অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শালমাছ উঠা মন্দিৰৰ জেঠমহীয়া উৎসৱ:

শালমাছ উঠা মন্দিৰৰ জেঠমহীয়া উৎসৱ:

 

দৰং জিলাৰ ছিপাঝাৰৰ এখন বৃহৎ গাওঁ হাজৰিকাপাৰা। এই হাজৰিকাপাৰাতেই প্ৰতিষ্ঠিত এক ইতিহাসপ্ৰসিদ্ধ সুবিশাল পুখুৰী- শালমাছ উঠা আৰু তাৰ পাৰতে নিৰ্মিত পূজ্যস্থল ‘শালমাছ উঠা মন্দিৰ’। স্থানীয় লোকৰ ভাষাত গোসাঁইঘৰ প্ৰাংগনত বুঢ়াগোসাঁই আৰু বুঢ়ীগোসাঁনীৰ দুটা সুকীয়া মন্দিৰ আছে। জনবিশ্বাস মতে, এই শালমাছ উঠাতেই শিৱ-পাৰ্বতী ভিন্নকৈ একেটা আলয়তে সদাপূজিত হৈ আহিছে। ভক্তি মাহাত্ম্য আৰু লোকবিশ্বাসেৰে সম্পৃক্ত তথা আঞ্চলিক ৰাইজৰ শান্তি-সম্প্ৰীতিৰ শ্ৰেষ্ঠ নিদৰ্শনস্বৰূপ এই মন্দিৰ তথা পুখুৰীৰ আঁৰত এটা লোককাহিনী জড়িত হৈ আছে। নিজস্ব বৈশিষ্ট্যৰে মহীয়ান শালমাছ উঠা মন্দিৰ অৰ্থাৎ পুখুৰীৰ উত্তৰ পাৰত প্ৰতিষ্ঠিত হৈছে বৈষ্ণৱপন্থীসকলৰ নামঘৰ। মূলত: শাক্ত-বৈষ্ণৱ-সকলো আদৰ্শৰ লোকেই এই বৃহৎ অঞ্চলত ‘পৰৰ ধৰ্মক নিহিংসিবা কদাচিৎ’ নীতি মানি সম্প্ৰীতিৰে বসবাস কৰি আহিছে। প্ৰচলিত জনশ্ৰুতি অনুসৰি জিতাৰি বংশীয় ৰজা আৰিমত্তই অজানিতে কৰা পিতৃ বধৰ পাপ মোচনৰ বাবে চতুৰ্দশ শতিকাত এই সুবিশাল পুখুৰীটো খন্দাইছিল। পূৰ্বতে শালমাছ উঠা পুখুৰীৰ উত্তৰ-পূব কোণত এজোপা ডাঙৰ জাম গছৰ গুৰিত বুঢ়াগোসাঁইৰ আৰু দক্ষিণত বুঢ়ীগোসাঁনীৰ থান আছিল। দেৱ-দেৱীৰ নামত দেউৰীয়ে ভক্তিসহকাৰে নৈবেদ্য নিবেদন কৰিছিল। বুঢ়ীগোসাঁনীৰ দেউৰীজন ব্ৰহ্মণ সম্প্ৰদায়ৰ, আনহাতে বুঢ়াগোসাঁইৰ দেউৰী আছিল ব্ৰাহ্মণভিন্ন কোচ-কলিতা আদি সম্প্ৰদায়ৰ। যি পৰম্পৰা অদ্যাপি বিদ্যামান। শালমাছ উঠা নামৰ আঁৰত থকা কাহিনীটো এনেধৰণৰ- এদিন সন্ধিয়া ভক্তৰ নৈবেদ্য নিবেদন কৰা ভক্তসকল প্ৰসাদ গ্ৰহণ কৰি ঘৰাঘৰি যোৱাত দেউৰীয়েও ঘৰলৈ গৈ ভাত-পানী খোৱাৰ পিছত আঁতৰৰ কোনো ভক্তৰ কলৰ থোকসহ নৈবেদ্য মন্দিৰলৈ আহিল। সচৰাচৰ ভক্তসকলে নৈবেদ্য দিলে আগতীয়াকৈ দেউৰীক জনাই থয়। কিয়নো নৈবেদ্য দি ঘৰলৈ গৈ খোৱা-বোৱাৰ পিছত পুনৰ আহি নৈবেদ্য নিবেদন কৰা নহয়। সিদিনা উপায়ন্তৰ দেউৰীয়ে পুনৰ গা-পা ধুই ভক্তই লৈ অহা নৈবেদ্য নিবেদনখন শালমাছ দুটাই ভক্ষণ কৰি আছে। দেউৰীক দেখি মাছ দুটা পুখুৰীত পৰিল। এনে ঘটনা স্বচক্ষে দেখি দেউৰী সচকিত হ’ল যদিও পিছত অহা ভক্তৰ নৈবেদ্যখন আগবঢ়াই কিছু সময় পিছত ঘৰলৈ গৈ শুই থাকিল। ইপিনে, সপোনত এটা কালী মূৰ্তিয়ে তেওঁক কোনোদিনে ভাত খোৱাৰ পিছত মন্দিৰলৈ আহি আৰু নৈবেদ্য নিবেদন নকৰিবলৈ সাৱধানবাণী শুনালে। আৰু নৈবেদ্য আগবঢ়োৱাৰ পিছত সেৱা-সন্মান কৰি নৈবেদ্যখন নি পুখুৰীৰ পানীত দিবলৈও সপোনত সাৱধানবাণী শুনালে। তেতিয়াৰেপৰা বুঢ়ীগোসাঁনীৰ নৈবেদ্যখন পুখুৰীৰ পানীৰ দিবলৈ ধৰিলে আৰু এই নিয়ম বৰ্তমানেও অক্ষুণ্ণ আছে। অৱশ্যে ‘কালস্য কুটিলা গতি’ অৰ্থাৎ কালৰ গতিৰ বাবেই বোধহয় শালমাছ দুটাই নৈবেদ্য গ্ৰহণ কৰিবলৈ ওলাই আহি দেখা নিদিয়ে। কোৱা সমীচীন হ’ব যে শালমাছ উঠি আহি ভক্তৰ নিবেদিত দ্ৰব্যাদি গ্ৰহণ কৰা জ্বাবেই প্ৰাচীন কালৰপৰা এই পুখুৰী ‘শালমাছ উঠা পুখুৰী’ আৰু পাৰত থকা মন্দিৰ শালমাছ উঠা গোসাঁইঘৰ বা মন্দিৰ হিচাপে পৰিচিত হৈ আহিছে। আন এটি কাহিনী অনুসৰি ইয়াত হেনো(পুখুৰীত) এখন সোণৰ নাও আৰু অনেক সাজ-বাচন আছিল। কাৰোবাৰ কাজ-কৰ্মাদিত এনে বাচন-বৰ্তনৰ প্ৰয়োজন হ’লেই আগদিনা গধূলি তামোল-পাণৰ শৰাই আগবঢ়ালে পিছদিনা বাচন-বৰ্তনসহ নাওখন পুখুৰীৰ পানী যুঁৱলিত ৰৈ থাকে আৰু কাজ-কৰ্ম শেষ হোৱাৰ পিছত এনে আচবাববোৰ নাওখনত উভতাই দিলে নাওখন তল পৰে। অৱশ্যে পূৰ্বতে প্ৰচলিত এনে অলৌকিক ক্ৰিয়া-কাণ্ড বৰ্তমান পৰিলক্ষিত নহয়। প্ৰণিধানযোগ্য যে কোনো কোনো প্ৰসংগত বুঢ়াগোসাঁই আৰু বুঢ়ীগোসাঁনী একেটা দ’ল-দেৱালয়তে কিম্বা মন্দিৰতে থাকে। তেনে অৱস্থাত শিৱ-পাৰ্বতীক অৰ্দ্ধ নাৰীশ্বৰ বা উমা-মহেশ্বৰ উমালিংগন ৰূপত পূজা কৰা হয়। কিন্তু শালমাছ উঠা মন্দিৰত শিৱ-পাৰ্বতী একত্ৰে নাথাকি সুকীয়া সুকীয়াকৈ অধিষ্ঠান কৰি আহিছে। শিৱলিংগ ৰূপত পাৰ্বতী যোনী ৰূপত অসমৰ শিৱস্থানসমূহত পৰিলক্ষিত হয়। শিৱৰ লগত দেৱী অৰ্থাৎ পাৰ্বতী থাকিলে সেই শিৱভোগী। সেই মন্দিৰত আমিষ আৰু নিৰাময় দুয়োবিধ ভোগ চলে। ইয়াৰ বিপৰীতে শিৱ য’ত অকলে থাকে তাত তেওঁ যোগী, তেনে মন্দিৰত নিৰামিষ ভোগহে চলে। শালমাছ উঠা মন্দিৰত অধিষ্ঠিত শিৱ প্ৰভু ভোগী। অৱশ্যে পূৰ্বতে মাছ-মঙহৰ ব্যৱস্থা আছিল যদিও বৰ্তমানে পৰিচালনা সমিতিৰ সিদ্ধান্ত অনুসৰি নিৰামিষ তথা কেঁচা ভোগহে দিয়া হয়। মন্দিৰৰ মণিকুটৰ থাপনাৰ পুৰ্বকালৰেপৰা সুকীয়া সুকীয়াকৈ স্থাপন কৰা আছে ধৰ্মীয় দৰ্শনৰ দুটা নিদৰ্শন- ‘সাঁচিপতীয়া নামঘোষা’ আৰু ‘শ্ৰীশ্ৰীচণ্ডী’। একেদৰে বুঢ়ীগোসাঁনীৰ মণিকুটত এখন বলি কটা দা থকা কাৰ্যই প্ৰাচীন কালত ইয়াত বলি-বিধানৰ নিদৰ্শন দাঙি ধৰে। শালমাছ উঠা মন্দিৰৰ বুঢ়াগোসাঁই আৰু বুঢ়াগোসাঁনীৰ মৰম-চেনেহ, দয়া-কৰুণাৰ শেন অৱধি নাই। তেওঁলোক দুয়ো সহজে সন্তুষ্ট হয়, সহজে কৃপা কৰে- সেয়ে তেওঁ আশুতোষ। কিন্তু যদি কোনো অহংকাৰী লোকে অবজ্ঞা কৰে, তেওঁ দুৰ্গতিৰ সীমা নোহোৱা হয়। প্ৰতি বছৰে তিনিদিনীয়াকৈ আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈ অহা জেঠমহীয়া গোসাঁজকাজ মন্দিৰৰ আটাইতকৈ বৃহৎ তথা বিশাল আয়োজনেৰে সম্পাদিত মহোৎসৱ। এই উপলক্ষে প্ৰথম দিনা গোন্ধ বা অধিবাস, দ্বিতীয় দিনা মূল সভা আৰু তৃতীয় দিনা মজু বিসৰ্জন দিয়া উৎসৱ অনুষ্ঠিত হয়। জেঠমহীয়া এই গোসাঁই কাজৰ সৈতে সম্পৃক্ত অন্যান্য পূজাৰ ভিতৰত শিৱ পূজা, নিত্য দুৰ্গা পূজা, চণ্ডীপাঠ, শীতলা পূজা, বাসুদেৱ পূজা আদি উল্লেখযোগ্য। বাসুদেৱ অৰ্থাৎ গোন্ধচৌপৰী সভাৰ অন্য এক প্ৰধান অংগ ভোটা দান মহোৎসৱৰ অন্যতম আকৰ্ষণীয় দিশ। শালমাছ উঠা মন্দিৰত ধাৰাবাহিকভাৱে তিনি বছৰ ভোটা উছৰ্গা কৰিলে মনোকামনা পূৰ্ণ হয় বুলি ভক্তসকলৰ একান্ত বিশ্বাস। উল্লেখ্য যে জেঠমহীয়া আড়ম্বৰপূৰ্ণ উৎসৱত প্ৰতিদিনে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ সহস্ৰাধিক ভক্তৰ সমাগম ঘটে। মনৰ ঈন্সিত বাসনা সিদ্ধিত শাক্ত-শৈৱ-বৈষ্ণৱ আদি সকলো শ্ৰেণীৰ ভক্তৰ প্ৰতি শক্তিৰ প্ৰতীকস্বৰূপ বুঢ়াগোসাঁই-বুঢ়াগোসাঁনী- দুয়োজনাই অকৃপণ হাতেৰে অনাদি কালৰেপৰা আশীৰ্বাদ দি অহা বুলি ভক্তসকলৰ গভীৰ বিশ্বাস। বিশেষকৈ, মাৰি মৰক, দুৰ্ঘটনা, সা-সম্পত্তি হানি, সন্তান লাভৰ কামনা আদি বিধানবোৰৰ বাবে বছৰৰ প্ৰতি মাহেই ভক্তই শুভাশুভ কামনাৰে নৈবেদ্য নিবেদন কৰি আহিছে আৰু শুভফল প্ৰাপ্তি হোৱা বাবেই প্ৰতি বছৰে ভক্তৰ সংখ্যা বাঢ়িবলৈ লোৱাটো সুখপ্ৰদ খবৰ।

লেখক:চন্দ্ৰ চহৰীয়া(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate