অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নগ্নতা, অশ্লীলতা আৰু শাও-শপনি

নগ্নতা, অশ্লীলতা আৰু শাও-শপনি

অপদেৱতাক ভয় খুৱাই দূৰ কৰিবলৈ যিবিলাক পূজা পতা হয় তাত উলংগ হোৱাটো অধিক প্ৰয়োজনীয় পৰিলক্ষিত। এনেকুৱা ক্ষেত্ৰত উলংগ হৈ ওজাই ভূত-জৰা মন্ত্ৰ মাতে। কোনো কোনো ক্ষেত্ৰত ভূতে-ধৰা মানুহৰ গাত জৰা-পানী ছটিয়াই দিয়া হয়। কঠিন প্ৰসৱৰ সময়তো জৰা-পানী ব্যৱহাৰ কৰা হয়। এনেকুৱা প্ৰসংগত ল’ৰা বা ছোৱালীয়ে নাঙঠ হৈ পানী জাৰে। মন্দিৰৰ প্ৰাচীৰতো নগ্ন ভাস্কৰ্য কটা হয়। ধাননি পথাৰৰ মাজত পুতি থোৱা হয়। ‘ভিতৰ সেৱা’ বুলি অসমীয়াৰ মাজত প্ৰচলিত এবিধ অনুষ্ঠানত বিলনীয়া আৰু সেৱকী আটায়ে নাঙঠ হয় বুলি এটা কথা আছে। নগাঁৱৰ কাছমাৰী মৌজাৰ নাঙঠা থানত কিছুদিনৰ আগলৈকে মানুহে নাঙঠ হৈ পূজা-পাতল আগবঢ়োৱাৰ নিয়ম আছিল।লোক-সংস্কৃতিত অশ্লীল কাৰ্য আৰু অশ্লীল বচনৰো তাৎপৰ্য নোহোৱা নহয়। অন্য প্ৰসংগত নগ্নতাৰ বিষয়ে উল্লেখ কৰা হৈছে। নগ্নতাও অশ্লীল কাৰ্যৰ অংগীভূত। ক্ৰোধ, ঘৃণা, বিৰক্তি আৰু অসন্তোষ প্ৰকাশৰ সংকেত হিচাপে অসন্তোষৰ ভাব প্ৰকাশ কৰিবলৈ দেখুওৱা অংগী-ভংগীৰ ভিতৰত কেতবোৰ হ’ল – বুঢ়া আঙুলি আৰু গুপ্তাংগ প্ৰদৰ্শন, অথবা আঙুলিৰ ভংগীত গুপ্তাংগৰ প্ৰতীক প্ৰদৰ্শন। আনকি ধৰ্মানুষ্ঠান আৰু সামাজিক অনুষ্ঠানতো এইবোৰৰ প্ৰয়োগ দেখা যায়। কালিকা পুৰাণত উল্লেখ থকা সবৰোৎসৱত অশ্লীল শব্দ উচ্চাৰণ কৰাটো উৎসৱৰ অন্তৰ্ভুক্ত কাৰ্য। আমাৰ বসন্তোৎসৱ বিহুত ডেকা-গাভৰুৱে একেলগে নাচে আৰু কিছুমান নৃত্য-গীতত যৌন-সংক্ৰান্ত বিষয়ক কেন্দ্ৰ কৰি হোৱা বিদ্ৰূপেৰে পূৰ্ণ। নাচৰ ভংগীতো অশ্লীল সংকেত থাকে। এই নৃত্যবোৰৰ শস্যৰ উৰ্বৰতা বৃদ্ধিৰ লগত সম্বন্ধ থকা বুলি বিশ্বাস। অশ্লীল বিদ্ৰূপ আৰু অশ্লীল গীত-মাত বিয়াত আৰু বিয়ানাম (জোৰা-নাম, খিচা-গীত) তো ব্যৱহাৰ হয়। অশ্লীল বাক্যাংশ আৰু প্ৰবাদ-বাক্যত সাধাৰণতে মলত্যাগ নাইবা অবৈধ যৌন-সম্পৰ্কৰ উল্লেখ থাকে। শাও-শপনি দিয়াটো গাঁৱৰ নিত্য-নৈমিত্তিক ঘটনা। মানুহে এই শাও দিওঁতে ইজনে সিজনৰ প্ৰতি নিক্ষেপ কৰা বাক্যবাণত অবৈধ সংগমৰ উল্লেখ কৰে। ইয়াত মন কৰিবলগীয়া যে যৌন সংগম বা জননেন্দ্ৰিয় সম্পৰ্কে প্ৰয়োগ কৰা দুই শ্ৰেণীৰ পদ অসমীয়া ভাষাত আছে। এক শ্ৰেণী সাধু আৰু আন শ্ৰেণী গ্ৰাম্য। গ্ৰাম্য শব্দ আৰু জনজাতীয় ভাষাৰপৰা লোৱা শব্দৰ বাহিৰেও জনসমাজত বহুতো অশ্লীল আখ্যান, কিম্বদন্তিৰ চলন্তি আছে। ল’ৰা-ছোৱালীৰ কথা-বতৰাতো এই জাতীয় অনেক শব্দৰ প্ৰয়োগ দেখা যায়। এই শব্দবিলাকৰ ভিতৰত বিদ্ৰূপাত্মক শব্দ, উপলুঙা নাম দি মতা, গ্ৰাম্য ভাষা, অশ্লীল বাক্য প্ৰয়োগ আৰু যৌন-সম্বন্ধীয় বিষয়ৰ উল্লেখেই প্ৰধান। অভিশাপ আশীৰ্বাদ সম্পূৰ্ণ পৰস্পৰ-বিৰোধী। এই দুটা বিষয় সভ্যতাৰ সকলো স্তৰৰ মানুহৰ মাজতে প্ৰচলিত হৈ আহিছে। ভাষাবিদসকলৰ মতে মানুহৰ এই দুটা কথা ভাষাৰ ক্ৰমবিকাশৰ লগত জড়িত। অভিশাপ  আৰু আশীৰ্বাদ মানুহৰ ইচ্ছাবাহক শব্দাৱলী। মংগল বাঞ্ছা কৰিলে আশীৰ্বাদ আৰু অকল্যাণ কামনা কৰিলে অভিশাপ দিয়া হয়। কোনো ক্ষেত্ৰত ইচ্ছা প্ৰকাশ কৰোঁতাজনৰ নিজৰ কল্যাণ বা অকল্যাণৰ কাৰণেও ইয়াক ব্যক্ত কৰা হয়। কেতিয়াবা কেতিয়াবা ই কেৱল আশা-আকাংক্ষাকে প্ৰকাশ কৰে। কিছুমান বস্তুত সদায়ে অভিশাপ লাগি থাকে বুলি সাধাৰণৰ বিশ্বাস; অন্য কিছুমান বস্তু স্বয়ং অভিশাপৰেই প্ৰতীক। কেতিয়াবা ই বাঞ্ছিত ফলৰ ৰূপ পৰিগ্ৰহ কৰে, শাও-শপনিৰ বাহক হয় আৰু কেতিয়াবা ইয়াক অভিশাপ আৰু আশিৰ্বাদৰ ক্ষেত্ৰত অংগ-সঞ্চালনৰ তাৎপৰ্য বিশেষ মন কৰিবলগীয়া। এই শাও-শপনিত সাধাৰণ মানুহৰ ধৰ্মমূলক, নৈতিক আৰু সামাজিক চিন্তাৰ পৰিচয় আছে; জাতিৰ লৌকিক বিশ্বাস আৰু অন্ধবিশ্বাসসমূহ ইয়াতে লুকাই থাকে। অসমীয়া শাও-শপনিসমূহক তলৰ দৰে শ্ৰেণীবিভাগ কৰিব পাৰি:

  • কেতবোৰৰ পৰা সমাজৰ উচ্চ-নীচ জাতিভেদৰ বিষয়ে জানিব পাৰি – অজাতৰীয়া, অজাতিত খোৱা, মটকৰ সঁচ, গৰিয়াত খোৱা।
  • সাধাৰণ ধৰ্ম-বিশ্বাস আৰু দেৱ-দেৱী সম্বন্ধীয় শাও-শপনি হ’ল – অধৰ্মীৰ পো, ৰৌ ৰৌ নৰকত পৰা, গুৰুবধী, গো-বধী, ব্ৰহ্ম-বধী, গুৰু-গোঁসাই নমনা, গোঁসাইৰ তেজ খোৱা, ৰসাতললৈ যোৱা, গাৰ গোঁসাই খেদা, দেউ-ব্ৰহ্ম নমনা, কুগ্ৰহে পোৱা, যমে নিব নজনা, শুকানী অপেস্বৰাই পোৱা, শিৰত শনি চৰা, অশৰণীয়াৰ জাত।
  • কিছুমান ব্যৱসায় সমাজত হীন বুলি গণ্য। গৰুখুন্দা মহাজন, গোলামৰ সঁচ, নাতেশৰী আদি গালিৰপৰা এই কথা ধৰিব পাৰি।
  • মৃত্যু আৰু দুৰাৰোগ্য ৰোগৰ কামনা কেতবোৰ শাও-শপনিৰ যোগেদি প্ৰতিফলিত হয়। যেনে– হাইজাত যোৱা, জহনিত যোৱা, মাউৰত মৰা, তেজ বঁতিয়াই মৰা, ৰাজ মাউৰত যোৱা, মুখত পোক লগা, বৰ ৰোগে ধৰা, পখৰা ওলোৱা, যমে নিব নজনা, ভেটিত তিতা লাও গজা।
  • কিছুমান গালিত দৈহিক বিকৃতিৰ উল্লেখ থাকে। যেনে – ফেঁচামুৱা, ফেঁচা নকা, বান্দৰমুৱা, বুঢ়া শগুণ, জপৰা ভালুক, মৌখাপ।
  • সকলো সমাজতেই দৰিদ্ৰতাক পৰম দুৰ্ভাগ্য বুলি বিবেচনা কৰা হয়। গতিকে, দাৰিদ্ৰ্যকে কেন্দ্ৰ কৰি অনেক শাওৰ সৃষ্টি হৈছে। যেনে, - চুৱাপাত চেলেকা, ভিকহুৰ জাত, হতচিৰি (হতশ্ৰী)হোৱা, কুকুৰ মৰণে মৰা, টোকাই খোৱাৰ সঁচ।
  • প্ৰিয় আৰু পৰিজনৰ অমংগল কামনা অমংগল কামনা কৰিও শাও দিয়া হয় : বাপেকৰ মূৰখোৱা, পৈয়েৰৰ মূৰখাঁতী।
  • চৰুত খাঁতী, চুঁৱা খোৱা, তেজ খোৱা, খেকাৰ খোৱা, গৰু খোৱা, মৰাৰ ছাল টানি খোৱা আদি অভক্ষ্য ভক্ষণৰ কামনা কৰিও শাও দিয়া হয়।
  • নিকৃষ্ট বুজাবলৈ মানুহক জন্তুৰ লগত তুলনা কৰি দিয়া শাওৰ ভিতৰত কুকুৰৰ পোৱালি, খাই গাহৰি, কুকুৰৰ জাত আদিৰ উল্লেখ কৰিব পাৰি।
  • শ্লীলতা হানিকৰ আৰু লজ্জাকৰ বিষয়ৰ শাও-শপনিবোৰ হ’ল – থিয়ৈ নাঙঠ কৰিম, লগুণ ছিঙিম, মেখেলা পিন্ধা, মেখেলা-তলীয়া, কাণ কাটিম, মেখেলাৰে অটাম, বাঢ়নীৰে জাৰিম।
  • অবৈধ সম্বন্ধ আৰু অগম্য যৌন-সংগম সম্বন্ধীয় ভালেমান শাও আছে। সেইবোৰৰ উদাহৰণ নিষ্প্ৰয়োজন।
  • কিছুমান শাও-শপনি কেৱল তিৰোতাৰ উদ্দেশ্যহে প্ৰয়োগ হয়। এইবোৰ হৈছে – জীয়া বাঁৰী হোৱা, ফুলতে বাঁৰী হোৱা, পাখৰী, বনৰী, বঁহিয়া পৰতী, থুপৰী, কাঠবাঁজী।
  • সেইদৰে পুৰুষৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা আমোদজনক অভিশাপ হৈছে মেখেলা-ভাৰী, নেওচা-খোচা, তিৰোতা-সেৰুৱা, মেখেলা-পিন্ধা, মেখেলা-তলীয়া।

অংগ সঞ্চালন, অংগী-ভংগী আদি কৰি শাও-শপনি উচ্চাৰণ কৰিলে সি যাদু বা মন্ত্ৰৰ ক্ৰিয়া কৰে। কেতিয়াবা থু পেলাই শাও দিয়া হয়। থু পেলোৱাটো বিৰক্তি, অপমান আৰু ঘৃণাৰ চিন। জন-সংস্কৃতিত থু পেলোৱাটো কেতিয়াবা বিৰক্তিৰ অভিব্যক্তিৰূপে দেখা দিয়ে আৰু ইয়াৰ গুৰুত্ব ধৰ্মমূলক হৈ পৰে; কেতিয়াবা সৌভাগ্য লাভ কৰিবৰ কাৰণে বা দুৰ্ভাগ্য দূৰ কৰিবৰ কাৰণে থুওৱা হয়। সৰু ল’ৰা-ছোৱালীয়ে উত্তেজনাৰ মুহুৰ্তত খোৱা শপতৰ গুৰুত্বলৈ ভয় কৰি পিছত মানসিক সুস্থ অৱস্থাত ‘থুই-থাই বেলি আছে শপত নাই’ বুলি তাক লঘু বা নুই কৰে। ভূতে ধৰা মানুহৰ গাত থুৱাই ভূত খেদা হয়; গাঁৱলীয়া বেজে দৰৱত থু পেলাই ৰোগৰ অপদেৱতাক দূৰ কৰিবলৈ বিচাৰে। কেতিয়াবা আঙুলি টোঁৱাই বা ফুটাই শাও দিয়া হয়। শাও দিয়াজনলৈ আঙুলি টোঁওৱাৰ অৰ্থ হ’ল,- মন্ত্ৰবাণ নিক্ষেপ। হাত দঙা, বাহু জোঁকৰা, মেখেলাত ঢপলা পিটা আদি অংগ সঞ্চালন শাও-শপনিৰ লগৰীয়া কথা। এই হাত, বাহু আদি আসফালন কৰি শাও দিয়াৰ যাদুবিদ্যাৰ লগত সম্পৰ্ক। আহুদি কৰা অভিশাপৰ আন এটি ফাল। শত্ৰুৰ দেহত মন্ত্ৰপূত বস্তু সুমুৱাই দিব পাৰিলে অভাৱনীয় ফল ধৰে বুলি সাধাৰণ বিশ্বাস। শত্ৰুৰ চুলি, নখ, তেজ বা তেওঁ ব্যৱহাৰ কৰা কাপোৰ-কানি সংগ্ৰহ কৰি তাত শাও-শপনি উচ্চাৰণ কৰোঁতে বস্তুবোৰক অভিশপ্তজনৰ প্ৰতীকৰূপে গণ্য কৰা হয়। কেতিয়াবা কেতিয়াবা শত্ৰুৰ চৌহদলৈ হুল, জেং, শিলগুটি, অপবিত্ৰ বস্তু দলিয়াই শাও-শপনি দিয়া হয়। কোনো কোনো ক্ষেত্ৰত কাৰো নাম নধৰাকৈ গালি পৰা হয়; এয়ে গুৱাল গালি। গুৰুজনে অথবা বয়োজ্যেষ্ঠজনে অভিশাপ বা আশীৰ্বাদ দিলে অধিক ফলিয়ায় বুলি বিশ্বাস। নীচ-জাতৰ মানুহক ব্ৰাহ্মণ বা মহন্তই শাও দিলে সি অধিক ফলে। সাধাৰণতকৈ ব্ৰাহ্মণ,গুৰু-গোসাঁইৰ আশীৰ্বাদ আৰু শাও অধিক কাৰ্যকৰী। সেইদৰে বয়োজ্যেষ্ঠ অথবা মানীজনৰ শাও কনিষ্ঠসকলৰ গাত বেছিকৈ লাগে। মৃত্যুৰ সময়ত উচ্চাৰণ কৰা শাও অতি ভয়াবহ। অতিথি আৰু মগনীয়াৰ শাও-শপনিলৈ মানুহে বিশেষ ভয় কৰে। গালি সম্বন্ধে উজনি আৰু নামনি অসমত বিভিন্ন ধৰণৰ গীত, ফকৰা যোজনা আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ প্ৰফুল্লদত্ত গোস্বামীয়ে পলাশবাৰীৰপৰা সংগ্ৰহ কৰা তলত গীতটি এটি উদাহৰণ:

‘তুলাৰ আগতে নুন এ

হাজেলনী গালি পাচ্‌ছু

কাণ পাতি শুন এ।

পুতে হাতৰ মূৰা এ

পুত খাইতীহাত।

বেৰাৰ আগত চূণ এ

হাজেলনী গালি পাচ্ছু

কাণ পাতি শুন এ

পুতে হাতৰ মূৰা এ

এ বেটী পুত খাইতীহাত’।।

উৎস: অসমৰ লোক-সংস্কৃতি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate