অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

SkyDrive.comৰ বাবে বিকশিত শ্বেয়াৰিং সুবিধাৱলী

SkyDrive.comৰ বাবে বিকশিত শ্বেয়াৰিং সুবিধাৱলী

SkyDrive.comৰ বাবে মাইক্ৰ’ছফটে কেতবোৰ আধুনিক সুবিধা ৰূপায়িত কৰিছে। ব্যৱহাৰকাৰীয়ে ইয়াত একক আৰু সংলগ্ন ভিউ লাভ কৰে য’ত প্ৰতিটো ফাইলৰ শ্বেয়াৰিং সম্বন্ধীয় তথ্য থাকে যাতে যিসকলে ফাইল ব্যৱহাৰ কৰে তেওঁলোকে সহজতে নিয়ন্ত্ৰণত ৰাখিব পাৰে। আনহাতে টাচ্ছ ডিভাইচৰ বাবে মাইক্ৰ’ছফটে  HTML5ৰ অধিক সুবিধা আগবঢ়াইছে যিয়ে স্কাইড্ৰাইভক অধিক বিভিন্ন ডিভাইচত অধিক ক্ষিপ্ৰ আৰু ড্ৰেগ-এণ্ড-ড্ৰপৰ সুবিধাৰে ফাইল, ফটো আৰু তথ্য নিয়ন্ত্ৰণ কৰাটো অধিক সহজ কৰি তুলিছে।

শ্বেয়াৰিং অনুমতিৰ  সংযুক্ত ভিউ

স্কাইড্ৰাইভে বিভিন্ন প্ৰকাৰে ব্যৱহাৰকাৰীক ফাইল শ্বেয়াৰিং কৰাৰ সুবিধা আগবঢ়ায়। যিমানেই স্কাইড্ৰাইভৰ জৰিয়তে ফাইল শ্বেয়াৰিং কৰা হয়, সিমানেই মানুহে একাধিক ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। ইয়াক অধিক সৰলীকৃত কৰিবলৈ মাইক্ৰছফটে সকলোবোৰ শ্বেয়াৰিং সম্বন্ধীয় তথ্য আৰু পাঠ একক স্ক্ৰীণলৈ আনিছে। সম্প্ৰতি যেতিয়া এজন ব্যৱহাৰকাৰীয়ে কোনো এক তথ্য নিৰ্বাচন কৰি কমাণ্ড বাৰত থকা শ্বেয়াৰত ক্লিক কৰে তেতিয়া তেওঁলোকে শ্বেয়াৰিঙৰ বাবে সকলোবোৰ ব্যৱস্থা সম্পৰ্কে অৱগত হোৱাৰ লগতে কোনে কোনে ব্যৱহাৰ কৰিছে সেই বিষয়েও অৱগত হয়।

কোনো এটা শ্বেয়াৰিং বিকল্প নিৰ্বাচন কৰি ব্যৱহাৰকাৰীয়ে একোটা ফাইল বিভিন্নজনৰ সৈতে বিনিময় কৰিব পাৰে।

টাচ্ছ-ভিত্তিক ডিভাইছৰ বাবে উন্নত নিৰ্বাচন

যদি কোনো ব্যৱহাৰকাৰীয়ে  SkyDrive.comৰ সৈতে সংযুক্ত হোৱাৰ বাবে টাচ্ছৰ ব্যৱহাৰ কৰে, তেন্তে তেওঁলোকে এটা বা একাধিক ফাইল নিৰ্বাচন কৰিব পাৰে আৰু সোঁফালে বা বাওঁফালে ছুইপ কৰিব পাৰে, একেদৰে উইণ্ড’জ পিচিৰ নতুন উইণ্ড’লৈ আগবাঢ়িব পাৰে। টাচ্ছৰ পুনৰ ব্যৱহাৰৰ জৰিয়তে নিৰ্বাচন বাতিল কৰিব পাৰি।

 

ড্ৰেগ এণ্ড ড্ৰপ সুবিধাৰ উন্নীতকৰণ

স্কাইড্ৰাইভত ফাইল ড্ৰেগ-এণ্ড-ড্ৰপ কৰাৰ সমান্তৰালভাৱে ব্যৱহাৰকাৰীয়ে এতিয়া স্কাইড্ৰাইভ হায়াৰআৰ্কিৰ যিকোনো স্থানলৈ ফাইল স্থানান্তৰিত কৰিব পাৰে ব্ৰেড ক্ৰাম্ব বাৰ ব্যৱহাৰৰ জড়িয়তে। তলত চিত্ৰত এটা ফাইল স্থানান্তৰিত কৰা হৈছে।


মাইক্ৰ’ছফটে আন কেতবোৰ উন্নীতকৰণ মুকলি কৰিব যিবোৰ ব্যৱহাৰকাৰীৰ দৃষ্টিগোচৰ নহ’ব কিন্তু  SkyDrive.comৰ অধিক ক্ষিপ্ৰ আৰু বিস্বস্ত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate