অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বড়োসকলৰ লোকবাদ্য খাম

বড়োসকলৰ লোকবাদ্য খাম

 

বড়োসকলৰ খাম অৱনৰ্ন্ধ শ্ৰেণীৰ বাদ্য। বড়োসকলৰ এই ঢোলটো বিশেষ ধৰণে সজোৱা হয়। ঢোলটো আঁৰি লোৱা চামৰাৰ ৰছীডালক কাম দিৰুং বোলা হয়। অসমীয়া সমাজত প্রচলিত ঢোলৰ দৰে বড়োসকলৰ ঢোলটোও গৰু-ছাগলী-বাঘ আদিৰ চামৰাৰে সজা। ঢোলৰ খোলটো আম, জাম, কঁঠাল আদি কাঠেৰে সজোৱা। অসমীয়া বিহু ঢোলবোৰ এহাত চাৰি আঙুল হোৱাৰ পৰিৱর্তে বড়ো খামটো ইয়াতকৈ কিছু দীঘল।

অসমীয়া সমাজ-জীৱনত বিহুৰ প্রভাব সর্বাধিক হোৱাৰ দৰে বড়ো সমাজ জীৱনতো বিহুৰ প্ৰভাৱ অতি জনপ্রিয়। অসমীয়া জাতিৰ এই বৃহৎ থাল বড়োসকলেও অতি উলহ-মালহেৰে বিহু পালন কৰে। বড়োসকলে কাতি বিহু বিশেষভাৱে পালন নকৰে। কিন্তু মাঘ আৰু ব’হাগ বিহু এওঁলোকে বিশেষভাৱে পালন কৰে।

বড়োসকলে মাঘ বিহুক ‘মাগু’ বুলি অভিহিত কৰে। মাঘ বিহুৰ দহ-বাৰ দিন আগৰে পৰা চেঙেলীয়া ল’ৰাবোৰে নৈৰ পাৰলৈ বা মুকলি পথাৰলৈ পাহাৰ বা ওচৰৰ হাবিৰ পৰা বাঁহ-খেৰ আনি গোটায়। সেই বাঁহ পুতি প্রায় ৯-১০ হাত ওখকৈ মেজি সাজে৷ সাধাৰণতে ধানখেৰেৰে এই মেজি সজা হয়। মেজিক বড়োসকলে 'ভেলাকুৰ বুলি কয়। মেজিবোৰৰ অলপ আঁতৰতে খেৰৰ এটা ডাঙৰ উৎসৱ ঘৰ সাজে। বিহুৰ প্রথম দিনা ৰাতি গাঁৱৰ আটায়ে এই বিহুতলীতে ভোজ খায় আৰু গোটেই নিশা বড়োসকলৰ অতি প্রিয় বাদ্য খাম, চিফুং, ঠৰ্‌কা আদি বজাই লাওপানী খোৱাই লাওপানী খায় আৰু নানা ধৰণৰ নাচ-গীত কৰি উৎসৱ ঘৰতে কটায়। পিছদিনা ব্ৰহ্মপুৱাতে মেজিত জুই লগাই দিয়ে। সৰু ল’ৰা-ছোৱালীবোৰে মেজিৰ জুইত উত্তাপ লোৱাৰ পিছত গাঁৱৰ ইঘাৰ-সিঘৰলৈ গৈ চিৰা, কৰাই, পিঠা আদি খাই ফুৰে। সেইদিনা ৰাতিপুৱা ন মান বজাত ভোজ-ভাত আদি খাই আটায়ে ঘৰা-ঘৰি যায়। সেইদিনা ৰাতিপুৱা ন মান বজাত গোহালিত গৰুবোৰৰ শিঙত তেল ঘঁহি দিয়ে আৰু কপালত ঘেঁহুৰ ফোট দি গৰুবোৰ এৰি দিয়ে। সিদিনাৰ পৰাই গৰুবোৰে কোনো গৰখীয়াৰ তত্বাৱধানত নাথাকি উদং হৈ মুকলিমূৰীয়াভাৱে ঘাঁহ খাই চৰি ফুৰে।

দ্বিতীয় দিনাৰ সন্ধিয়াৰ লগে লগে ঘৰৰ আটাইয়ে গৰু বিচাৰি আনি গোহালিত ৰাখে আৰু ঠিক গোহালি ঘৰৰ সন্মুখতে অতি পবিত্ৰভাৱে, গোহালি, মাদায় (গোহালিত থকা দেৱতা) পূজা কৰে। 'গোহালি মাদায়” পূজা কৰাৰ পিছতে প্রায় সাতদিনলৈ খাম, চিফুং, চেৰজা আদি বাদ্য বজাই নাচ-গান কৰি চিকাৰলৈ গৈ মুকলিমূৰীয়া ভাব এটা লৈ বড়োসকলে মাঘ বিহু পালন কৰে। "গোহালি মাদয়াৰ' সমাপ্তিৰ লগে লগে বাদ্যযন্ত্র আদিকো তেওঁলোকে শ্রদ্ধাৰ দৃষ্টিৰে চায়।

বড়োসকলৰ ব’হাগ বিহু হৈছে বৈশাগু বা বৈহাগু। অসমীয়াসকলৰ দৰে এওঁলোকৰো এইটোৱেই ডাঙৰ বিহু। গৰুৰ শিঙত তেল দিয়া, মাহ-হালধি সানি লাও-বেঙেনাৰে চাক লৈ দীঘলতি-মাখিয়তিৰে গৰুক গা ধুওৱাটো এওঁলোকৰো নিয়ম। উভতি আহি বেঙেনাৰ চাকটো আৰু দীঘলতি পাত আদি গোহালিত অতি যতনেৰে ৰাখি থয়। সন্ধিয়া গৰুক পুনৰ "গোহালি মাদায়” পূজা কৰে। সেই দিনটোক বড়োসকলে গহু বিহু বোলে, পিছৰ দিনা মানুহ বিহু।

এই দিনটোতে বড়োসকলৰ প্ৰিয় বাদ্য ‘খাম’ক ন-কাপোৰ আৰু ফুলৰ মালাৰে বিভূষিত কৰে। চিফুঙকো ফুলৰ মালা পিন্ধায় আৰু ইজনে-সিজনৰ কপালত আবিৰ সানি নতুন বছৰক আদৰণি জনায়। বিহুৰ দিনা ৰাতিপুৱা গাঁৱৰ আটায়ে থানত গৈ সন্মিলিতভাৱে খাম, চিফুং আদি বজাই লাংগামাৰা আদি বড়োৰ যিসকল উপাস্য দেৱতা আছে সকলোকে সেৱা জনায়। এই সেৱা জনোৱাৰ পিছত দেউৰী(বড়োসকলে পূজাৰী) ঘৰলৈ আহি ৰাইজৰ লগত ধেমালি কৰে। আবেলি গাঁৱৰ মুৰব্বী হাদুংগাৰাই ৰাইজক মাতি নি সন্মান জনায়। এই বিহুতেই জোঁৱায়েকসকল শহুৰেকৰ ঘৰলৈ গৈ সেৱা জনোৱাটো বড়োসকলৰ প্ৰচলিত প্ৰথা। এই বিহুত তিৰোতাসকলে ফুলৰ মালা লৈ আৰু পুৰুষসকলে খাম, চিফুং আদি বজাই নৃত্য-গীত কৰি ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ অহা-যোৱা কৰে।

এই বিহুত গোৱা বড়োসকলৰ বিশেষ গীতবিধৰ নাম হৈছে বৈশাগুনি গীদু। খাম চিফুঙৰ লহৰে লহৰে এই গীত গায় আৰু নানা ভংগিমাৰে নাচে। গীতবোৰ এনেধৰণৰ—

‘আগৈ বৈশাগী, ফৈদো নং

দানো বথৰ জানাই খাই ৰাজাংগুন জং|’

(ভাষাই— হেৰা, মোৰ মৰমৰ ভনীটি, তুমি ওলাই আহা, বিহু আহিছে। আমি আনন্দ কৰোঁ৷ আহা।)

খাম হৈছে বড়োসকলৰ বিশেষ ধৰণৰ ঢোল। ই আকাৰত যথেষ্ট ডাঙৰ। বড়োসকলৰ দৰে ৰাভাসকলৰ মাজতো খামৰ প্ৰচলন আছে। ৰাভাৰ খামটো দীঘলীয়া গঢ়ৰ। এইটো সকলো ৰাভা নৃত্য-গীততে ব্যৱহৃত হয়। ডিমাচাসকলে ঢোলক খ্ৰাম বোলে। ডিমাচাসকলৰ খ্ৰামটো দীঘলীয়া। সকলো ডিমাচা নৃত্য-গীততেই ই ব্যৱহৃত হয়। মিচিংসকলৰ ঢোলটোৰ নাম হৈছে "দুম্‌ দুম্‌'। লোকবিশ্বাস মতে উজনিৰ বিহু ঢোল জাতীয় এই ঢোলটো মিচিংসকল ভৈয়ামলৈ অহাৰ পিছতেই তেওঁলোকে গ্রহণ কৰিছি।

বড়োসকলৰ খাম অবনৰ্ন্ধ শ্রেণীৰ বাদ্য। বড়োসকলৰ এই ঢোলটো বিশেষধৰণে সজোৱা হয়। ঢোলটো আঁৰি লোৱা চামৰাৰ ৰাইডালক কাম দিৰুং বোলা হয়। অসমীয়া সমাজত প্রচলিত ঢোলৰ দৰে বড়োসকলৰ ঢোলটোও গৰু-ছাগলী-বাঘ আদিৰ চামৰাৰে সজা। ঢোলৰ খোলটো আম, জাম, কঁঠাল আদি কাঠেৰে সজোৱা। অসমীয়া বিহু ঢোলবোৰ এহাত চাৰি আঙুল হোৱাৰ পৰিৱর্তে বড়ো খামটো ইয়াতকৈ কিছু দীঘল। ঢোলৰ তালিৰ ফালে অলপ বহল। কোবনি অর্থাৎ সোঁহাতে ঢোলটো একে, দুয়োফালে হাতেৰে বজায়। খামৰ খোলাটো যিমান পাতল হয় খামৰ মাত সিমানেই ভাল আৰু মিঠা হয়। গৰুৰ ছালেৰে এই খাম সজোৱা হয়। খামৰ খামখিত ঘুণ থকা বাবে খামটো খোলৰ দৰে বজোৱা হয়। আম, চাম, কঁঠালৰ খোলাটো মুচিয়াৰৰ ঘৰত বনাবলৈ দিয়া হয়।

খামৰ বিভিন্ন অংশৰ নাম বেলেগ বেলেগ। এই অংশবোৰ এনেধৰণৰ— কাম দিৰুং, লচা, ময়দান, খামখি, খাম গুদুং, মীছা হেবানায় খাম খুলি, দোৱান। বড়োসকলৰ খামত খোলাটোৰ তালিখনৰ ফালে দুখন ছাল ওপৰা-উপৰিকৈ থাকে। ওপৰত লগোৱা ছালখনক লছা আৰু লগত লগোৱাখনক ময়দান বোলে। তালিৰ মাজৰ অংশৰ ঘূণখিনিক বোলা হয় খামখি। তলৰ অংশক খামগুদু। চামৰাখন ধৰি ৰখা খোলাটোৰ স’তে কপ্‌কপীয়া কৰি ৰখা অংশক মিছা হেবনায়— খামৰ খোলাটোক খামখুলি বোলে। অসমীয়াৰ বিহু ঢোলৰ বৰতি নামে জনাজাত চামৰাৰ ৰছীকেইডালক বড়ো ভাষাত দোৱান বোলে। দোৱানবোৰ টনাটনি কৰিহে খামৰ মাত শ্রুতিমধুৰ কৰা হয়।

বড়োসকলৰ গীতৰ সুৰৰ বৈশিষ্ট্যৰ লগতো খামৰ সম্পর্ক আছে। বড়োসকলৰ খামৰ দুয়োফালে ঘুণ থাকে। সেই কাৰণে খামৰ মাতটো বন্ধ প্রকৃতিৰ হয়। বিহু ঢোলৰ হাত বুলনি আৰু খামৰ হাত বুলনি বেলেগ বেলেগ৷ খামৰ মাত গুৰু-গম্ভীৰ। বড়োসকলে আৰজ (প্রার্থনা) গালে আৰু বিয়া-বাৰু আদিত খাম বজালে খামৰ বুলনি বেলেগ হয়। বর্তমান সুবিধা অনুসৰি কিছুমানে খামৰ এফালে ঘুণ লগাই লয়। খাম খালি হাতেৰে বজায়। খামৰ বৰতিবোৰ প্ৰায় একে।

বড়োসকলৰ খাম মাঘ বিহু, ব’হাগ বিহু, বাগুৰুম্বা, খেৰাই, বিয়া-বাৰু, ধর্মীয় অনুষ্ঠান গাজা পূজা, ফুছি হাবা, আমথিচুৱা ছৰাব ফীৰনায় আদি সকলো উৎসৱতে খামৰ প্ৰচলন আছে। বড়োসকলৰ বিভিন্ন ক্রীড়া-কাণ্ডৰ সৈতে গীতৰ সম্পর্ক আছে। বড়োসকলৰ বিবাহ উৎসৱ সংগীতধর্মী। বিয়াগীতক সূচিত কৰিবলৈ বড়োসকলে "হাবা-মেথায়” গায়। বাথৌ দেৱতাক সন্তুষ্ট কৰিবলৈ বেলাড পৰম্পৰাগত আখ্যান, মাগুৰ-মাগুৰি, মীথ, জাৰাফাগালা নৃত্য আদিতো খামৰ ব্যৱহাৰ আছে।

বড়োসকলৰ খামৰ বিভিন্ন বোল দেখা যায়। "বাগুৰুম্বা' নৃত্যত খামৰ বোল এনেধৰণৰ—

১) ফ্ৰিউ মীন, মীন,/ফ্ৰউ মীন, মীন।

২) ফ্ৰিউ গুম/দা গুম মীন,

ফ্ৰিউ দা গুম/দা গুম মীন

৩) ফ্রিউ মীন,/ফ্রিউ মীন,

দা গুম/দা গুম মীন।

বড়ো সমাজৰ লোকবাদ্য হিচাপে ‘খাম’ৰ বিভিন্ন প্রয়োগ সম্পর্কে পৰিৱেশ্য কলা হিচাপে স্বীকৃত এই বাদ্যৰ সঠিক মূল্যায়ন হ’ব লাগে।

এই বাদ্যৰ উৎপত্তি, বড়ো সমাজত ইয়াৰ প্ৰয়োগ, বিভিন্ন বোল, উৎসৱ-অনুষ্ঠানত খাম সম্পৰ্কে বিভিন্ন দিশৰ কথা জনসমাজত প্ৰচাৰ হোৱা দৰকাৰ। বড়ো সমাজৰ আচাৰ অনুষ্ঠান, ধৰ্মীয়, সামাজিক, সাংস্কৃতিক, উৎসব-পার্বণ, মৌখিক সাহিত্যৰ বিভিন্ন উপাদানত ‘খাম’ৰ ভূমিকা সম্পর্কে গৱেষণা পর্যায়ত আলোচনা হোৱা উচিত।

লীলাধৰ হাজৰিকা, পূৰ্বাচল।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate