অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফাকুৱা উৎসৱ আৰু ইয়াৰ তত্ত্ব কথা :

ফাকুৱা উৎসৱ আৰু ইয়াৰ তত্ত্ব কথা :

 

দৌল বা হোলী উৎসৱ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ। এই দৌল উৎসৱক ভাৰতবৰ্ষৰ ভিন্ন জাতি-সম্প্ৰদায়ৰ হিন্দু ধৰ্মাৱলম্বী লোকে বিভিন্ন নামেৰে পালন কৰা দেখা যায়। এই উৎসৱক হোলী, ফাকুৱা, ফলগু উৎসৱ, বসন্তোৎসৱ, মদনোৎসৱ, হোলিকা দাহন আৰু দেউল উৎসৱ আদি নামেৰে বিভিন্ন ৰাজ্যত পালন কৰা হয়। ওড়িশা, বিহাৰ, পশ্চিমবংগ আদিতো বিভিন্ন নামেৰে আনন্দৰ উৎসৱ পালন কৰে।

ভাৰতীয় ধৰ্মীয় দৰ্শনত কৃষ্ণঞ্চৰিত্ৰৰ মাজেদি সাহিত্য-সংস্কৃতিৰ বিকাশ সাধন কৰাৰ লগতে এক আধ্যাত্মিক ধৰ্মীয় কৃত্য সাধন কৰা হয়। সেইবাবেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখিছিল এইদৰে-

ৰংগে ফাগু খেলে চৈতন্য বনমালী

দুহাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰী

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নগাঁৱৰ বৰদোৱা ধামত অৰ্থাৎ পাতেকীবাৰীত এই ফলগু উৎসৱৰ পাতনি মেলিছিল। শংকৰদেৱৰ একৈশ বছৰ বয়সত বৰদোৱা ধামত জসাতখলপীয়া বৈকুণ্ঠৰ পট কৰি লৈ বলোৰাম আতৈক ফাকুগুড়ি আনিবলৈ মৰুৱাপুৰলৈ পঠাই দহদিনৰ অন্তত সাতটা কড়িৰ বিনিময়ত সাত কলহ প্ৰাকৃতিক ফাকুগুড়ি আনিছিল।

তাৰ পাছত সন্ধাৰা দলৈক পঞ্জিকাত দিন-বাৰ চাই ফাগুন মাহৰ পূৰ্ণিমা তিথিত শুভ দিন চাই দৌল উৎসৱ পালন কৰিছিল। দৌল উৎসৱত ভক্তসকলে ইজনে সিজনক ফাকুগুড়িৰ ৰং সানি ৰং-ধেমালি কৰিছিল।

দণ্ড চত্ৰ চামৰ ধৰিয়া ভক্তচয়

জয় জয় কৃষ্ণ বুলি ফাকু ছটিয়ায়।

তেতিয়াৰ পৰাই ফাগুন মাহৰ শুক্লা পূৰ্ণিমাত এই লদৌল উৎসৱ পালন কৰিছিল। এই দৌল উৎসৱত কৃষ্ণ সংস্কৃতিৰ ভক্তি ধৰ্মৰ বৰ্ণনাৰে পূজা-অৰ্চনা, উচ্ছল প্ৰাণাৱেগ, সংযম আৰু আধ্যাত্মিক দৃষ্টিভংগীৰে স্বকীয় বৈশিষ্ট্য সানি এই দৌল উৎসৱ পালন কৰি আহিছে ভক্তসকলে। ই অতি প্ৰাচীন আৰু ধৰ্মীয় উৎসৱ। ফাগুন মাহত অনুষ্ঠিত হোৱা দৌল পাঁচদিনীয়াকৈ পালন কৰে। ইয়াক ‘ডেকা দৌল’ আৰু চ’ত মাহত পালন কৰা দৌলক ‘বুঢ়া দৌল’ বুলি কয়। চ’ত মাহৰ দৌল উৎসৱ তিনিদিনীয়াকৈ পালন কৰা হয়।

ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে অতি উলহ-মালহকৈ এই ৰং আৰু আনন্দৰ উৎসৱ পালন কৰে। ৰাজস্থানত এই উৎসৱক ‘ছোটা হোলী’ আৰু ‘বড়া হোলী’ বুলি কয়। হোলীৰ দিনা হোলীকা দাহন কাৰ্য সম্পন্ন কৰে। উত্তৰ প্ৰদেশ, বিহাৰ, ছোটনাগপুৰ, সত্তিশগড় আদিত ইয়াক হোলী উৎসৱ হিচাপে পালন কৰে।

চাহ বাগিচাৰ লোকে ফাগুৱা পৰৱ হিচাপে পালন কৰা দেখা যায়। তেওঁলোকে অশুভ শক্তিৰ প্ৰতীক হোলীলাক দাহন কৰে। চাহ জনগোষ্ঠীৰ শ্ৰমিকসকলে ফাগুৱা পৰৱৰ পিছদিনা কাঠী নৃত্য কৰি ৰং আৰু আনন্দ কৰে।

জনবিশ্বাস মতে হিৰণ্য কশিপুৰ ভনীয়েক হোলীকাই ইশ্বৰ ভক্ত প্ৰহ্লাদক কোলাত লৈ জুইত জাঁপ দিছিল। কাৰণ হ’ল জুইত যাতে প্ৰহ্লাদৰ মৃত্যু হয়। কিন্তু ইশ্বৰ ভক্ত প্ৰহ্লাদৰ জুইত একো নহ’ল আৰু অপ সংস্কৃতিৰ প্ৰতীক হোলীকা জুইত ভষ্মীভূত হ’ল। এই কাৰণে অপশক্তিৰ বিলাক কৰি শুভশক্তিৰ বাবে হোলীকাক দাহন পৰম্পৰা আৰু জনবিশ্বাস প্ৰচলিত হৈ আছে।

আন এক জনবিশ্বাস মতে কুৰুক্ষেত্ৰ যুদ্ধত শৰশয্যাত থকা ভীষ্মদেৱক ইচ্ছামৃত্যুৰ পিছত উক্ত দিনটোতে এই দাহন কাৰ্য সম্পন্ন কৰিছিল।

হোলী উৎসৱ উপলক্ষে গোৱা গীতবোৰত যথেষ্ট প্ৰাণাৱন্ত আৰু উদ্দীপনাময় কৃষ্ণলীলাৰ সাবলীল বৰ্ণনা থাকে। ই আধ্যাত্মিক চিন্তা-চেতনা প্ৰসূত এক ধৰ্মীয় পৱিত্ৰ উৎসৱ। প্ৰতিটো হোলী গীতৰ মূৰ্ছনাত মঞ্জুৰিত হৈ উঠে শ্ৰীকৃষ্ণৰ ফাকু খেলৰ কথা। ইশ্বৰ কৃষ্ণৰ লীলা মাধুৰ্যৰ যেন ই এক পৰম প্ৰকাশ। সেয়েহে শংকৰদেৱৰ অনূদিত ভাগৱত গ্ৰন্থত পোৱা যায় এইদৰে-

দণ্ড চত্ৰ চামৰ ধৰিয়া ভক্তচয়

জয় জয় কৃষ্ণ বুলি ফাগু সিঞ্চয়।

ইয়াৰ উপৰি হোলী গীতত পোৱা যায় এইদৰে-

আহা সখী আহা বাইহঁত যাওঁ বৃন্দাবনে

সবে মিলি ফাকু খেলো কৃষ্ণৰ সংগে।

গতিকে এই দৌল বা ফাকুৱা উৎসৱৰ বিভিন্ন গীত-মাতত ঈশ্বৰ কৃষ্ণৰ লীলা মাধুৰ্যই মানুহৰ মন-প্ৰাণত হিল্লোল তোলে। দেৱলোকৰ সম্পৃক্ত হোলী উৎসৱ বৈকুণ্ঠৰ পৰা শংকৰদেৱে বৰদোৱালৈ আনিলে। দ্বিতীয় বৰদোৱা ধাম বুলি খ্যাত বৰপেটাত সৰ্বপ্ৰথম মথুৰা আতৈয়ে এই উৎসৱ আৰম্ভ কৰে। দৌলৰ প্ৰথম দিনা ‘গোন্ধ যাত্ৰা’ দ্বিতীয় দিনা ভৰদৌল আৰু তৃতীয় দিনা ‘সুৱেৰী’ বা ফাকুৱা উৎসৱ।

ইয়াৰ উপৰি ভগৱান শ্ৰীকৃষ্ণৰ অন্য এগৰাকী পত্নী ঘুনুচাৰ বাৰীলৈ গৈ ঘূৰি অহাত পলম হোৱাত লক্ষ্মীদেৱীয়ে দুৱাব খুলি নিদিয়াক কেন্দ্ৰ কৰি ওড়িশাত দৌল উৎসৱ কৰিছিল।

আজি কানু যাবগৈ ঘুনুচাৰ বাৰীলৈ

তিথি শুভক্ষণ চাই

দৌল এৰি হৰি ঘুনুচাৰ বাৰী

চলি গৈলা যদুৰাই।

গোসাঁৱা গৈছিলে ঘুনুচাৰ বাৰীলৈ

সাতদিন সাত ৰাতি হ’ল

আজি লক্ষ্মী আয়ে সোমাব নিদিলে

পদূলি মুখতে ৰ’ল।

ইয়াৰ উপৰি ওড়িশাৰ উৰেষাপুৰীত ৰজা ইন্দ্ৰদ্যুম্নই দৌল সাজি তাত কৃষ্ণ-বলৰামক স্থাপন কৰিছিল। ইপিনে কীৰ্ত্তনৰ উৰেষা বৰ্ণন মতে(ঘুনুচাৰ কীৰ্ত্তনমতে) স্বয়ং কৃষ্ণই বিজয়ী হৈ দলে-বলে যাত্ৰা কৰি ইন্দ্ৰদ্যুম্ন ৰজাৰ দেশলৈ আহিছিল। কৃষ্ণ অহাৰ বাতৰি পাই প্ৰজাগনে আনন্দত আত্মহাৰা হৈ ন ন সাজ পিন্ধি ফাকু ৰং ছটিয়াই কৃষ্ণক আদৰি আনিছিল। মনৰ আনন্দত গালে-মুখে ফাকু সানি ৰং-ধেমালি কৰিছিল।

কৰ্পূৰ কুসুম ফাকু অতি সুবাসিত

সবে ফাকু খেলে হুৱা আনন্দিত।

এনেদৰে বিভিন্ন সময়ত বিভিন্ন ঠাইত হোলী বা ফলগু উৎসৱৰ পাতনি মেলা হৈছিল। ফাগুন মাহত বসন্ত কালত প্ৰকৃতিয়ে ন সাজত সাজি-কাচি বিনন্দীয়া ৰূপ লয়। এই প্ৰকৃতিৰ বিনন্দীয়া সেউজীয়া ৰূপত মানুহৰ মনবোৰো ৰঙীন হৈ পৰে। এই সময়মতে হোলী বা ফাকুৱা উৎসৱ পালন কৰে মনৰ আনন্দত।

এই ফাকুৱা উৎসৱ হৈছে ধৰ্মীয় কৃত্য সাধনৰ ৰং আৰু আনন্দৰ উৎসৱ। মিলনৰ উৎসৱ। সম্প্ৰীতিৰ উৎসৱ। উচ্চ নীচ, ধনী-দুখীয়াৰ প্ৰাচীৰ ভাঙি সকলোৱে মিলিজুলি ফাকুৱা খেলে। এই ফাকুৱা উৎসৱৰ ফাকুৰ ৰঙা আৰু সেউজীয়া ৰঙে যেন আমাৰ সমাজৰ মানুহৰ মনবোৰ সেউজীয়া কৰি তোলে। সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰী যেন প্ৰকট হৈ উঠে তাকে কামনা কৰিলো।

‘আজি ৰঙে-ৰূপে একাকাৰ

আহা ভাই সবে মিলি হোলী খেলো

মিলি সবে মনে-প্ৰাণে প্ৰাণে…..’।

লেখক: ধনেশ্বৰ হুজুৰী(ৰাইজৰ বাতৰি)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate