বৰ্তমান পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় সামাজিক যোগসূত্ৰৰ মাধ্যম হ’ল ফেচবুক। যিকোনো লোকে ইচ্ছা কৰিলেও ফেচবুকত নিজৰ একাউন্ট খুলিব পাৰে। কিন্তু ইচ্ছা কৰিলেই তেওঁ একাউন্টটো চিৰদিনৰ বাবে নোহোৱা কৰিব নোৱাৰে। এই লেখাটোৰ যোগেৰে এটা ফেচবুক একাউন্ট সম্পূৰ্ণ আৰু স্থায়ীভাৱে কেনেকৈ নোহোৱা কৰিব পাৰি সেই সম্পৰ্কে আপোনাক অৱগত কৰিব বিচাৰিছোঁ।
ফেচবুক একাউন্ট আঁতৰোৱাৰ পদ্ধতি
১) একাউন্ট নোহোৱাৰ কৰাৰ আগতে আপুনি ভালকৈ ভাবি চাই লওক: সঁচাকৈয়ে ফেচবুক একাউন্টটো নোহোৱা কৰাৰ প্ৰয়োজন হৈছেনে?
২) যদি এতিয়া ভালকৈ সিদ্ধান্ত ল’ব পৰা নাই তেতিয়া হ’লেও আপুনি ১৪ দিনৰ সময় পাব। এই ১৪ দিনৰ ভিতৰত যদি আপুনি এবাৰ আপোনাৰ ফেচবুক একাউন্টটো লগ ইন কৰে তেন্তে আপোনাৰ একাউন্টটো লগ ইন কৰে আপোনাৰ একাউন্টটো ডিলিট নহ’ব।
৩) ফেচবুক একাউন্ট ডিলিট কৰাৰ বাবে আপুনি ফেচবুকত লগ ইন কৰাৰ পিছত আন এটা ব্ৰাউজাৰ খুলি তাৰ এড্ৰেছ বাৰত তলত দিয়া লিংকটো কপি কৰি পেষ্ট কৰক বা লিখক http://www.facebook.com/help/contact.php?show_form=delete_account
৪) ইয়াৰ পিছত আপুনি Submit বুটাম টিপক আৰু পৰৱৰ্তী ১৪ দিন ফেচবুকত লগ ইন নকৰাকৈ থাকিলেই আপোনাৰ ফেচবুক একাউন্টটো নোহোৱা হৈ থাকিব।
উৎস: ইন্টাৰনেট।
শেহতীয়া উন্নীতকৰণ: : 5/8/2020