অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিৱসাগৰ জিলাৰ বিভিন্ন নদ-নদী

জলধাৰ-জলাশয় নামবাচক স্থাননামৰ অধ্যয়নক ইংৰাজীত হাইড্ৰ’নিমি বোলা হয়| গ্ৰীক ‘হাইড্ৰ’ শব্দই পানী বা জল, আৰু ‘নিমি’ শব্দই নাম বুজায়, অৰ্থাৎ হাইড্ৰ’নিমি হৈছে জলধাৰা বা জলৰাশিৰ নামৰ অধ্যয়ন| হাইড্ৰ’নিমিৰ ধাৰাটিক অধ্যয়ন কৰোতে ইয়াৰ অৰ্থ, ভাষাতত্ত্ব, অৱস্থান, ইতিহাস, শাখা-প্ৰশাখা, নামকৰন প্ৰক্ৰিয়া আৰু নামকৰণ গোষ্ঠীৰ বিশেষ সবিশেষ, ভৌগোলিক উপাদান প্ৰভৃতি তথ্য সমূহৰ বিশ্লেষণেই মূল আধাৰ|

আমাৰ আলোচনাৰ মুল বিষয়বস্তু হৈছে- “হাইড্ৰ’নিমিৰ আধাৰত শিৱসাগৰ জিলাৰ অন্তৰ্গত নদ-নদী  সমূহৰ অধ্যয়ন”| শিৱসাগৰ জিলা উজনি অসমত অৱস্থিত| এই শিৱসাগৰ জিলাতে আহোম ৰজাসকলে বসতি লাভ কৰিছিল| জিলাখনৰ পূৱে- অৰুণাচল প্ৰদেশ আৰু ডিব্ৰুগড় জিলা, পশ্চিমে যোৰহাট জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু ডিব্ৰুগড় জিলা আৰু দক্ষিণে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড| ২০১১ চনৰ লোকপিয়ল মতে জিলাখনৰ মুঠ জনসংখ্যা ১১,৫১,০৫০ জন|

শিৱসাগৰ জিলাত প্ৰধানকৈ কেইখনমান নদ-নদী থকা দেখা যায়| সেইবোৰ ক্ৰমে- ব্ৰহ্মপুত্ৰ, দিচাং, দৰিকা, দিখৌ, জাঁজী, নামদাং আদি| ইয়াৰ উপৰিও আন কেইখনমান উপনৈও এই জিলাত দেখিবলৈ পোৱা যায়| হাইড্ৰ’নিমিৰ আধাৰত নদী সমূহৰ অধ্যয়ন কৰিবলৈ এটি চমু প্ৰয়াস কৰা হ’ল-

ব্ৰহ্মপুত্ৰ:

ব্ৰহ্মপুত্ৰ নামটো খৃ: দশম শতিকাত ৰচিত কালিকা পুৰাণ তথা পদ্ম পুৰাণত পোন প্ৰথম বাৰৰ বাবে ভূমূকি মাৰে| ব্ৰহ্মপুত্ৰ-প্ৰাচীন বা তৎসম শব্দ ব্ৰহ্মা অৰ্থাৎ হিন্দুৰ সৃষ্টিকৰ্তা| নদীখনৰ জন্ম কাহিনীৰ লগত কালিকা পুৰাণে শান্তনু ঋষিৰ পত্নী আমোঘা আৰু ব্ৰহ্মাদেৱৰ এক অসামাজিক কথাও উল্লেখ কৰিছে| লোক কাহিনীৰ মতে ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মা আৰু আমোঘাৰ পুত্ৰ| ইয়াৰ লগত ঋষি পৰশুৰামৰ কাহিনীও জড়িত হৈ আছে| প্ৰবাদমতে পৰশুৰামে মাতৃৰ হত্যাৰ কুঠাৰ ধুবলৈ গৈ ব্ৰহ্মা আৰু আমোঘাৰ পুত্ৰ স্বৰুপ পাহাৰবৃত জলৰাশিক নামনিলৈ বোৱাই পঠাইছিল| এই ব্ৰহ্মা শব্দৰ লগত পুত্ৰ সংযোগ হৈ ব্ৰহ্মপুত্ৰ হৈছে|

ব্ৰহ্মপুত্ৰৰ পুৰণি নাম:

গ্ৰীকৰ ঐদেনাচ, দিয়াৰদেনচ্‌, দোৱানায়, দিয়ামে, দোৱানচ্‌ খামাউচ্‌, পাৰ্চিনেচ্‌, খাটাই, থলুৱা জনজাতিৰ- লাওটি, ডিলাও, টি-লাও, লেওটি, লুইত, লোহিত, বুঢ়ালুইত, শ্ৰী লুইত, বৰলুইত, বৰনদী, বৰনৈ, দিহং, দিবং, চয়ন, শিৱন, বুল্লংবুথুৰ, সংস্কৃতমুলীয়া-হ্ৰদ, হ্ৰদিনী, হিৰণ্য, ব্ৰাহ্মী, মন্দাকিনী, কৰকায়া, লোহিত্য সিন্ধু, লৌহিন, লোহিনী, কৰহৰ্তিকা, যমুনা, মেঘনা, লক্ষা, ধৌনী, শ্যামা, অন্তঃশীলা, বৌদ্ধমূলীয়া-পাৰালোহিত্য, লোহিচ্চ, ইয়ালা, চাংপো, চিয়াং, চংদো, ইণ্ডোব্ৰহ্ম, তাই-আহোমসকলৰ নাও-দাও-ফি, নাম-টি-লাও ইত্যাদি|

ব্ৰহ্মপুত্ৰ নদী ৩০°৩০। উত্তৰ অক্ষাংশ আৰু ৮২°০২। পূৱ দ্ৰাঘিমাংশত প্ৰায় ৫১৫০ মিটাৰ উচ্চতাত অৱস্থিত| ইয়াৰ উৎপত্তিৰ স্থান চীনৰ তিব্বত দেশৰ চেমা ইয়ুদুং হিমপ্ৰবাহৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ পশ্চিমত| ব্ৰহ্মপুত্ৰই তিব্বত, অৰুণাচল, অসম, বাংলাদেশ হৈ বংগোপ সাগৰত মিলিছেগৈ| ইয়াৰ দৈৰ্ঘ্য তিব্বত দেশত ১৬০০ কিলোমিটাৰ, অৰুণাচল প্ৰদেশত ২০০ কিলোমিটাৰ, অসমত ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৬৫০ কিলোমিটাৰ আৰু বাংলাদেশত প্ৰায় ৪৫০ কিলোমিটাৰ, সৰ্বমূঠ দৈৰ্ঘ্য প্ৰায় ২৯০০ কিলোমিটাৰ| নদীৰ বহল উপত্যকা অঞ্চল ৮০- ৮৫ কিলোমিটাৰ| ব্ৰহ্মপুত্ৰৰ উত্তৰৰ প্ৰধান উপনৈ ৫৭ খন| যেনেঃ- ডিমাই, ডিগাৰু, বালিজান, কুণ্ডিল, দিবংম চেচেৰি, দিহং, চিমেং, চাৰিকৰীয়া, জীয়াঢলা-চাম্পৰা, সোৱণশিৰি, ৰঙানদী, দিক্ৰং, পিচলা, পাভ, বৰগ্ৰাং, পুঠিমাৰী, বৰলিয়া, পাগলদিয়া, মানাহ, বেকী, আই ইত্যাদি| আনহাতে দক্ষিণৰ প্ৰধান উপনৈ ৩৩ খন| যেনে- লোহিত, ন-দিহিং, ডিব্ৰু, বুঢ়ীদিহিং, দিচাং, দৰিকা, দিখৌ, নামদাং, জাঁজী, কাকজান, ভোগদৈ, কাকডোঙা, দৈয়াং, কপিলী, ডিগাৰু, বৰপানী, কৃষ্ণাই, জিনাৰী ইত্যাদি|

অসমত সোমোৱাৰ পৰা ব্ৰহ্মপুত্ৰ নৈৰ ঢাল অভাৱনীয়ভাৱে হ্ৰাস পায়| এইদৰে নৈখনৰ ঢাল সাগৰত পৰালৈকে ক্ৰমান্বয়ে টুটি যোৱাৰ ফলত ইয়াৰ জল আৰু গেদ পৰিবহণৰ ক্ষেত্ৰত হেঙাৰৰ সৃষ্টি হয়| ব্ৰহ্মপুত্ৰৰ ঢাল কিল’মিটাৰে প্ৰতি এনেকুৱা-পাছিঘাটৰ দক্ষিণৰ কবোৰ পৰা ডিব্ৰুগড়লৈকে ০.৬২ মিটাৰ, ডিব্ৰুগড়ৰ পৰা নিমাতীঘাটলৈ ০.১৭ মিটাৰ, নিমাতীঘাটৰ পৰা শিলাঘাটলৈ ০.১৫ মিটাৰ, শিলঘাটৰ পৰা গুৱাহাটীলৈ ০.১৪ মিটাৰ, গুৱাহাটীৰ পৰা গোৱালপাৰালৈ ০.১১ মিটাৰ, গোৱালপাৰাৰ পৰা ধুবুৰীলৈ ০.০৯৪ মিটাৰ আৰু ধুবুৰীৰ পৰা বংগোপসাগৰত পৰালৈকে ০.০৭৯ মিটাৰ|

ব্ৰহ্মপুত্ৰ নদীৰ পৃষ্ঠ ভটিয়নিলৈ যিদৰে ক্ৰমান্বয়ে নিম্নগামী হৈছে সেইটো তলৰ তালিকাৰ পৰা গম পোৱা যায়-

জলপৃষ্ঠ

বিপদসীমা

নিম্ন অৱস্থা

উচ্চ অৱস্থা

ডিব্ৰুগড়

১০৪.২৪

১০২.২০

১১৭.৪০

নিমাতী

৮৫.০১

৭৯.৫০

৮৬.১০

তেজপুৰ

৬৫.২০

৬০.৯৬

৬৬.১৪

পাণ্ডু

৪৯.৬৯

৪২.৯০

৫১.০০

গোৱালপাৰা

৩৬.২৭

২৯.৭০

৩৬.৯০

ধুবুৰী

২৮.৬৮

২৪.৪০

২৯.৮০




মাটিকালিৰ জোখেৰে ব্ৰহ্মপুত্ৰখন হ’ল পৃথিৱীৰ বিংশতম বৃহৎ নদী| ব্ৰহ্মপুত্ৰ নদীবাচক নাম ব্যক্তি নামৰ শ্ৰেণীত পৰে| অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ বুকুত পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদী-দ্বীপ মাজুলী আৰু অলেখ সৰু-বৰ চৰ-চাপৰি আছে|

দিচাং নৈ:

দিচাং নৈখন অৰুণাচলৰ পৰা আহি অসমৰ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ সীমাৰুপে কিছূদূৰ বৈ পাছত শিৱসাগৰ জিলাৰ মাজেদি গৈ ব্ৰহ্মপুত্ৰত পৰিছে| নৈখনৰ উৎস স্থান হ’ল অৰুণাচলৰ টিৰাপ জিলাৰ দক্ষিণ অংশৰ পাটকাই পৰ্বতৰ ২৬০০ মিটাৰ ওখ পাটকাই বুম শৃংগ| নৈখনে তাৰ পৰা টিছা নৈ নামেৰে উত্তৰমুৱা হৈ ৪০ কিলোমিটাৰ বৈ আহি নিজৰ প্ৰথম প্ৰধান উপনৈ টোৱাইজো নৈক বাওঁপাৰে লয়| তাৰ পৰা নৈখনে বাটত দাইমাক নৈক লৈ ১০ কি:মি: আহি অসম-অৰুণাচল সীমাত টাউৰক্‌ পানী বা টাৰটজু নৈক সোঁপাৰে লয়| টাৰটজুখন বেচ ডাঙৰ নৈ, এইখন দক্ষিণৰ পৰা বৰদুৰীয়া সংৰক্ষিত বনৰ মাজেদি বহুতো শাখা-প্ৰশাখাৰে সৈতে বৈ আহিছে| তাৰ পৰা টিছা নৈয়ে উক্ত সীমায়েদি ২ কি:মি: উত্তৰলৈ আহি লকানজানক বাওঁপাৰে লয়| লকানজানক অসমৰ শিৱসাগৰ আৰু অৰুণাচলৰ টিৰাপ জিলাৰ মাজৰ সীমাৰুপে উত্তৰ-পূৱ দিশত ১৫ কি:মি: বৈ আহি টিছাকত পৰিছে| তদুপৰি লুকানজানৰ পশ্চিমে একে সীমাতে টীয়ক নৈ নামৰ দিচাঙৰ উপনৈ এখন ওলাই পশ্চিমলৈ বৈ গৈছে| টিছাখন উত্তৰ দিশত এটা ক্ষুদ্ৰ জলপ্ৰপাত পাৰ হৈ বাটত খুনছা জু আৰু খুনমো জু আদি পাহাৰীয়া জানক বাওঁপাৰে লৈ ৬ কি:মি: ভটিয়াই দিলিঘাটত পকী দলং পাৰ হৈ ভৈয়াম পায় আৰু দিচাং নৈ নাম লয়| এইছোৱাত নৈখন হৈছে শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ মাজৰ সীমা|

১৯১৭ চনৰ জৰীপমতে দিচাং নৈ ডিমৌমুখৰ পৰা ৯ কি:মি: ভটিয়াই বলমা নৈক সোঁপাৰে লৈ   আৰু ৩ কি:মি: গৈহে ব্ৰহ্মপুত্ৰত পৰিছিল| বৰ্তমান ব্ৰহ্মপুত্ৰ নদীয়ে খহোৱাৰ বাবে বলমা নৈখন দিচাংমুখৰ পৰা ২ কি:মি: পূৱত পোনে পোনে ব্ৰহ্মপুত্ৰত পৰিছেগৈ|

দিচাং নৈৰ দৈৰ্ঘ্য ২৩০ কিলোমিটাৰ আৰু অৱবাহিকাৰ কালি ৩৯৫০ বৰ্গ কিলোমিটাৰ| নদীখনেদি প্ৰ্ৱাহিত হোৱা পানীৰ সৰ্ব্বোচ্চ, সৰ্বনিম্ন আৰু গড় পৰিমাণৰ প্ৰতি ছেকেণ্ডত যথাক্ৰমে ১০৭৮,১৪ আৰু ৯১৫ ঘনমিটাৰ| নৈখনে বছৰি গড়ে ২১৯ হেক্টৰ মিটাৰ উটি-ভাঁহি ফুৰা গেদ কঢ়িয়াই নিয়ে| ভৈয়াম অঞ্চলত নৈখন বহলে প্ৰায় ১০০ মিটাৰ আৰু ইয়াৰ গভীৰতা সৰ্বাধিক ১২ মিটাৰ| দিচাঙৰ এৰাসুঁতিৰ পৰা বৰ্তমান ভালেমান বিল হৈছে| এইবোৰৰ ভিতৰত বেবেহি, গৰৈমাৰী, ভেৰানি, বগা, ধেমাইল, জামনগৰা, হাতীমৰা, শ্যামকালী, কাণী, ডগাভেটা, বৰ, কাটনি, সৰগপৰা, মেৰ, মৰাদিচাং আদি উল্লেখযোগ্য|

দিচাং নৈৰ প্ৰধান উপনৈ সমূহ:

টিমন নৈ: শিৱসাগৰ জিলাৰ বৰহাট চাহ বাগিছাৰ দক্ষিণে পাহাৰৰ নামনিৰ পৰা ওলোৱা দেওপানী নৈখনে লাউজান নামৰ এখন সৰু জান আৰু দক্ষিণৰ নামদাংনৈক মুক্তাবাৰী চাহ বাগিছাৰ কাষত লগত লৈ টিমন নৈ হয়| টিমন নৈখন দীঘে ৩২ কিলোমিটাৰ|

দিৰৈ নৈ: নৈখন ডিব্ৰুগড় জিলাৰ দিল্লী নগৰ নামৰ ঠাইত উৎপত্তি হৈ নীলমণি আৰু সৰোজিনী চাহ বাগিছাৰ মাজেদি পশ্চিমমুৱা হৈ বৈ আহে| দিৰৈ নৈৰ দীঘ ৬০ কি:মি: আৰু অৱবাহিকাৰ কালি ৬৭০ বৰ্গ কিলোমিটাৰ|

টাউকাক নৈ: নাগালেণ্ডৰ মন জিলাৰ পূৱ অংশত তেজাম, টেকাং আৰু টিনিউ নামে তিনিখন নৈ মিলি টেকাং নৈ নামেৰে উত্তৰলৈ বৈ আহি য়াংন্যূ নৈক সোঁপাৰে লৈ টিজিত নৈ হয়| তাৰ পৰা এক সৰ্পিল পথেৰে বৈ আহি নামচা নামৰ ঠাইত অসম সোমাই শিৱসাগৰ জিলাৰ অভয়াপুৰ সংৰক্ষিত বনৰ মাজেদি বৈ আহে| বাটত সোঁপাৰে নামচাই আৰু নামতলা আৰু বাওঁপাৰে নাইলুং আৰু নাগা নদীক লৈ টাওকাক নৈ নাম লয়| টাওকাক নৈখন দীঘে ৪৮ কি:মি: আৰু ইয়াৰ অৱবাহিকাৰ কালি ৮২৭ বৰ্গ কি:মি| টীয়ক টাওকাক নৈৰ উপনৈ|

চফ্ৰাই নৈ: চফ্ৰাই শব্দটো নৈৰ লগত জড়িত, টাই ভাষাত চফ্ৰাই মানে মথাউৰি মৰা নগৰ বা ঠাই| চফ্ৰাই নৈখন নগাপাহাৰৰ মন জিলাৰ ৱাকচিঙৰ ওচৰৰ ১২৯০ মিটাৰ ওখ পৰ্বতত ওলাই, উত্তৰ-পূৱ মুৱা হৈ বাটত তিৰু বা ছিছু নৈক লৈ ৩ কি:মি: আহি অসমৰ শিৱসাগৰ জিলাৰ মাইবেলা চাহবাগিছাত সোমায়| চফ্ৰাই নৈৰ দীঘ ৪৫ কি:মি: আৰু অৱবাহিকাৰ কালি ২৯৪ বৰ্গ কি:মি:|

ডিমৌ নৈ:

ডিব্ৰুগড় জিলাৰ দক্ষিণ ভাগৰ বুঢ়ী দিহিং নৈৰ দক্ষিণ পাৰৰ লেঙেৰী অঞ্চলত ঘগৰাজান আৰু কাৱৈমাৰী জান মিলি ডিমৌ নৈ হয়| ডিমৌ নৈখনৰ দীঘ ৫৮ কি:মি: আৰু ইয়াৰ অৱবাহিকাৰ কালি ৩২০ বৰ্গকিল’মিটাৰ| নৈখনেদি প্ৰ্ৱাহিত পানীৰ সৰ্ব্বোচ্চ আৰু সৰ্বনিম্ন পৰিমাণ প্ৰতিছেকেণ্ডত যথাক্ৰমে ১৬ আৰু ২ ঘনমিটাৰ|

দৰিকা নদীঃ

দিচাং নৈৰ পশ্চিমত শিৱসাগৰ জিলাৰ মাজেদি দৰিকা নৈ বৈ গৈছে| দৰিকাখন পূৰ্বতে দিখৌ নৈৰ উপনৈ আছিল| কিন্তু বৰ্তমান ই স্বাধীনভাৱে ব্ৰহ্মপুত্ৰত পৰা দেখা যায়| দৰিকা নৈৰ নামকৰণ দৰিকী কুঁৱৰীৰ পৰা হোৱা বুলি উল্লেখ পোৱা যায়|

দৰিকা নৈখনৰ উৎস শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ চণ্টক চাহ বাগিছাৰ পূৱৰ নগা পাহাৰৰ নামনি অংশ| ই পাহাৰৰ পৰা নামছাই নৈ নামেৰে আহি নামছাই বস্তিত অসম সোমাই উত্তৰ-পশ্চিমমুৱা হৈ চণ্টক চাহ বাগিছাৰ পূবেদি বৈ আহে| এইদৰে বাটত ৰহদৈ পুখুৰী পাৰ হৈ ৮ কি:মি: আহি চেতিয়া সন্দিকৈ গাঁৱত চণ্টক উত্তৰৰ পৰা টাওলা জানক বাওঁপাৰে লয়| ইয়াৰ পৰা এটা ভাঁজ লৈ ২ কি:মি: ভটিয়াই শিমলুগুৰিৰ পৰা ৩ কি:মি: পূৱত স্বৰ্গদেৱ প্ৰতাপ সিংহই ধোদৰ আলিৰ ওপৰত নিৰ্মাণ কৰোৱা পুৰণি শিলৰ সাঁকোৰ তলেদি পাৰ হৈ ঠাইতে দিজৈখনা নৈক সোঁপাৰে লয়|

দিজৈখনা নৈখন চৰাইদেউৰ পূৱৰ পাহাৰৰ পৰা ওলাই বুঢ়াগোহাই পুখুৰীৰ কাষেদি পশ্চিমমুৱা হৈ ৰহদৈ আলিৰ কাষেদি বৈ আহিছে| নৈখনে বাটত টেঙাপুখুৰীত দক্ষিণৰ পৰা যোৱা এখন জান বাওঁ পাৰে লৈ লাহন গাঁৱেদি আহি বাটত লেঙেৰীবাৰী চাহ বাগিছাৰ মাজেদি অহা এখন জান বাওঁপাৰে লৈ টিপমীয়া গাঁৱত ৰহদৈ আলিৰ ওপৰত গদাধৰ সিংহই নিৰ্মাণ কৰা শিলৰ সাঁকোৰ তলেদি পাৰ হৈ দৰিকাত পৰে|

দিজৈখনাক লৈ দৰিকা নৈখনে প্ৰায় উত্তৰমুৱা হৈ ২ কি:মি: আহি চটাই জানক সোঁপাৰে লয়| একে দিশত আধা কি:মি: আহি শিমলুগুৰিৰ পৰা ৩ কি:মি: দূৰৰ লোণপূৰীয়া গাঁৱত ৰেলপথ পাৰ হয়|

দৰিকা নৈখন ৰেলপথৰ পৰা একেভাগ ২ কি:মি: আহি দৰিকা গাঁও পায়| ইয়াকে দৰিকাৰ প্ৰধান উপনৈ টিমুক নৈ আহি দৰিকাৰ সোঁপাৰে পৰে| দৰিকা গাঁৱৰ ওচৰত ১৫১৩ চনত পৰ্বতীয়া ৰজাই দৰিকা নগৰ নিৰ্মাণ কৰিছিল| এই দৰিকা নগৰৰ আশে-পাশে দৰিকা নৈখনৰ কেইবাটাও এৰাসূঁতি দেখা পোৱা যায়| দক্ষিণৰ এৰাসুঁতিটোৰ নাম যমুনামুখ নৈ|

দৰিকা গাঁৱৰ পৰা দৰিকা নৈখন উত্তৰ-পশ্চিমমুৱা হৈ আঢ়ৈ কি:মি: আহি চামনা জানক বাঁওপাৰে লয়| ইয়াৰ পৰা আঢ়ৈ কি:মি: ভটিয়াই দুৱৰী গাঁৱত নৈখন পশ্চিমমুৱা হয়| এইদৰে ৭ কি:মি: আহি নিমাইজানক সোঁপাৰে লৈ ঠাইতে শিৱসাগৰ নগৰৰ পৰা ডেৰ কি:মি: পূৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হয়| ঘাইপথৰ পৰা শিৱসাগৰ নগৰৰ কিছু নিলগত একে দিশতে ৮ কি:মি: আহি মৰি দিলিহ নৈক সোঁপাৰে লয়| ইয়াৰে পৰা নৈখনৰ গতিপথ অতি সৰ্পিল হোৱা বাবে দুয়োপাৰে এৰাসুঁতিৰ পৰা হোৱা বিল দেখা যায়| সেয়েহে পাছৰ চাৰে পাঁচ কি:মি: পশ্চিমমুৱা বাটত দৰিকাৰ কাষত বৰঘিলা, দীঘলী, ভগামুৰ আদি বিলবোৰ আছে| ইয়াৰ পাছত নৈখন উত্তৰমুৱা হৈ ৩ কি:মি: ভটিয়াই বৰচলা বিলত পৰি গৰীয়াজান নাম লয়| তাৰপৰা গৰীয়াজান নামেৰে দক্ষিণ পশ্চিমমুৱা হৈ ৫ কি:মি: আহি দেওঘৰীয়াত দিখৌ নৈ পৰা ঠাইতে একেলগে ব্ৰহ্মপুত্ৰত পৰে| দৰিকা নৈয়েদি প্ৰ্ৱাহিত হোৱা পানীৰ সৰ্ব্বোচ্চ আৰু সৰ্বনিম্ন পৰিমাণ যথাক্ৰমে প্ৰতি ছেকেণ্ডত ৭৪.০০ আৰু ০.০৮ ঘনমিটাৰ| টিমুক দৰিকাৰ প্ৰধান উপনৈ|

দিখৌ নৈঃ

অসমৰ ভিতৰত সুপ্ৰাচীন আৰু আটাইতকৈ প্ৰ্সিদ্ধ নৈ হ’ল দিখৌ| কেইবাখনো পুৰাণত থকা ‘ইক্ষু’ নদীখনেই যোগিনী তন্ত্ৰৰ ‘দিক্ষু’ আৰু বৰ্তমানৰ ‘দিখৌ’ বুলি মত পোষণ কৰা দেখা যায়| যোগিনীতন্ত্ৰৰ মতে, কামৰুপৰ ভূখণ্ডৰ পূৱত তীৰ্থগ্ৰেষ্ঠা দিক্ষু নদী আছিল বুলি পোৱা যায়| এই নৈৰ আগভাগত বশিষ্ঠ মুনিয়ে এক তীৰ্থক্ষেত্ৰ পতাৰ আয়োজন স্বৰ্গৰাজ ইন্দ্ৰই দিখৌৰ দ্বাৰা অকৃতকাৰ্য কৰোৱাৰ বাবে দিখৌ শাপগ্ৰস্তা হয় বুলি প্ৰবাদ আছে| পিছে ‘দিখৌ’ শব্দটো বড়োসকলৰহে অৱদান| বড়ো ভাষাত ‘দি’ মানে পানী, ‘খৌ’ মানে দ, অৰ্থাৎ দ পানী| দিখৌ নৈখন আন নৈৰ তুলনাত বেছি দ| নদীখনৰ গৰা অন্য নৈৰ তুলনাত ডেৰ গুণ ওখ| সেয়েহে কথাতে কয়- “দিখৌৰ গৰা, বামুন বুঢ়া, পাৰতে মাৰে তিনি জোবোৰা|”

দিখৌ নৈখন নাগালেণ্ডৰ জুনহেবট’ জিলাৰ চেমা নগাসকলৰ বাসভূমি আছুক খোব্‌মি নামৰ ঠাইত ১৮২৩ মিটাৰ উচ্চতাত লংগা নৈ নামেৰে উৎপত্তি হৈছে| নৈখনে প্ৰথমে উত্তৰ-পশ্চিম দিশত ২০ কি:মি: আহি উত্তৰ-পূৱ মুৱা হয়| এইদৰে ২৫ কি:মি: আহি প্ৰথমখন ডাঙৰ উপনৈ চিমংচি নৈক সোঁপাৰে লৈ নাম লয় তেজলা বা নংগা বা দিখৌ| তাৰ পৰা এক গভীৰ গিৰিখাটেদি ৩৫ কি:মি: আহি নিজৰ প্ৰধান উপনৈ য়াংমুন নৈক সোঁপাৰে লয়| ইয়াৰ পৰা নৈখনে টুৱেনচাং আৰু মন জিলাৰ সীমাৰেখা প্ৰায় উত্তৰ দিশত ১৮ কি:মি: আহি নাগালেণ্ডৰ নাগিনীমৰাৰ ২ কি:মি: দক্ষিণৰ ছেআপত ছেআপ নৈক বাঁও পাৰে লৈ অসমৰ শিৱসাগৰ জিলাত প্ৰৱেশ কৰে|

অসম সীমান্তৰ পৰা আঢ়ৈ কি:মি: আহি দিখৌ নৈ নাগিনীমৰা পায়| ইয়াৰ পৰা প্ৰায় উত্তৰ দিশত ২ কি:মি: আহি নৈখন বামুণ পুখুৰী চাহ বাগিছা পায়| দিখৌ নৈয়ে বামুণ পুখুৰীৰ পৰা ৩ কি:মি: আহি চণ্টকত চণ্টক নৈক সোঁপাৰে লয়| চণ্টকৰ পৰা নৈখন নাগিনীমৰা-শিমলুগুৰি ৰেলপথৰ কাষেদি নিজৰ পথেৰে ১৬ কি:মি: আৰু পোনকৈ মাত্ৰ ৮ কি:মি: আহি নাজিৰাত উত্তৰ-পূৱ সীমান্ত ৰেলপথ পাৰ হয়| নাজিৰা নগৰৰ পুৱেদি এটা পাকমাৰি ধোদৰ আলি পাৰ হৈ ২ কি:মি: আহি এসময়ৰ ৰাজধানী গড়গাঁও পায়|

গড়গাঁওৰ পৰা ৮ কি:মি: ভটিয়াই নৈখন চেৰেকা পাৰ হয়, চেৰেকাপাৰৰ পৰা নৈখন সম্পুৰ্ণকৈ পশ্চিমমুৱা হৈ বাটত প্ৰাচীন পানীচকি আৰু মেটেকাঘাট পাৰ হৈ মুঠ ৪ কি:মি: আহি শিৱসাগৰ নগৰ পায়| শিৱসাগৰত দিখৌৱেদি জাহাজ চলাচল কৰিব পৰাকৈ কপিকলেৰে উঠা নমা কৰিব পৰা এক বিশেষ ধৰণৰ দলং ১৯৩৮ চনত সজা হৈছিল| শিৱসাগৰৰ পৰা ৫ কি:মি: ভটিয়াই দিখৌ নৈয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হয়| ঘাইপথৰ পৰা নৈখন ক্ৰমান্বয়ে দক্ষিণ পশ্চিমমুৱা হৈ ৪ কি:মি: আহি ৰুপহীমুখ পায়| ৰুপহীমুখৰ পৰা দিখৌ নৈখন পশ্চিমমুৱা হৈ ৩ কি:মি: আহি নামদাং নৈক বাওঁপাৰে লয়|

নামদাং পৰাৰ পিছত দিখৌ খন আকৌ উত্তৰ-পশ্চিমমুৱা হয়| এইদৰে ১ কি:মি: আহি নৈখন গৌৰীসাগৰৰ কাষ পায়| গোৰীসাগৰৰ ওচৰৰ পৰাই দিখৌ নৈখন ৯ কি:মি: ভটিয়াই দিখৌমুখৰ পৰা ৪ কি:মি: পূৱত দেওঘৰীয়াৰ ওচৰত ব্ৰহ্মপুত্ৰত পৰে|

দিখৌ নৈখন দীঘে ২০০ কি:মি:, ইয়াৰ অৱবাহিকাই পৰ্বত-ভৈয়াম উভয়কে ধৰি ৪৩৭২ বৰ্গকি:মি: এলেকা আগুৰি আছে| নৈখনৰ প্ৰস্থ ১৩৭ মিটাৰ আৰু গভীৰতা ১০.৫ মিটাৰ| নৈখনেদি প্ৰবাহিত পানীৰ সৰ্ব্বোচ্চ আৰু সৰ্বনিম্ন পৰিমাণ প্ৰতি ছেকেণ্ডত যথাক্ৰমে ৯০০ আৰু ৬.৫ ঘনমিটাৰ| নৈখনে বছৰি গড়ে ২৫৪ হেক্টাৰ মিটাৰ গেদ কঢ়িয়ায়|

দিখৌ নৈৰ উপনৈ সমূহ:

নামদাং:- নামদাং নৈখন প্ৰকৃততে দিখৌ নৈৰ উপনৈ| নামদাং নৈখন নগাপাহাৰৰ পাদদেশত উৎপত্তি হৈ ২ কি:মি: আহি অসমৰ শিৱসাগৰ আৰু নাগালেণ্ডৰ টুৱেনচাং জিলাৰ সীমাত সোমায়| নৈখন এই সীমায়েদি উত্তৰ পশ্চিমমুৱা হৈ ২ কি:মি: বৈ আহি সম্পুৰ্ণকৈ অসমত প্ৰৱেশ কৰে| নামদাঙৰ শিলৰ সাঁকোৱেই আছিল ৰংপুৰ নগৰলৈ সোমোৱা পশ্চিমৰ দুৱাৰ| টিফুক বা নামতি লৈ চাৰিঙীয়া জান, ডিমৌ নৈ নামডাঙৰ প্ৰধান উপনৈ|

মিটং নৈঃ- আগৰ খদামুদি জান এতিয়া মিটং নৈ হৈ গোৰীসাগৰৰ ওচৰৰ পৰা দুটা মথাউৰিৰ মাজেদি উত্তৰ-পশ্চিম দিশত বৈ আহে| এইদৰে নৈখন ৬ কি:মি: আহি মগলু পুখুৰীৰ পশ্চিমত দক্ষিণ-পশ্চিমমুৱা হয়| ইয়াৰ পৰা ১ কি:মি: ভটিয়াই ই খৰখৰি নৈক বাঁও পাৰে লয়|

খৰখৰি নৈখনৰ উৎস দক্ষিণ-পূৱৰ চাৰিং অঞ্চল|ইয়াতে বৰতলা জান নামে ওলাই পশ্চিমলৈ আহি মলিয়া গাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ দীঘলীজান নামেৰে এখন অতি বিস্তীৰ্ণ পথাৰৰ মাজেদি দক্ষিণ-পশ্চিম দিশত ১০ কি:মি: বৈ আহি জকাইচুকত কিছু বহল হৈ খৰখৰি নৈ নাম লৈছে|

খৰখৰিক লৈ মিটং নৈখন ৪ কি:মি: আহি জেলেঙিটুপ নামৰ ঠাইত মৰি জাঁজী নৈক বাঁওপাৰে লগত লয়| ইয়াৰ পৰা দক্ষিণ-পশ্চিমমুৱা হৈ ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ ৬ কি:মি: ভটিয়াই জাঁজীমুখৰ ওচৰত জাঁজী নৈৰ সোঁপাৰে পৰে| জেলেঙিটুপৰ পৰা নৈখনক মিটং আৰু মৰিজাঁজী দুয়োটা নামেৰে জনা যায়| গৌৰীসাগৰৰ ওচৰত মিটং নৈয়েদি প্ৰ্ৱাহিত পানীৰ বাৰ্ষিক সৰ্ব্বোচ্চ আৰু সৰ্বনিম্ন পৰিমাণ প্ৰতি ছেকেণ্ডত যথাক্ৰমে ১৪৫ আৰু ০.১০ ঘনমিটাৰ|

জাঁজী নৈ:

জাঁজী নৈখন শিৱসাগৰ আৰু যোৰহাট জিলাৰ মাজৰ সীমাইদি বৈছে| নাগালেণ্ডৰ মোককচাং নগৰৰ সামান্য উত্তৰত মেলেক নৈ নামেৰে ওলাই প্ৰথমে উত্তৰ-পশ্চিম দিশত বৈ আহে| এইদৰে ১২ কি:মি: আহি নৈখন উত্তৰ-পূৱমুৱা হয়| এই বাটেদি ১৬ কি:মি: আহি মেনুং নামৰ এখন ডাঙৰ নৈক সোঁপাৰে লোৱাৰ পাছত মেলেক নৈখনে জাঁজী নাম লয়| তাৰ পৰা নৈখনে এক কাঁড় যেন পোন গিৰিখাটৰ মাজেদি একে দিশতে বৈ আহে| বাটত টুছংয়ায়ুং জানখনক সোঁপাৰে লৈ নৈখন উত্তৰমুৱা হয়| এই ৫ কি:মি: আহি টুলিৰ পশ্চিমেদি বৈ আহি ইমাক নৈক লৈ আকৌ উত্তৰমুৱা হৈ পেপাৰ নগৰৰ ওচৰত অসমৰ সীমাত সোমায়| তাৰ পৰা শিৱসাগৰ আৰু মোককচাং জিলাৰ মাজত সীমাৰুপে প্ৰথমে উত্তৰ আৰু পাছত পশ্চিমমুৱা হৈ চাৰে ছয় কি:মি: বৈ আহে|

জাঁজী নৈৰ আন্তঃৰাজ্যিক সীমাৰ পথছোৱাত অন্ততঃ একোটা সীমায়েদি দক্ষিণ-পশ্চিমৰ পৰা যোৱা তিৰু বা চুৰং নৈ আহি জাঁজীৰ বাঁওপাৰে লগ হয়| তিৰু নৈক লগ কৰাৰ পাছত জাঁজী নৈ সম্পূৰ্ণকৈ অসমৰ ভিতৰত সোমায় আৰু যোৰহাট আৰু শিৱসাগৰ জিলাৰ মাজৰ সীমাৰুপে বৈ আহে| এইদৰে ৮ কি:মি: আহি ৰাজাবাৰী চাহ বাগিছাৰ উত্তৰৰ ৰণখামত চুমুৰুণ নৈক বাঁওপাৰে লয়| এই নৈখনৰ আগৰ এছোৱা আন্তঃৰাজ্যিক সীমাৰ ওপৰেদি বৈ আহিছে| ৰণখামৰ পৰা নৈখন পশ্চিমমুৱা হৈ এক সৰ্পিল পথেৰে বৈ আহে| এনেকৈ ২ কি:মি: আহি তিৰু পৰ্বতৰ পৰা অহা আখৈলিছা জানক বাঁওপাৰে লয়| ইয়াৰ পৰা আৰু ২ কি:মি: আহি শিমলুগুৰিৰ পৰা নৈখন উত্তৰমুৱা হয়| এইদৰে ৪ কি:মি: আহি জাঁজী নৈয়ে আমগুৰিত ৰেলপথ পাৰ হয়|

আমগুৰিৰ পৰা নৈখন উত্তৰ-পশ্চিমমুৱা হৈ সৰ্পিল পথেৰে ৫ কি:মি: আহি উত্তৰলৈ ঢাল লয়| এইদৰে ২ কি:মি: আহি ই জাঁজী নামৰ ঠাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হয়| জাঁজীৰ পৰা নৈখন ৪ কি:মি: আহি চাংমাই গাঁও পাই ক্ৰমাত পশ্চিমমুৱা হ’বলৈ ধৰে| এইদৰে ডেৰ কি:মি: আহি গায়েন গাঁৱৰ বিপৰীত পাৰে নিজৰ এক পুৰণা সুঁতিৰ কাষ পায়| মৰি জাঁজী নামৰ এই পুৰণা সুঁতিটোৱে এসময়ত জাঁজী নৈখন তামুলীছিগা, লাহোৱাল ভগামুখ হৈ ভিতৰুৱাল খনামুখলৈকে পূৱমুৱা হৈ গৈ পাছত পশ্চিমলৈ ঘুৰি ব্ৰহ্মপুত্ৰত পৰিছিল বুলি সূচায়| এই মৰিজাঁজী খনতে এতিয়া জেলেঙিটুপৰ ওচৰত মিটং নৈৰ লগ হৈছে|

উক্ত গায়েন গাঁৱৰ পৰা মূল জাঁজী নৈখন আঢ়ৈ কি:মি: আহি ধনতোলা পায়| এই ধনতোলাৰ পৰা ৫ কি:মি: ভটিয়াই বনাই পায়| বনাইৰ পৰা ৭ কি:মি: ভটিয়াই চীনাতলি বা ন-জাঁজীৰ ওচৰত নৈখন ঠেক হৈ পৰিছে| তাৰ পৰা নৈখন সোঁপাৰৰ কাৱৈমাৰী বিল আৰু বাঁওপাৰৰ হাতীপৰা বিলৰ কাষেদি মুঠ ৫ কি:মি: আহি কুমাৰ গাঁৱত মিটং মৰিজাঁজী নৈক সোঁপাৰে লৈ জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ শগুণপৰা সুঁতিত পৰে|

জাঁজী নৈখন উৎসৰ পৰা ব্ৰহ্মপুত্ৰত পৰালৈকে দীঘে ১০৭ কিলোমিটাৰ| নৈখনৰ প্ৰস্থ ৫৬ মিটাৰ আৰু গভীৰতা ৫ মিটাৰ| ইয়াৰ অৱবাহিকাৰ কালি ১৩৫০ বৰ্গ কি:মি:|

হাইড্ৰ’নিমিৰ জৰিয়তে এনেদৰে শিৱসাগৰ জিলাৰ নদ-নদী তথা নদী সমূহৰ উপনদী সম্বন্ধে আলোচনা কৰিবলৈ এটি চমু প্ৰয়াস কৰা হৈছে|

লেখক:- অনুস্মিতা তালুকদাৰ

উৎস:- স্বৰ্ণলিপি আলোচনী



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate