্ৰায় ১৬০ মান জিকিৰ লিখিছিলে যদিও মালিক ডাঙৰীয়াই অসমৰ বিভিন্ন জেগাৰ পৰা ৯০ টা জিকিৰ হে গোটাবলৈ সক্ষম হৈছিল । গতিকে বাকী যিমান বোৰ আছিলে সেইবোৰ যেন আজান পিৰৰ লগতেই অস্তিত্ব হেৰাই পেলাইছিল । বৰ্তমান অসমত এই জিকিৰ সমূহৰ অস্তিত্ব হেৰাই যোৱাৰ পথত । আজান পিৰৰ প্ৰচাৰৰ পিছৰে পৰাই আজিপৰ্যন্ত প্ৰত্যেক মহৰমত কাৰবালা, হাচান,হূচেইন ভায়েক আদিৰ খথাবোৰ জিকিৰ গানবোৰৰ মাজেৰে সমাজখনক নীতিৰ শিক্ষা দিয়া গৈ আছে । আজিও মহৰমৰ দিনাখন অসমৰ কিছুমান অঞ্ছলত এই জিকিৰ সমূহ পৰিবেশন কৰা দেখা যায় । আজিৰ এই সময়ত যদি জিকিৰ গীত সমূহ সংৰক্ষন কৰি তাৰ জ্ঞান গৰিমাৰ কথা তথা নৈতিক নৈতিক শিক্ষা সমূহ আমি জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়াই প্ৰচাৰিত নকৰো বা আওকান কৰো তেন্তে অহা দিনবোৰত অসমৰ পৰা এই জিকিৰ লোকসংগীত সমূহ নাইকীয়া হৈ যাব । এইক্ষেত্ৰত স্বদেশী মুচলমান সকলে জিকিৰ সমূহৰ বাবে এক গুৰু দায়িত্ব বহন কৰিব লাগে বুলিও মই অনুভৱ কৰো । আজিৰ অসমত নাই একতা, নাই ভ্ৰাতৃত্ববোধ, নাই সামাজিক শান্তি, গতিকে এই সকলোবোৰ সঠিক কৰা দায়িত্ব আমি প্ৰত্যেকজন অসমীয়াৰেই । জাতি ভেদ ধৰ্মৰ ক্ষেত্ৰত বৰ্তমানৰ অসমখন ক্ষনে ক্ষনে ধ্বংস হবলৈ লৈছে । আমি সকলো ভাই ভাই, আমি প্ৰত্যেকেই কাৰোপক্ষে ভেদাভেদ ভাৱ নাৰাখি আহকচোন সকলোৱে মিলি আজান পিৰে গোৱা জিকিৰ দুশাৰীলৈ মন কৰো আৰু সকলোৱে মিলিজুলি একতাৰ মাজেৰে অসমখন ধূনীয়া কৰি তোলো । ” মোৰ মনত আন ভাৱ নাই ও আল্লা মোৰ মনত ভিন পৰ নাই ও আল্লা হিন্দু কি মুচলমান একেই আল্লাৰ ফৰমান মোৰ মনত একেইটি ভাৱ ”।
জ্যোতি জিয়াম কলিতা
শেহতীয়া উন্নীতকৰণ: : 4/27/2020