উৎসৱ-পাৰ্বন, সভা মহোৎসৱ আদিয়ে মানুহৰ মনত আনন্দ প্ৰদান কৰাৰ উপৰিও ই একোটা অঞ্চলৰ নিজৰ কলা-কৃষ্টি আৰু সংস্কৃতিৰো বহুখিনি দিশ পোহৰলৈ আনি মানুহৰ মাজত একতা, সম্প্ৰীতি আৰু সদ্ভাৱৰ এনাজৰীডাল সুদৃঢ় কৰি তোলে৷
সৰ্থেবাৰীয়া ৰাইজে সমূহীয়া সাৰ্ব্বজনীন ধৰ্মানুষ্ঠান এটিৰ পোষকতা কৰি সভা মহোৎসৱৰ আৰম্ভণি কৰিছিল, যাতে সকলো পন্থী লোকৰ মাজত সহযোগ, সমন্বয় আৰু ঐক্য বৰ্তি থাকে৷ জগতৰ নাথ মহাপ্ৰভু জগন্নাথৰ নামত অনুষ্ঠিত হয় এই পৱিত্ৰ সভা মহোৎসৱ৷ সভাৰ নিৰ্ধাৰিত দিনৰ ১৫ দিন আগতে, অৰ্থাৎ অমাৱস্যা তিথিৰ দিনৰ পৰাই সভাৰ মেল আৰম্ভ হয়৷ সভাৰ মেলৰ বিশেষত্ব এই যে মেললৈ কোনো মানুহকে ব্যক্তিগতভাৱে নিমন্ত্ৰণ কৰিব নালাগে৷ সভাৰ মেলতে সভাৰ সকলো ধৰণৰ প্ৰস্তুতিৰ কাম সমাধা কৰা হয়৷ সভাৰ সকলো কাম সৰ্থেবাৰীৰ পাঁচখেলৰ গঞা গয়ৰহে পৰিচালনা কৰে৷ সভালৈ সৰ্থেবাৰী পাঁচখেল উন্নয়ন সমিতিয়ে আগতীয়াকৈ বন্দোৱস্ত কৰা থিয়েটাৰ, কথাছবিৰ পৰিচালনা আদিৰ বাবে সমিতিবোৰ সভাৰ মেলতে গঠন কৰা হয়৷ পাঁচখেল ৰাইজৰ সভাৰ বৰঙণি এই মেলতে স্থিৰ কৰা হয়৷ গাঁৱৰ মানুহৰ দায়-দোষ, গোচৰ, বিচাৰ আদি সভাৰ মেলতে আলোচনাৰ মাধ্যমেৰে নিস্পত্তি কৰা হয়৷ সভাৰ মেলখন ৰাইজৰ বাবে এক উচ্চক্ষমতা সম্পন্ন আদালত স্বৰূপ৷ সকলোৱে সভাৰ মেলৰ ৰায় মানি চলিব লাগে৷ সৰ্থেবাৰী পাঁচখেল উন্নয়ন সমিতিয়ে সভাৰ খলাৰ নক্সা এখন তৈয়াৰ কৰি সভালৈ অহা বেপাৰীসকলক দোকানৰ মাটিৰ ব্যৱস্থা কৰি দিয়ে৷ অৱশ্যে ইয়াৰ বাবে বেপাৰীসকলে নিৰ্দ্ধাৰিত হাৰত মাটিৰ মাচুল আদায় দিব লাগে৷
সৰ্থেবাৰীৰ পাঁচখেলৰ মুৰব্বীসকলক পঞ্চপ্ৰধান বোলা হয়৷ আতাথেৰ খেলৰ ওপৰত ভঁৰালীৰ, শালাকাঠিয়াথেৰ খেলত মজুমদাৰৰ, কাজিথেৰ খেলত বৰ পাঠকৰ, তালুকদাৰ খেলত অৰ্চকৰ আৰু তামুলীথেৰ খেলত আহ্বায়কৰ দায়িত্ব থাকে৷
প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ পৱিত্ৰ তিথিত সৰ্থেবাৰীৰ সভা অনুষ্ঠিত কৰা হয়৷ সভা মহোৎসৱ পাঁচদিন ব্যাপি চলে৷ প্ৰথম দিনা গন্ধ*১৷ গন্ধৰ দিনা ৰাতিপুৱা প্ৰতি খেলৰ প্ৰতিঘৰ মানুহৰ পৰা একোডালকৈ বাঁহ আনি নিৰ্দিষ্ট ঠাইত ‘চাইনা’ (চালি) দিব লাগে৷ সৰ্থেবাৰীৰ মুঠ খেল পাঁচটা, কিন্তু একোটা খেলতে দুই-তিনিটাকৈ চুবা আছে৷ গন্ধৰ দিনা ৰাতি প্ৰতিটো খেল আৰু চুবাৰ কীৰ্তনঘৰৰ পৰা গোসাঁইৰ বিগ্ৰহবোৰ সজাই-পৰাই উলিয়াই আনি সভাৰ খলাৰ বৰগোসাঁইৰ ঘৰত যথা স্থানত ৰখা হয়৷ ইয়াকে গোসাঁই উলিওৱা বোলে৷ ৰাতিৰ গোসাঁই উলিওৱা অনুষ্ঠানটি এটি আকৰ্ষণীয় অনুষ্ঠান৷ হিলৈ, ফটকাৰ শব্দ, ঢুলীয়াৰ ঢোলৰ কোব, জীয়ৰী-বোৱাৰী, আয়তীসকলে জাউৰিয়ে জাউৰিয়ে গোৱা গীতৰ ধ্বনিয়ে গোটেই পথছোৱা মুখৰিত কৰি তোলে৷
গন্ধৰ পিছদিনা হোম৷ হোমৰ দিনা ৰাতিপুৱাৰ পৰাই বৰগোসাঁই ঘৰত ভক্তিপ্ৰাণ ৰাইজে চাকি-বন্তি জ্বলায়৷ ৰাতিপুৱা আইসকলৰ নামৰ পাছত হোমৰ ব্যৱস্থা কৰা হয়৷ মণিকূটৰ গাতে লাগি আছে সভাঘৰ৷ এই সভাঘৰত মাহ-প্ৰসাদৰ শৰাই পতা, ব্ৰাহ্মণসকলৰ পূজা-পাতল, হোম-যজ্ঞ, ভাগৱত পাঠ আৰু নাম-প্ৰসঙ্গ হয়৷ হোমৰ স্থানৰ দক্ষিণে ভাগৱত পাঠ অৰু পশ্চিমে নাম-প্ৰসঙ্গ হয়৷ দহ-এঘাৰমান বজাত ভাগৱত পাঠ আৰম্ভ হয়, তাৰ কিছু সময় পিছত হোম-যজ্ঞৰ প্ৰাৰম্ভিক কৰ্ম শেষ কৰি হোমাগ্নি প্ৰজ্জ্বলন কৰে আৰু লগে লগে বৰ পাঠকে পাঠ শেষ কৰি নাম ডাকে৷ লগে লগে গোটেই ঠাইখনতেই এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশে বিৰাজ কৰে৷ নামৰ ধ্বনি আৰু ভোৰতালৰ শব্দই দশোদিশ মুখৰিত কৰি তুলি এক অপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰে৷ দূৰ-দূৰণিৰ পৰা আহি অনেক লোকে হোমৰ নামত অংশ গ্ৰহণ কৰে৷ হোমৰ নামৰ এক বিশেষত্ব হ’ল— চেনি দান৷ এই চেনি প্ৰসাদৰ লগত মিহলি কৰি দিয়া হয়৷ হোমৰ দিনা সকলোৱে উপবাসে থাকে৷ হোমৰ ফোঁট, প্ৰসাদ আদি লোৱাৰ পিছতহে খোৱা-বোৱা কৰে৷ হোমৰ দিনা দুপৰীয়া সকলোৱে ভাতৰ পৰিৱৰ্তে চিৰা, কোমল চাউল আদি গ্ৰহণ কৰে৷ হোমৰ দিনাৰে পৰা তিনিদিন ধৰি দূৰ-দূৰণিৰ পৰা সভা চাবলৈ অহা যাত্ৰীসকলক, আনকি যাত্ৰাপাৰ্টিকো গধূলি সিধা*২ যোগান ধৰা হয়৷ প্ৰকৃততে ই যেন এখন মহা মিলনৰহে ক্ষেত্ৰ৷
সভাৰ আন এটা আকৰ্ষণীয় দিশ হ’ল বজাৰক্ষেত্ৰ ৷ বিভিন্ন সামগ্ৰীৰ এই ডাঙৰ বাণিজ্য মেলাত কাপোৰৰ বিপণিয়েই সৰহ৷
১. গন্ধ: প্ৰতিটো খেলৰ পৰা গোসাঁই (বিগ্ৰহ) আনি সভাৰ মূল গোসাঁই ঘৰত একগোট কৰি ধুপ-ধূনা জলাই সুগন্ধি কৰি তোলা এক ভক্তি মাৰ্গীয় পৰিৱেশ৷
২. সিধা: চাউল, দাইল আদি এসাঁজ খোৱাৰ জোখাৰে ৰাইজৰ পৰা দান কৰা খাদ্য সামগ্ৰী৷
সহায়ক গ্ৰন্থ:
১. ডেকা, কাশীনাথ, ‘এই খন সৰ্থেবাৰী’, ৰাজেন্দ্ৰকুটীৰ, সৰ্থেবাৰী, বাপুজী নগৰ, ১৯৯৫
লিখক: ধনঞ্জয় ডেকা।
শেহতীয়া উন্নীতকৰণ: : 3/18/2020
সৰ্থেবাৰীৰ সভা
গাঁওসভা
সৰ্থেবাৰীৰ কাঁহ শিল্প
সৰিয়হ খেতিৰে উন্নতিৰ পথ লৈছে সৰ্থেবাৰীৰ পঞ্চায়ত সদ...