আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৯০ চনত শিক্ষাৰ ক্ষেত্ৰত চমক সৃষ্টিকাৰী পদ্ধতিটো সাম্প্ৰতিক বিশ্বৰ এতিয়া অতি জনপ্ৰিয় হৈ উঠিছে। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সফল প্ৰয়োগ কৰি বিশ্বস্তৰীয় শিক্ষা লাভৰ পদ্ধতিটো হৈছে বহুচৰ্চিত অনলাইন শিক্ষা। এই অনলাইন শিক্ষাক ই-শিক্ষা বুলিও ক’ব পাৰি। পশ্চিমীয়া দেশৰ পৰা প্ৰসাৰিত এই অনলাইন শিক্ষাৰ জৰিয়তে ঘৰতে বহি শিক্ষাৰ্থীসকলে বিশ্বস্তৰীয় ডিগ্ৰী বা ডিপ্ল’মা লাভৰ সুযোগ ল’ব পাৰে। অৱশ্যে এই শিক্ষাৰ লগত ইন্টাৰনেট সেৱাৰ কথা জড়িত হৈ আছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে আমাৰ সমাজত প্ৰধানতঃ শিক্ষা গ্ৰহণত তিনিটা ৰূপ চলি থকাৰ পাছত আধুনিক শিক্ষা গ্ৰহণৰ চতুৰ্থ ৰূপ অনলাইন শিক্ষা। বিদ্যালয়-মহাবিদ্যালয়লৈ গৈ শিক্ষা গ্ৰহণ কৰা, কোনো শিক্ষানুষ্ঠান অথবা মহাবিদ্যালয়ৰ পৰা ডাকযোগে শিক্ষাগ্ৰহণ কৰা বিদ্যালয়-মহাবিদ্যালয়লৈ নোযোৱাকৈয়ে প্ৰাইভেট পৰীক্ষাৰ্থী হৈ শিক্ষা গ্ৰহণ কৰা আনুষ্ঠানিক শিক্ষাগ্ৰহণৰ এই তিনিটাৰ পাছত আধুনিক বিশ্বত শিক্ষা গ্ৰহণৰ নতুন ৰূপ অনলাইন শিক্ষা। উল্লিখিত তিনিটা ৰূপৰ গুণৰ সমাহিত প্ৰযুক্তিবিদ্যাৰ দ্বাৰা অনলাইন শিক্ষাৰ প্ৰাসংগিকতাৰ সমান্তৰালকৈ জনপ্ৰিয়তাও অনস্বীকাৰ্য। অতি চমুকৈ অনলাইন শিক্ষাৰ সংজ্ঞা হ’ল- ই শিক্ষা আৰু ইন্টাৰনেটসম্পন্ন দূৰস্থ শিক্ষাৰ সংযোগ।
অনলাইন শিক্ষাৰ অৰ্থ হৈছে ইন্টাৰনেটৰ জৰিয়তে কম্পিউটাৰৰ দ্বাৰা বিশ্ববিদ্যালয়লৈ নগৈ মাল্টিমিডিয়াৰ দ্বাৰা সজ্জিত পাঠ ঘৰতে বহি লাভ কৰা। এই প্ৰক্ৰিয়া এনেধৰণৰ যে পাঠসমূহ ইলেক্ট্ৰনিক মাধ্যমৰ দ্বাৰা অধ্যাপক কিম্বা গুৰুৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰে। এই শিক্ষাত অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰী একেলগে বহাৰ প্ৰয়োজনীয়তা নাই। ডাকযোগে শিক্ষা লাভৰ বিপৰীতে ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক কিম্বা অধ্যাপকৰ লগত সম্পৰ্কিত হৈ থাকে আৰু শিক্ষকৰ মাৰ্গ দৰ্শন পাই থাকে। তদুপৰি ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সুবিধামতে সময় উলিয়াই লোৱাৰ সুযোগ থাকে। অৰ্থাৎ সুবিধা অনুযায়ী শিক্ষাগ্ৰহণ কৰিব পাৰে। এই শিক্ষা পদ্ধতিৰ জনপ্ৰিয়তা বৃদ্ধি পাই থকাৰ কাৰণ বহুতো আছে।
ইয়াৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ হ’ল- অনলাইন শিক্ষা আৰু বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই বুলি চলি থকা মতামত। তদুপৰি এই শিক্ষাৰ পৰা ব্যতিক্ৰম জীৱনশৈল্য আৰু পৃষ্ঠভূমিৰ সুযোগ আছে, বিশ্বাস আৰু দ্ৰুতগতিত আধ্যম বিচৰাত সুবিধা ল’ব পাৰে আৰু নিজক সংস্থাপিত কৰাৰ সুযোগ আছে।
আমেৰিকাই আৰম্ভ কৰা এই অনলাইন শিক্ষা পাছলৈ ইউৰোপীয় দেশসমূহে প্ৰচাৰ আৰু প্ৰসাৰ কৰে। একবিংশ শতিকাৰ প্ৰাৰম্ভতে আমাৰ দেশে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে এই শিক্ষাৰ শুভাৰম্ভ কৰে। অনস্বীকাৰ্য যে আধুনিক মানৱ জীৱনত শিক্ষাৰ ক্ষেত্ৰতো ব্যৱসায় জড়িত হৈ পৰিছে। অনলাইন শিক্ষাক উদ্যোগ হিচাপে গণ্য কৰা দেখা যায়। ৰাষ্ট্ৰসংঘৰ দ্বাৰা ১৫ জুলাইৰ দিনটো ‘বিশ্ব যুৱ দক্ষতা দিৱস’ৰ পালন কৰি অহা হৈছে। যোৱা ১৫ জুলাইৰ দিনাই ভাৰতৰ অনলাইন শিক্ষা উদ্যোগটিয়ে ২০২১ চনৰ ভিতৰত ১.৯৬ বিলিয়ন মাৰ্কিন ডলাৰ হ’ব বুলি তথ্যত প্ৰকাশ পাইছে। উক্ত প্ৰসংগৰেই অনলাইন শিক্ষাক উদ্যোগ ৰূপে গণ্য কৰা বিষয়টো স্পষ্ট হৈ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইনষ্টিটিউট অৱ টেকন’লজীয়ে বিশ বছৰ পূৰ্বে এক সমীক্ষাত প্ৰকাশ কৰিছিল যে পানী আৰু স্বাস্থ্যৰ পাছত শিক্ষা এক ডাঙৰ ব্যৱসায়ত পৰিণত হ’ব। সেই সমীক্ষা এতিয়া এশ শতাংশই সত্য প্ৰমাণিত হৈছে। পঢ়া-লিখা সম্পৰ্কীয় যিকোনো ৱেবছাইট খুলিলেই অনলাইন শিক্ষাৰ পাঠ্যক্ৰম চকুত পৰে। বিভিন্ন আকৰ্ষণীয়-লোভনীয় বিজ্ঞাপনেৰে অনলাইন শিক্ষাৰ প্ৰচাৰ চলাই আছে। নতুন প্ৰযুক্তিয়ে শ্ৰেণীকোঠাৰ বেৰ আৰু সীমাক চেৰ পেলাই ঘৰতে অকলে বহি শিক্ষাগ্ৰহণৰ পূৰ্ণ সুযোগ দিছে।
জ্ঞান-বিজ্ঞানৰ এনে কোনো ৰূপ নাই, যি আজিৰ তাৰিখত অনলাইন শিক্ষাত কিয় সন্নিৱিষ্ট কৰা হোৱা নাই। এক সমীক্ষা মতে, বিশ্বজুৰি ৩০০তকৈ অধিক পাঠ্যক্ৰম চলি আছে। ২৭ বছৰ পূৰ্বে শিক্ষাখণ্ডক চমক সৃষ্টিকাৰী অনলাইন শিক্ষাই আধুনিক মানৱ জীৱনৰ গতিকেই সলনি কৰি দিছে। প্ৰতিযোগিতাৰ দৌৰত অনলাইন শিক্ষাৰ প্ৰাসংগিকতা দিনক দিনে বৃদ্ধি পাই আছে আৰু ইমানেই জনপ্ৰিয় হৈ আহিছে যে অনাগত দিনত হয়তো ডিজিটেল পৃথিৱীত অনলাইন শিক্ষাই প্ৰাধান্য লাভ কৰিব। হেৰাই যাব পূৰ্বৰ শিক্ষাগ্ৰহণৰ কিছু কিছু পদ্ধতি। এই কথা একাষাৰ উলাই কৰিব নোৱাৰি। শেষত এষাৰ কথা উনুকিয়াওঁ যে অনলাইন শিক্ষাৰ প্ৰতি আগ্ৰহীসকলে ৱেবছাইটত আমাৰ দেশৰ লগতে বিদেশত চলি থকা এই শিক্ষাৰ বিতং তথ্য লাভ কৰিব পাৰে। সেয়ে লেখাটোত বিতং উল্লেখ কৰাব প্ৰয়োজনবোধ কৰা নহ’ল।
লেখক: দীপক কুমাৰ দাস(শিক্ষা বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 7/6/2020