অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মিচিং জনগোষ্ঠীৰ ৰীতি-নীতি আৰু লোকনৃত্য আৰু বাদ্য

মিচিং জনগোষ্ঠীৰ ৰীতি-নীতি আৰু লোকনৃত্য আৰু বাদ্য

মিচিংসকলৰ বিবাহ কার্য মূলতঃ দুটা পদ্ধতিৰে সম্পাদিত কৰা হয়। এটা পদ্ধতিক ‘মিদাং'(সাধাৰণ নিয়মেৰে বিয়া) আৰু আনটো পদ্ধতিক ‘দুগলা লাঃনাম'(পলুৱাই নিয়া) বোলা হয়৷ দুয়োটা পদ্ধতিয়েই মিচিঙ সমাজত সামাজিকভাৱে স্বীকৃত দিয়া হয়। মিচিং সমাজত গুঃমৃনভেদে উপাধি পৃথক পৃথক হব। একে গুঃমৃন অর্থাৎ একে উপাধি বা গোত্ৰৰ ডেকা-গাভৰু মাজত বিবাহ নিষিদ্ধ।

মিদাং

মিদাং বা সাধাৰণ নিয়মৰ বিয়াৰ বাবে সাধাৰণতে দৰাঘৰীয়াই ছোৱালী খোজা-বঢ়া আৰু চোৱা-মেলা কৰা হয়। বিশেষকৈ আঘোণ,মাঘ,ফাগুণ আৰু বহাগ মাহত মিচিংসকলে বিবাহ পতাৰ বাবে দিন বাছি লয়। ছোৱালী পছন্দ হ’লে ল’ৰাৰ মাক-দেউতক ছোৱালীৰ ঘৰত খবৰ দিয়ে। সেইমতে ছোৱালীৰ মা-দেউতাক বা অভিভাৱকে ল’ৰা ঘৰৰ লোকসকলৰ থকা-মেলা আৰু খোৱা-বোৱাৰ বাবে সকলো যোগাৰ কৰি থয়। নির্দ্দিষ্ট দিনত ল’ৰাৰ পক্ষৰ মানুহ আহিলে ছোৱালী পক্ষই সম্বন্ধীয় লোক আৰু গাঁৱৰ মুখিয়ালসকলক লৈ বিয়া দিয়া নিদিয়াৰ বিষয়ে মতামত দিয়ে। ইয়াক ‘য়ামনে তাদনাম’ বুলি কোৱা হয়। সকলো ঐক্যমত থাকিলেহে ছোৱালী বিয়া দিয়াৰ নিয়ম। দুয়োপক্ষৰ আলোচনা-বিলোচনাৰ অন্তত বিয়াৰ বন্দোবস্ত হ’লে ল’ৰাই ছোৱালীৰ ঘৰত মাজে মাজে এসপ্তাহ-দহদিনৰ কাৰণে কটাই যৎকিঞ্চিৎ কাম-বন কৰি দিব লাগে। ইয়াক ‘মাগব-দুগনাম’ বোলে। মূল বিয়াৰ সময়ত দৰাক নতুন সাজ-পোছাকেৰে সজাই-পৰাই কন্যাৰ ঘৰলৈ লৈ যোৱা হয়। দৰাৰ লগত দুজন সমবয়সীয়া ডেকা আৰু দুজনী গাভৰু ‘য়ামগুৰ’ হিচাপে সজাই সোঁমাজত দৰাক বহিবলৈ দিয়া হয়। দৰাৰ দুয়োফালে দুটা পাছিত শুকান মাছ ভৰাই দুজনে পাছিটো কঢ়িয়াই নিয়ে। দৰাপক্ষই সেইদিনা কন্যাঘৰৰ বাবে পূর্বে বন্দোবস্ত কৰামতে নির্দি ষ্টসংখ্যাক দঁতাল গাহৰি, পঃৰ-আপঙৰ টোপোলা আৰু তামোল-পাণ লগত নিয়ে। দৰা আহি পোৱা লগে লগে কন্যাপক্ষৰ বয়সীয়া মহিলাসকলে দৰাক আদৰে৷ কন্যা ঘৰৰ চোতালত চালি এটা সাজি সেইনিশা দৰাক তাতে থাকিবলৈ দিয়া হয়। পচিদিনা পুৱাৰ পৰা আচল বিয়া আৰম্ভ হয়। এক নিৰ্দিষ্ট সময়ত দৰাক কন্যাঘৰৰ চাঙৰ ওপৰলৈ তুলি নিয়া হয় আৰু তাতে দৰা-কন্যা দুয়োকে একেলগে ‘পিনপু-আপিন’ ভাত খাবলৈ দিয়া হয়। সমজুৱাসকলক মাংস আৰু আপঙৰ সৈতে ভোজভাত খুউৱা হয়। সমবেত সকলোৰে খোৱা-বোৱা শেষ হ’লে দৰা-কইনাই পুৰোহিত, কন্যাৰ মাক-দেউতাক আৰু সমজুৱাক সেৱা জনায়। তেওঁলোকে দৰা-কন্যাক আশীবার্দ জনায়। আশীবার্দ লোৱা পর্ব শেষ হোৱাৰ পিচত দৰাই কন্যাক নিজ ঘৰলৈ লৈ যায়। মিচিংসকলৰ বিয়াত দৰা-কইনাৰ ঘৰত নতুন জখলা ‘কঃবাং’,পীৰা ‘কুংকেঃ’, জখলাত বন্ধা পাতেৰে সৈতে ‘পিঃৰ’ গছ, দুৱাৰ মুখত দুয়োফালে দুকলহ পানী,চাউল আৰু ধানৰ পাচি আদি ৰখাটো এক অনিবার্য প্ৰথা। নতুন জখলা আৰু পিৰা এবিধ বিশেষ কাঠেৰে বনোৱা হয়।

দুগলা-লাঃনাম’

মিচিং সমাজত ‘দুগলা-লাঃনাম’ অর্থাৎ ছোৱালী পলুৱাই নিয়া প্ৰথাৰেও বিয়া পতা হয়। প্ৰণয়পাশত আবদ্ধ ডেকা-গাভৰুৰ কোনো পক্ষৰ পিতৃ-মাতৃৰ বিবাহত অমত থাকিলে কিম্বা আর্থিক স্বচ্ছলতা নাথাকিলে এই প্ৰথাৰে বিবাহ সম্পন্ন হয়। পলুৱাই অনাৰ এদিন বা দুদনিৰ পিচতেই ছোৱালীৰ ঘৰত জাননী দিবলৈ ‘দুগতাদ’ দূত এজনক পঠিওৱা হয়। দগতাদজন ল’ৰাৰ সম্পর্কীয় বা গাঁওৰ কোনো জ্যেষ্ঠ ব্যক্তি হ’ব লাগে। দুগতাৰ জাননীৰ পিচত ছোৱালীক ঘৰত তোলা হয়। ন-ছোৱালীক ঘৰত তুলিবৰ সময়তো সাধাৰণ মিদাং-বিয়াৰ দৰে নতুন জখলা দুৱাৰমুখত দুকলহ পানী,দুপাচি ধান বা চাউল আদিৰ ব্যৱস্হা কৰা হয়। পানী দুকলহৰ মুখ পাতেৰে ঢাকি টানকৈ বন্ধা থাকে। নৱ-দাম্পতীয়ে একেলগে নতুন জখলাদি উঠি বন্ধাপাত ফালি কলহৰ পানী স্পর্শ কৰে।পাচিৰ ধান বা চাউল স্পর্শ কৰে আৰু মাক-দেউতাকৰ ভৰি চুই ‘কুমনাম’ সেৱা কৰে। ন-বোৱাৰী অনাৰ দিনা সাধাৰণতে ৰাতি ‘য়ামনী-তানচাং’ পর্ব অনুষ্ঠিত হয়। ইয়াত ন-বোৱাৰীৰ চকা পঃৰ-আপঙেৰে অভ্যাগতসকলক আপ্যায়ন কৰা হয়। ছোৱালী অনাৰ এমাহ বা দুমাহ পিচত ল’ৰাপক্ষৰ মানুহে ছোৱালীপক্ষৰ ঘৰলৈ ‘অৰাব-আলৃগ’ দিবলৈ যায়। অৰায়-আলৃগৰ অর্থ কন্যামূল্য বা গা-ধন।অৰায়-আলৃগকার্য সাধাৰণতে ৰাতি কৰা হয়।

লোকবাদ্য আৰু লোকনৃত্য

মিচিং ভাষাত ‘চঃমান’ বুলি ক’লে নৃত্য লগতে আনুষংগিক গীত আৰু বাদ্যকো বুজায়। ‘মাকচঃ-চঃনাম’বুলি ক’লে নৃত্যৰ বুজায়। পৰম্পৰাগতভাৱে চালি অহা মিচিং লোকনৃত্যক ঘাইকৈ চাৰি ভাগত বিভক্ত কৰিব পাৰি-

১) ধর্মমূলক নৃত্য।

২) কৃষি-উৎসৱমূলক নৃত্য।

৩) সাধাৰণ চঃমান নৃত্য।

৪) ধেমেলীয়া চঃমান নৃত্য।

১) ধর্মমূলক নৃত্য

মিচিংসকলৰ পুজা-পার্বণৰ পুৰোহিত হ’ল মিবু। পূজাৰ সময়ত মিবুৱে ‘আঃবাং’ মন্ত্ৰ উচ্চাৰণ কৰি নৃত্য কৰে আৰু গাঁৱৰ ডেকা-গাভৰুৱে তেওঁৰ লগে লগে বৃত্তাকাৰ কৰি গীত আৰু নৃত্য কৰি তেওঁক অনুসৰণ কৰে। মিবুৰ হাতত য়কচা নামৰ এবিধ তৰোৱাল জাতীয় বিশেষ অস্ত্ৰ থাকে। নৃত্য কৰোতে সেই য়কচাৰ জোকাৰণিৰ শব্দই বাদ্যৰ কাম কৰে । ইয়াক ‘মিবু-দাগনাম’ নৃত্য বোলে । বিশেষ উদ্দেশ্য আৰু কাৰণতহে ‘মিবু-দাগনাম’ অনুষ্ঠিত হয়। যেনে- পঃৰাগ উৎসৱত, কধঃচাগ পূজাত আৰু আনুষ্ঠানিকভাৱে মংগল চোৱা সময়ত।

২) কৃষি-উৎসৱমূলক নৃত্য

‘গুমৰাগ’ নৃত্য মিচিংসকলৰ প্ৰধান কৃষি-ভিত্তিক নৃত্য। আলি আই লৃগাং উৎসৱত নচা নৃত্যক গুমৰাগ্-পাকচং বা গুমৰাগ চঃমান বুলি কোৱা হয়।বীঁজ ৰুৱা বা সিঁচাৰ পিচত ভৰি দুখনেৰে মোহাৰি দিওঁতে যি ৰূপত ভৰিৰ সঞ্চালন হয় তাৰেই নৃত্যৰূপ হৈছে গুমৰাগ নৃত্যৰ মুখ্য মুদ্ৰা ।এই মুদ্ৰাক মিচিং ভাষাত ‘দাকেঃ-কেঃনাক’ বুলি কোৱা হয় । শস্যৰ বীঁজবোৰ গজালি মেলি লহপহকৈ বাঢ়ি বতাহত হালিজালি থকাৰ ৰূপত দুয়োখন হাত ওপৰলৈ তুলি এবাৰ সোঁফালে আৰু এবাৰ বাওঁফালে কৰি নৃত্য কৰে । গুমৰাগ নৃত্যত ঢোল-তালৰ উপৰিও ‘লীনং’ আৰু ‘মাৰাবাং’ নামৰ পুৰণিলীয়া বাদ্য ব্যৱহাৰ কৰে।

৩) সাধাৰণ চঃমান নৃত্য

আলি আই লৃগাং, পঃৰাগ, বিহু আদিৰ উপৰি সাধাৰণভাৱেও মিচিং সমাজত চঃমান বা নৃত্য-গীত অনুষ্ঠিত হয়। বছৰৰ যিকোনো সময়ত গাঁৱৰ ৰাইজৰ কৗবাং আহ্বান কৰিলে, বিয়া-বাৰু, ‘উৰম-দদগাং’ আদি সকাম অনুষ্ঠিত হ’লে সেইবোৰৰ উপলক্ষেও চঃমান পতা হয়। মিচিংসকলে তিনিওটা বিহু নিজাববীয়াকৈ পালন কৰে । ‘ৰৈলাঃ-নৃত্য’ বহাগ বিহুত কৰা হয় ।

৪) ধেমালীয়া নৃত্য

সকাম, পূজা-পার্বণ শেষ কৰাৰ পিচত বুঢ়া-বুঢ়ীসকলে কেতিয়াবা চঃমান পাতে । ইয়াত দিকোনো ধৰণৰ নৃত্য কৰিব পাৰে। সাধাৰণতে ফুচৰি,ছদ্মবেশী নৃত্য আদি কৰা হয়।  ইয়াত কোনো ধৰণৰ বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰা নহয় ।

বাদ্যযন্ত্ৰ

মিচিং বাদ্য যন্ত্ৰসমূহ তিনিটা ভাগত ভগাব পাৰি-

১) ফু দি বজোৱা বাদ্য ।

২) মুখত লগাই হাতেৰে লৰাই বজোৱা বাদ্য।

৩) মাৰিৰে কোবাই বজোৱা বাদ্য ।

মৃতকৰ সৎকাৰ

মিচিংসকলে মানুহক ঘৰৰ ভিতৰতেই মৰিবলৈ দিয়ে । মৰিবৰ সময়ত পাত এখিলা চুপি আকৃতি কৰি মৰিবলৈ ওলোৱা লোকৰ মুখত পানী নাইবা আপাং দিয়া হয়। মৃত লোকজনক গ-ধুৱাই মূৰত তেল সানি ফণিয়াই দিয়া হয়। লগতে গা-ধোৱাই নতুন কাপোৰ-কানি পিন্ধাই দিয়া হয়। মৃতকক কাপোৰ ওলোটাকৈ পিন্ধোৱা হয়। মৃতক পুৰুষ হ’লে মূৰত পাগুৰী পিন্ধাই দিয়া হয়।ইয়াৰ পিচত মৃতকক চাংঘৰৰ ককতক বা নামনিত ঘৰৰ দীঘলে উত্তৰ বা পশ্চিম দিশে মূৰ শিতান দি ৰখা হয়। আত্মীয়সককলে বিশেষকৈ তিৰোতাসকলে এক বিশেষ সুৰত কান্দোন জুৰে। মিচিংসকলৰ মৃতদেহ পুতে, দাহ নকৰে। সমাধি দিবলৈ মাটিত পূব-পশ্চিমাকৈ দীঘল আৰু দ গাঁত খন্দা হয়। কাঠৰ নাও বা তক্তাৰে বাকচ এটা বনাই তাৰ ভিতৰত মৃতদেহ ভৰোৱা হয়; ইয়াক ‘ৰুংকুক’বোলা হয়। ৰুংকুক থবলৈ গাঁতটোত পথালিকৈ পাঁচ টুকুৰা বাঁহ পাতি লোৱা হয়। গাঁতটোৰ চাৰিওফালে মৃতদেহ লৈ পাঁচবাৰ প্ৰদক্ষিণ কৰাৰ পিচত ৰুংকুকটোত মৃতদেহ পশ্চিমফালে মূৰৰ শিতান কৰি ভৰোৱা হয়। ৰুংকুকটো ঢাকনিৰে মজবুতকৈ ঢাকি দি তাৰ ওপৰত এফালে হেলনীয়াকৈ শাৰী শাৰী বাঁহৰ টুকুৰা জাপি দিয়া হয়। বাঁহৰ টুকুৰাবোৰক ‘গলং’বুলি কোৱা হয়।

মিচিংসকলৰ বিশ্বাসমতে ‘গলং’ দিয়াটোৱেই মৃতকৰ প্ৰতি কৰা শেষ শ্ৰদ্ধা তর্পণ। ডাঙৰ পুতেকে গলং দিবৰ বাবে বিশেষভাৱে ঘৰৰ চাঙৰ পৰা এডাল ‘বীনীৰ’ বাঁহ উলিয়াই অনা হয় আৰু তাক কেইবাটুকুৰা কৰি গলং হিচাপে দিয়া হয়। ঠিক সেই দৰে মাটি দিয়াৰ ক্ষেত্ৰতো প্ৰথম মাটি চপৰা ডাঙৰ পুতেকে বাওঁহাতেৰে দিয়াৰ নিয়ম। সমাধিত মাটি যথেষ্ট পৰিমাণে দিয়া হয় যাতে সমতলতকৈ ই দুই-তিনি ফুটমান ওখ হৈ থাকে। সমাধিৰ ওপৰত বগা কাপোৰৰ ঢাকনি এটা দীঘলে দীঘলে তৰি দিয়া হয়ল মিচিং ভাষাত সমাধিক ‘আগ’ বুলি কোৱা হয়।গাঁৱৰ বয়সস্থ, বৃদ্ধ আৰু প্ৰতিপত্তিশীল ব্যক্তৰ মৃত্য হ’লে মৃতকৰ ঘৰৰ মুধচত উঠি ‘লীঃনং-বাৰবাং’ বজোৱা হয়। এইবিধ বাদ্যৰ মাত শুনিলেই কোনো বিশিষ্ট ব্যক্তিৰ মৃত্য হোৱা বুলি গম পায় আৰু সকলো গোট খাই মৃতকৰ সৎকাৰ কৰে।অকালতে মৰা ডেকা-গাভৰু আৰু প্ৰসুতি নাৰী মৃত্য মিচিং সমাজৰ বাবে এক কৰুণ আৰু অস্বাভাবিক ঘটনা। প্ৰসুতি নাৰী মৃত্য হোৱাটোক মিচিংসকলে ‘য়ৃপ-তালীং’বোলে। এনে মৃত্যদেহক উঠি অহা ল’ৰা-ছোৱালীক দর্শন কৰিবলৈ দিয়া নহয়।

আনকি মৃত নাৰীয়ে বৈ থৈ যোৱা কাপোৰ-কানিও উঠি অহা ছোৱালীক পৰিধান কৰিবলৈ দিয়া নহয়। কেৱল গাঁৱৰ আদহীয়া, বুঢ়া-বুঢ়ীসকলহে এনে মৃতদেহৰ সৎকাৰ কৰে। তিনিদিনৰ মূৰত গাঁৱৰ বয়োবৃদ্ধ লোকসকলে শুদ্ধি কার্য সম্পন্ন কৰে। প্ৰায় এমাহৰ পিচতহে বিশেষ শুদ্ধি কার্য কৰা হয়। ইয়াক ‘উচীঃ’ বা ‘উৰঞ-আপিন’ বুলি কোৱা হয়।ইয়াত গাহৰি আৰু কুকুৰা মাৰি ইষ্ট-কুটুম্বক ভোজ-ভাত খুওৱা হয়। বছৰ চেৰেকৰ পিছত শ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। ইয়াক ‘দদগাং’বোলে। সামর্থ্য অনুসৰি মিচিংসকলে

দদগাং বিৰাট আয়োজন আৰু ধূমধামেৰে সম্পন্ন কৰে। দদগাংৰ দিনা সমজুৱাক খোৱাৰ বাবে ভোজ-ভাতৰ আয়োজন কৰা হয়।  এভাগত ভাত,মাংস আৰু আপাং মৃতকৰ বাবে আগ’ বা সমাধিত দি থৈ অহাৰ নিয়ম। এই কার্য্যত ঘৰৰ লোকসকলৰ সৈতে সম্বন্ধীয় যাব লাগে। মৃতকৰ বাবে উর্চগা কৰা বস্তুবোৰ দি সকলোৱে দুখ কৰে। এই কার্য্য সম্পন্ন হোৱা পাছত মৃতকৰ বাবে আযোজন কৰা শ্ৰাদ্ধৰ ওৰ পৰে।

তথ্য সুত্ৰ:

১) পেগু, ইন্দ্ৰেশ্বৰ; মিচিং সমাজ আৰু সংস্কৃতি; অসম জনজাতি আৰু অনুসুচিত জাতি গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী-২২

২) পেগু, গনেশ;  মিচিং জনসংস্কৃতিৰ আঁহে আঁহে; ধেমাজি বুক ষ্টল, ধেমাজি-৫৭

লেখিকা: ৰশ্মী বৰা।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate