অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বহাগ বিহুৰ বাৰেবৰণীয়া পৰম্পৰা

বহাগ বিহুৰ বাৰেবৰণীয়া পৰম্পৰা

বহাগ বিহুৰ বাৰেবৰণীয়া পৰম্পৰা-

 

বিহু উৎসৱ আৰ্য্য নে আৰ্য্যভিন্ন সংস্কৃতিৰ অন্তৰ্গত সেই কথাৰ সঠিক সিদ্ধান্ত আজিও নহ’ল। দীৰ্ঘদিন ধৰি গৱেষক সকলে নিজ নিজ মত সমৰ্থন কৰি কোনোৱে ইয়াক আৰ্য্য মূলীয়া আৰু কোনোৱে ইয়াক আৰ্য্যভিন্ন বুলি আখ্যা দিব বিচাৰে যদিও ইয়াৰে এটাও সৰ্বজন গ্ৰাহ্য সিদ্ধান্ত নহয়। আমাৰ মতে বিহুক আৰ্য্য বা আৰ্য্যভিন্ন বুলি গোষ্ঠীভুক্ত নকৰি পোনে পোনে ইয়াক ঋতু কালীন কৃষি উৎসৱ বোলাই শ্ৰেয়। একো একোটা ঋতুও সেই ঋতুৰ দ্বাৰা প্ৰভাৱিত নিৰ্দিষ্ট ভূখণ্ডত প্ৰায় একে ধৰণৰ আচৰণ বা কৃত্য কিছুমান সম্পন্ন কৰা দেখা যায়। ঋতুৰ আগমন বা পৰিৱৰ্তন এক প্ৰাকৃতিক পৰিঘটনা। বসন্ত ঋতুৰ এই পৰিঘটনাই প্ৰকাশ লাভ কৰে ব’হাগ বিহুত। প্ৰকৃতিৰ বুকুলৈ বসন্ত অহাৰ লগে লগেই জনসাধাৰণেও নিজ নিজ সাজেৰে সেই বসন্ত ঋতুৰ লগত সহবাস কৰিবলৈ সাজি-কাচি ওলায়। কৃষকে কৃষিৰ সা-সঁজুলি, চিকাৰীয়ে চিকাৰৰ সাজ-সজ্জা, পুৰোহিতে পূজা-অৰ্চনা, জ্যোতিষীয়ে গ্ৰহ-গতি ইত্যাদিবোৰ চম্ভালি লয়। বছৰৰ আৰম্ভণিতে বিভিন্ন বৃত্তিৰ লোকে বিভিন্ন ধৰণে আত্ম প্ৰকাশ কৰে কাৰণে সেই সেই উপাদানবোৰ বহাগ বিহুত পৰিলক্ষিত হয়। একেধৰণে জনজাতীয় লোক সকলে নিজস্ব আচাৰ-নীতিৰ প্ৰতিফলন ঘটায় বহাগ বিহুত। আনহাতে আকৌ একে ঋতুৰে প্ৰভাৱিত হ’লেও ভৌগোলিক, সামজিক, ৰাজনৈতিক, আৰ্থিক আদি কাৰণতো একেটা বহাগ বিহুৰে কিছুমান আঞ্চলিক বৈশিষ্ট্যও বিদ্যমান। ৰাজনৈতিক কাৰণতেই এসময়ত উজনি অসমত বিহু উৎসৱে যেনেদৰে আহোম স্বৰ্গদেউৰ দ্বাৰা ৰাজকীয় মৰ্য্যাদা পালে, নামনিত তেনেদৰে নাপালে। সেই বুলি নামনিত এই উৎসৱটো নোহোৱা নহয়। ভৌগোলিক দূৰত্ব আৰু সামাজিক তথা ভাষিক ভিন্নতাৰ কাৰণে উজনিত যেনেদৰে গীত-পদ গোৱা হয় নামনি অসমত তেনেদৰে কৰা নহয়। তদুপৰি বিহু যিহেতু ঋতুকালীন উৎসৱ গতিকে আহোম সকল অহাৰ আগতেও বসন্ত কালত নিশ্চয় এই অঞ্চলৰ অধিবাসী সকলে ইয়াৰ পৰম্পৰাবোৰ পালন কৰিছিল। সেই সময়ত হয়তো ইয়াক ‘বিহু’ বুলি কোৱা হোৱা নাছিল। যেনেকৈ ‘অসম’ নামটোও আহোম সকল অহাৰ পিছত যোগ হ’ল, ঠিক তেনেকৈ ‘বিহু’ শব্দটোও পিছত সম্পৃক্ত হ’ব পাৰে। অসমৰ অজনজাতীয় লোক সকলৰ মাজত বিহু শব্দৰ প্ৰয়োগ যেনেদৰে আছে তেনেদৰে জনজাতীয় সকলৰ মাজত বৈচাগু, বায়খো, বিচু, বিষুৱা আদি শব্দৰ প্ৰচলন দেখা যায়। বসন্ত ঋতুৰ দ্বাৰা প্ৰভাৱিত ভাৰতবৰ্ষৰ অন্যান্য ঠাইতো বেলেগ বেলেগ নামেৰে এই ঋতু কালীন উৎসৱ বা পৰম্পৰা-ৰাজিক বুজোৱা হয়। দেখা যায়, অঞ্চল আৰু জনগোষ্ঠী ভেদে এই বসন্ত উৎসৱৰ ক’ৰবাত আৰ্য্য মূলীয় উপাদান আৰু ক’ৰবাত আৰ্য্যভিন্ন উপাদান বেছি। য’ত যেনেকুৱা গোষ্ঠীভুক্ত বা বিশ্বাসযুক্ত মানুহ থাকে ত’ত তেনেকুৱা ধৰণে উৎসৱটোৱে স্বৰুপ ধাৰণ কৰে।

অসমৰ অজনজাতীয় লোক সকলৰ মাজত প্ৰচলিত বহাগ বিহুলৈ লক্ষ্য কৰিলে দেখা যায়, ইয়াত আৰ্য্যমূলীয় বা বৈদিক আৰু আৰ্য্যভিন্ন বা অবৈদিক দুয়ো প্ৰকাৰ উপাদানেই স্পষ্ট। তাৰ মাজতে অৱশ্যে বিশেষ কিছুমান লোক-পৰম্পৰাও বিদ্যমান। ব’হাগ বিহুৰ প্ৰথম দিনা যি ‘গৰু বিহু’ তাৰ লগত অৰ্থ বেদত থকা ‘গৱাময়ন’ উৎসৱৰ সম্পৰ্ক থকা বুলি গৱেষক সকলে ক’ব বিচাৰে। বিশিষ্ট গৱেষক ড° হেমন্ত কুমাৰ শৰ্মাই উল্লেখ কৰি যোৱা মতে অৰ্থবেদৰ ‘গোৱাময়ন’ উৎসৱ মহাবিষুৱ তিথিত উদ্‌যাপিত হৈছিল। সেই উৎসৱত গৰুৰ মঙ্গলৰ কাৰণে যজ্ঞ কৰা হৈছিল। তদুপৰি অৰ্থবেদতেই গৰুক হিংস্ৰ জন্ত্ৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে খদিৰ গছৰ ডালেৰে কোবোৱাৰো বিধি আছে। এই প্ৰসঙ্গতে ক’ব পাৰি, অসমত প্ৰচলিত গৰু বিহুৰ দিনা গৰুক গা-ধোৱাই সেৱা-সৎকাৰ কৰি সন্ধিয়া নতুন পঘাৰে বন্ধা আৰু গোহালিৰ সন্মুখত গধুলি যাগ্‌ দিয়া কথা খিনিয়ে বেদৰ ‘গৱাময়ন’ উৎসৱৰ ঐতিহ্যকে বহন কৰা যেন লাগে। প্ৰখ্যাত লোক সংস্কৃতিবিদ অধ্যাপক ড° প্ৰফুল্লদত্ত গোস্বামীৰ কথাখিনিও এই ক্ষেত্ৰত প্ৰণিধানযোগ্য। ড° গোস্বামীয়ে উল্লেখ কৰিছে যে, অথৰ্ববেদ আৰু ঐতৰেয় ব্ৰাহ্মণত হেনো যাগ্‌ যজ্ঞ কৰা এটা বিশেষ দিনৰ নাম আছিল বিষুবন। এই বিষুবনত কৰা যাগ্‌ যজ্ঞই হেনো সূৰ্য্যক গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাতো সহায় কৰিছিল। অৰ্থাৎ খেতি-বাতিৰ সু-ব্যৱস্থাৰ বাবেই অতীতত যাগ্‌-যজ্ঞ কৰাৰ পৰম্পৰা আছিল। বিষ্ণুপুৰাণৰ মতে আকৌ সূয্য বসন্ত আৰু শৰৎ ঋতুৰ মধ্যত শেষ ৰাশি নাইবা তুলা ৰাশিলৈ গ’লে বিষুৱ হয়। দেখা যায় বৈদিক কালৰ ‘বিষুবন’ বা ‘বিষুৱ’ দিনটো ব’হাগ বিহুৰ লগত প্ৰায় একে। সেয়েহে কোনো কোনোৱে বিষুৱন বা বিষুৱৰ পৰাই অসমীয়াত বিহু শব্দৰ উৎপত্তি হোৱা বুলি ক’ব বিচাৰে।

আনহাতে আকৌ অথৰ্ববেদত যি গো-পূজাৰ কথা কোৱা হৈছে তাৰ লগত সূৰ্যৰ সম্পৰ্ক আছে। প্ৰখ্যাত লেখিকা তথা গৱেষিকা ড° নিৰ্মল প্ৰভা বৰদলৈয়ে তেওঁৰ সূৰ্য্য গ্ৰন্থত উল্লেখ কৰিছে যে, ঋকবেদত সূৰ্য্যকে বৃষভ বোলা হৈছে। অথৰ্ববেদতো ৰোহিত সূৰ্য্যক বৃষভ আখ্যা দিয়া হৈছে। তেনেদৰে ব্ৰাহ্মণ গ্ৰন্থত এটা ৰঙচুৱা ষাঁড়গৰুক সাবিত্ৰীৰ মূল বুলি কোৱাৰ লগতে হৰপ্পা সভ্যতাতো বৃষভ পূজাৰ প্ৰচলন থকা প্ৰমাণ পোৱা গৈছে। গতিকে বেদৰ ‘গো’ বা ‘বৃষভ’ পূজাৰ লগত সূৰ্য্য পূজাৰ সম্পৰ্ক থকা যেন অনুমান হয়। সূৰ্য্য আকৌ উৰ্বৰতাৰ মূল উৎস। সেই কাৰণেই বোধকৰো সদ্য পুষ্পিত ছোৱালী এজনী গৰ্ভৱতী হ’ব বুলি ভাবি সূৰ্য্যৰ দৃষ্টিৰ পৰা আঁৰত ৰখা পৰম্পৰাটো জনসমাজত আজিও প্ৰচলন আছে।

ব’হাগ বিহুৰ গৰু বিহু দিনা গধূলি যি নতুন পঘাৰে বন্ধা হয় সেই পঘাত মৰাপাটৰ লগত তৰা গছৰ আঁহ মিহলি কৰা হয়। লোকপ্ৰবাদ মতে পূৰ্বতে হেনো ব্ৰাহ্মণে তৰা গছত লগুণ থৈ মানুহৰ মঙ্গলৰ কাৰণে ‘গো’ ৰুপ ধাৰণ কৰিছিল। সেই কাৰণেই বছৰৰ মূৰত হ’লেও গৰুক পঘাৰ লগত লগুণ দিয়া পৰম্পৰাটো আছে। গৰুৱে পূৰ্বতে ব্ৰাহ্মণ আছিল সেই কথা মন্ত্ৰসাহিত্যতো পোৱা গৈছে। তেনে মন্ত্ৰ এটি পাঠ (TEXT) এনেধৰণৰ:

ওঁম শ্ৰী কৃষ্ণায় নমঃ ধনন্তৰিয়ে নমঃ

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ।

চৰাচৰ জগতৰ গুৰুৱে ঈশ্বৰ।।

অৰে অৰে গৰু তোৰ জানো জন্ম জাতি।

বামুণৰ হন্তে তোৰ ভৈলা উৎপত্তি।।

প্ৰথমে ঈশ্বৰে বৰাহ পঠাইলা

তিনি চাৰি পাঁচ ছয় সাত :

মনুষ্যে খাইলা তাক।।

শুনি ঈশ্বৰে কান্ধত লেলন্ত,

যিজনে নলয় :

ব্ৰহ্মাবিষ্ণুৰ মাথা খায়।

মোৰ হাক গুৰুৰ ডাক,

মোৰ হাল কান্ধত লৈ নিচলে যায় থাক।।

এইটো বশীকৰণ মন্ত্ৰ। বাঁওহতীয়া জোঁটনি আৰু কোধোৰা জৰী এই মন্ত্ৰেৰে জাৰি গৰুক পিন্ধাই দিলে গৰুৱে বশ মানি হালত ঠিকে-ঠাকে যায়। গৰুক ব্ৰাহ্মণ বা ব্ৰহ্মজ্ঞান কৰি ব’হাগ বিহুত পূজা-সেৱা কৰা পৰম্পৰাটোৰ পৰাই যে এনে ধৰণৰ যাদুমূলক মন্ত্ৰ তথা লোক বিশ্বাসৰ সৃষ্টি হৈছে তাত সন্দেহ নাই। ব’হাগ বিহুৰ লগত জড়িত তেনে আন এক যাদু মূলক বিশ্বাস হ’ল প্ৰথম ব’হাগৰ দিনাখন নাহৰ গছৰ পাতত গোৰোচনা আৰু কুঙ্কুমেৰে কৰা চিয়াঁহীৰে গোঁসাই-ব্ৰাহ্মণ বা দৈৱজ্ঞৰ হতুৱাই এটা বিশেষ মন্ত্ৰ লিখি ঘৰৰ চালত খুচি থোৱা পৰম্পৰাটো। বিজুলী, বজ্ৰপাত আৰু অগ্নিভয় দূৰীকৰণ কৰা বুলি বিশ্বাস জড়িত এই মন্ত্ৰটো এনেধৰণৰ :

দেৱদেৱ মহাদেৱ বিৰুপাক্ষ ত্ৰিলোচন।

বাতবৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে।।

জৈমিনিশ্চ সুমণ্ডশ্চ বৈশাম্পায়মেৱচ।

পুলস্তি পুলহশ্বৈৱ পঞৈতে বজ্ৰবাৰণঃ।।

মুনি কল্যাণ মিত্ৰস্য জৈমিনেশ্চানুকীৰ্ত্ত্নাং।

বিদ্যুদগ্নি ভয়ং নাস্তি লিখিতস্য গৃহোদৰে।।

ব’হাগ বিহুত সাতশাক বা সাতশেকী খোৱা পৰম্পৰাৰ লগতো যাদুমূলক বিশ্বাস জড়িত হৈ আছে। সাত বিহুৰ ভিতৰতে বছৰটোৰ বাবে বৈদ্য-কবিৰাজ সকলে বিশেষ ঔষধ কিছুমানৰ উপকৰণ যোগাৰ কৰে; যিবোৰ ঔষধ ব্যৱহাৰ কৰি জনসাধাৰণৰ বেমাৰ – আজাৰ ভাল কৰা দেখা যায়। এই পৰম্পৰাটোৰ আধাৰতে জনসাধাৰণেও সাতবিহুৰ ভিতৰত কমেও সাত বিধ শাক একেলগ কৰি ৰান্ধি খোৱা দেখা যায়। লোক বিশ্বাস মতে এই সাত শাকো ঔষধ বা ‘দাৰু’। ইয়াক খালে বছৰটোলৈ বেমাৰ – আজাৰ নহয়।

নামনি অসমত বিশেষকৈ কামৰুপত সাতশাক তুলিবলৈ যোৱা এক বিশেষ অনুষ্ঠানেই আছে। কামৰুপৰ বৰপেটা অঞ্চলত ইয়াৰ প্ৰচলন অধিক। প্ৰথম ব’হাগৰ দিনাখন অৰ্থাৎ মানুহ বিহুৰ দিনা মহিলা সকলে মূৰত শৰাই লৈ বিবিধ গীত – পদ গাই দলবান্ধি পথাৰলৈ শাক তুলিবলৈ যায়। এই প্ৰসঙ্গত গোৱা গীত – পদবোৰ প্ৰায়ে ৰাধা কৃষ্ণ কেন্দ্ৰিক। লোক দৃষ্টিত শাক তুলিবলৈ যোৱা মহিলা সকল গোপিনী স্বৰুপ :

কালপানী এ কৰচীয়াৰ পাত,

অ’ বেহাৰ যাওঁ আজি মথুৰাৰ হাট হায় ও হৰি।

এনেধৰণে গীত – পদ গাই গৈ পথাৰৰ মাজৰ বিশেষ এঠাইত মূৰত নিয়া শৰাই আদি থাপনা পাতি বুঢ়া গোঁসাইৰ উদ্দেশ্যে ধূপ – ধূনা – বন্তি জ্বলাই নিমখ আৰু চেনিৰে নৈবেদ্য আগ বঢ়ায়। আৰু শিৱ – পাৰ্বতীৰ উদ্দেশ্যে নাম – কীৰ্তন কৰে। এই ভক্তি মূলক নাম – কীৰ্তনৰ অন্তত সকলোৱে মিলি এক ধৰণৰ নৃত্যৰ আৰম্ভ কৰে। যৌনধৰ্মী এই নৃত্যত তিৰোতা বিলাকেই পুৰুষ – লিঙ্গৰ প্ৰতীকি মুদ্ৰাও প্ৰকাশ কৰা দেখা যায়। নৃত্যৰ মাজে মাজে এই সময়ত গোৱা গীত – পদবোৰো যৌনধৰ্মী তথা অশ্লীল ইঙ্গিতময়। তেনে দুফাকি গীত এনে ধৰণৰ :

পাঘা বোটু ববোটু, তিনি গুণীয়া,

তাইৰ নেচ্‌না তিৰী, ভাতাৰ ঘূণীয়া।

আকৌ :

আই থেক যাউ বুলি বাইথেক চাপিলু

বাই তুলিছে বাবেৰি শাক,

বাইয়ে নামত্‌লাক ভিনীয়ে মাতিলাক্‌

আজি ৰাতি চাৰদাৰ থাক।।

নৃত্য আৰু গীতৰ মাজতে ইজনীয়ে সিজনীৰ গালৈ পানী ছটিয়াই জুৰুলি – জুপুৰি হৈ পৰা আৰু পৰস্পৰে পৰস্পৰক গৰু খেদা দি খেদি লৈ ফুৰাটো এই প্ৰসঙ্গত বিশেষভাৱে মন কৰিবলগীয়া। বেলি বুৰ যোৱাৰ আগে আগে মহিলা সকলে এই নৃত্য – গীতৰ সামৰণি মাৰি ওচৰৰ নৈ – বিলত পথাৰত পোৱা শাক – পাতবোৰ ধোৱাৰ লগতে নিজৰ গা – পাবোৰো  ধুই ঘৰলৈ ওভতে। ব’হাগ বিহুত অনুষ্ঠিত এই শাক তোলা নৃত্য – গীতৰ লগতো যাদু মূলক বিশ্বাস জড়িত। তিৰোতা সকলে যি খন পথাৰৰ পৰা শাক তুলি নৃত্য – গীত কৰে সেই পথাৰখনো শস্যৰে উভৈনদী হয় বুলি জনবিশ্বাস আছে। কামৰুপৰ এই শাকতোলা অনুষ্ঠানৰ নৃত্য – গীতৰ লগত উজনি অসমৰ ‘জেং – বিহু’ৰ বহু খিনি সাদৃশ্য পৰিলক্ষিত হয়। জেং বিহুৰ যেনেদৰে পুৰুষৰ প্ৰৱেশ নিষেধ, তেনেদৰে শাকতোলা নৃত্য – গীততো পুৰুষৰ প্ৰৱেশ নাই। অৱশ্যে তাৰ মাজতে কোনোবা দুষ্ট গৰখীয়াই গছৰ আঁৰত লুকাই – চুৰকৈ ‘জেং বিহু’ চোৱাৰ দৰে শাকতোলা নৃত্য – গিতো উপভোগ নকৰা নহয়। তেনে পৰিস্থিতিৰ সন্মুখ হোৱা বাবেই কেতিয়াবা কেতিয়াবা শাকতোলা নৃত্য – গীতত তিৰোতা সকলে গায় :

ও চেংৰা তোৰ লাগ্‌ছে বাসনা

ও তই টানা টানি নকোৰ্‌বি

ও মোৰ কাপুৰ হৈছে পুৰণা।

ও মই গালি দুলি নাপাৰু

ও মোৰ যৌৱন গেইছি ভাটিয়া।।

মন কৰিব লগীয়া কথা, শাকতোলা অনুষ্ঠানৰ ভালেমান গীতৰ লগত দৰঙৰ গৰখীয়াই গোৱা নাঙেলী আৰু টোটোলা ৰাভাৰ আহুশালী গীতৰ মিল আছে। সাধাৰণতে এই আটাইবোৰ অনুষ্ঠান তথা গীত – পদ যৌন গন্ধী আৰু যাদু মূলক হোৱা কাৰণেই এই সাদৃশ্য বিদ্যমান। কৈ থোৱা ভাল, শাকতোলা অনুষ্ঠানটো লোক – নাট্যধৰ্মী। তিৰোতা সকলে এই অনুষ্ঠানৰ জৰিয়তে কামনা সক্ত পুৰুষ ভাও বা অভিনয়ো মুদ্ৰাসহ প্ৰদৰ্শন কৰে। কামৰুপৰ দৰেই গোৱালপাৰা অঞ্চলতো সেয়ে শাকতোলাৰ প্ৰসঙ্গত গায় :

বইহাগ যায়       বইহাগ আহে

গাছ বিৰিখোৰ ৰং,

ও তিৰী তুলে     শাক শুকুতি

খোজুত ভাং (ভাও) চাং।

সাত শাক বোলোতে সৰাচলতে সাতবিধ সাককে নুবুজায়, ই সাত বিধতকৈও বেছি হ’ব পাৰে। সাত শাক মানে আচলতে সাত বিহুৰ ভিতৰত খোৱা শাককহে বুজায়। উজনি অসমৰ বিশেষকৈ শিৱসাগৰ অঞ্চলত সাতশাক বুলি তিৰোতা সকলে এশ আঠ বিধ শাক সংগ্ৰহ কৰা কথাটো প্ৰখ্যাত লোক সংস্কৃতি বিদ ড° বিৰিঞ্চি কুমাৰ বৰুৱাই ইতি পূৰ্বে উল্লেখ কৰি গৈছে। এই এশ আঠ বিধৰ ভিতৰত যদি কিবা বিষাক্ত শাকো থাকে সেয়াও বাকীবোৰৰ ঔষধি গুণৰ বলত বিষহীন হৈ পৰে বুলি জনসাধাৰণে বিশ্বাস কৰে।

শাকৰ দৰে শুকতিবা শুকুতিতা খোৱা পৰম্পৰাও বিহুত আছে। ব’হাগ বিহুত এই তিতা খালে বছৰটোলৈ বেমাৰ – আজাৰ নহয় বুলি কোৱা হয়। দৰাচলতে শাক আৰু শুকুতা দুয়ো বিধেই ঔষধি গুণযুক্ত। অসমীয়া জাতীয় জীৱনত ইয়াৰ ব্যাপক প্ৰভাৱ স্বীকাৰ কৰি প্ৰবচনত সেয়ে কোৱা হয় :

শাকে শোকোতাই ভক্ষণ।

সেয়ে পুৰুষৰ লক্ষণ।।

উজনি অসমত বিহুৰ ভিতৰতে আমৰ মল, কঁঠালৰ মুচি আৰু মচুৰ মাহ পটাত বটি সৰ্বোষধি খোৱাৰ পৰম্পৰা আছে। তেনেদৰে সৰ্প ভয় নিবাৰণৰ বাবে ঘৰৰ চাৰিওপিনে নহৰুৰ পানী ছটিয়াই দিয়া, ছেৰা বিহুৰ দিনা পঁইতা আৰু দৈ খোৱাটো উল্লেখযোগ্য। আকৌ বিহুৰ ভিতৰতে সৈয়া কণীৰে যুঁজিবলৈ যোৱা, কড়ি খেল খেলোৱা, গছপুলি ৰোৱা, লাগৰ্নী গছত বা নালাগিবলৈ তপাব বাঁহেৰে কুলা বৈ দিয়া আদি পৰম্পৰাবোৰো পালন কৰা পৰিলক্ষিত হয়। সন্দেহ নাই, এই আটাইবোৰ কৃত্যৰ মাজেৰে প্ৰজনন আৰু উৰ্বৰা বিশ্বাসৰ যাদুৱেই প্ৰতিফলিত হয়। গৰু বিহুৰ দিনা খন গৰুক লাও – বেঙেনা খুৱাই দীঘলতীৰ পাতেৰে কোবাই কোবাই কোৱা হয় ‘লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ; বাপেৰ সৰু, মাৰে সৰু তই হবি বৰ গৰু’ – বোলা বচন ফাকিও দৰাচলতে যাদু মূলক মন্ত্ৰহে। উল্লেখনীয় যে, সেই দিনা গৰু ঘোঁহোৱা তেল মানুহে গাত ঘঁহিলে চৰ্মৰোগ নহয় বুলি কোৱা কথাটোও এই প্ৰসঙ্গত প্ৰণিধানযোগ্য। তেনেদৰে ব’হাগ বিহুত গৰু – ছাগলীক ঘোঁহোৱা মাহ – হালধিও মানুহে গাত সানি গা – ধুলেও বছৰটোলৈ বেমাৰ – আজাৰ নহয় বুলি লোক বিশ্বাস আছে।

হালধি আকৌ মিলনৰো প্ৰতীক। ব’হাগ বিহুত এই হালধিৰ প্ৰয়োগ বিশেষভাৱে মন কৰিব লগীয়া। বিশেষকৈ শোণিতপুৰ জিলাৰ জামুগুৰি – শলগুৰি – মূঢ়াদাল আদি গাঁৱৰ ডেকা – গাভৰু, বুঢ়া – বুঢ়ী সকলোৱে হাতে হাতে কেঁচা হালধিৰ খুন্দাপাত্ৰ লৈ বিহুৰ দিনা ওলাই আহি বিহু মৰাৰ লগতে পৰস্পৰে পৰস্পৰক সেই পাত্ৰৰ পৰা গাত হালধি সানি দিয়ে। সম্ভৱতঃ এনেধৰণে ৰাজহুৱা ভাৱে হালধি দিয়া পৰম্পৰাটো অসমৰ আন ঠাইত পাবলৈ নাই।

আলোচনা কৰিলে দেখা যায় ব’হাগ বিহুৰ প্ৰায় বেছি দিন পৰম্পৰাই মূলতঃ কৃষিৰ লগত জড়িত। গো – পূজাটো আৰ্য্য মূলীয়া হ’লেও তাৰ লগত কৃষিৰ সম্পৰ্ক আছে। গ্ৰামীণ কৃষি পদ্ধতিত গৰুহাল থাকিলেহে খেতি – খলা সম্ভৱ। সেয়ে ব’হাগ বিহুত আজিও গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। কৃষকৰ বাবে হাল খনৰ মূল সম্পদ যেনেদৰে গৰুহাল তেনেদৰে নাঙল খনো অপৰিহাৰ্য্য। নাঙলত থকা কাঠৰ কুৰটো সাজিবলৈ গছ আৰু ডিলাকে ধৰি যুৱতি, মৈ, ডাকুৰা আদি সাজিবলৈ বাঁহৰ প্ৰয়োজন। সেয়ে ব’হাগ বিহুত গছপুলি ৰোৱাৰ লগতে বাঁহগছত মাটি দি তাৰ পুলি পোখা বৃদ্ধি কামনা কৰা হয়। অসমত বাঁহৰ ব্যাপক ব্যৱহাৰ আছে। ব’হাগ বিহুৰ সময়তে দৰঙত অনুষ্ঠিত দেউল, কামৰুপৰ ভঠেলি আদি উৎসৱত বাঁহপূজা কৰা পৰম্পৰাটো এই ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ। বাঁহক অগ্নিৰো প্ৰতীকৰুপে পূজা – সেৱা কৰা হয়। মন কৰিব লগীয়া কথা, একে সময়তে সমগ্ৰ অসমত সাত দিনীয়াকৈ যথাক্ৰমে গৰু বিহু, মানুহ বিহু, ৰঙালী বিহু, চেৰা বিহু আদি নামেৰে পালন কৰা হয় যদিও উজনি – নামনিৰ মাজত কিছু পাৰ্থক্য আছে। উজনিত বিহু প্ৰধানতঃ নৃত্য গীত প্ৰধান, আনহাতে নামনিত ই পূজা – পাৰ্বণযুক্ত তথা ধৰ্মীয়। নামনি অসমত বিশেষকৈ দৰ্ং, কামৰুপ আৰু গোৱালপাৰাত ব’হাগ। বিহুত নাম – কীৰ্তন কৰাৰ লগতে একো একো খন মেলাও অনুষ্ঠিত কৰা হয়। উজনি অসমত আহোম স্বৰ্গদেউ সকলে বিহুৰ সাতোদিন নৃত্য – গীতৰ আমোদ – প্ৰমোদেৰে পাৰ কৰি দিয়াৰ দৰে দৰঙৰ কোচ ৰজা সকলে সাত বিহুলৈকে ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণুপূজা, হোম আদি কৰি দেউল পাতিছিল। একেদৰে কামৰুপত ভঠেলি অনুষ্ঠিত হোৱাৰ লগতে হাজোৰ হয়গ্ৰীৱ – মাধৱ, গোৱালপাৰাৰ ভৈৰৱথান আদিত পূজা আৰু মেলা বহাৰ পৰম্পৰা আছিল। বিহুৰ ভিতৰতে গোঁসাই – ব্ৰাহ্মণক দান – দক্ষিণা কৰা পৰম্পৰাটোও নামনি অসমত আছে। মুঠতে উজনি অসমৰ বিহুত পৰিলক্ষিত হয়, মিলন – আনন্দ আৰু নামনি অসমৰ বিহুত ধৰা পৰে ধৰ্মীয় প্ৰমূল্য। সেয়ে পৰিষ্কাৰ কথা, বিহুত একেখিনি পৰম্পৰাই সৰ্বত্ৰতে পৰিলক্ষিত নহয়। আঞ্চলিক ভিন্নতা, সুকীয়া সামাজিক তথা ৰাজনৈতিক পটভূমি, জন প্ৰব্ৰজন আদিৰ ফলত একেটা ঋতুতে অনুষ্ঠিত উৎসৱ হ’লেও বিচিত্ৰ পৰম্পৰাই বিহুক বাৰেৰহণীয়া কৰি তুলিছে।

 

লেখক : ড° কনক চন্দ্ৰ চহৰীয়া।

উৎস : লোক - সংস্কৃতিৰ সঁফুৰা।

 

আদিম মেজিক, ধৰ্ম আৰু ৰঙালী বিহুৰ লোকাচাৰ

 

পৃথিৱীৰ য’তেই কৃষিজীৱী জনগোষ্ঠী আছে ত’তেই আছে একোটা কৃষি উৎসৱ। এনে উৎসৱৰ আচৰণৰ লগত আদিম কালৰ পৰা সংলিপ্ত হৈ আহিছে মেজিক আৰু ধৰ্ম। আদিম বিশ্বাস জড়িত মেজিক আৰু ধৰ্মৰ প্ৰভাৱৰ পৰা আমাৰ কৃষি – উৎষৱ বিহুৰ লোকাচাৰ সমূহো মুক্ত নহয়, কাৰণ সাম্প্ৰতিক সময়ৰ বিহুৰ লোকাচাৰ হ’ল আদিম কৃষকৰ কৃষি – উৎসৱৰ আচৰণৰ  অৱশিষ্ট। এই সম্পৰ্কীয় আলোচনা পিছলৈ এৰি আমি এতিয়া বিচাৰ কৰি চাম আদিম মেজিক আৰি ধৰ্মনো কি, কৃষি – উৎসৱৰ লগত ইয়াৰ সম্বন্ধ কিয় আৰু কেনেকৈ হয়।

আদিম কৃষিজীৱী সমাজ আছিল প্ৰকৃতি নিৰ্ভৰ। কিন্ত প্ৰকৃতিক চম্ভালি লোৱাৰ কোনো বৈজ্ঞানিক উপায় বা কৌশল তেওঁলোকৰ জ্ঞাত নাছিল। সেয়ে কিছুমান মেজিক – ধৰ্মীয় ক্ৰিয়াকাণ্ড সম্পাদনেৰে প্ৰকৃতিক চম্ভালি নাইবা সন্তষ্ট কৰি আদিম কৃষকে অধিক ফচল, মানুহ আৰু জীৱ – জন্তৰ উৰ্বৰতা বৃদ্ধি আৰু অশুভ শক্তিক আঁতৰত ৰাখিব বিচাৰিছিল। আদিম মানুহৰ মেজিক আছিল অভীষ্ট সিদ্ধিৰ কাৰণে সম্পাদন কৰা এবিধ উদ্ভট ক্ৰিয়াকাণ্ড। ইয়াৰ প্ৰয়োগৰ স’তে জড়িত বিশ্বাসটো হ’ল কিছুমান নিৰ্দিষ্ট ক্ৰিয়াকাণ্ড সম্পাদনৰ যোগেদি প্ৰকৃতিক হাত কৰি লৈ মানুহে বিচৰা ধৰণে কাম কৰাব পাৰি। যিটো সূত্ৰ মতে মেজিকে আদিম সমাজত থিতাপি লৈছিল সেয়া হ’ল বাস্তৱক নিয়ন্ত্ৰণ কৰাৰ ভাও ধৰিলে বাস্তৱ সঁচাকৈয়ে নিয়ন্ত্ৰিত হৈ যায়। ইয়াত উনুকিওৱা ‘মেজিক’ৰ অৰ্থ আমি সচৰাচৰ বুজাৰ  দৰে ভৌতিক বাজী বা হাতচালাকী বাজীৰ স’তে জড়িত বিশেষ কলা বিধ নহয়; ই হ’ল এটা নৃতাত্ত্বিক শব্দ যাৰ লগত সংযুক্ত হৈ আছে এবিধ নিৰ্দিষ্ট আদিম কলা। এই আদিম কলা বিধৰ লগত সম্ভন্ধ আছে আদিম কৃষিজীৱী মানুহৰ উদ্বেগপূৰ্ণ বিদাৰণ, দিবা স্বপ্ন আৰু দীৰ্ঘদিনৰ অপূৰণীয় আকাংক্ষা।

আদিম ধৰ্ম হ’ল আদিম কৃষিজীৱী মানুহৰ কিছুমান বোধগম্য বিশ্বাস আৰু আচৰণ পদ্ধতিৰ সমষ্টি, যাৰ সহায়ত জনাশুনা, কৌশলেৰে সমাধান কৰিব নোৱাৰা কোনো গুৰুতৰ সমস্যা সমাধানৰ চেষ্টা কৰিছিল। প্ৰকৃতিক বাট দেখুওৱা মেজিকৰ অলৌকিক শক্তিক ধৰ্মত মানি লোৱা হৈছিল দেৱ – দীৱী হিচাপে। এই দেৱ – দেৱীক সন্তষ্ট কৰি আকাংক্ষিক বাস্তৱক পাবলৈ প্ৰাৰ্থনা, উৎসৰ্গ, নৈবেদ্য নিবেদন কৰা আদি আচৰণ সমূহক ধৰ্মীয় ক্ৰিয়া – বিধি হিচাপে সম্পাদন কৰা হৈছিল। নৃতাত্ত্বিক বিশ্লেষণ মতে ধৰ্ম হ’ল অতিকথা বা পুৰাণকথাই যুক্তি সঙ্গত বুলি প্ৰতীয়মান কৰা ক্ৰিয়া – বিধিৰ সমষ্টি যাক সম্পাদনৰ দ্বাৰা মানুহে প্ৰকৃতিক পৰিচালনা কৰা দেৱ – দেৱীক প্ৰভাৱাম্বিত কৰিব পাৰে। গতিকে ক্ৰিয়া – বিধিৰ সম্পাদনেই ধৰ্মীয় আচৰণ; এই আচৰণৰ দ্বাৰা প্ৰাকৃতি আৰু মানৱ জীৱনৰ গতিক পৰিচালনা কৰা দেৱ – দেৱীক তুষ্ট কৰাই হ’ল ধৰ্মৰ মুখ্য কাম।

আদিম মেজিক আৰু ধৰ্মৰ লক্ষ্য যদিও একেটাই আছিল তথাপিও মেজিক আৰু ধৰ্ম একে বস্ত নাছিল। দুয়ো বিধ ক্ৰিয়া – কাণ্ডৰ উদ্ভৱো একেলগে হোৱা নাছিল। পণ্ডিত সকলৰ মতে মানৱ ইতিহাসত ধৰ্মতকৈ মেজিক পুৰণি আৰু আদিম মেজিক আছিল আদিম ধৰ্মৰ ভেটি। ধৰ্মত প্ৰকৃতিৰ লগত জ্ঞাত কাৰকৰ দ্বাৰা পৰিচালিত হয়, আনহাত মেজিকত প্ৰকৃতিৰ গতি অপৰিৱৰ্তনীয় বিধিৰ দ্বাৰা পৰিচালিত হয়। ধৰ্মীয় কথা বা কৰ্মৰ ব্যাখ্যাত নিৰ্দিষ্ট দেৱ – দেৱীয়ে উল্লেখ পায়, কিন্ত মেজিকত অলৌকিক শক্তিৰ উল্লেখেৰে ব্যাখ্যা দিয়া হয়। ধৰ্মত দেৱ – দেৱীক সন্তষ্ট কৰা হয় আৰু মেজিকত অলৌকিক শক্তিক চম্ভালি লোৱা হয়। যেতিয়া আদিম মানুহে মেজিকৰ দ্বাৰা অভীষ্ট সিদ্ধিত কৃতকাৰ্য্য হ’ব নোৱাৰিছিল তেতিয়া শৰণাপন্ন হৈছিল ধৰ্মীয় আচৰণৰ। আদিম কৃষিজীৱী সমাজত মেজিক আৰু ধৰ্মৰ এনেদৰে সংমিশ্ৰণ হোৱাটো আছিল সচৰাচৰ ঘটনা।

অপৰিপুষ্ট বিশ্বাসে গ্ৰাস কৰা আদিম কৃষিজীৱী সমাজত আমি ওপৰত উল্লেখ কৰি অহা মেজিক – ধৰ্মীয় ক্ৰিয়াকাণ্ডৰ ভূমিকা আছিল অপৰিসীম। সম্ভৱতঃ আদিম কৃষক যুক্তিতকৈ স্বাভাৱিক বুদ্ধিৰেহে বেছি পৰিচালিত হৈছিল, সেয়ে হয়তো তেওঁলোকে প্ৰকৃতিক বাট দেখুওৱা অলৌকিক শক্তিক মেজিক – ধৰ্মীয় ক্ৰিয়া কাণ্ডৰে নিয়ন্ত্ৰিণ অথবা সন্তষ্ট কৰি পাৰ্শ্বৱৰ্তী প্ৰভাৱৰ সৈতে মিলি যাব বিচাৰিছিল। আদিম কৃষিজীৱী সমাজত মেজিক – ধৰ্মীয় কাৰ্য্যকলাপৰ ব্যাপকভাৱে প্ৰচলন হোৱাৰ আন এটা কাৰণ হ’ল সেই সমাজত শিপাই থকা উৰ্বৰা – কল্প। তিৰোতাই সন্তান জন্ম দিয়া আৰু মাটিৰ বুকুত গছ – গছনি গজা চাক্ষুস অভিজ্ঞতাৰ পৰা তেওঁলোকে বুজিছিল যে তিৰোতা আৰু পৃথিৱী (খেতিৰ পথাৰ) একে প্ৰজনন ক্ষমতা সম্পন্ন। এই বিশ্বাসৰ ভেটিৰ আদিম কৃষকৰ উৰ্বৰা – কল্প প্ৰকাশিত আৰু বিকশিত হৈছিল। তেওঁ লোকৰ কৃষিৰ লগত যৌনতাৰ সম্পৰ্কৰ আঁতডালো এই উৰ্বৰা – কল্পৰ মাজতে বিচাৰিব পাৰি। যিহেতু সংগম উৰ্বৰাৰ কাৰণৰ আগতেই সংঘটিত হয়, উৰ্বৰা –ন কল্পৰ লগত যৌনতাৰ সম্পৰ্কও এৰুৱাব নোৱাৰা। যৌনতা জড়িত মেজিক আৰু ধৰ্মীয় ক্ৰিয়াকাণ্ডবোৰ আদিম কৃষিজীৱী মানুহে খেতি – বাতিৰ সময়ত সম্পাদন কৰি মানুহ আৰু শস্যৰ উৎপাদন বৃদ্ধি কৰিব বিচাৰিছিল।

আদিম কালৰ কৃষিৰ লগত জড়িত মেজিক – ধৰ্মীয় ক্ৰিয়া কাণ্ডৰ অৱশিষ্ট আজিও পৃথিৱীৰ বিভিন্ন কৃষিজীৱী জনগোষ্ঠীৰ মাজত লক্ষ্য কৰা যায়। ফেজাৰ, থমছ্‌ন, মেলাইনোক্সি, ব্ৰিফল্ট, কিথ্‌, মেক্‌ডোনেল, হেবিলেণ্ড, ওৱালেছ আদি পণ্ডিত সকলে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ কৃষি – উৎসৱৰ লগত মেজিক আৰু ধৰ্মৰ সম্পৰ্ক বিস্তৃত ভাৱে আলোচনা কৰিছে। ভাৰতবৰ্ষৰো মুণ্ডা, ওৰাও, খাৰোৱাৰ, পৰাগনাহাত, পাঞ্জা, হো’ আৰু ভূঁইয়া সকলকে আদি কৰি উত্তৰ – পূৰ্বাঞ্চলৰ বিভিন্ন কৃষিজীৱী জনগোষ্ঠীৰ মাজত প্ৰাগঐতিহাসিক সময়ৰ পৰা উৰ্বৰা বিশ্বাসৰ লগত জড়িত মেজিক আৰু ধৰ্মীয় লোকাচাৰৰ প্ৰচলন আছে। উৰ্বৰা – কল্পৰ পৰা উদ্ভৱ হোৱা খেতি পথাৰক ‘পৃথিৱীমাতৃ’, আকাশ খনক ‘আকশপিতৃ’ জ্ঞান কৰা বিশ্ব জনীন ধাৰণাটো এই সকলো কৃষিজীৱী জনগোষ্ঠীৰ মাজত প্ৰবল।

সাম্প্ৰতিক কালৰ বিহু উৎসৱৰ লোকাচাৰ যে অতীত অসমৰ কৃষিজীৱী জনগোষ্ঠীৰ উৰ্বৰা – কল্পৰ পৰা উদ্ভৱ হোৱা বিভিন্ন মেজিক আৰু ধৰ্মীয় কৃত্যৰক অনশিষ্ট তাত অকণো সন্দেহ নাই। যুগ বগৰি অহা এই লোকাচাৰ সমূহৰ সূক্ষ্ম বিচাৰে আদিম মনৰ উদ্বেগ দিয়ে। অসমৰ আদিম কৃষিজীৱী জনগোষ্ঠীও আছিল প্ৰকৃতি – নিৰ্ভৰ আৰু অদৃষ্টত বিশ্বাসী। এই কথা নিশ্চিত ভাৱে ক’ব পাৰি যে  উৎপাদনৰ অতি নূন্যতম উপায় হেতু আদিম সমাজত জীয়াই থকাৰ জোৰা মাৰিবলৈ প্ৰয়োজন হৈছিল পৰিমিত খাদ্যৰ আৰু প্ৰকৃতিৰ লগত অবিৰত সংগ্ৰামত লিপ্ত থাকিবলৈ প্ৰয়োজন আহি পৰিছিল জনসংখ্যা বৃদ্ধিৰ। গতিকে স্বাভাৱিক ভাৱে এই কৃষক সকলে অলৌকিক শক্তিৰ অনুগ্ৰহ বিচাৰিছিল। বসন্তকালীন উৰ্বৰতাৰ লগত সম্বন্ধ থকা প্ৰাগঐতিহাসিক অসমৰ বিহু নাচ আৰু গীত এহাতে যেনেকৈ আছিল মেজিকৰ নাটকীয় ৰুপাঙ্কণ আনহাতে ই ধৰ্মীয় ক্ৰিয়া বিধিও আছিল। যৌনোদ্দীপক অংগি – ভংগি আৰু অবাইচ গীত – মাতে কাম – প্ৰবৃত্তি বৃদ্ধি কৰি তিৰোতাক সগৰ্ভা কৰা আদিম কৃষকৰ বাস্তৱ অভিজ্ঞতাৰ মেজিক ৰুপাঙ্কণৰ ভাওনাই কৃষিভূমি অৰ্থাৎ ‘পৃথীৱিমাতৃ’কো উৰ্বৰ কৰি শস্য সম্ভৱা কৰি তুলিছিল। এই ভাওনা আদিম কৃষকৰ ধৰ্মীয় ক্ৰিয়া বিধি আছিল যেতিয়া ইয়াক ‘আকাশপিতৃ’ আৰু ‘পৃথিৱীমাতৃ’ক কামোদ্দীপক কৰি তুলিবলৈ প্ৰাৰ্থনা হিচাপে নিবেদন কৰা হৈছিল। কাম প্ৰবৃত্তমূলক নাচ – গীতৰ প্ৰাৰ্থনাত সন্তষ্ট হৈ ‘আকাশপিতৃ’য়ে দিব্য দৃষ্টিৰে ‘পৃথিৱীমাতৃ’ক উৰ্বৰ কৰি অধিক উৎপাদনক্ষম কৰিছিল। ব’হাগ বিহুৰ কড়ি খেল আৰু কণী যুঁজো উৰ্বৰা বিশ্বাস জড়িত মেজিক। কড়ি খেল বৰষুণ আনিবৰ বাবে কৰা মেজিক নৃত্য। কড়ি প্ৰজনন ইন্দ্ৰিয়ৰ প্ৰতীক, কড়িৰ চালখন কৃষিভূমিৰ প্ৰতীক আৰু গোটেই কড়ি খেল খন হ’ল চহা জীৱনৰ প্ৰতীক। ব’হাগ বিহুৰ কড়িৰ ব্যৱহাৰে কৃষি আৰু যৌনতাৰ লগত সম্পৰ্ক থকা আদিম মেজিকৰ কথাকে সূচায়। কড়িৰ দৰে কণীকো আদিম কৃষিজীৱী মানুহে প্ৰজননাৰ প্ৰতীক বুলি বিশ্বাস কৰিছিল। কণী যুঁজ শস্যৰ উৎপাদন বঢ়াবৰ বাবে কৰা এটি মেজিক নৃত্য।

আদিম যুগৰ যৌনতাৰ লগত সম্পৰ্ক থকা মেজিক ধৰ্মীয় ক্ৰিয়াকাণ্ডবোৰ আজিৰ যুগৰ নৈতিকতাৰে জুখিলে অশিষ্ট আৰু অশালিন যেন লাগিলেও সিবোৰৰ মূল কাৰণ আছিল অৰ্থনৈতিক। পৃথিৱীৰ আন প্ৰান্তৰ কৃষিজীৱী জনগোষ্ঠীৰ কথা বাদেই, আনকি ভাৰতবৰ্ষৰ গৰগনাইতি, পাঞ্জা, হো’, ভূঁইয়া আদি জনগোষ্ঠীৰ মাজত আমাৰ বিহুতকৈও অনেক গুণে অশ্লীল ক্ৰিয়াকাণ্ড কৃষিৰ লগত জড়িত আছিল বুলি জনা যায়। এই সকলো জনগোষ্ঠীৰেই কৃষিৰ লগত জড়িত মেজিক ধৰ্মীয় ক্ৰিয়াকাণ্ডবোৰৰ সঠিক মূল্যায়ন আজিৰ পৰিৱৰ্তিত পৰিস্থিত কৰিব লাগিব বস্তধৰ্মী দৃষ্টিৰে ঐতিহাসিক প্ৰেক্ষাপটত।

মেজিক বা ধৰ্মীয় বিশ্বাসৰ বশৱৰ্তী হৈ কৰা আম কিছুমান ক্ৰিয়াকাণ্ডও ব’হাগ বিহুত লক্ষ্য কৰা যায়, যিবোৰৰ আকাংক্ষিত বাস্তৱৰ স’তে কোনো মিল নাই। যৌন গন্ধ বিবৰ্জিত এই ক্ৰিয়াকাণ্ডবোৰৰ পৰোক্ষ ভাৱে কৃষিৰ লগত সম্পৰ্ক আছে। গৰু বিহুৰ দিনা কৃষি প্ৰধান আহিলা আৰু গৰুৰ শ্ৰী বৃদ্ধি হ’বলৈ মন্ত্ৰ মাতি দীঘলতি পাতেৰেকোবোৱা লোকাচাৰটো এটা মেজিক কৃত্য। আনহাতে সেই দিনটোত গৰুক গো – লক্ষ্মী জ্ঞান কৰি শ্ৰী বৃদ্ধিৰ বাবে পুৰোহিতৰ দ্বাৰা গোহালিত গো – পূজা কৰাৰ লোকাচাৰ হ’ল ধৰ্মীয় কৃত্য। গৰুক ব্যৱহাৰ কৰা পুৰণি পঘা গৰুৰ দুঠেঙৰ মাজেদি দলিয়াই পেলোৱা লোকাচাৰ গৰু বিহুৰ আন এটা মেজিক কৃত্য। মেজিক বিশ্বাসৰ মতে, পুৰণি পঘা এইদৰে দলিয়াই পেলালে গৰুৰ অপায় – অমংগলো দলিয়াই পেলোৱা হয়। নাহৰৰ পাতত মন্ত্ৰ লিখি ঘৰৰ মাৰলিত গুজি ৰখাটো এহাতে যেনেকৈ মেজিক ধৰ্মী আনহাতে ঘৰটো ধুমুহা, বজ্ৰপাত আৰু জুইৰ পৰা ৰক্ষা কৰিবলৈ সম্পাদন কৰা এই লোকাচাৰ বেদৰ মহাভয়ানক দেৱতা মহাদেৱৰ প্ৰতি এটি প্ৰাৰ্থনা। ব’হাগ বিহুৰ হুঁচৰিত মেজি আৰু ধৰ্ম দুয়োটাই লক্ষ্য কৰা যায়। দেহৰ অংগি – ভংগিৰে ঘূৰি ঘূৰি গোৱা হুঁচৰি খাদ্যৰ বাবে গোৱা মেজিক – গীত। এই হুঁচৰিত আকৌ সংগীতক দিয়া হৈছে স্বৰ্গীয় মূলৰ মৰ্য্যাদা। এই লোকাচাৰবোৰৰ আঁৰৰ অৰ্থ আৰু সম্পাদন পদ্দহতি আঞ্চলভেদে বেলেগ বেলেগ হোৱাটো লক্ষ্যণীয়।

আদিম অমেজিকে সংশ্লিষ্ট জনগোষ্টীৰ বাস্তৱৰ প্ৰতি থকা ভাব মূলক দৃষ্টি ভংগিক সলনি কৰি বাস্তৱকো সলনি কৰিব পাৰিছিল। সেয়ে হয়তো মেজিকৰ ফলদায়ক গুণ সম্পৰ্কে আদিম মানুহৰ অকণো সন্দেহ নাছিল। কিন্ত আদিম মেজিক আছিল কৃত্ৰিম বিজ্ঞান, সেয়ে প্ৰতিটো মেজিকৰ পৰা আদিম মানুহে আকাংক্ষিক ফল নোপোৱাটোৱেই আছিল স্বাভাৱিক। যেতিয়া মেজিক ব্যৰ্থ হৈছিল, তেতিয়া আদিম মানুহে মেজিকৰ সম্পাদনা পদ্ধতিহে ক্ৰুটিপূৰ্ণ বুলি ভাবিছিল। যিটো মেজিক সম্পাদনে আদিম মানুহক আকাংক্ষিত ফল দিছিল, নিশ্চিত ভাৱে তাৰ সম্পাদনা আৰু আকাংক্ষিত বাস্তৱৰ কাক – তালীয় সংযোগ ঘটিছিল। গতিকে এই কথা স্পষ্ট যে আদিম মেজিক আছিল মিছা আৰু বন্ধ্যা। মেজিকৰ দৰে আদিম ধৰ্ময়ো আদিম মানুহক আকাংক্ষিত ফল দিয়াত ব্যৰ্থ হৈছিল। কাৰণ ধৰ্মীয় কৃত্যৰ কৃতকাৰ্যতা কোনো প্ৰাকৃতিক বিধিৰ ওপৰত নিৰ্ভৰশীল নহয়। আনহাতে, আজিৰ যিকোনো উচ্চ ধৰ্মত লক্ষ্যণীয় দাৰ্শনিক চিন্তা – ভাৱনা আদিম ধৰ্মত নাছিল।

বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ উৎকৰ্ষই মানুহৰ উন্নতিক চৰম পয্যায়লৈ লৈ যোৱা এই আধুনিক যুগৰ মেজিক আৰু ধৰ্মীৰ পুৰাতনীয় অৰ্থ আৰু উদ্দেশ্য অপ্ৰাসংগিক হৈ পৰাটো নিতান্তই স্বাভাৱিক। তথাপি অসমৰ আদিম কৃষিজীৱী জনগোষ্ঠীয়ে বসন্ত কালত সম্পাদন কৰা ক্ৰিয়া - কাণ্ডৰ অৱশিষ্ট আজিও ব’হাগ বিহুত লোকাচাৰ হিচাপে পালন কৰাৰ পৰম্পৰা টিকি আছে – খেতিয়ক মানুহৰ অভ্যাসৰ বাবে আৰু হয়তো বশীভূত কৰি ৰখাৰ অনুভূতিক বাহিৰ উলিয়াই দিয়াৰ বাবে। বিহুৰ নাচ – গীত খিনিৰ কথা সুকীয়া; তাত জড়িত আছে আদিম কৃষিজীৱী মানুহৰ কলা। কলাগুণৰ মৃত্যু নহয়; পৰিৱৰ্তিত পৰিস্থিত্ৰ উপযোগী হৈ কলা জীয়াই থাকিবই।

 

লেখক : ডঃ অলকেশ বৈশ্য।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate