অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নৰোৱা থানৰ ঐতিহ্য

নৰোৱা থানৰ ঐতিহ্য

উত্তৰে- ঢেকেৰীগাঁও, দক্ষিণে- বৰি-বৰফলীয়া, পশ্চিমে-বাঁহডোঙা বৰাচুক, পূৱে- নৰোৱা গাঁও আৰু কিনি দিকৰাই। এয়ে নৰোৱা থানৰ চাৰিসীমা। পুণ্যক্ষেত্ৰ নৰোৱা। পৱিত্ৰ থান ভূমি নৰোৱা। নিৰ্জনতাৰ মাজতো সদা জাগ্ৰত এই নৰোৱা। প্ৰত্যেকটো পূৰ্ণিমা, ফাকুৱা, জন্মোত্সৱ, বিহুৱে-সংক্ৰান্তিয়ে বৈষ্ণৱৰ পদৰেণুৰে পৱিত্ৰ হৈ জাগ্ৰত হৈছে এই নৰোৱা। ইয়াৰ চৌপাশৰ বতাহেও যেন গাই উঠে গুৰুজনাৰ অপাৰ মহিমাৰ কথা। বৰদোৱাৰপৰা আহি গুৰুজনা ৰৌতাত ৬ মাহ মান আছিল যদিও মনত শান্তি পোৱা নাছিল। কি যে এক অবুজ আমনিবোধ হৈছিল...। ক’ত এৰি অহা হ’ল মানসিৰি বালিপাৰা। নতুন ঠাইখনে গুৰুজনাক বৰকৈ সুজা নাছিল যেন বোধ হ’ল। শলগুৰিৰ পূৱৰ সোণাৰী বিলৰ ফালে পানী বিচাৰি যোৱা সঙ্গী ভকতসকলে বিলৰ পানী গাহৰিয়ে গা ধুই লেতেৰা কৰাৰ কথা জনোৱাত গুৰুজনাই শ’লগুৰি, ওপৰকুৰি হৈ পূৱৰ বৰ্তমানৰ নৰোৱাৰ কাষৰীয়া ভূখণ্ডত ডেৰ মাহ কাল থাকি(তিনি পক্ষ মান)থকাৰ উপযোগী বুলি নাভাবি বুঢ়ী গাংগাইদি উজাই গৈ ১৫১৬ চনত গাংমৌত উপস্থিত হৈ থিতাপি লয়। ইতিহাস প্ৰসিদ্ধ গাংমৌ থান প্ৰতিষ্ঠা কৰে। গুৰুজনাৰ পথযাত্ৰাত পদস্পৰ্শৰে ৰঞ্জিত, পৱিত্ৰ হোৱা স্থানসমূহতেই লুইতৰ উত্তৰ পাৰে চেউনী বটদ্ৰৱা থান, মানসিৰিৰ ওচৰৰ ক’লীয়া গোঁসাই থান, কুসুমটোলাৰ উত্তৰে আঢ়ৈ কিঃমিঃ দূৰত্বত অৱস্থিত নৰোৱা থান আৰু বিহালীৰ নিকতৱৰ্তী গাংমৌ থানে ভকত বৈষ্ণৱৰ পৰম আৰাধ্য দেৱতা ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনাৰ স্থান হিচাপে গঢ়ি লৈ উঠিল।

সময় তেতিয়া চাৰে চাৰি নে পাঁচ বাজিল। অস্তমিত সূৰ্যৰ হেঙুলী ৰহণে থান ভাগৰ চৌদিশ ৰঙীণ কৰি তুলিছে। শেষ মাঘৰ উকা পথাৰত চৰা উদঙীয়া গৰু জাক ইতিমধ্যে ধূলি উৰুৱাই পাৰ হৈ গৈছে। থানৰ নামঘৰীয়াজনৰো ইতিমধ্যে লাম লাকতি সামৰি ঘৰলৈ যোৱাৰ সময় হৈছে। এনে সময়তে মই অনাকাংক্ষিত আলহী হৈ থানত প্ৰৱেশ কৰিলো। নামঘৰীয়াই ভাল চকুৰে নাচালে। তথাপি কথাটো বুজাই ক’লো। আগৰ চিনাকি যেন পাই মোৰ লগত সহযোগিতা কৰিলে। আগতে কেইবাবাৰো থানভাগ চাইছো। ৫৫৬তম্ গুৰু জয়ন্তী উদযাপনৰ দুয়োটা দিন থানভাগলৈ আহিছো। তথাপি থানভাগলৈ অহাৰ এটা হেঁপাহ সদায় আছে। নামঘৰীয়াৰ লগত কথা পাতিলো। সেই আগৰ কথাবোৰেই দোহাৰিলে। নামঘৰীয়াৰ কথাবোৰৰ লগত নৰোৱা থান নামঘৰ প্ৰতিষ্ঠা মহোত্সৱৰ স্মৃতিগ্ৰন্থ(১৯৬৬চন)আৰু জামুগুৰিহাটৰ ইতিহাসত(১৯৯৯চন) পোৱা কথাবোৰ যুকিয়াই বুজা গ’ল যে এই পৱিত্ৰ থানভাগ ১৫১৬ চনৰ পিছত প্ৰতিষ্ঠা কৰা হয়। গুৰুজনাই জামুগুৰিহাটৰ শ’লগুৰি গাঁও পোৱাৰ পিছত কিবা কথাত অসুবিধা বোধ কৰি শলগুৰিৰ পৰা নাকৰ পোনে পোনে প্ৰায় দুমাইল পূৱত ন-কৈ গৈ ৰোৱা বা অৱস্থান কৰাৰ ঠাইখনৰ নাম পিছলৈ মুখ বাগৰি নৰোৱা হ’ল আৰু গুৰুজনাৰ পদৰেণুৰ পুষ্ট হৈ গঢ়ি উঠা থানভাগক নৰোৱা থান নামেৰে জনাজাত হ’ল। সেই সময়ত নৰোৱা থানৰ ভেটি এখন মুকলি ঠাইত এজোপা বিৰিণা গছৰ তলত আছিল। গুৰুজনাই নিৰ্মল জল পাবৰ বাবে লগত থকা ভকতসকলৰ হতুৱাই দক্ষিণ চুকত এটি খাল খন্দাই সেই জলৰেই অন্নভাগ সিদ্ধ কৰি গ্ৰহণ কৰিছিল। বৰ্তমান পৰিচালনা সমিতিয়ে এই খালটো সংৰক্ষণ কৰি ৰাখিছে। গুৰুজনাৰ পাদ পদ্মৰ পৱিত্ৰ ৰেণুৰ গন্ধৰে সুৱাসিত সেই বিৰিণা তলৰ ভেটিত অনুগত ভকতসকলে পিছলৈ ভক্তি ভাবৰে তৈল-বন্তি, শৰাই-শলিতা দি জাগ্ৰত কৰি তুলিলে সেই স্থান- যি স্থান জাতি, বৰ্ণ নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ লোকৰেই ধৰ্মস্থান হিচাপে পৰিগণিত হ’ল। গুৰুজনাই খন্দা খালৰ জলৰাশিতে মাহ, বুট, কল, কুঁহিয়াৰ ধোৱা-পখলা কৰি ভক্তসকলে সভক্তিৰে বিৰিণা ভেটিত বন্তি জ্বলাই নৈবেদ্য হিচাপে আগবঢ়ায়।

সকলো নামঘৰত বিৰাজমান হোৱাৰ দৰে শ’লগুৰি বটদ্ৰৱা থানৰপৰা নৰোৱা থানলৈও ‘বুঢ়া ডাঙৰীয়া’ৰ অবাধ অহা-যোৱা শ’লগুৰিৰ হৰিবোল আতৈয়ে কেইবাবাৰো লগ পাইছে বোলে। পাছে কাৰো একো অনিষ্ট নকৰে। হৰিবোল আতৈ তীৰ্থস্থানৰপৰা ঘূৰি আহি নৰোৱাৰ উত্তৰ ফালে পথাৰখনত এটি ঘৰ সাজি বহুদিন আছিল বোলে। এবাৰ বোলে বনৰীয়া হাতীয়ে বনৰীয়া কল এথোক আনি থানভাগত শুঁৰেৰে অৰ্পণ কৰিছিল। বহুদিন আগেয়ে এজন ল’ৰাই বাটচ’ৰাত লগোৱা ফুলকটা টিং এটুকুৰা নিছিল ভাওনাৰ মুকুট লগাবৰ বাবে। ৰাতি নৰোৱা গোসাঁয়ে বেয়া সপোন দেখুৱালত তেহে টিং টুকুৰা যথা স্থানত ঘূৰাই দি তেল-বন্তি দিয়াতহে মনত শান্তি পালে। থানভাগৰ সাৰ্বজনীন দৃষ্টিভঙ্গীয়ে সকলোকে ইয়ালৈ আকৰ্ষণ কৰে। সকলোতে যেন গুৰুজনাৰ ‘কুক্কুৰ শৃগাল গৰ্দভৰো আত্মাৰাম’ বাণী বিৰাজমান। আনকি আগৰ দিনত কৰ-কাটল নিবলৈ অহা নিচি সম্প্ৰদায়ৰ লোকেও থানভাগৰ উদ্দেশ্যে পদূলিতে সেৱা লৈছিল। থানভাগৰ আন এক বৈশিষ্ট্য হ’ল যে ইয়াত কোনো পূজাৰী, অধিকাৰী, বিষয়ববীয়াৰ কৰ্তৃত্ব নাখাটে। বৰ্তমান পৰিচালনা সমিতিৰ তত্ত্বাৱধানত নামঘৰীয়া এজন আছে যদিও নামঘৰীয়াই সুপৰামৰ্শ দি যাত্ৰীসকলক সহায়-সাৰথি কৰে। প্ৰয়োজনে মহা প্ৰসাদভাগ বিতৰণ কৰি দিয়ে। শৰাই-শলিতা দিয়া লোকে বাচন-সংৰক্ষণ গৃহৰ পৰা প্ৰয়োজনীয় বাচনখিনি উলিয়াই মাহ-প্ৰসাদ তিয়াই বা ভোগ সিদ্ধ কৰে। সেৱা কামৰ অন্তত বাচন-বৰ্তন ধুই নিকা কৰি নিজেই আগৰ ঠাইত থৈ আহে। ‘ছাৰ্ভিছ টু ম্যান ছাৰ্ভিছ টু গড’ এই নীতিৰেই থানভাগ পৰিচালিত হৈ আহিছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দিনতে গঢ় লৈ উঠা নৰোৱা থানভাগে বৰ্তমান সময়ত ন সাজ সলাইছে। কুসুমটোলা চেণ্টাৰৰ উত্তৰ দিশত নৰোৱালৈ যোৱা পথৰ ওপৰত এখন আদৰণি তোৰণ ২০১২ চনত নিৰ্মাণ হৈছে। দাতা চতিয়া চেণ্টাৰৰ মনমোহন হাজৰিকা আৰু অন্ন হাজৰিকা।

লিখক: হেম বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate