অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হেংদান:

হেংদান:

 

আহোম যুগৰ সামৰিক অস্ত্ৰ হেংদান অতি লাগতিয়াল আৰু গুৰুত্বপূৰ্ণ যুদ্ধাস্ত্ৰ। সমৰথলীত হেংদান শত্ৰুক কচুকটা দিবলৈ ব্যৱহৃত হৈছিল আৰু অন্যান্য সাংস্কৃতিক কিংবা ৰাজকীয় কাৰ্যত হেংদানে গুৰুত্বপূৰ্ণ মৰ্যাদা লাভ কৰিছিল। আহোমৰ চকলং অৰ্থাৎ বিবাহ কাৰ্যত, ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ হাতত আৰু কঁকালৰ খাপত, অন্যান্য মাংগলিক অনুষ্ঠানত, ৰজা শিঙৰি ঘৰত উঠোতে আৰু শিঙৰি ঘৰত উঠাৰ আগত মাহচেৰেক সময়ৰ বাবে নিজৰ আত্মসংযমৰ পৰীক্ষা লোৱাৰ কালত হেংদানেই আছিল সবাতোকৈ গুৰুত্বপূৰ্ণ হাথিয়াৰ। চাওলুং চুকাফাই লগত হেংদানহে ঘাইকৈ আনিছিল। সৌমাৰ যাত্ৰাৰ সময়ত চুকাফাক এনায়েকে এপদ ৰাজ অলংকাৰ, চোমদেও বিগ্ৰহ আৰু দুখন হেংদান নৰা ৰজা চু-খ্ৰান-ফাত আঁৰকৈ দিছিল। বুৰঞ্জীৰ মতে দুয়োখন হেংদান কালিকা লগা আছিল। এখন হেংদানত টোকটোকালে মাছ, পহু, চৰাই আদি মাৰিব পাৰে আৰু আনখন যি দেশলৈ দাঙে সেই দেশৰ লোক বশীভূত হয়।

আহোম যুগৰ হেংদানৰ কেইটামান প্ৰকাৰ এনেধৰণৰ-

 

দেও হেংদান, মন্ত্ৰপুত হেংদান, হাত হেংদান, তৰোৱাল, মুঠি তৰোৱাল, লাঠী তৰোৱাল, কালিকা লগা তৰোৱাল, বিজুলী তৰোৱাল, খাপৰি তৰোৱাল, মৰাণ তৰোৱাল, ল’ৰা তৰোৱাল, বৰাহী তৰোৱাল, দুমুখীয়া তৰোৱাল, গুপ্তি তৰোৱাল, বিহ তৰোৱাল, জুই তৰোৱাল, জোং তৰোৱাল আৰু দুতৰপীয়া তৰোৱাল।

আনহাতে, একো একোখন হেংদানৰ অৱয়ৱ অৰ্থাৎ আকৃতি-প্ৰকৃতিলৈ লক্ষ্য কৰি ইবোৰে বিভিন্ন নাম পাইছিল। তেনে নামবোৰ হ’ল- খাড়া, তেঁগা, অশ্বৌ, জুনৰবি, কম্প্ৰাই, ধ্ৰুৱ আৰু কৃচ। হেংদানবোৰৰ কোনোখন দীঘল আৰু পোন, কোনোখন আগফালে জোঙা আৰু তীক্ষ্ণ ধাৰ থকা, কোনোখন হাতৰ মুঠিত আপোনা-আপুনি নুৰ খাই থকা।

প্ৰতিটো প্ৰকাৰৰ হেংদান ব্যৱহাৰৰ সুকীয়া সুকীয়া কৌশল আছে। এই কৌশলবোৰ বিষয়াসকলে প্ৰশিক্ষণ কালত সেনাবাহিনীক শিকাইছিল।

ওপৰত উল্লেখ কৰা খাড়া নামৰ হেংদানবিধ দেখাত দীঘল, পোন, আগফালে ক্ৰমে জোঙা আৰু দুয়োফালে তীক্ষ্ণ ধাৰ থকা। তেঁগা নামৰ হেংদানবিধ দীঘল আৰু মেচ থকা, আগফালটো জোঙা আৰু দুয়োফালে ধাৰযুক্ত। এইবিধ হেংদানৰ আন এটা বৈশিষ্ট্য হ’ল ইয়াৰ গাদিৰ ফালে আগলৈ এটা অংশতহে ধাৰ থাকে। অশ্বৌ নামৰ হেংদানবিধ হাতৰ মুঠিত নুৰ খাই থকা তীক্ষ্ণ ধাৰযুক্ত। এইবিধ হেংদান চলাব পৰা লোকজন বিশেষভাৱে পাৰদৰ্শী আছিল। যেয়ে সেয়ে এনে হেংদান ব্যৱহাৰ কৰিব নাজানিছিল। নজনা মানুহে এনে হেংদান চলাবলৈ গ’লে নিজেই নিজকে আঘাত কৰাৰ এশ শতাংশই সম্ভাৱনা আছিল। এনে হেংদান ব্যৱহাৰৰ কালত জোৰেৰে বিশেষ লাচত কোব মাৰিলেহে হাতৰ মুঠিৰপৰা মুকলি হৈছিল আৰু লক্ষ্যস্থানত আঘাত হানি পুনৰ আগৰ ভাঁজে ভাঁজে হাতৰ মুঠিত নুৰ খাই ৰৈছিলহি। এনে হেংদানৰ ব্যৱহাৰ পদ্ধতি অতি বিচিত্ৰ আৰু কৌশলপূৰ্ণ আছিল। ইয়াক সহজেই পৰিচালনা কৰা সম্ভৱ নাছিল।

জুনৰবি আৰু কম্প্ৰাই নামৰ হেংদানকেইবিধ খাড়া আৰু তেঁগাৰ নিচিনা, কিন্তু এইবোৰ জোখত কিছু পৰিমাণে চুটি, আগফালটো ক্ৰমাৎ জোঙা আৰু সামান্য মেচ থকা। ধ্ৰুৱ আৰু কৃচ নামৰ হেংদান দুবিধ চুটি আৰু সৰু ছুৰীৰ আকৃতিৰ। দুয়োখনৰে দুয়োফালে মাৰাত্মক ধাৰযুক্ত। ধ্ৰুৱ নামৰ হেংদানখন চুটি আৰু পোন, কৃচ নামৰখন চুটি আৰু ওপৰফালে সামান্য মেচ থকা। অন্যান্য হেংদানৰ লগতে ৰণুৱাই ৰণলৈ যাওঁতে ধ্ৰুৱ আৰু কৃচ- ইয়াৰ কোনোবাখন কঁকালৰ খোঁচনিত বান্ধি নিয়াটো যুদ্ধৰ অপৰিহাৰ্য নিয়মৰ ভিতৰুৱা এটা নিয়ম আছিল।

হেংদানৰ আগবোৰ বিষাক্ত। এইবোৰ গঢ়োতেই বিষ ঢালি বিষাক্ত কৰি গঢ়া হয়। শত্ৰুসেনাৰ গাত হেংদানৰ খোঁচ পৰিব লাগিলে ঘা বহলি যায় আৰু বিষক্ৰিয়াৰ ফলত সহজে নুশুকায়।

হেংদানৰ মুঠিবোৰো বিশেষ কৌশলপূৰ্ণ-

 

মূল হেংদানৰ তীখাৰ সৈতে একে ধাতুৰে মজবুতকৈ হেংদনবোৰ নিৰ্মাণ কৰা হৈছিল। যুদ্ধক্ষেত্ৰত হাতৰ মুঠিৰপৰা পিছলিব নোৱৰাকৈ হাতৰ মুঠিত খাপ খাই থাকিবলৈ হেংদানৰ মুঠিত লোৰ পাট মেৰিওৱা থাকে। আনকি মুঠিৰ আগফাল আৰু পাছফালে একোখনকৈ লোৰ ডাঠ ঘূৰণীয়া পাট লগাই দিয়া হয়। ইয়াৰ ফলত শত্ৰু তেনে অস্ত্ৰৰ আঘাতত হেংদানত পিছলি আহি হেংদানধাৰীৰ হাতৰ মুঠিত আঘাত হানিব নোৱাৰে।

হেংদানৰ খাপ বা ফাঁকবোৰ বিচিত্ৰ কাৰুকাৰ্যখচিত। এইবোৰ ভেৰ গছৰ কাঠ বা অন্যান্য মূল্যৱান পাতল কাঠেৰে নিৰ্মিত। কাঠবোৰত অতি সুন্দৰকৈ হেঙুল-হাইতালৰ ৰহণ দি বিতোপন কৰা। কিছুমান হেংদানৰ কাঠৰ ফাঁকবোৰ বাহিৰৰ ফালে পাতল চামৰাৰে ঢকা, দুই মূৰত সোণ-ৰূপেৰে বন কৰা। আন কিছুমানৰ ফাঁকবোৰ বেনাতৰ কাপোৰেৰে ধুনীয়াকৈ মেৰিয়াই চালে চকুৰোৱা লতাফুল সোণ-ৰুপৰ গুণাৰে দুটা বাছি কাৰচিপী কৰা।

হেংদান একোখনৰ ধাৰ দিওঁতে মুঠিৰপৰা ক্ৰমান্বয়ে আগৰফালে কিছু অংশলৈকে সিৰযুক্ত পুলি দি, গাদি দুটা পৃথক পৃথককৈ ৰখা হয়। তলৰফালৰ ধাৰ দিয়া অংশটো শিলত ঘঁহাই চকচকীয়া কৰাৰ পিছত সোনকালে মামৰ ধৰি নাযাবলৈ, ধাৰ দিয়াৰ পিছত টান এঙাৰেৰে ঘঁহা হয়। ইয়াৰ ফলত ঘপহকৈ হেংদানত মামৰে ধৰিব নোৱাৰে আৰু বহুদিনলৈকে ধাৰৰ তিৰবিৰণি উঠি থাকে।

হেংদানত ধাৰ দিয়া ইয়াৰ তীক্ষ্ণতা নিৰীক্ষণ কৰাৰ সুকীয়া সুকীয়া পদ্ধতি আছিল। আমি জানিবলৈ পোৱা তেনে এটা পদ্ধতি অনুসৰি হেংদান একোখন বতাহৰ প্ৰতিকূলে থিয়কৈ ধৰি অলপ নিলগৰপৰা কপাহ ফঁহিয়াই বতাহৰ ঢালত এৰি দিয়া হৈছিল। তীক্ষ্ণ ধাৰৰ হেংদানত তেনে কপাহ পৰি তৎমুহূৰ্ততে দুটুকুৰা হৈ পৰিছিল। আচল যুঁজাৰুৱে এনে হেংদান লগত লৈহে যুঁজলৈ গৈছিল।

আহোম যুগত হেংদানক ৰাজ-আভৰণ হিচাপে বিবেচনা কৰা হৈছিল। অৱশ্যে ৰাজ-আভৰণ হিচাপে বিবেচিত হোৱা হেংদানখন বিশেষভাৱে কাৰুকাৰ্যখচিত হ’ব লাগিছিল। আহোম ভাষাৰ হেংদানক স্থানীয়ভাৱে তৰোৱাল বোলা হৈছিল।

আহোম ৰজাই বৰচ’ৰাৰ ৰাজসিংহাসনৰ কাষতে এখন বনকৰা সোণীয়া হেংদান সোণীয়া শৰাইত শৰাইঢকাৰ ঢাকি ৰাখিছিল। ই ৰাজকীয় সম্ভ্ৰম আৰু মৰ্যাদাৰ অংশ আছিল। এনে হেংদান স্থানান্তৰকৰণ দোষণীয় বুলি বিবেচিত হৈছিল।

আহোম স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়াসকলে একাধিক হেংদান ধাৰণ কৰিছিল। উত্তৰাধিকাৰীসূত্ৰে পিতৃৰ পৰা এখন আৰু চকলং কৰোতে কন্যাৰ পিতৃৰপৰা এখন হেংদান পাইছিল। স্বৰ্গদেউসকলেও ৰাজকীয় উপহাৰস্বৰূপে দক্ষতা দেখুওৱা বিষয়াক হেংদান দিছিল। ৰাজবিষয়াই কেতিয়াবা সোণীয়া হেংদানো উপহাৰ পাইছিল।

আনহাতে স্বৰ্গদেউৰ বৰ’চৰাৰ উত্তৰ টুপত থকা হেংদানযুক্ত ঘঁৰিয়াল ধৰা খুঁটা দেশৰ সত্য, শান্তি আৰু ন্যায়ৰ প্ৰতীক হিচাপে বিবেচিত হৈছিল। ঘঁৰিয়াল ধৰা খুঁটাৰ তলতেই দেশৰ ন্যায়ৰ প্ৰতিমূৰ্তি ন্যায়সোধা ফুকনৰ আসন আছিল। দেশৰ মুখ্য ন্যায়াধীশ ন্যায়সোধা ফুকনে বৰচ’ৰাৰ সেই বিশেষ ঠাইত বহি কোনো গোচৰ বিচাৰ কৰি ৰায় দিছিল। আনকি ন্যায়সোধা ফুকনে দেশৰ প্ৰধান প্ৰধান তিনিজনা মন্ত্ৰী বুঢ়াগোহাঞি, বৰগোহাঞি আৰু বৰপাত্ৰগোহাঞি ডাঙৰীয়াসকলক পাতিব লগীয়া হ’লে তেখেতলোকক ঘঁৰিয়াল ধৰা খুঁটা স্পৰ্শ কৰোৱাই ৰাজ আজ্ঞা অনুসাৰে শপত বাক্য পাঠ কৰোৱাইছিল। ইয়াৰ বিপৰীতে অন্যান্য বিষয়ববীয়াৰ নিযুক্তিৰ ক্ষেত্ৰত দক্ষিণফালৰ হেংদানযুক্ত খুঁটা স্পৰ্শ কৰোৱাই শপতবাক্য পাঠ কৰোৱা হৈছিল।

কেতিয়াবা স্বৰ্গদেউ বাহৰ কৰিবলৈ গ’লে বা আন কিবা কাৰণত বৰচ’ৰাত নবহিলে ৰাজচ’ৰাত হেংদানক স্বৰ্গদেউৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল।

স্বৰ্গদেউৰ আমন্ত্ৰণত কোনো ডা-ডাঙৰীয়া ৰাজকাৰেঙলৈ যোৱাৰ পিছত, বিদায় পৰত, ভিতৰ তামুলী নাইবা হেংদান ধৰাই শৰাইত শৰাইঢকাৰে হেংদান ঢাকি নি ডাঙৰীয়াসকলৰ আগত দাঙি ধৰিছিল। হেংদানসহ শৰাই পোৱাৰ লগে লগেই ডাঙৰীয়াসকল উঠি গুচি গৈছিল। এইটো আহোম ৰাজতন্ত্ৰৰ এটা ৰাজকীয় নিয়মৰ ভিতৰুৱা পৰম্পৰা আছিল। এনেদৰে হেংদানযুক্ত শৰাই আগ বঢ়োৱাটো এটা ডাঙৰ ৰাজকীয় সন্মান বুলি বিবেচিত হৈছিল। ইয়াৰ উপৰি সাময়িক বিষয়াসকলে ৰাজ আজ্ঞা পোৱাৰ পিছত হেংদান চুই প্ৰতিশ্ৰুতি পালনৰ নিয়মো বলবৎ আছিল।

তদুপৰি শিঙৰি ঘৰত উঠি আহোম স্বৰ্গদেউসকলে আড়ম্বৰপূৰ্ণ ৰাজ অভিষেক পাতিছিল। তাৰ বাবে ৰজাজনে এমাহ আগৰপৰা ‘অসিপত্ৰ’ নামৰ এটা কঠোৰ ব্ৰত পালন কৰিবলগীয়া হৈছিল। এনে ব্ৰত পালনৰ কালত ৰজা আৰু ৰাজমহিষীৰ শয়নকক্ষত বিচনাত দুয়োৰে মাজত এখন মুক্ত হেংদান ৰখা হৈছিল। এনেদৰে হেংদানক মাজত ৰাখি ৰজাই ৰতিসম্ভোগ আৰু তেনে মানসিক উত্তেজনাক বাৰণ কৰি ৰজা হ’ব লাগিছিল। অন্যথা তেওঁ ৰাজপদৰ অযোগ্য বুলি গণ্য হৈছিল।

হেংদান হৈছে আহোমসকলৰ প্ৰশাসনিক, ৰাজনৈতিক, সামাজিক, পৰম্পৰাগত লোকাচাৰৰ গৌৰাৱোজ্জল প্ৰতীক। হেংদান কেৱল শত্ৰুক নিপাত কৰাৰ অস্ত্ৰই নহয়, ই আহোম ৰাজতন্ত্ৰ আৰু আহোমসকলৰ মান-মৰ্যদাৰ প্ৰাচীনতম কিৰীটি।

 

লেখক:নৱীন বুঢ়াগোহাঁই(দৈনিক অসম)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate