নিজা কৃষ্টি-সংস্কৃতিৰে চহকী উজনি অসমৰ এটি অন্যতম জনগোষ্ঠী হ’ল সোনোৱাল কাছাৰীসকল। বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ সোনোৱাল কাছাৰীসকল হ’ল কিৰাত সম্ভুত বড়ো জনগোষ্ঠীৰ এটি অন্যতম জনগোষ্ঠী। সোনোৱাল কছাৰী সকলৰ বসতি বৰ্ত্তমান উজনি অসমৰ ব্ৰক্ষ্মপুত্র উপত্যকাৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজী, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ বিদ্যমান। চুবুৰীয়া ৰাজ্য নাগালেন্ড আৰু অৰুণাচলতো বহু সোনোৱাল কছাৰীলোক বাস কৰে। আহোম ৰাজত্ব কালত বৃত্তিগতভাৱে অসমৰ নদ-নদীসমূহত সোণ কমাই ৰজাঘৰত যোগান ধৰিছিল বাবে তেওঁলোকে সোনোৱাল কছাৰী নাম পায়। সোনোৱাল কছাৰীসকল মুলত:খীং খীং বাইথ’ দেৱতাৰ সেৱক।
সোনোৱাল কছাৰী জনজাতিৰ সাংস্কৃতিক পথাৰখনো যথেষ্ট বহল আৰু সাৰুৱা। সোনোৱাল কছাৰীসকলৰ সাংস্কৃতিক জীৱন অধিক ৰঙীন আৰু অধিক আকৰ্ষণীয়। সোনোৱাল কছাৰীসকলৰ সাংস্কৃতিক উপাদান কিছুমান অন্য জনগোষ্ঠীৰ মাজত দেখিবলৈ পোৱা নাযায় বা মিল বিচাৰি পোৱা নাযায়। তেওঁলোকে ধৰি ৰখা বা পৰিবেশন কৰা এনে পৰম্পৰাবোৰৰ মাজেদি জনগোষ্ঠীটোৰ সাংস্কৃতিক বৈচিত্ৰময়তাৰ ৰপ প্ৰকাশ পাইছে। এই ক্ষেত্রত নৃগোষ্ঠীয় বিৱৰ্তন আৰু তাৰ প্ৰাচীনতা প্ৰকাশ পায়।
সোনোৱাল কছাৰীসকলে পালন কৰা পূজা তথা আচাৰ অনুষ্ঠানসমূহৰ ভিতৰত সৰগদেউ পূজা অন্যতম। এই অনুষ্ঠানত সোনোৱাল কছাৰীৰ সংস্কৃতি, লোকবিশ্বাস, ঐতিহাসিক উপাদানবোৰ নিহিত হৈ আছে। সোনোৱাল কছাৰীসকলে সৰগদেউ পূজা ৰাজহুৱাকৈ কৰাৰ উপৰিও সেন্দুৰীয়া আৰু বেহাৰী উভয় পন্থাৰ লোকসকলে ঘৰুৱাকৈ কৰে। এই পূজা সাধাৰণতে দুই -তিনি বছৰৰ মুৰত কৰা হয়। খেতিৰ অন্তত যেতিয়া ধান হয়, তেতিয়া কৰা হয়। কোনো লোকে ফাগুন মাহৰ নৰাচিগা সবাহৰ পিছত আগন্তক বছৰৰ মংগলাৰ্থে কৰে। সৰগদেউ পূজা আচলতে সূৰ্য পূজা। পূজাস্থলিত সুন্দৰভাবে নৈবেদ্য আৰু উপকৰণ দি সজায়। এই পুজাত ব্যৱহাৰ কৰা নৈবেদ্য আৰু উপকৰণসমূহ অত্যাধিক হোৱাৰ কাৰনে ইয়াক সংগ্ৰহ কৰিবলৈ যথেষ্ট অসুবিধা হয়। সেয়েহে কেতিয়াবা দুই বছৰ, কেতিয়াবা তিনি বছৰ মুৰত এই পূজা অনুস্থিত কৰে। পূজাত ব্যৱহাৰ কৰা কেইবিধমান উপকৰণ হ’ল -সৰগফুল, কৌপাত, নেফাফু, মেচাকি, মেজেঙা, টংলতিৰ, কুঁহিপাত, বেতগাজ, শুকান পুঠিমাছ, নলৰ চুঙাত মদ, কটা তামোল-পান, কেঁচাপিঠা, বাঁহৰ খাঁ, কুকুৰা কণী, উখোৱা বা সিজোৱা কল, এটা বগা মতা কুকুৰা, এজনী নিঁখুত ক’লি কুকুৰা আদি আৰু বহুতো উপকৰণ পূজাত ব্যৱহাৰ কৰে।
লেখিক: কৰৱী বৰশইকীয়া
উৎস: অসম সংবাদ
শেহতীয়া উন্নীতকৰণ: : 3/11/2024